কীটনাশক ৰাসায়নিক দ্ৰব্যৰ মাত্ৰা নিৰ্দ্ধাৰণ আৰু পানীত ইয়াৰ মিশ্ৰণ তৈয়াৰ কৰোতে তলৰ কথা কেইটা মন কৰিব :
- মাত্ৰা নিৰ্দ্ধাৰণ বা মিশ্ৰণ তৈয়াৰ কৰা সময়ত দ্ৰব্যখিনি যাতে কৰ্মীজনৰ গাৰ ছালত নালাগে তাৰ বাবে বিশেষ ধৰণৰ পোচাক আৰু ৰবৰৰ হাত মোজা পিন্ধিব লাগে ৷ ছাল বা কাপোৰত দ্ৰব্যৰ টোপাল পৰি দাগ বা চেকা লাগিলে সৰহীয়া পানীৰে ধুই পেলাব ৷ দ্ৰব্য কেনেবাকৈ চকুত লাগিলে কমেও দহ মিনিট সময়লৈ পানী মাৰি ধুই থাকিব ৷ কীটনাশক দ্ৰব্য ব্যৱহাৰ কৰাৰ পাছত হাত দুখন ভালদৰে ধুই পেলাব ৷
- কৰ্মীজনৰ কীটনাশক দ্ৰব্যৰ ওপৰত প্ৰাথমিক চিকিৎসাৰ জ্ঞান থকা উচিত ৷
- ৰাসায়নিক দ্ৰব্যৰ বটল বা পেকেটৰ ওপৰত থকা লেবেলত কোম্পানীয়ে উল্লেখ কৰা মতে সুৰক্ষা ব্যৱস্হা গ্ৰহণ কৰক৷
- ঘৰৰ চৌহদৰ ভিতৰত, ঘৰচীয়া জীৱ-জন্তু থকা ঠাইত বা চৌহদৰ ওচৰে-পাজৰে কীটনাশক দ্ৰব্যৰ জোখ-মাপ লোৱা আৰু মিহলোৱা কাম নকৰিব৷
- ল’ৰা-ছোৱালী আৰু পোহনীয়া জীৱ-জন্তুৰ পৰা কীট-নাশক দ্ৰব্য আতঁৰাই ৰাখক৷
- জীৱ-জন্তুৱে খোৱা পানীত যাতে কীটনাশক দ্ৰব্য মিহলি হ’ব নোৱাৰি, তাৰ বাবে সাৱধান হওঁক৷
- জোখ-মাপৰ বাবে নিখুঁত আৰু উপযুক্ত সজুলি ব্যৱহাৰ কৰিব৷ তৰল দ্ৰব্যৰ বাবে দাগ কটা জগ্ আৰু গুড়ি দ্ৰব্যৰ বাবে ৰোকনি বা ডাঙৰ চামুচ ব্যৱহাৰ কৰিব পাৰে৷ কীটনাশক দ্ৰব্যৰ পেকেট বা বটলৰ লেবেলত ওজনৰ পৰিমান লিখা থাকিলে সেই মতেও দ্ৰব্য ব্যৱহাৰ কৰাত সুবিধা হয়৷ খালী হাতেৰে দ্ৰব্য নুলিয়াব৷ ব্যৱহাৰ কৰা জগ্ বা চামুচ ইত্যাদি আন কামত নলগাব আৰু সেইবোৰ সদায় বেলেগে ৰাখিব৷
- কীটনাশক দ্ৰব্যৰ মিশ্ৰণ তৈয়াৰ কৰিবলৈ ডাঙৰ বাল্টি নাইবা খোলা মুখৰ ড্ৰাম ব্যৱহাৰ কৰিব৷ ভালদৰে মিহলাবৰ বাবে এডাল শকত গোটা বা বঠা আকাৰৰ মাৰি ল’ব লাগে৷ মিহলোৱাৰ সময়ত হাতখন দ্ৰব্যৰ মিশ্ৰণত সুমুৱাই নিদিব৷
- মিশ্ৰণ তৈয়াৰ কৰাৰ সময়ত ছিটিকনি নপৰাকৈ যাতে দ্ৰব্য ঢালিব পাৰে, তাৰ বাবে চুপিৰ ব্যৱহাৰ কৰিব আৰু তাৰ পাছত চুপিটো ভালদৰে ধুই ল’ব৷
- তৰল কীটনাশক দ্ৰব্য টিউবৰ সহায়ত বা মুখেৰে কেতিয়াও নুশুহিব৷
- গুড়ি বা তৰল কীটনাশক দ্ৰব্য যাতে বাষ্প হৈ উৰি নাযায়, তাৰ প্ৰতি লক্ষ্য ৰাখিব৷
- ব্যৱহাৰ কৰাৰ পাছত স্প্ৰেয়াৰ মেচিনটো ভালদৰে ধুব লাগে৷ ধোৱা-পখলা কৰা পানীখিনি গোটাবৰ বাবে মাটিত গাঁত এটা খান্দি লব৷ এনে ধৰণৰ গাঁত, বসবাস কৰা ঘৰ, পানী খোৱা পুখুৰী, পানী যোৱা নলা, শাক-পাচলি আৰু ফল-মূলৰ ঠাইৰ পৰা যথেষ্ট আতঁৰত খান্দিব লাগে৷ গাঁতটোত এই পানী গোটোৱাৰ পাছত মাটিৰে ভালদৰে পুতি পেলাব৷
- কীটনাশক দ্ৰব্য জোখ-মাপ আৰু মিশ্ৰণৰ বাবে ব্যৱহাৰ কৰা পাত্ৰ বা সজুলি অন্য কামত ব্যৱহাৰ নকৰিব৷
- ব্যৱহাৰ কৰাৰ পাছত বাকী থকা কীটনাশক দ্ৰব্যখিনি একেটা পেকেট, বটল বা পাত্ৰত ভালদৰে বন্ধ কৰি থব৷ বাকী থকা কীটনাশক দ্ৰব্যৰ মজুতকৰণত পানী খোৱা বটল বা অন্য খাদ্য বস্তু ৰখা পাত্ৰ কেতিয়াও ব্যৱহাৰ নকৰিব৷
- ঘৰৰ পৰা যথেষ্ট দূৰত গাঁত এটা খান্দি প্ৰয়োজন নোহোৱা অৱশিষ্ট কীটনাশক দ্ৰব্যখিনি পাত্ৰৰে সৈতে গাঁতটোত পেলাই পুতি দিয়াৰ ব্যৱস্হা কৰিব৷
স্প্ৰে’য়াৰ মেচিনৰ প্ৰয়োগ, ব্যৱহাৰ, মেৰামতি আৰু লবলগীয়া যতন
স্প্ৰে’য়াৰ মেচিনৰ পৰা ফলপ্ৰসু স্প্ৰে’ কাৰ্য্য পাবলৈ মন কৰিবলগীয়া কথা কেইটা হ’ল
- উপযুক্ত স্প্ৰেয়াৰ ব্যৱহাৰৰ লগতে যদিহে তেনে মেচিন আগতে ব্যৱহাৰ কৰা হৈছে, তেন্তে শতকৰা ০.৫ ভাগ শক্তিৰ কাপোৰ ধোৱা চ’ডাৰ দ্বাৰা প্ৰথমে পৰিষ্কাৰ কৰি পাছত ভাল পানীৰে ধুই ল’ব ৷
- দিনটোৰ কাৰ্য্য শেষ কৰাৰ লগে লগে স্প্ৰেয়াৰ মেচিনটো পৰিষ্কাৰ পানীৰে ধুব লাগে ৷
- কিছুদিন ব্যৱহাৰ নকৰাকৈ স্প্ৰে’য়াৰ মেচিনটো ৰাখিব লগা হ’লে ধুওঁতে বিশেষ সাৱধান হ’ব লাগে যাতে ৰাসায়নিক দ্ৰব্যৰ অৱশিষ্ট মেচিনৰ গাত লাগি নাথাকে ৷ অৱশিষ্টবোৰ ক্ৰমে জমা হব দিলে অলপ দিনৰ ভিতৰতে মামৰে ধৰি তাৰ কোনো কোনো অংশ বিকল হৈ পৰাৰ আশংকা কৰা হয় ৷
- একেটা স্প্ৰেয়াৰ মেচিনেৰে কীটনাশক আৰু অপতৃণনাশক দ্ৰব্য প্ৰয়োগ নকৰিব ৷ এই দুই ভিন্ন দ্ৰব্যৰ বাবে বেলেগ বেলেগ স্প্ৰেয়াৰ মেচিন ব্যৱহাৰ কৰিব ৷
- পথাৰত স্প্ৰে’ কৰিবলৈ যোৱাৰ আগতে স্প্ৰে’য়াৰ মেচিনৰ প্ৰয়োজনীয় ৱাচাৰ, নয’ল, হ’জ ক্লিপ, বেটাৰী, স্পাৰ্ক প্লাগ, স্কু-ড্ৰাইভাৰ, স্পেনাৰ আৰু প্লায়াৰ্চ ইত্যাদি মেচিনটোৰ সৈতে নিব লাগে ৷ মেচিনৰ এই সজুলিবোৰ পথাৰত হঠাতে আৱশ্যক হব পাৰে ৷
- ফুটা ওলোৱা স্প্ৰে’য়াৰ মেচিন ব্যৱহাৰ নকৰাই ভাল ৷ এনে মেচিনৰ পৰা কৰ্মীজনৰ গাৰ ছালত কীটনাশক দ্ৰব্য লাগি যোৱাৰ আৰু শস্য নষ্ট হোৱাৰ সম্ভাৱনা বেছি ৷
- উচ্চ মানদণ্ডৰ স্প্ৰে’য়াৰ মেচিন ব্যৱহাৰ কৰক ৷ নিম্নমানৰ মেচিনৰ পৰা উপকাৰতকৈ বেছি অপকাৰ যেনে শস্য নষ্ট, সময় আৰু অৰ্থৰ ক্ষতি হোৱাৰ আশংকা থাকে ৷
কীটনাশক দ্ৰব্যৰ নিৰাপদ প্ৰয়োগ
- কীটনাশক দ্ৰব্য ব্যৱহাৰ কৰাৰ আগতে উপযুক্ত প্ৰশিক্ষণৰ আৱশ্যক ৷
- সৰু ল’ৰা-ছোৱালীক কীটনাশক দ্ৰব্য ব্যৱহাৰ কৰিব নিদিব ৷ এনে মৰাত্মক দ্ৰব্য সৰু ল’ৰা-ছোৱালীয়ে চুব নোৱাৰাকৈ ঘৰৰ পৰা আতঁৰত সুৰক্ষিত কৰি থব লাগে ৷
- পথাৰত আন কাম কৰি থকা কৰ্মীসকলক দ্ৰব্য প্ৰয়োগৰ সময়ত সেই ঠাইৰ পৰা আতঁৰাই পঠাব৷
- আৱশ্যকীয় পৰিমাণৰ খোৱা পানী, হাত মোচা কাপোৰ, চাবোন আদি মজুত ৰাখিব লাগে ৷
- কীটনাশক দ্ৰব্যৰ বটল বা পেকেটৰ ওপৰত থকা লেবেলত উল্লেখ কৰা মতে দ্ৰব্যৰ মাত্ৰা, সুৰক্ষা পোচাক ইত্যাদি সৰ্ম্পকে নিদেৰ্শনা মানি চলা উচিত ৷
- কীটনাশক দ্ৰব্যৰ মিশ্ৰণ তৈয়াৰ আৰু প্ৰয়োগ কৰাৰ সময়ত বিশেষ ধৰণৰ পোচাক পিন্ধিব লাগে৷ কাম শেষ হোৱাৰ লগে লগে পোচাকটো পৰিষ্কাৰ পানীত ধুব লাগে ৷ পাতল আৰু প্ৰায় সৰ্বশৰীৰ ঢাক খোৱা পোচাক পিন্ধাটো বাঞ্চনীয় ৷
- বতাহ বলি থকা সময়ত কীৱনাশক দ্ৰব্য প্ৰয়োগ নকৰিব ৷
- জলবায়ু আৰু বতাহৰ গতিবিধিৰ ওপৰত বিশেষকৈ বতাহ কোন দিশে বলে, সেয়া লক্ষ্য কৰক ৷ দ্ৰব্য প্ৰয়োগৰ সময়ত জোৰেৰে বতাহ বলিলে দ্ৰব্যখিনি উৰুৱাই নি এক বিপদজনক অৱস্হাৰ সৃষ্টি কৰিব ৷ যিহেতু এইদৰে উৰুৱাই নিয়া কীটনাশক দ্ৰব্যখিনি স্প্ৰেয়াৰ মেচিন কঢ়িয়াই নিয়া কৰ্মীজনৰ নাকে-মুখে সুমাব ৷ তাৰোপৰি অন্যান্য শস্য, পানী, জীৱ-জন্তু আৰু ওচৰে পাজৰে থকা ঘৰতো কীটনাশক দ্ৰব্য পৰিব পাৰে ৷
- কীটনাশক দ্ৰব্য প্ৰয়োগ এনে ধৰণে কৰক যাতে বতাহে দ্ৰব্য খিনি কৰ্মীজনৰ গাৰ পৰা আতঁৰলৈ কঢ়িয়াই নিয়ে ৷ কৰ্মীজনৰ গাৰ দিশত বতাহ চলাচল কৰিলে দ্ৰব্য প্ৰয়োগ ততালিকে বন্ধ কৰিব৷
- প্ৰায়বোৰ কীটনাশক দ্ৰব্য সহজে পানীত উটি যায় ৷ সেয়েহে বতাহ-বৰষুণ নোহোৱা ফৰকাল বতৰতহে দ্ৰব্য প্ৰয়োগৰ কাম কৰিব লাগে ৷ কীটনাশক দ্ৰব্যৰ প্ৰয়োগ ৰাতিপুৱা বা আবেলিৰ ভাগতহে কৰিব লাগে ৷
- মুখেৰে ফুৱাই বন্ধ হৈ থকা নয’লবোৰ চাফা কৰিবলৈ চেষ্টা নকৰিব ৷ এনে ধৰণৰ নয’ল জোৰেৰে পানী মাৰি বা ঘাঁহ-বনৰ ঠাৰিৰে খুচি চাফা কৰিব লাগে ৷
- পাত চিঙা চাহ গছত কীটনাশক দ্ৰব্যৰ প্ৰয়োগ পাত ছিঙাৰ পিছদিনা কৰিব লাগে ৷
- কৰ্মীজনে কীটনাশক দ্ৰব্য বা স্প্ৰে’য়াৰ মেচিনটো আনৰ তত্বাৱধানত নিদিয়াকৈ এইবোৰ অকলে এৰি অন্য ঠাইলৈ গুচি যোৱা অনুচিত৷
- কীটনাশক দ্ৰব্যৰ পাত্ৰবোৰ খোলা অৱস্হাত নাৰাখিব ৷
- খালী বটল, পেকেট আৰু অৱশিষ্ট দ্ৰব্যৰ অংশ একেলগে গোটাই নিৰাপদ দূৰত্বত পুতি পেলোৱাৰ ব্যৱস্হা কৰিব ৷
- পথাৰত কীটনাশক দ্ৰব্য প্ৰয়োগৰ কাম সম্পূৰ্ণ হৈ উঠাৰ লগে লগে কোনো মানুহ বা জীৱ-জন্তু যাতে পথাৰলৈ যাব নোৱাৰে তাৰ বাবে সাৱধান হোৱা আৱশ্যক ৷
- বিভিন্ন ধৰণৰ কীটনাশক দ্ৰব্য কেতিয়া প্ৰয়োগ কৰা হৈছিল সম্পূৰ্ণ বিৱৰণী ৰাখিব ৷
পূৰ্ব প্ৰতিকাৰ
কীটনাশক দ্ৰব্যৰ বিষয়ে ব্যৱহাৰিক জ্ঞান নাথাকিলে ইহঁতে মাৰাত্মক পৰিস্হিতিৰ সৃষ্টি কৰিব পাৰে ৷ সেয়েহে এনে দ্ৰব্য ব্যৱহাৰৰ ক্ষেত্ৰত আগতীয়া প্ৰতিকাৰৰ ব্যৱস্হা গ্ৰহণ কৰা নিত্যান্ত আৱশ্যক ৷ মানুহৰ শৰীৰত কীটনাশক দ্ৰব্যৰ প্ৰবেশ তিনি প্ৰকাৰে হব পাৰে:
ছালৰ সংস্পৰ্শলৈ আহিলে
কীটনাশক দ্ৰব্যৰ দ্বাৰা সংঘটিত হোৱা বিষক্ৰিয়াৰ এটা মূল কাৰণ হৈছে ইয়াৰ ছালৰ লগত হোৱা সংস্পৰ্শ ৷ বতাহত উৰি অহা, কাপোৰ-কানিত লাগি থকা আৰু একে লেঠাৰিয়ে ভালেখিনি সময় দ্ৰব্য প্ৰয়োগৰ কাম কৰি থাকিলে ই ছালৰ সংস্পৰ্শলৈ আহি বিষক্ৰিয়া ঘটায় ৷ কীটনাশক ৰাসায়নিক পদাৰ্থই সাজ-পোছাক ভেদ কৰি সহজে আমাৰ ছালত প্ৰবেশ কৰে ৷ মানৱ শৰীৰৰ চকু, মুখ, হাত আৰু যৌনাংগসমুহ অতি স্পৰ্শকাতৰ আৰু সহজভেদ্য হোৱাৰ বাবে কীটনাশক দ্ৰব্যৰ দ্বাৰা আক্ৰান্ত হয় ৷ গৰমৰ প্ৰকোপত শৰীৰৰ পৰা ওলোৱা ঘামে সহজে কীটনাশক দ্ৰব্য শোষণ কৰে ৷
কীটনাশক দ্ৰব্য মুখেদিও সোমাব পাৰে
- কীটনাশক দ্ৰব্য স্পৰ্শ কৰা হাতেৰে একো বস্তু নাখাব আৰু ধুমপান নকৰিব ৷
- খোৱা পানীৰ বটল বা খাদ্যবস্তু থোৱা পাত্ৰত কীটনাশক দ্ৰব্য নাৰাখিব ৷ কিনোতে এনে দ্ৰব্যৰ লগত পোৱা পাত্ৰতে ইয়াক ভৰাই আলমাৰিত তলা মাৰি বন্ধ কৰি ৰাখিব লাগে ৷
- কীটনাশক দ্ৰব্য খাদয় বস্তুৰ লগত জমা বা এঠাইৰ পৰা অন্য ঠাইলৈ নিয়া-মেলা নকৰিব ৷ অন্যথা খাদ্যবস্তুৰ দ্বাৰা শৰীৰত বিষক্ৰিয়া সংঘটিত হব পাৰে ৷
- এন্দুৰ নিগনি আদি মাৰিবলৈ ব্যৱহাৰ কৰা দৰৱৰ টোপ বা কীটনাশক দ্ৰব্য প্ৰয়োগ কৰা শস্যৰ বীজবোৰ খাদ্য বস্তুৰ পৰা আতঁৰাই ৰাখিব ৷
শ্বাস-প্ৰশ্বাসৰ জৰিয়তে
- স্প্ৰে’ কৰোতে সৃষ্টি হোৱা কুৱঁলিসদৃশ কীটনাশক দ্ৰব্যৰ টোপালবোৰ যাতে শ্বাস-প্ৰশ্বাস লওঁতে কৰ্মীজনৰ চকু মুখত সোমাব নোৱাৰে, তাৰ প্ৰতি সাৱধান হ’ব ৷ প্ৰয়োজন হ’লে ‘ৰেচ্পিৰেটৰ’ৰ ব্যৱহাৰ আৰু উপযুক্ত বতাহ চলাচলৰ ব্যৱস্হা কৰিব ৷
কীটনাশক দ্ৰব্যৰ বিষক্ৰিয়া
- সাধাৰণতে নাক, চকু বা ডিঙি অঞ্চলত অসহ্য পোৰণি অনুভৱ কৰাটোৱেই বিষক্ৰিয়াজনিত প্ৰধান লক্ষণ বুলিব পাৰি ৷
- কীটনাশক দ্ৰব্য মুখত সোমালে বমি ভাব, তলপেটৰ বিষ অঅৰু পেট চলা অসুখ হয় ৷
- কীটনাশক দ্ৰব্য নাকেৰে শুঙিলে বা নিশ্বাসতো বিষক্ৰিয়া সংঘটিত কৰিব পাৰে ৷
প্ৰাথমিক চিকিৎসা
- কীটনাশক দ্ৰব্য ব্যৱহাৰ কৰা সময়ত কৰ্মীজন আগৰে পৰা সাধাৰণ জ্বৰ বা অসুখত ভুগি থাকিব পাৰে ৷ সেয়েহে চিকিৎসা কৰাৰ আগতে কীটনাশক দ্ৰব্যৰ বিষক্ৰিয়াৰ ফলতহে যে এনে অসুখ হৈছে, সেই কথা নিশ্চিতভাৱে জানি লোৱা প্ৰয়োজন ৷ ৰোগীজনক সেই সময়ত মদ, কফি, গাখীৰ বা চাহ পান কৰিব নিদিব ৷ ৰোগীজনৰ ওচৰত কোনো ধৰণৰ চিঞৰ-বাখৰ নকৰিব, তেওঁক অলপো কষ্ট নোপোৱাকৈ অতিমাত্ৰা তাপ আৰু ঠাণ্ডাৰ পৰা আতঁৰাই ৰাখিব আৰু ততালিকে চিকিৎসাৰ ব্যৱস্হা কৰিব ৷
- ৰোগীজনৰ শ্বাস-প্ৰশ্বাস বন্ধ হৈ যোৱাৰ উপক্ৰম হ’লে তেওঁৰ ডিঙি আৰু বুকুৰ ওপৰত পিন্ধা কাপোৰ ঢিলা কৰি দিব আৰু ততালিকে কৃত্ৰিম শ্বাস-প্ৰশ্বাসৰ ব্যৱস্হা কৰিব ৷
- কীটনাশক দ্ৰব্যই গাৰ ছালত বিষক্ৰিয়া ঘটালে চাবোন ঘহিঁ প্ৰচুৰ পৰিমানৰ পানীৰে ভালকৈ ধুব লাগে ৷ এনে দ্ৰব্য লাগি থকা সাজ-পোচাক তৎক্ষণাত গাৰ পৰা সোলোকাই দিব আৰু পোচাকৰ তলত থকা ছাল অংশ পানীৰে ধুব ৷ ছাল ছিগি এৰাই গ’লে ডাক্তৰৰ পৰামৰ্শ লওঁক ৷
- কীটনাশক দ্ৰব্যই চকুত বিষক্ৰিয়া ঘটালে ঠাণ্ডা আৰু পৰিষ্কাৰ পানীৰে কমেও দহ মিনিট সময় ভালদৰে ধুব ৷ অসহনীয় পোৰণি হ’লে ডাক্তৰৰ দ্বাৰা চিকিৎসা কৰাওঁক ৷
স্বাস্থ্যনীতি সম্বন্ধীয় কথা
- কীটনাশক দ্ৰব্য ব্যৱহাৰ কৰা প্ৰতিজন মানুহে স্বাস্হ্য সম্পৰ্কীয় কিছু কথা মানি চলাতো প্ৰয়োজন
- যি কোনো খাদ্য বা পানী খোৱাৰ আগতে হাত মুখ পৰিষ্কাৰ পানীত ভালদৰে ধুব লাগে ৷ আনকি ধুমপান কৰাৰ আগতেও হাত-মুখ ধুই লোৱা আৱশ্যক ৷
- কীটনাশক দ্ৰব্য প্ৰয়োগৰ সময়ত বস্তু খোৱা নিষেধ ৷ ধুমপানো কৰিব নালাগে ৷
- মুখ মণ্ডল বা শৰীৰৰ আন অংশৰ ছালত হাত বা মোজা নলগাব ৷
- খোলাৰ আগতে হাত মোজা ধুই লব ৷
- কীটনাশক দ্ৰব্য প্ৰয়োগ কাৰ্য্য সম্পূৰ্ণ কৰি উঠি গাটো চাবোনেৰে ভালদৰে ধুব ৷ পিন্ধা কাপোৰ কানি আৰু বিশেষ পোচাকবোৰ প্ৰতিবাৰ প্ৰয়োগৰ দিনা ধুবলৈ নাপাহৰিব ৷
উৎস: অসম কৃষি বিশ্ববিদ্যালয়।