অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

অমিতা-তামোলৰ বাগিচাৰে আত্মসংস্থাপন নলবাৰীৰ যুৱকৰ :

অমিতা-তামোলৰ বাগিচাৰে আত্মসংস্থাপন নলবাৰীৰ যুৱকৰ :

 

কিছুমান লোকৰ অদম্য কৰ্মস্পৃহা-ঐকান্তিকতা বৰ্তমান সময়ত বিসফোৰণমুখী নিবনুৱা সমস্যা সমাধানৰ ক্ষেত্ৰ্ত সকলোৰে বাবে পাথেয় হ’ব পাৰে।

তেনে এজন লোক হৈছে নলবাৰী জিলাৰ পূব নলবাৰী উন্নয়ন খণ্ডৰ অন্তৰ্গত কেন্দুকুছি(জানোপাৰ) গাঁৱৰ কমলেন্দ্ৰ দত্ত বৰুৱা।

কোনো চৰকাৰী সা-সুবিধা নোহোৱাকৈ এইগৰাকী সেউজ বিপ্লৱৰ সাধকে নিজৰ কৰ্মদক্ষতাৰে চলাই গৈছে কৃষিকৰ্ম।

তেওঁ অমিতা, ভোটজলকীয়া, তামোলৰ খেতিকে ধৰি ফুলৰ নাৰ্ছাৰী আৰু বহুধৰণৰ খেতি কৰি নৱ প্ৰজন্মৰ বাবে এক আদৰ্শ হৈ পৰিছে।

কমলেন্দ্ৰ দত্ত বৰুৱাই শেহতীয়াভাৱে নিজৰ ডেৰ বিঘা মাটিত প্ৰায় ডেৰশজোপা অমিতা ৰোপণ কৰিছে। কৃষকজনে ‘দৈনিক অসম’ক জানিবলৈ দিয়া মতে, পুলিৰপৰা ফল দিয়ালৈকে এজোপা অমিতা গছক ৯/১০ মাহ সময় লাগে।

উৎপাদিত কেঁচা অমিতা তেওঁ প্ৰতি কিলোগ্ৰামত ২০-২৫ টকা দৰত। কেৱল সেয়াই নহয়, নিজ ঘৰৰপৰা কিছু দূৰত থকা তেওঁৰ আন দুবিঘা মাটিত ৩৫০ জোপা তামোল গছ ৰোপণ কৰি এখন নতুন বাগিচা গঢ়ি তুলিছে।

তেওঁ নিজৰ ঘৰত নাৰ্ছাৰী এখন স্থাপন কৰাৰ উপৰি ভোট জলকীয়াৰ খেতিও কৰিছে। কমলেন্দ্ৰই নিজ হাতে গঢ়ি তোলা অমিতা আৰু তামোলত বাগিচা দুখন সম্প্ৰতি চালে চকু ৰোৱা হৈ উঠিছে।

অৱশ্যে চৰকাৰী ঋণৰ অভাৱত এইজন কৃষকে নিজৰ সপোনক এতিয়াও সাকাৰ ৰূপ দিব পৰা নাই বুলি জনায়।

এনে কৃষি কৰ্মত অধিক ধন খটুৱাই গুৱাহাটীকে ধৰি নামনি অসমৰ কেইবাখনো জিলাৰ ব্যৱসায়িক কেন্দ্ৰত বৃহৎ বজাৰ গঢ়ি তোলাৰ ইচ্ছা আছে কমলেন্দ্ৰৰ।

কমলেন্দ্ৰৰ কৃষি কৰ্মত স্থানীয় বিধায়ক, জিলা প্ৰশাসন তথা কৃষি বিভাগক কিছু নজৰ দি কৃষকজনৰ প্ৰতি সহায়ৰ হাত আগবঢ়াবলৈ স্থানীয় ৰাইজে আহ্বান জনাইছে।

উৎস: দৈনিক অসম(মনোজ শৰ্মা)

শেহতীয়া উন্নীতকৰণ: : 4/15/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate