অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

আশানুৰূপ ফল পাইছে শিৱসাগৰৰ আব্দুল কাদিৰে

আশানুৰূপ ফল পাইছে শিৱসাগৰৰ আব্দুল কাদিৰে

চৰকাৰে যোগান ধৰা সৰিয়হৰ বীজেৰে খেতি

কৰো বুলি ক’লে অসমীয়া নাৰীয়ে কি কৰিব নোৱাৰে।অতীতত অসমীয়া নাৰীয়ে একে ৰাতিৰ ভিতৰতে কৱচ বৈ ঘৰৰ গিৰিহঁতক যুদ্ধলৈ পঠাইছিল।তেনেকুৱা অনেক কাহিনী ইতিহাসৰ পাতত আছে।বহুতৰ মতে আজি সেইদিন আৰু নাই।আজিৰ অসমীয়া নাৰী এলেহুৱা,অকাজি।কিন্তু এনেবোৰ অভিযোগ যে আংশিকভাৱেহে বা কিছু পৰিমাণেহে শুদ্ধ সেই কথা বহু সময়ত অসমীয়া নাৰীয়ে প্ৰমাণ কৰি আহিছে।শেহতীয়াকৈ বৃহত্তৰ ৰংপুৰ অঞ্চলৰ আমগুৰি গাঁৱৰ কেইগৰাকীমান মহিলাই অনুকৰণীয় দৃষ্টান্তৰে তেওঁলোকৰ কৰ্মপটু ৰূপটো ৰাইজৰ আগত দাঙি ধৰিছে। উল্লেখ্য যে এইখন গাঁৱৰে নিবাসী আব্দুল কাদিৰ(দুলেন)নামৰ লোকজনক ৰাজ্য চৰকাৰৰ কৃষি বিভাগে কিছুদিনৰ পুৰ্বে যোগান ধৰিছিল সৰিয়হৰ বীজ।কাদিৰে পত্নী চেহনাজ বেগমৰ সহযোগত সেই বীজ ৰোপণ কৰে দিখৌ নৈৰ পাৰৰ ভূমিত। প্ৰায় দহ বিঘা মাটিত ৰোপণ কৰা সেই বীজে কাদিৰ-চেহনাজৰ আদৰ-যত্নত এটা সময়ত সুশোভিত ৰূপ ধাৰণ কৰে।নিৰ্দ্দিষ্ট সময়ত সৰিয়হ ফুলৰ হালধীয়া ৰঙে নৈৰ পাৰৰ বিস্তীৰ্ণ অঞ্চলটোত সৃষ্টি কৰে এক অনিন্দ্য সুন্দৰ পৰিৱেশ।ফুলে বীজৰ ৰূপ ধাৰণ কৰি ক্ৰমশ: পুৰঠ ৰূপ লোৱাত কাদিৰে আৰম্ভ কৰে সৰিয়হ তুলিবলৈ।এই কামত পূৰ্ণ সহযোগিতা আগবঢ়াই কাদিৰৰ পত্নী চেহনাজে। চেহনাজক সহায় কৰিবলৈ আগবাঢ়ি আহে ৰেজিনা বেগম, ৱাহিদা বেগম, নাজমা বেগম, আছমা বেগম, ৰুমিনা বেগম, চাবানা বেগম, ৰাহানা বেগম, সৰুআই বেগম, ছালমা বেগম, পুতলি বেগম, ৰুকেয়া বেগম আৰু মুকিমা বেগমকে ধৰি বহু কেইগৰাকী মহিলাই।এইসকলৰ উপৰি মেটেকা অঞ্চলৰ পৰা অহা ত্ৰিদিব দত্তৰ লগতে বীণা পাংগিং,জানবাবা আলি,আলিমুদ্দিন হুছেইনেও এইসকল মহিলাক স্বত:স্ফুৰ্তভাৱে আহি সৰিয়হ তোলা কামত সহায় কৰি দিয়েহি।এইসকলৰ সহযোগিতাৰ বাবেই মাত্ৰ দুটা দিনৰ ভিতৰতে শেষ হয় প্ৰায় দহ বিঘা মাটিৰ সৰিয়হ তোলাৰ কাম।কাম শেষ হোৱাৰ পিছত সকলোৱে মিলি এই স্থানত বনভোজো খায়।উল্লেখ্য যে শিৱসাগৰ,যোৰহাটেই নহয়,উজনি অসমৰ প্ৰায়বোৰ জিলাৰে ৰাইজৰ কৰ্মস্পৃহা কিছু বছৰৰ পৰা কমি গৈছে।বেছিভাগেই খেতিৰ কামতেই হওক বা অন্যান্য কামতেই হওক হাজিৰা আদি দি অনা মানুহেৰে কাম সম্পন্ন কৰাৰ ক্ষেত্ৰত অগ্ৰাধিকাৰ দিছে।তেনেস্থলত এই কেইগৰাকী মহিলাই এক দৃষ্টান্ত স্থাপন কৰি সমজুৱাভাৱে নিজৰ কাম নিজে কৰিবলৈ যোৱাত সচেতন মহলে শলাগ লৈছে।ইফালে প্ৰথমবাৰৰ বাবে চৰকাৰে যোগান ধৰা বীজেৰে খেতি কৰি আশানুৰূপ ফল লাভ কৰা কাদিৰে ৰাজ্য চৰকাৰৰ কৃষি বিভাগক ধন্যবাদ জনাই অনাগত দিনতো বিভাগৰপৰা প্ৰয়োজনীয় দিহা-পৰামৰ্শ তথা সহায় আশা কৰিছে।

দৈনিক অসম।

শেহতীয়া উন্নীতকৰণ: : 3/11/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate