অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

আফ্ৰিকাৰ ফৰ্মূলাৰে শ্ৰীপদ্ধতিত খেতি কৰি উজলিছে কৃষক

আফ্ৰিকাৰ ফৰ্মূলাৰে শ্ৰীপদ্ধতিত খেতি কৰি উজলিছে কৃষক

কম বীজ, কম সাৰ আৰু কম পানী ব্যৱহাৰ কৰি অধিক উৎপাদন পাবলৈ ধান খেতিৰ প্ৰৱালীকৰণ পদ্ধতি অৰ্থাৎ শ্ৰীপদ্ধতিৰ জৰিয়তে কামৰূপ (গ্ৰাম্য) আৰু গোৱালপাৰা জিলাৰ কৃষকসকলক ধান খেতি কৰাৰ সহায়ৰ বাবে আগবাঢ়ি আহিছে গ্ৰামীণ ছাহাৰাই। শ্ৰীকৃষি পদ্ধতিক কৃষকৰ মাজত জনপ্ৰিয় কৰি তোলাৰ বাবে ২০০৭ চনৰ পৰা অসমৰ দুখন জিলাৰ লগতে মেঘালয়ৰ পশ্চিম গাৰো পাহাৰ জিলাৰ কেইবাটাও অঞ্চলত কৃষকৰ বাবে গ্ৰামীণ ছাহাৰাই কাম কৰি আহিছে। গ্ৰামীণ ছাহাৰাৰ উদ্যোগত গোৱালপাৰা জিলাৰ কুশধোৱা, ৰংজুলি, মাটিয়া আৰু কৃষ্ণাই উন্নয়ন খণ্ডৰ অন্তৰ্গত বহু কৃষকে শ্ৰীকৃষি পদ্ধতিত খেতি কৰি উপকৃত হৈছে। এই চাৰিটা উন্নয়ন খণ্ডৰ অধীনস্থ কৃষকৰ বাবে ৩১ মে’ত বাৰ্ষিক কৃষক অভিৱৰ্তনখন দুধনৈ জনমন্দিৰ প্ৰাংগণত অনুষ্ঠিত অভিৱৰ্তনৰ সভাত পৌৰোহিত্য কৰে দুধনৈ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত উপাধ্যক্ষ ক্ষীৰোদ খাখলাৰীয়ে। সভাত গ্ৰামীণ ছাহাৰা সম্পৰ্কে বিশদভাৱে ব্যাখ্যা আগবঢ়োৱাৰ লগতে ধান খেতিৰ প্ৰৱালীকৰণ প্ৰকল্প সম্পৰ্কেও বিস্তৃত আলোচনা আগবঢ়ায়। মুম্বাইস্থিত ছাৰ ডোৰাৱজী টাটা ট্ৰাষ্টৰ অৰ্থসাহাৰ্য্যত গ্ৰামীণ ছাহাৰাই কৃষকক লাভৱান্বিত কৰাৰ উদ্দেশ্যে গ্ৰামীণ ছাহাৰাই এই প্ৰকল্পৰ জৰিয়তে কাম কৰি আছে আৰু এই পদ্ধতিৰে খেতি কৰি কৃষক উপকৃত হোৱা বুলিও দণ্ডীৰাম কলিতাই জানিবলৈ দিয়ে। কৃষিৰ ওপৰত ভিত্তি কৰি গ্ৰামীণ ছাহাৰাই প্ৰকাশ কৰি উলিওৱা ‘শ্ৰীকৃষি বিধান’ নামৰ কৃষকৰ হাতপুথিখন উন্মোচন কৰে দুধনৈ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক অশোক ৰঞ্জন ভট্টাচাৰ্য্যই। উক্ত সভাখনত গ্ৰামীণ ছাহাৰাৰ প্ৰকল্প সমন্বয়ক অমিয় কুমাৰ দাস, আদৰ্শ খেতিয়ক উপেন্দ্ৰ ৰাভা, সমাজ সেৱক বিষ্ণু সিংহ, কৃষি বিজ্ঞান কেন্দ্ৰৰ সমন্বয়ক ড০ উত্তম কুমাৰ বৰুৱাৰ লগতে দুধনৈস্থিত গ্ৰামীণ ছাহাৰাৰ শাখা কাৰ্য্যালয়ৰ সমূহ কৰ্মচাৰীবৃন্দৰ উপৰি আন কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে। তথ্য মতে, হেনৰি ডি লালনি নামৰ এজন পাদুৰীয়ে আফ্ৰিকাৰ মাদাগাস্কাৰত ১৯৬১ চনৰ পৰা ধান খেতিৰ ওপৰত পৰীক্ষা-নিৰীক্ষা চলোৱাৰ অন্তত ধান খেতিৰ প্ৰৱালীকৰণ পদ্ধতি অৰ্থাৎ শ্ৰীপদ্ধতি উদ্ভাৱন কৰিছিল। পৰৱৰ্তী সময়ত আমেৰিকা যুক্তৰাষ্ট্ৰ ইথাকাত থকা ‘ক’ৰনেল ইন্টাৰনেশ্বনেল’ৰ গৱেষক ড০ নৰমান আপহফে এই পদ্ধতিটোক নব্বৈৰ দশকত বিশ্বৰ আন আন ঠাইৰ মানুহৰ দৃষ্টিগোচৰ কৰিবলৈ সক্ষম হয়। আনকি ইয়াৰ পিছত মুম্বাইস্থিত ছাৰ ডোৰাৱজী টাটা ট্ৰাষ্টে ভাৰতৰ বিভিন্ন ৰাজ্যত শ্ৰীপদ্ধতিৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে উল্লেখ্যযোগ্য ভূমিকা পালন কৰে। শ্ৰীপদ্ধতিত ধানৰ উৎপাদনৰ ক্ষেত্ৰত এটা কঠীয়াৰ পৰা ৪০ ৰ পৰা ৭০ টা লৈ পোখা ওলায়। প্ৰতি একৰত (৩ বিঘা) ৬০ ৰ পৰা এশ মোন ধান উৎপাদন হয়।

উৎস: আমাৰ অসম।

শেহতীয়া উন্নীতকৰণ: : 3/17/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate