অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

চাকৰিৰ আশা এৰি উদ্যোগ স্থাপনেৰে আত্মসংস্থাপন দৰংগিৰিৰ ৰঞ্জয় কুমাৰ ব্ৰহ্মৰ অন্য এক বিপ্লৱ

চাকৰিৰ আশা এৰি উদ্যোগ স্থাপনেৰে আত্মসংস্থাপন দৰংগিৰিৰ ৰঞ্জয় কুমাৰ ব্ৰহ্মৰ অন্য এক বিপ্লৱ

চমু পৰিচয়

সাফল্যৰ উচ্চ শিখৰত বগুৱা বাই যাবলৈ লাগে মাত্ৰ অদম্য হেঁপাহ, প্ৰখৰ মনোবল, কষ্টসহিষ্ণুতা, ধৈৰ্য আৰু বিভিন্ন সময়ত উদ্ভৱ হোৱা সমস্যা সমুহৰ সম্মুখীন হ’ব পৰাকৈ নিজকে প্ৰস্তুত কৰা|- এই মন্তব্য গোৱালপাৰা জিলাৰ দৰংগিৰিৰ যুৱ-ব্যৱসায়ী, উদ্যোগী ৰঞ্জয় কুমাৰ ব্ৰহ্মৰ|

সফলতাৰ আঁৰৰ কাহিনী

সৰুৰে পৰা নিজকে এগৰাকী সফল ব্যৱসায়ী উদ্যোগী ৰুপে সপোন দেখা, দৰংগিৰি হাজাৰিপাৰা গাঁৱৰ মনোমোহন ব্ৰহ্মৰ পুত্ৰ ৰঞ্জয়ে চৰকাৰী চাকৰিৰ প্ৰতি আগ্ৰহী নহৈ শিক্ষাজীৱন আধাতে সামৰি প্ৰথম অৱস্থাত কোনো কাৰিকৰী শিক্ষা তথা প্ৰশিক্ষণ নোহোৱাকৈ মাত্ৰ ২০-২৫ হাজাৰ টকা মূলধন লৈ দৰংগিৰি আদোকগিৰি পথৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ সমীপত পকাৰে নিৰ্মিত বিভিন্ন সামগ্ৰী বিশেষকৈ হোমপাইপ, কুঁৱাৰ ৰিং, ঘৰৰ পকা পোষ্ট, ফুট টাইল্‌ছ, ভেণ্টিলেচন, পায়খানাৰ প্লেট, ফিল্টাৰৰ লগতে চিমেণ্টেৰে নিৰ্মিত যিকোনো প্ৰয়োজনীয় সামগ্ৰী নিৰ্মাণ কৰাৰ বাবে ঋষিৰাজ কংক্ৰিট মাইনৰ ইণ্ডাষ্ট্ৰী নামেৰে এটা ক্ষুদ্ৰ উদ্যোগ আৰম্ভ কৰে| ২০০৮ চনত স্থাপন কৰা এই ক্ষুদ্ৰ উদ্যোগত নিৰ্মিত সামগ্ৰী অতি কম দিনৰ ভিতৰতে জিলাখনৰ বিভিন্ন প্ৰান্তৰ লগতে চুবুৰীয়া মেঘালয়ৰ বিভিন্ন প্ৰান্তত জনপ্ৰিয়তা লাভ কৰাত সামগ্ৰী সমুহৰ যোগান তথা বিক্ৰীৰ চাহিদা বৃদ্ধি পোৱাত বৰ্তমান এই উদ্যোগত ১০-১২ জন কৰ্মীসহ এই ব্যৱসায় ৩০-৪০ লক্ষ টকাৰ ব্যৱসায়লৈ সম্প্ৰসাৰণ কৰাবলৈ সক্ষম হোৱা বুলি জানিবলৈ দিয়ে উদ্যোগী ৰঞ্জয় কুমাৰ ব্ৰহ্মই| পৰৱৰ্তী সময়ত জিলা উদ্যোগ বিভাগৰ দ্বাৰা উন্নত প্ৰশিক্ষণ গ্ৰহণ কৰি নিত্য নতুন পদ্ধতিৰে দৈনন্দিন প্ৰয়োজনীয় বালি, চিমেণ্ট, ৰডেৰে নিৰ্মিত বিভিন্ন সামগ্ৰীৰ এখন বজাৰ সৃষ্টি কৰিবলৈ সক্ষম হৈছে| নিজৰ পৰিয়ালৰ লগতে ১০-১২ টা পৰিয়ালক সংস্থাপন দিবলৈ পাই সুখ অনুভৱ কৰে ৰঞ্জয়ে| কিন্তু বিভিন্ন সময়ত নিত্য প্ৰয়োজনীয় সামগ্ৰীৰ মুল্যবৃদ্ধি, যাতায়ত ব্যৱস্থা, ৰাস্তা-ঘাটৰ দুৰৱস্থাৰ বাবে বিভিন্ন সমস্যাৰ সম্মুখীন হ’ব লগাৰ লগতে চৰকাৰ তথা উদ্যোগ বিভাগৰ পৰা আশানুৰুপ সঁহাৰি লাভ কৰিলে নিজৰ এই ব্যৱসায়আধিক সম্প্ৰসাৰণ কৰাৰ লগতে জিলাখনৰ বিভিন্ন প্ৰান্তৰ আগ্ৰহী শিক্ষিত যুৱক-যুৱতীক প্ৰশিক্ষণ দি উপাৰ্জনমুখী হোৱাৰ ক্ষেত্ৰত সহায়-সহযোগিতা আগবঢ়াব বুলিও প্ৰকাশ কৰে| লগতে তেওঁ কয় যে কেৱল চৰকাৰী চাকৰিৰ আশাত জীৱনৰ অমূল্য সময়কণ নষ্ট নকৰি জীৱনৰ বিভিন্ন সময়ত দেখা সপোনবোৰ বাস্তৱত ৰুপ দিয়াৰ বাবে যিকোনো ব্যৱসায়, কৃষি উদ্যোগ স্থাপন, ফাৰ্ম আদি খুলি স্বাৱলম্বী হৈ জীৱনত সফলতাৰ উচ্চ শিখৰত আৰোহণ কৰিব পাৰি|

লেখক:- জ্যোতিষ নাথ,টিপলাই,গোৱালপাৰা

দূৰভাষ:৮৪৮৬৮৬০৪৮১

শেহতীয়া উন্নীতকৰণ: : 3/10/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate