মʼহ পালনেই জীৱিকা যোৰহাটৰ এখন গাঁৱৰ
বহু প্ৰতিকূলতাৰ মাজতো গ্ৰামাঞ্চলৰ কৃষকে নিতৌ হাড়ভঙা পৰিশ্ৰমেৰে উৎপাদন কৰি লয় জীৱন-জীৱিকাৰ ৰচদ আৰু এই ৰচদে ৰাজ্য তথা দেশবাসীৰো চাহিদা পূৰণ কৰে। প্ৰকৃতিৰ ওপৰত নিৰ্ভৰশীল কৃষকে বাছি লয় কিবা নহয় কিবা জীৱিকাৰ অৰ্জনৰ বিকল্প উপায়। এই ধাৰাৰেই ম’হ পালনেৰে জীৱন সংগ্ৰাম অব্যাহত ৰখাৰ সমানে গ্ৰাম্য অৰ্থনীতিৰ ভেটি গঢ়িবলৈও সক্ষম হৈছে যোৰহাট মালৌপথাৰ অঞ্চলৰ গুৱালজান শিঙৰিয়া গাঁৱৰ কৃষক ৰাইজে। যোৰহাট নগৰৰ পৰা প্ৰায় ১৬ কিলোমিটাৰ নিলগৰ অঞ্চলটোৰ মাজেৰে প্ৰবাহিত মথাউৰিবিহীন ভৌগদৈ নদীৰ বানে বছৰি বাৰিষা ইয়াৰ কৃষিভূমি জলমগ্ন হৈ থকাত কৃষকে পেটৰ ভাতমুঠিৰ বাবে হাহাকাৰ কৰিব লগা হয়। সেয়ে ধানখেতিৰ অভাৱ পূৰাবলৈ গাঁওখনৰ বানপীড়িত কৃষকে ম’হ পালনেৰে জীৱিকাৰ অৰ্জনৰ পথ সুগম কৰিছে। উল্লেখ্য যে সম্প্ৰতি গাঁওখনৰ প্ৰায় ৯০ শতাংশ লোকেই ম’হ পালনত বৃত্তি হিচাপে গ্ৰহণ কৰিছে। ইয়াৰ লক্ষীৰাম গায়ন, অজিত বৰা, পাপু বৰা, গোপাল হাজৰিকা, গুণ বৰা আদি লোকসকলৰ প্ৰত্যেকৰে ১৫/৫০ জনীকৈ থকা ম’হৰ বিপৰীতে ঘৰে প্ৰতি ২০-২৫ লিটাৰকৈ গাখীৰ উৎপাদন হয়। প্ৰতি লিটাৰ ম’হৰ এৱা গাখীৰত ৩০ টকাকৈ নিতৌ গাঁওখনত ২০০ ৰ পৰা ৩০০ লিটাৰ পৰ্য্যন্ত গাখীৰ যোৰহাট নগৰত বিক্ৰী কৰি মাহিলি লক্ষাধিক টকা উপাৰ্জন কৰিব পাৰে বুলি ইয়াৰ ম’হপালকসকলে জানিবলৈ দিয়ে। আনহাতে ইয়াৰ একোজন ম’হপালকে সপ্তাহত ১০০-১৫০ লিটাৰকৈ প্ৰস্তুত কৰা দৈ স্থানীয়ভাৱে বিক্ৰী হোৱাৰ লগতে অৰ্ডাৰ অনুযায়ী জিলাখনৰ বিভিন্ন ঠাইলৈ যোগান ধৰে। নদীকাষৰীয়া উৰ্বৰা ভূমিৰ মালৌপথাৰৰ উৎকৃষ্টমানৰ ঘাঁহ ভক্ষণ কৰা ইয়াৰ ম’হৰ গাখীৰ জিলাখনৰ ভিতৰতে বিখ্যাত। ইয়াৰ ক্ৰীমৰ দৰে মিঠা এঠা দৈৰ ব্যাপক চাহিদা আছে। সেয়েহে ইয়াৰ কৃষিজীৱি ৰাইজে জাকে জাকে ম’হ পালনেৰে পৰিয়াল চলাই আহিছে আৰু আশাব্যঞ্জকভাৱে শিক্ষিত নিবনুৱায়ো ম’হ পালনেৰে আত্মসংস্থাপিত হোৱাৰ পথ বাছি লৈছে। কেৱল ম’হ পালনেৰেই ইয়াৰ একালৰ দৰিদ্ৰ কৃষক আৰু নিবনুৱা যুৱক আৰ্থিকভাৱে সচ্ছল হৈ উঠাৰ উপৰি নগৰাঞ্চলৰ উপভোক্তাক গাখীৰৰ চাহিদা পূৰণ কৰি গ্ৰাম্য অৰ্থনীতি বিকাশত অৰিহণা যোগাইছে।
উৎস: অসমীয়া প্ৰতিদিন।
শেহতীয়া উন্নীতকৰণ: : 3/16/2020
দক্ষিণ নলবাৰীৰ ২,৫০০ পৰিয়াল উপকৃত
অসমত সমবায়ভিত্তিত দুগ্ধ উৎপাদন: সম্ভাৱনা আৰু প্ৰত্...
অধিক গাখীৰ উৎপাদনৰ বাবে থলুৱা জাতৰ গৰুৰ উন্নতিকৰন
আলুখেতিৰ অধিক উৎপাদনৰ বাবে উন্নত কৃষি পদ্ধতি