অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

পূৱ যোৰহাটৰ এক সম্ভাৱনা “পাটী শিল্প”

পূৱ যোৰহাটৰ এক সম্ভাৱনা “পাটী শিল্প”

পূৱ যোৰহাটৰ ব্ৰ্ক্ষপুত্ৰ, জাঁজী, মেলেং, ডিহা, কাকজান, টীয়ক আদি নৈ-জান-জুৰিসহমূহৰ অৱবাহিকা অঞ্চলবোৰ যথেষ্ঠ সেমেকা। এই সেমেকা আৰু সাৰুবা ঠাইবোৰত অঞ্চলটোৰ একাংশ লোকে বহা সাজি গৰু-মহ পুহি জীবিকাৰ বাট বিচাৰি লৈছে।প্ৰাকৃতিকভাৱে এই ভূমিসমূহত পাটী দৈ গছ পোৱা যায়।এই পাটী দৈ গছৰ আগবোৰ গৰু-ছাগলীৰো প্ৰিয় খাদ্য।বিনা পৰিশ্ৰমতে আয়াসতে হোবা এই গছবোৰৰপৰাই তৈয়াৰ কৰিব পাৰি গৰম দিনৰ উপযোগী পাটী দৈ বিচনি বিভিন্ন ধৰনৰ মেট ছেট। ড্ৰেছিং টেবুল ডাইনিং টেবুলৰ কভাৰ ইত্যাদি।

এই পাটী দৈ গছবোৰ দুইৰপৰা চাৰি ফুট পৰ্যন্ত ওখ হয়।মিহি লেহুকা এই গছবোৰৰ বাকলিবোৰ ৰদত শুকুৱাই পাটী তৈয়াৰ কৰিব পাৰি।মেলেং ৰ্ংদৈ,বাহনা নাথগাৱতঁ পাৰ্টী দৈৰপৰা পাৰ্টি তৈয়াৰ কৰা কেইবাটাও পৰিয়াল আছে।পূৰ্বতে পাটী দৈৰ বিচনিৰ বা শীতল আৰু পাটী দৈৰপৰা সজা পাটীবোৰ বেছ আৰামদায়ক আছিল।বৰ্তমান গৰম দিনত এই পৰিয়ালকেইটাই পাটীৰ বিচনি বা পাটী সাজি যথেষ্ঠ উৰ্পাজন কৰে।স্মৰ্তব্য যে যোৰহাট জিলাতে নহয় অসমৰ  নৈৰপৰীয়া সাৰুৱা অঞ্চলবোৰত বিজ্ঞানসন্মতভাবে কৃষি বিশ্ববিদ্যালয়ৰ জৰিয়তে পাটী দৈ গছৰ খেতি কৰি কুটিৰ শিল্প গঢ় দিব পাৰি।কিয়নো পাটী দৈ গছৰ পাটীৰপৰা পাটী মেট ছেট,ঘৰৰ চিলিং ছোফাৰ কভাৰ,ডাইনিং ছেটৰ কভাৰ আদি বিভিন্ন ধৰনৰ ডিজাইন দি তৈয়াৰ কৰিলে অসমৰ কুটীৰ শিল্পৰ মান ৰক্ষাৰ লগতে একাংশ থলুবা অসমীয়াৰো ভাত মুকলি হব।বৰ্তমান বৰষা কালৰ উপযোগী পাটী দৈ গছৰ খেতি যোৰহাট কৃষি বিশ্ববিদ্যালয়ৰ তৰফৰপৰা কৰিলে অঞ্চলটোত এটি নতুন সম্ভাবনাৰ সৃষ্টি হব।

উৎস: দৈনিক অসম।

শেহতীয়া উন্নীতকৰণ: : 3/5/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate