অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

গ্ৰাম্য অৰ্থনীতি সবলীকৰণৰ লক্ষ্যৰে কৃষিভিত্তিক আচঁনি

গ্ৰাম্য অৰ্থনীতি সবলীকৰণৰ লক্ষ্যৰে কৃষিভিত্তিক আচঁনি

ভাৰতবৰ্ষত কৃষি আৰু পশুপালনে অৰ্থনৈতিক ক্ষেত্ৰত এক গুৰুত্ত্বপূৰ্ণ ভূমিকা গ্ৰহন কৰি আহিছে| আজিৰ দিনত ভাৰতবৰ্ষৰ মুঠ ঘৰুৱা উৎপাদনৰ ১৩.৯ শতাংশ কৃষি তথা ইয়াৰ আনুষাংগিক ক্ষেত্ৰসমূহে যোগান ধৰি আহিছে | আনহাতে ২০১১ লোকপিয়ল মতে ভাৰতবৰ্ষৰ মুঠ জনসংখ্যাৰ ৬৮.৯ শতাংশ লোকে গ্ৰামাঞ্চলত বাস কৰে আৰু কৃষিয়ে এইসকল লোকৰ আৰ্থ-সামাজিক দিশত এক বিশেষ ভূমিকা পালন কৰি আহিছে| আজি যদিও মুঠ ঘৰুৱা উৎপাদনলৈ কৃষিখণ্ডৰ অবদান ১৫ শতাংশৰ তলত, কিন্তু প্ৰথম পঞ্চবাৰ্ষিক পৰিকল্পনাৰ সময়ত ভাৰতবৰ্ষৰ অৰ্থনৈতিক ক্ষেত্ৰখনলৈ কৃষিয়ে পঞ্চাশ শতাংশৰো অধিক অবদান আগবঢ়াইছিল| আজিৰ দিনত দেশৰ মুঠ ৰপ্তানিৰ এক বুজন অংশ কৃষিজাত সামগ্ৰী আৰু যাৰ বাবে ৰপ্তানীৰ দিশৰ পৰা লক্ষ্য কৰিলে কৃষিখণ্ডই পঞ্চম স্থান দখল কৰি আহিছে| আমাৰ দেশৰ কৃষিখণ্ডৰ মূল চালিকা শক্তিয়েই হৈছে কৃষক | কৃষকে খাদ্যশস্য উৎপাদন কৰিব নোৱাৰিলে দেশৰ জনতাই অনাহাৰে থাকিব লাগিব| যাৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে কৃষকসকলক দেশৰ অন্নদাতা বুলি আখ্যা দি কৈছে যে কৃষকসকলৰ দাবীক কেতিয়াও উলাই কৰা নহয় আৰু কৃষকে যাতে উৎপাদিত সামগ্ৰীৰ উচিত মূল্য লাভ কৰে তাৰ প্ৰতি ধ্যান দিয়াটো দেশৰ চৰকাৰৰ মূল দায়িত্ত্ব আৰু এইক্ষেত্ৰত চৰকাৰে প্ৰয়োজনীয় পদক্ষেপ গ্ৰহন কৰিছে| এইক্ষেত্ৰত সামগ্ৰীৰ মূল্য নিম্নগামী হৈ কৃষকে যাতে মুৰে কপালে হাত দিয়া পৰিস্থিতিৰ উদ্ভব নহয়, তাৰ বাবে কৃষিজাত সামগ্ৰীৰ এক সন্তুলিত মূল্য নিৰ্ধাৰনৰ ওপৰত চৰকাৰে গুৰুত্ত্ব দিছে | ইয়াক গ্ৰাম্য উন্নয়নৰ মূল চাবিকাঠি হিচাবে আখ্যা দিয়া হৈছে এইবাবেই যে ইয়াৰ জৰিয়তে যাতে কৃষকসকলৰ আয় বৃদ্ধি কৰি কৃষক সকলৰ আৰ্থ-সামাজিক উন্নয়ন তৰাম্বিত কৰিব পাৰি আৰু যাতে ইয়াৰ লগতে এক ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ কৃষি বজাৰ সৃষ্টি কৰি মধ্যভোগীৰ দৌৰাত্মৰ পৰা কৃষকসকলক ৰক্ষা কৰি কৃষকসকলৰ কষ্টোপৰ্জিত ধন লাভ কৰাত সহায়ক হোৱা|

এই কথা হয়তো আমাৰ সকলোৰে জ্ঞাত যে আবতৰীয়া বৰষুন আৰু অনাবৃষ্টি তথা খৰাঙে ভাৰতবৰ্ষৰ কিছু কিছু ৰাজ্যত কৃষকৰ ফচল নষ্ট কৰি কৃষক সকলক যে জোলোকা জোলোকে পানী খুৱাই আহিছে আৰু দেশৰ খাদ্য শস্য উৎপাদন তথা কৃষিখণ্ডটো এক বিৰূপ প্ৰভাব পেলাই | এনে পৰিস্থিতিৰ উদ্ভব হ’লে ৰাজ্যচৰকাৰ সমূহে ক্ষিপ্ৰতাৰে যিমান সোনকালে পাৰি যথোপযুক্ত ব্যবস্থা গ্ৰহন কৰে যাতে এনে অনাআকাঙ্খিত দূৰ্যোগৰ পৰা পৰিত্ৰাণ পাব পাৰি | এই সাহায্য সমূহ হ’ল কৃষকসকলক প্ৰয়োজনীয় ৰাজসাহায্য প্ৰদান | যদি এনেবোৰ প্ৰাকৃতিক দূৰ্যোগত ৩৩ শতাংশতকৈ অধিক খাদ্য শস্য নষ্ট হৈছে, তেন্তে তাৰ প্ৰকৃত মূল্যৰ ৰাজসাহায্য চৰকাৰে ৫০ শতাংশলৈ বৃদ্ধি কৰিছে |

এইবছৰৰ ফেব্ৰুৱাৰী মাহত চৰকাৰে মাটিৰ উৰ্বৰতা তথা গুনাগুন নীৰক্ষন কৰিবলৈ এক প্ৰকল্প আৰম্ভনি কৰিছে  যিখনৰ নাম হৈছে Soil Health Card Scheme (SHC), যাৰ অধীনত অহা তিনিবছৰত দেশৰ প্ৰায় ১৪ কোটি কৃষকক লক্ষ্য কৰি লোৱা হৈছে যাতে ইয়াৰ দ্বাৰা অপ্ৰয়োজনীয়ভাবে জধে মধে কৃষি সাৰ ব্যবহাৰ কৰাৰ পৰা কৃষক সকলত বিৰত ৰাখিব পাৰি | মাটিৰ গুনাগুন আৰু উৰ্বৰতা পৰীক্ষা কৰাৰ পিছত কৃষকসকলক ইয়াৰ তথ্য সম্বলিত এখন কাৰ্ড প্ৰদান কৰা হ’ব আৰু যাৰ ওপৰত ভিত্তি কৰি কৃষক সকলক কৃষিসাৰ ব্যবহাৰ কৰাত গুৰুত্ত্ব দিব যাৰদ্বাৰা অধিক দৰত অপ্ৰয়োজনীয়ভাবে কৃষিসাৰ ব্যবহাৰৰ পৰা কৃষকসকলক সকাহ দিব পৰা যাব | জধে মধে ব্যবহাৰ কৰা ৰাসায়নিক সাৰে কৃষিভূমিত এক নেতিবাচক প্ৰভাব পেলায়|  কিয়নো, দ্বিতীয় বিশ্বযুদ্ধৰ পিছৰে পৰা পৃথিৱীৰ প্ৰায় ১.৩ কোটি বৰ্গকিল’মিটাৰৰ পৰিমানৰ (প্ৰায় ভাৰত আৰু চীনৰ মুঠ মাটিকালিৰ সমান) মাটিৰ স্বাভাবিক গুণ মজলীয়াৰ পৰা সাংঘাটিক ধৰণে বিনষ্ট হৈছে| ভূ-পৃষ্ঠৰ মাত্ৰ ১১ শতাংশ মাটিতহে খেতি কৰিব পৰা যায় আৰু তাৰে বৰ্তমান ২৩ শতাংশ মাটিৰ গুণাগুণ ইমান বেছি পৰিমানে অৱনমিত হৈছে যে সেইয়া খেতিৰ অনুপযোগী হৈছে বুলি ৰাষ্ট্ৰসংঘ ই প্ৰকাশ কৰিছে| মাটিৰ অৱনমনৰ মূল কাৰণবোৰ হ’ল বনাঞ্চলত ধ্ধংসকাৰ্য্য, কৃষিকাৰ্য্যত মাটিৰ অপ-ব্যৱস্থাপনা, ঘাঁহনি পথাৰত পশুধনৰ অতিবাৰণ (Overgrazing) , প্ৰদূষণ, ভূমিস্খলন, ইটাৰ ভাটা আৰু নানাপ্ৰকাৰৰ উদ্যোগ নিৰ্মান, দ্ৰুত নগৰীকৰণ ইত্যাদি| অপব্যৱস্থাপনা (অনুপযোগী শস্যৰ ৰোপন, অনুপযুক্ত শস্যাবৰ্তন, অত্যাধিক পৰিমানত ৰাসায়নিক সাৰ, কীটনাশক দ্ৰব্য আদিৰ প্ৰয়োগ ইত্যাদি| এনেবোৰ কাৰকৰ বাবেই পৃথিৱীৰ কৃষি ভূমিৰ গুণাগুণ ভয়ানক ভাৱে হ্ৰাস পাই মানৱ সমাজৰ বাবে ভয়াবহ বাৰ্তা কঢ়িয়াই আনিছে|

আনহাতে কৃষিভিত্তিক আন কেতবোৰ আঁচনি প্ৰবৰ্তন, যিবোৰৰ দ্বাৰা ভাৰতবৰ্ষৰ গ্ৰাম্য জীৱনৰ পট পৰিবৰ্তনৰ উদ্দেশ্য আগত ৰাখি গঢ় দিয়া হৈছে, তেনেবোৰ আঁচনি হৈছে পৰম্পৰাগত কৃষি বিকাশ যোজনা, প্ৰধানমন্ত্ৰী কৃষি সঞ্চয় যোজনা আৰু প্ৰধানমন্ত্ৰীৰ কৌশল বিকাশ যোজনা | আনহাতে সকলোতকৈ চমপ্ৰকদ আঁচনিখন হৈছে প্ৰধানমন্ত্ৰী জন-ধন যোজনা, যিখনৰ দ্বাৰা গ্ৰাম্যসমাজক মূলসুঁতিৰ অৰ্থনৈতিক বিকাশৰ সৈতে সাঙুৰি লোৱা হৈছে, , যিখন বিশ্বৰ ভিতৰতেই সৰ্ববৃহৎ বৃত্তীয় প্ৰচেষ্টা হিচাবে পৰিগনিত হৈছে|

গবেষনাকাৰী সকলে এইক্ষেত্ৰত অভিমত প্ৰকাশ কৰিছে যে যদিও এনে প্ৰচেষ্টা আৰম্ভ কৰাহে হৈছে, ইয়াৰ ইপ্সিত লক্ষ্যত উপনীত হ’বলৈ কিছু সময় লগাতো স্বাভাবিক| এনে প্ৰচেষ্টাৰ দ্বাৰা হয়তো যোৱা দশকত মুঠ ঘৰুৱা উৎপাদনলৈ ১৪ শতাংশৰ তলত থকা কৃষিখণ্ডৰ অৱদান হয়তো কিছু উন্নতি ঘটাব পৰা যাব |

লেখকঃ ডাঃ বিৰাজ কুমাৰ শৰ্মা

শেহতীয়া উন্নীতকৰণ: : 3/17/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate