অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

দক্ষিণ নলবাৰীৰ ২,৫০০ পৰিয়াল উপকৃত

দক্ষিণ নলবাৰীৰ ২,৫০০ পৰিয়াল উপকৃত

বহনক্ষম প্ৰযুক্তিৰে ধানৰ উৎপাদন বৃদ্ধি আঁচনি

নলবাৰী জিলাৰ দক্ষিণ নলবাৰী অঞ্চলৰ অন্যতম স্বেচ্ছাসেৱী অনুষ্ঠান ল’টাছ প্ৰ’গেছিভ চেন্টাৰ, মৰোৱাৰ উদ্যোগত আৰু নাবাৰ্ডৰ অৰ্থ সাহাৰ্য্যত ৰূপায়িত বহনক্ষম প্ৰযুক্তিৰে ধানৰ উৎপাদন বৃদ্ধি শীৰ্ষক আঁচনিৰ জৰিয়তে ২,৫০০ টা কৃষক পৰিয়াল অধিক ধান উৎপাদনেৰে উপকৃত হ’বলৈ সক্ষম হৈছে। বহনক্ষম প্ৰযুক্তিৰে ধানৰ উৎপাদন বৃদ্ধি আঁচনিখনৰ অন্তৰ্ভূক্ত পাঁচখন গাঁওক্ৰমে মুগকুছি, অময়াপুৰ, তৰমথা, সুতাৰকুছি আৰু নখেতি গাঁৱত বিগত বৰো ধানৰ খেতিৰ সময়ত ৯৭১ জন কৃষকে ৩,২৭১ বিঘা মাটিত খেতি কৰি বিঘাই প্ৰতি ১৮ ৰ পৰা ২০ মোন পৰ্যন্ত নবীন চাইনীজ বৰো, লুইত প্ৰজাতিৰ ধান উৎপাদন কৰিবলৈ সক্ষম হৈছে। উল্লেখ্যযোগ্য যে এই আঁচনিখনে সামৰি লোৱা কৃষকসকলক মৰোৱা ল’টাছ প্ৰ’গেছিভ চেন্টাৰৰ পৰা উন্নত প্ৰযুক্তি হিচাপে বীজ শোধন, শ্ৰী পদ্ধতি, শাৰী-শাৰীকৈ ৰোপণ, কীট-পতংগৰ আক্ৰমণৰ পৰা ৰক্ষা কৰাৰ অৰ্থে যথোপযুক্ত ব্যৱস্থা, কৃষি ভূমিৰ উৰ্বৰতা অটুট ৰখা আদি বিভিন্ন বিষয়ত বিজ্ঞানসন্মত প্ৰশিক্ষণ দি অহা হৈছে। এইবেলি শালি ধানৰ খেতিৰ সময়তো এই প্ৰশিক্ষণসমূহ দিয়াৰ বাবে ১,৮১৩ টা কৃষক পৰিয়ালক সামৰি লোৱা হৈছে। এই আঁচনিৰ জৰিয়তে পাঁচখন গাঁৱৰ মুঠ ১১,৫৭৬ বিঘা কৃষিভূমিত শালি ধানৰ খেতি ৰোপণ কৰা হৈছে। ইয়াৰ ভিতৰত ২৫ শতাংশ মাটিত থলুৱা জাতৰ ধান খেতি কৰাৰ বাবে কৃষকসকলক ল’টাছ প্ৰ’গেছিভ চেন্টাৰে সকলো দিশৰ পৰা সহযোগ আগবঢ়াইছে। আনহাতে, এই শালি ধানৰ খেতিৰ সময়ত হোৱা মজাকটা বা মজাখোৱা পোকৰ নিয়ন্ত্ৰণৰ বাবে অঞ্চলটোৰ ১২ খন গাঁৱৰ ৩৫ জন কৃষকে কোনো ধৰণৰ ৰাসায়নিক ঔষধ প্ৰয়োগ নকৰি জৈৱিক প্ৰক্ৰিয়াৰে ‘ফেৰোমেন ফাণ্ড’ ব্যৱহাৰ কৰি সুফল লাভ কৰিছে আৰু কেঁচুমটা সাৰ প্ৰয়োগেৰে শালি ধানৰ খেতি কৰিছে ৯ খন গাঁৱৰ ১৫ জন কৃষকে। লগতে জৈৱিক কীট নিয়ন্ত্ৰক আৰু তৰল সাৰ প্ৰদৰ্শনমূলকভাৱে প্ৰস্তুত কৰি ধান খেতি কৰিছে ৬ খন গাঁৱৰ ১১ জন কৃষকে। ইফালে সম্পূৰ্ণ জৈৱিক পদ্ধতিৰে শালি ধানৰ খেতি কৰিছে ৯ খন গাঁৱৰ ৪৪ জন কৃষকে। তদুপৰি এইবেলি এজট বেক্টৰ আৰু ফছফেটিকা নামৰ জীৱাণু সাৰেৰে থলুৱা জাতৰ ধানৰ শিপা শোধনেৰে থলুৱা জাত হিচাপে বোকা ধান, কুনকুনি জহা, তুলসী জহা, বৰ্ণি, স্বৰ্ণমচুৰি ধানৰ খেতি কৰি সুফল লাভ কৰিছে ১০ খন গাঁৱৰ ১৩ জন কৃষকে। উল্লেখ্য যে এই আঁচনিৰ জৰিয়তে মুঠ ৮০০ বিঘা মাটিৰ নমুনা সংগ্ৰহ কৰি মাটিৰ গুণাগুণ পৰীক্ষা কৰি যাৱতীয় পৰামৰ্শ কৃষকসকলক দিয়া হৈছে। আনহাতে, এইবেলি শালি ধানৰ খেতিৰ লগে লগে আঁচনিৰ অন্তৰ্ভূক্ত গাঁওসমূহৰ ভিতৰত ৪০০ বিঘা মাটিত সৰিয়হৰ খেতি, ১০০ বিঘা মাটিত ধনিয়াৰ খেতি, ৫০ বিঘা মাটিত মটৰ আৰু ১০ বিঘা মাটিত আলুৰ খেতি কৰাৰ বাবে ইতিমধ্যে কৃষকসকলৰ মাজত বীজ বিতৰণ কৰা হৈছে। ইফালে, এই আঁচনিৰ জৰিয়তে এই পাঁচখন গাঁৱত ১০ টা কৃষক সংঘ গঠন কৰা হৈছে। তদুপৰি ১৩২ জন কৃষকক অঞ্চলটোৰ বিভিন্ন বেংকৰ পৰা কে চি চি ঋণ পোৱাৰ ব্যৱস্থা কৰি দিয়া হৈছে। ইতিমধ্যে এই গাঁওসমূহত ল’টাছ প্ৰ’গ্ৰেছিভ চেন্টাৰৰ কৰ্মীসকলৰ সৈতে এই প্ৰতিবেদকে পৰিভ্ৰমণ কৰি কৃষকৰ লগত মত বিনিময় কৰাত তেওঁলোকে জনায় যে যোৱা বছৰৰ তুলনাত এইবাৰ বৰষুণৰ পৰিমাণ অলপ কম হোৱা বাবে শালি ধানৰ উৎপাদন কিছু কমিছে যদিও প্ৰথম পৰ্য্যায়ত শস্য চপাই পোৱা হিচাপ মতে বিঘাই প্ৰতি ৰঞ্জিত ধান ১৬-১৮ মোন, আইজুং ধান ১৪-১৫ মোন, স্বৰ্ণমচুৰি ১৮-২০ মোন, মণিৰাম ধান ১৪-১৬ মোন উৎপাদন হৈছে। সেয়ে মৰোৱা ল’টাছ প্ৰ’গেছিভ চেন্টাৰৰ অভিলাষী আঁচনিখনৰ প্ৰতি পূৰ্ণ সমৰ্থন দেখা গৈছে আৰু পৰৱৰ্তী সময়ত আঁচনিখনত অধিক গাঁও অন্তৰ্ভূক্ত কৰি উন্নত তথা বিজ্ঞানসন্মত কৃষি প্ৰযুক্তিৰে ধান খেতিত নিয়োজিত কৰিবলৈ স্বেচ্ছাসেৱী অনুষ্ঠানটোক ৰাইজে আহ্বান জনাইছে।

লিখক: কামিনী কান্ত মিশ্ৰ।

শেহতীয়া উন্নীতকৰণ: : 4/16/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate