অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

কক্ চেফাৰ

কক্ চেফাৰ গ্ৰাব নাৰ্চাৰী আৰু বিশেষকৈ পথাৰত চাহগছৰ পুলি অৱস্হাত আক্ৰমণ কৰিব পৰা এক অনিষ্টকাৰী কীট ৷ কীটটোৰ কেইবাটাও প্ৰজাতি আছে যদিও উত্তৰ পূৰ্বাঞ্চলত হল’ট্ৰাইচিয়া ইম্প্ৰচা আৰু চপ্ৰপ্চ প্লেজিয়াটুলা নামৰ প্ৰজাতি দুটাই বিশেষভাবে আক্ৰমণ কৰা দেখা যায় ৷

আক্ৰমণৰ লক্ষণ

  • কক্ চেফাৰ গ্ৰাবে সাধৰণতে ৩ বছৰতকৈ সৰু পুলি গছ আক্ৰমণ কৰে ৷
  • গা-গছৰ গুৰিত মাটিৰ ঠিক তলভাগতে কীটটোৱে সৰু (পলু) অৱস্হাত বাকলি এৰুৱাই খায় ৷
  • আঙঠি আকৃতিত চৌদিশে সম্পূৰ্ণকৈ বাকলি এৰুৱাই খালে গছজোপাৰ মৃত্যু অনিবাৰ্য্য হৈ পৰে ৷ আঙঠিটোৰ ওপৰ আৰু তলফালে কেলাছ গঠন হোৱা দেখা যায় ৷
  • বাকলি আংশিকভাবে খোৱা অৱস্হাত কেলাছ গঠন হৈ গছজোপা বাচি থকাৰ সম্ভাৱনা থাকে ৷
  • সাধাৰণতে জুন - আগষ্ট মাহত কেক্চেফাৰ গ্ৰাবৰ আক্ৰমণ বেছি হোৱা দেখা যায় ৷
  • বীজৰ পৰা পুলিতকৈ কাটিঙৰ পৰা কৰা পুলিত কক্ চেফাৰ আক্ৰমণ বেছি হয় ৷
  • কক্ চেফাৰ বিটিলটোৱে দিনৰ ভাগত মাটিৰ তলত থাকে আৰু সন্ধিয়া ছাঁ গছ যেনে এলবিজিয়া অড’ৰেটিছিমা, এলবিজিয়া লিবেক, ইণ্ডিগ’ফেৰা টিচমেনি আদি গছৰ পাত খাবলৈ ওলাই আহে ৷
  • ছাঁ গছৰ গা – গছ, লাইটৰ খুটা, জেওৰা (ফেন্সিং) আদি কীটটোৰ সহবাসৰ স্হান৷

প্ৰতিৰোধ ব্যৱস্থা

  • মাটিটুকুৰা ভালদৰে চাফা কৰাৰ পাচতহে পুলি ৰোপণ কৰা উচিত ৷
  • স্বাস্থ্যবান পুলিহে ৰোপণৰ বাবে ব্যৱহাৰ কৰক ৷
  • অনুমোদিত জোখত গাতবোৰ খান্দি আৰু গাতত প্ৰয়োজনীয় সাৰ আৰু কটিনাশক দ্ৰব্য প্ৰয়োগ কৰা উচিত ৷
  • মাটিডৰাত আধাকেঁচা আৰু কেচাঁ গোবৰ প্ৰয়োগৰ পৰা বিৰত থাকক ৷
  • পুলিৰ গুৰিটো যাতে বহি নাযায়, তাৰ বাবে ৰোপণৰ সময়ত গাতঁটো পাতলীয়াকৈ ধুৰ্মুচ কৰি পুতিব লাগে ৷
  • মাটিডৰাত অপতৃণ নিয়ন্ত্ৰণ ব্যৱস্হা হাতত লওক ৷
  • মালচিং সদায় পুলিৰ গুৰিৰ পৰা কমেও ২০ চে:মি: আতঁৰত কৰিব লাগে ৷
  • নাৰ্চাৰীৰ বেডত গুটি সিঁচাৰ আগেয়ে প্ৰতি বিঘাত ১.৩৫ লি: এণ্ড’চালফন বা ক্লৰ’পাইৰিফচ ৭০ লিটাৰ পানীত মিহলাই প্ৰয়োগ কৰা উচিত ৷
  • মাৰ্চ - মে’ মাহত ছাঁগছৰ গা-গছ, জেওৰা (ফেন্সিং), লাইটৰ খুটা আদিৰ পৰা কীটটো হাতেৰে সংগ্ৰহ কৰিও ধবংস কৰিব পাৰি ৷
  • পুলি ৰোপণৰ পাচত ১ লি: এণ্ড’চালফন বা ক্লৰ’পাইৰিফচ ৩০০ লিটাৰ পানীত মিহলাই প্ৰতিজোপা গছৰ গুৰিত ২৫০ মি:লি:কৈ প্ৰয়োগ কৰক ৷
  • জুন – জুলাই মাহত উপৰোক্ত দ্ৰব্য একে মাত্ৰাতে পুনৰ প্ৰয়োগ কৰক ৷

নিয়ন্ত্ৰণ (আক্ৰমণৰ পাছত)

  • আক্ৰান্ত গছৰ গুৰিৰ পকা জাবৰবোৰ আতঁৰাই দিয়ক ৷
  • গছৰ গুৰিবোৰ খুচৰি দি এণ্ড’চালফন বা ক্লৰ’পাইৰিফচ ১: ৩০০ অনুপাতত মিহলাই প্ৰতিজোপা গছৰ গুৰিত ২৫০ মি: ল৭িকৈ প্ৰয়োগ কৰক ৷
  • উপৰোক্ত দ্ৰব্য একে মাত্ৰাত ২ – ৩ সপ্তাহৰ পাছত পুনৰ প্ৰয়োগ কৰক ৷
  • প্ৰতিৰোধৰ ব্যৱস্হা সমুহৰ ওপৰত অধিক গুৰুত্ব দিয়ক ৷
উৎস: অসম কৃষি বিশ্ববিদ্যালয়।

শেহতীয়া উন্নীতকৰণ: : 3/16/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate