অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

আই নৈৰ পাৰত তৰমুজৰ খেতি

আই নৈৰ পাৰত তৰমুজৰ খেতি

৩১ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে যাতায়ত কৰাৰ সময়ত বিজনী পাৰ হৈ চৌৰাগুৰিত সোমোৱাৰ পিছতে দেখা পোৱা যায় ৰাস্তাৰ দুয়োকাষে তৰমুজৰ পাহাৰ। গৰমৰ দিনত শৰীৰ শীতল ৰখাৰ বাবে উপাদেয় এবিধ ফল হ’ল এই তৰমুজ। মাৰ্চ-এপ্ৰিল মাহত গৰম পৰাৰ সময়তে তৰমুজ পকিবলৈ আৰম্ভ কৰে। জনা যায়, এছিয়াৰ ভিতৰতে সুস্বাদু তৰমুজ কোচবিহাৰৰ মাথাভাংগাত পোৱা যায়। তৰমুজ খেতিৰ বাবে বালিচহীয়া মাটি অতি উপযোগী। সেয়ে নৈপৰীয়া অঞ্চলটোত তৰমুজৰ উত্পাদন বেছি। বিগত তিনি বছৰ ধৰি বঙাইগাঁও জিলাৰ মাজেৰে বৈ যোৱা মানাহৰ উপনৈ আই নৈৰ চৰত স্থানীয় বাসিন্দাসকলে তৰমুজৰ খেতি কৰি আহিছে। নৈৰ পানী কমি অহাৰ পিছতে অক্টোৱৰ-নৱেম্বৰ মাহত নৈৰ বালিচৰত তৰমুজৰ বীজ ৰোপণ কৰা হয়। বিভিন্ন সাৰ প্ৰয়োগ কৰি যত্নেৰে প্ৰতিপালন কৰা তৰমজ পুৰঠ হবলৈ তিনি-চাৰি মাহ সময়ৰ প্ৰয়োজন হয়। আই নৈৰ দুয়োপাৰে বাস কৰা বাঙালী আৰু মুছলমান সম্প্ৰদায়ৰ লোকসকলে প্ৰধানকৈ তৰমুজৰ খেতি কৰে। কমেও ৭০-৮০টা নৈপৰীয়া পৰিয়ালে এই খেতিত জড়িত হৈ আছে। অন্যান্য সময়ত ধান, বতৰৰ পাচলি আদি খেতিত ব্যস্ত থকা কৃষকসকলে খৰালিৰ এইছোৱা সময়ত নৈৰ বালিচৰত তৰমুজৰ খেতি কৰে। প্ৰত্যেকে দুই-তিনি বিঘাকৈ মাটি মোকলাই তৰমুজ ৰোপণ কৰে। ৰাষ্টীয় ঘাইপথ সংযোগী চৌৰাগুৰিৰ দাউকী চৰৰ উপৰি হাফাচৰা, ৰাখালডুবি, শিশুবাৰী আদি ঠাইতো এইবাৰ তৰমুজৰ খেতি কৰা হৈছে। ডাঠ সেউজীয়া ৰঙৰ স্থানীয় প্ৰজাতিৰ তৰমুজৰ উপৰি বগা-পখৰা ৰঙৰ আন এবিধ বৰ্ণসংকৰ প্ৰজাতিৰ তৰমুজৰ খেতি কৰা হৈছে। এজোপা তৰমুজৰ গছৰপৰা ১৫-২০টালৈ তৰমুজ পাব পাৰি। বৰষুণ পৰিবলৈ আৰম্ভ কৰাৰ পিছত তৰমুজৰ খেতি নষ্ট হৈ যায়। সেয়ে বৰষুণ অহাৰ আগেয়ে একেলগে পূৰঠ ফলসমূহ চপাই অনা হয়। গছৰপৰা চপাই অনাৰ পিছত এমাহলৈ তৰমুজবোৰ ভালে থাকে। কিন্তু পৰিতাপৰ বিষয় যে কৃষকসকলে  এনেদৰে পৰিশ্ৰম কৰি আই নৈৰ চৰত তৰমুজ উত্পাদন কৰিছে যদিও বিক্ৰীৰ বাবে এখন উপযুক্ত বজাৰ পোৱা নাই। গ্ৰীষ্মৰ আগমন ঘটাৰ লগে লগে সমগ্ৰ দেশত তৰমুজৰ চাহিদা বাঢ়ে। দেশজুৰি চাহিদা থকা এই ফলবিধ কিন্তু অসমৰ বজাৰত এলাগী। বাহিৰলৈ গৈ বিক্ৰী কৰাৰ সুবিধা নথকাৰ বাবে কৃষকসকলে অতি কম দৰত তৰমুজসমূহ স্থানীয় বজাৰত বিক্ৰী কৰিবলগীয়া হয়। স্থানীয় বজাৰত বিক্ৰী কৰাৰ উপৰি ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত তৰমুজবোৰ গোটাই থৈ দিনৰ দিনটো গ্ৰাহকৰ অপেক্ষাত ৰৈ থাকে কৃষকসকল। আশাতীতভাৱে কেতিয়াবা বিক্ৰী হয় কেতিয়াবা নহয়। সুযোগ পালে কেতিয়াবা গুৱাহাটীৰ ব্যৱসায়ীৰ ওচৰতো বিক্ৰী কৰে। পিছে প্ৰতি কিলোগ্ৰাম তৰমুজ ৭/৮ টকাত বিক্ৰী কৰিবলগীয়া হোৱাত কোনো লাভৰ মুখ নেদেখে। তৰমুজ খেতিত নিয়োজিত চৌৰাগুৰিৰ গোবিন্দ সৰকাৰ, পৰেশ চৰকাৰ, অৰুণ সৰকাৰ, গোকুল কীৰ্তনীয়া, বীৰবল চন্দ্ৰ মণ্ডল আদি কৃষকসকলে জনোৱা মতে এইবেলি তৰমুজৰ উত্পাদন অধিক হোৱাৰ বাবে বিক্ৰী ভাল নহ’ল। চাহিদাতকৈ যোগান বেছি হোৱাত দাম কম হৈছেআৰু সেয়ে লাভ শূন্য হোৱা বুলি কৃষকসকলে দুখ প্ৰকাশ কৰে। উপযুক্ত বজাৰৰ সুবিধা নোপোৱালৈ কৃষকসকলৰ এই সমস্যাৰ সমাধান অসম্ভৱ। এইক্ষেত্ৰত স্থানীয় ধনী ব্যৱসায়ীসকলে কৃষকসকলৰ প্ৰতি সহায়ৰ হাত আগবঢ়াব পাৰে। বঙাইগাঁৱৰ বাহিৰেও গুৱাহাটী, নলবাৰী, যোৰহাট, ডিব্ৰুগড় আদি ঠাইলৈ নি বিক্ৰী কৰিব পাৰিলেহে তৰমুজৰ খেতিয়কসকল লাভান্বিত হ’ব পাৰিব। আই নৈৰ শুকান চৰত তৰমুজ খেতিয়ে অকল নৈসৰ্গিক সোন্দৰ্যবৰ্দ্ধন কৰিলেই নহ’ব, অৰ্থনৈতিকভাৱে কৃষকসকল উপকৃত হোৱাৰো ব্যৱস্থা হ’ব লাগিব। তেতিয়াহে কৃষকসকলৰ শ্ৰম সাৰ্থক হ’ব।

উৎস: দৈনিক অসম

শেহতীয়া উন্নীতকৰণ: : 3/16/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate