অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

জালুকৰ খেতিৰে উপকৃত যোৰহাটৰ কৃষক

জালুকৰ খেতিৰে উপকৃত যোৰহাটৰ কৃষক

অসমৰ মছলাই আন্ত:ৰাষ্ট্ৰীয় বজাৰত সমাদৰ লাভ কৰাৰ সময়তে ৰাজ্যৰ একো একোটা অঞ্চল মছলা উৎপাদনৰ কেন্দ্ৰ হিচাপে গঢ় লৈ উঠিছে। অসমত প্ৰধানকৈ উৎপাদিত মছলা হ’ল জালুক, আদা আৰু হালধি। এইকেইবিধ মছলাৰ ভিতৰত উৎকৃষ্ট হাৰত জালুক উৎপাদনেৰে উপাৰ্জনমুখী হৈছে যোৰহাটৰ গিবন অভয়াৰণ্যৰ সমীপৱৰ্তী মেলেং অঞ্চলৰ প্ৰায় চাৰিখনৰো অধিক গাঁৱৰ কৃষক। অঞ্চলটোৰ গোবিনপুৰ, মধুপুৰ, ভোগপুৰ আৰু বনপিঠাগুড়ি আদি গাঁওসমূহৰ প্ৰায় ৯০ শতাংশ লোকেই জালুকৰ খেতি কৰে। অঞ্চলটোৰ কৃষক তথা বহু শিক্ষিত নিবনুৱাই ভিন্ন উদ্যানশস্যৰ খেতি সান-মিহলি কৰি বাৰীখেতি হিচাপে কৰাৰ মাজতে বিশেষকৈ উৎকৃষ্ট হাৰত জালুক উৎপাদন কৰিবলৈ সক্ষম হৈছে। এই ক্ষেত্ৰত অঞ্চলটোৰ গোবিনপুৰৰ সত্তৰোৰ্ধৰ এজন সফল কৃষক মুখেশ্বৰ ভৰালীৰ ভাষ্য অনুসৰি ইয়াৰ কৃষকে নিজস্ব পৰিশ্ৰমেৰে বছৰি অঞ্চলটোৰ পৰা শ শ কুইন্টল জালুক উৎপাদন কৰি বজাৰত যোগান ধৰে। কৃষকজনে জানিবলৈ দিয়ে যে প্ৰথেম তেওঁৰ খেতিৰ মাটিত আলু, কচু, কুঁহিয়াৰৰ লগতে ধানখেতি কৰিছিল যদিও অন্যান্য বিৰূপকাৰক আৰু বন্যহস্তীৰ উপদ্ৰবত উক্ত খেতিত বিশেষ লাভান্বিত হোৱা নাছিল। ইয়াৰ পিছতে তেওঁ বাৰীত থকা শতাধিক তামোল গছক অৱলম্বন হিচাপে লৈ জালুকৰ খেতি কৰিবলৈ ধৰে। তেওঁৰ কঠোৰ পৰিশ্ৰম আৰু আবদাৰত উক্ত খেতিত ক্ৰমাৎ সফলতাৰ মুখ দেখি সম্প্ৰতি তেওঁ এবছৰত প্ৰায় দুই কুইণ্টল কেঁচা আৰু প্ৰায় ৬০ কিলোগ্ৰাম শুকান জালুক বিক্ৰী কৰিবলৈ সক্ষম হৈছে। তেওঁ উৎপাদন কৰি উলিওৱা প্ৰতি কিলোগ্ৰাম কেঁচা জালুক ৫০ টকা আৰু শুকান জালুক ৪০০ টকাত ঘৰৰ পৰাই বিক্ৰী কৰে। চৈধ্য বিঘাকৈ মাটিত কমলা, নেমু টেঙা, হালধি, তামোল-পাণ আদি বিবিধ উদ্যান শস্যৰ খেতি কৰাৰ উপৰি চাহখেতি সমপৰিমাণে কৰা খেতিয়কজনে বছৰি প্ৰায় দুশ কুইণ্টলৰ অধিক কেঁচা পাত উৎপাদন কৰে। উল্লেখনীয় হ’ল উদ্যানশস্য বিশেষকৈ পৰ্য্যাপ্ত জালুক উৎপাদনৰ সম্ভাৱনা থকা সত্বেও অঞ্চলটোত উপযুক্ত বজাৰৰ অভাৱ, ৰাস্তা-পদূলিৰ দুৰৱস্থা, শস্য পৰিকল্পনাৰ অভাৱ হোৱাৰ বাবেই ইয়াৰ কৃষকে শ্ৰমৰ প্ৰকৃত মূল্য লাভ কৰা নাই আৰু ইয়াত ব্যৱসায়িক ভিত্তিত জালুক খেতিৰ বিকাশ হোৱা নাই।

উৎস: অসমীয়া প্ৰতিদিন।

 

শেহতীয়া উন্নীতকৰণ: : 3/16/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate