অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

মহিলা কৃষকৰ বাবে সাত জিলাত অভিলাষী প্ৰকল্প

মহিলা কৃষকৰ বাবে সাত জিলাত অভিলাষী প্ৰকল্প

ৰাজ্যখনৰ মহিলাসকলক কৃষিক্ষেত্ৰৰ প্ৰতি আগ্ৰহী কৰি তোলাৰ বাবে কৃষি বিভাগকে ধৰি বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানে সময়ে সময়ে প্ৰচেষ্টা গ্ৰহণ কৰি আহিছে যদিও ৰাজ্যৰ কৃষিক্ষেত্ৰত মহিলাৰ অংশগ্ৰহণ এতিয়াও আশা কৰা ধৰণে হৈ উঠা নাই। যোৱা বছৰ কৃষি বিভাগে চহৰ অঞ্চলৰ মহিলাসকলক বিলডিঙৰ ছাতৰ ওপৰত শাক-পাচলিৰ খেতি কৰোৱাৰ বাবে এক অভিলাষী আঁচনি গ্ৰহণ কৰাৰ কথা কৃষিমন্ত্ৰী নীলমণি সেন ডেকাই ঘোষণা কৰিছিল। এনে এক উদ্দেশ্য আগত ৰাখিয়ে কেন্দ্ৰীয় চৰকাৰৰ গ্ৰামোন্নয়ন মন্ত্ৰণালয়ে মহিলা কিষাণ স্ব:শক্তিকৰণ পৰিযোজনাৰ অধীনত ৰাজ্যখনৰ সাতখনৰ জিলাৰ মহিলা কৃষকক চিনাক্ত কৰা সাহাৰ্য প্ৰদানৰ বাবে এক অভিলাষী আঁচনি গ্ৰহণ কৰিছে। এই আঁচনিয়ে সামৰি লোৱা জিলাকেইখন হ’ল- নলবাৰী, বাক্সা, চিৰাং, বৰপেটা, কামৰূপ, বঙাইগাঁও আৰু ধেমাজী। নলবাৰী জিলাৰ অন্যতম স্বেচ্ছাসেৱী সংগঠনৰ উমৈহতীয়া মঞ্চ ‘নৰ্থ-ইষ্ট ডেভেলপমেন্ট কনছৰটিয়াম’ ক এই প্ৰকল্পটো কাৰ্য্যকৰী কৰাৰ বাবে দায়িত্ব দিয়া হৈছে। এই নতুন প্ৰকল্পটোৰ অধীনত এই সাতখন জিলাৰ ১,১৬৬ টা মহিলা আত্মসহায়ক গোটৰ ১৪,০০০ গৰাকী মহিলা কৃষকক সামৰি লোৱা হৈছে। প্ৰকল্পটোৰ প্ৰাৰম্ভিক কাম-কাজ ইতিমধ্যে আগবাঢ়িছে। আগন্তুক তিনি বছৰৰ বাবে চলিব লগা মহিলা কৃষকক উৎসাহিত কৰা এই প্ৰকল্পটোৰ জৰিয়তে প্ৰকল্পই সামৰি লোৱা মহিলাসকলৰ বাৰ্ষিক প্ৰয়োজনীয় খাদ্য-সামগ্ৰীখিনি উৎপাদন কৰাৰ উপৰি তেওঁলোকৰ বাৰ্ষিক উপাৰ্জন ১০,৩৭৪ টকালৈ বৃদ্ধি কৰাৰ লক্ষ্য লোৱা হৈছে। ইয়াৰ বাবে ১৪,০০০ বিঘা মাটিত ধান সৱলীকৰণ পদ্ধতিত খেতি কৰি ৭,০০০ পৰিয়ালক সামৰি লোৱা হ’ব। আনহাতে, ২,১০০ বিঘা মাটিত ধান সৱলীকৰণৰ পদ্ধতিৰে মাকৈ আৰু গমধানৰ খেতি কৰা হ’ব। এই প্ৰকল্পই সামৰি লোৱা অঞ্চলসমূহত ১৪০ খন সামূহিক বীজস্থলী স্থাপন খেতি কৰা হ’ব। প্ৰকল্পটোৰ আন এটা গুৰুত্বপূৰ্ণ দিশ হ’ব ১৪,০০০ বিঘা মাটিত বিভাজিত জলসিঞ্চন, ডোং, বা কম মূল্যৰ উত্তোলন যন্ত্ৰৰে খেতিৰ বাবে প্ৰয়োজনীয় জলসিঞ্চনৰ ব্যৱস্থা কৰা। নলবাৰী জিলাৰ পূব নলবাৰী উন্নয়ন খণ্ডৰ দহখন আৰু বড়িগোগ-বনভাগ উন্নয়ন খণ্ডৰ দহখন গাঁৱত ইতিমধ্যে এই প্ৰকল্পটোৰ কাম আৰম্ভ হৈছে। গ্ৰাম্য বিকাশ মঞ্চৰ সূত্ৰৰ পৰা জানিব পৰা মতে প্ৰকল্পটোৰ প্ৰতি মহিলাসকল যথেষ্ট আগ্ৰহী হৈছে।

উৎস: দৈনিক অসম

শেহতীয়া উন্নীতকৰণ: : 3/17/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate