কেইবছৰমানৰপৰা লুপাৰ কেটাৰপিলাৰ নামৰ পোকবিধে অসমৰ চাহ খেতিত সন্ত্ৰাসৰ সৃষ্টি কৰি আহিছে। এই পোকবিধ পূৰ্বে ইমান সক্ৰিয়ভাৱে আমাৰ ৰাজ্যখনত দেখা দিয়া নাছিল। অবাধ গতিত চলা অৰণ্য ধ্বংস, বন ধ্বংসৰ বাবেই এনে আহুকাল হৈছে বুলি বিজ্ঞানীসকলৰ ধাৰণা। মে’ৰপৰা জুলাই মাহ লুপাৰ আক্ৰমণৰ বাবে অতি উপযোগী সময়।
লুপাৰ পোকৰ বৈজ্ঞানিক নাম হ’ল বুজুৰা(বিষ্টন) চাপ্ৰেচাৰিয়া গুয়েন। লুপাৰৰ অসমত প্ৰথম সন্ধান পোৱা গৈছিল ১৮৯০ চনত, নগাঁও জিলাত। লুপাৰৰ বহু প্ৰকাৰ আছে। তাৰ ভিতৰত বুজুৰা বেংলিয়াৰিয়া, বোৱাৰমিয়া স্কেলানাৰিয়া, বুজুৰা একাচিয়াৰিয়া, মেদাচিনা ষ্ট্ৰিক্সাৰিয়া, এৰেবোমোৰফা ফুলগুৰিতা, এব্ৰাক্লাচ চায়লভাটা আৰু এইচেমা মিলিটাৰিছ প্ৰধান।
লুপাৰ পোকে প্ৰথমে চাহ গছজোপাৰ কুমলীয়া পাতবোৰ খাই একেবাৰে লঠঙা কৰি পেলায়। সংখ্যা বৃদ্ধিৰ লগে প্লগে পোকবিধে বুঢ়া পাতবোৰো ধ্বংস কৰি পেলায়। লুপাৰৰ বিধ্বংসী আক্ৰমণৰ ফলত চাহ ওখেতি অৰ্থনৈতিকভাৱে কোঙা হৈ পৰে। বছৰটোৰ ভিতৰত লুপাৰৰ চাৰিটা জীৱন বুৰঞ্জী সাধাৰণতে দেখা যায়। দিনৰভাগত উষ্ণতা বৃদ্ধিৰ সময়ত পোকবোৰ কাষৰ বাঁহনি বা ছাঁ দিয়া গছবোৰত আশ্ৰয় লয়।
দৰাচলতে লুপাৰ হ’ল এবিধ বনত হোৱা পোক। ছাঁ দিয়া গছবোৰ প্ৰথমে লুপাৰৰ প্ৰধান খাদ্য আছিল। বৰমেডুলুৱা(ডালবাৰজিয়া আচামিকা) লুপাৰৰ আশ্ৰয়দাতা গছ। অসমৰ চাহ খেতিত সচৰাচৰ ছাঁ দিয়াৰ বাবে শিৰীষ গছ ৰোপণ কৰা হয়। এই গছবোৰৰ পাতবোৰ লুপাৰৰ প্ৰিয় খাদ্য।
মাৰ্চ-এপ্ৰিল আৰু ছেপ্টেম্বৰ-অক্টোবৰ মাহত লুপাৰ পোকবোৰ হাতেৰে সংগ্ৰহ কৰি ধ্বংস কৰি দিব লাগে। আক্ৰান্ত হোৱা খেতিডৰাৰ স্থানডোখৰৰ গছ গুড়িত অক্টোবৰ-ডিচেম্বৰ আৰু মাৰ্চ-এপ্ৰিল মাহত পাতলকৈ কোৰ মাৰি মাটিখিনি তল-ওপৰ কৰি দিয়া অতি প্ৰয়োজন। অসমৰ ধান খেতিত কৃষকসকলে বিভিন্ন পোকৰ পৰা পৰিত্ৰাণ পাবলৈ সন্ধিয়া বা নিশা জুই জ্বলোৱা পদ্ধতিটো লুপাৰৰ ক্ষেত্ৰতো প্ৰযোজ্য। ফেব্ৰুৱাৰী-মাৰ্চ মাহত ছাঁ দিয়া গছবোৰৰ গা-গছত লাগি থকা লুপাৰৰ পোকবোৰ হাতেৰে সংগ্ৰহ কৰি ধ্বংস কৰা দৰকাৰ। বৰমেডুলুৱা গছ চাহ খেতিত ৰোপণ কৰা অভ্যাস পৰিহাৰ কৰিব লাগিব।
লুপাৰ প্ৰতিৰোধ কৰা বহু প্ৰকাৰৰ কীটনাশক দ্ৰৱ্য বজাৰত কিনিবলৈ পোৱা যায়। ভাৰতীয় চাহ ব’ৰ্ডে অনুমোদন কৰা দ্ৰৱ্যহে ব্যৱহাৰ কৰা যুগুত। লুপাৰ আক্ৰমণৰ পূৰ্বেই আজাদিৰেকটিন ১ ই চি বা আজাদিৰেকটিন ৫ ই চি প্ৰয়োগ কৰিলে সুফল পোৱা যায়। আক্ৰমণৰ তীব্ৰতা বেছি হ’লে ডেল্টামেথ্ৰিন ২.৮ ই চি, ডেল্টামেথ্ৰিন ১১ ই চি, ইমামেকটিন বেনজোয়েট ৫ এছ জি, ফ্লুবেনদামাইদ ২০ ডব্লিউ জি আৰু কুইনালফচ ২৫ ই চি ব্যৱহাৰ কৰিলে পোকবিধৰপৰা নিস্তাৰ পাব পাৰি। বেচিলাচ থুৰিনজিয়েনচিচ নামৰ এবিধ বেক্টেৰিয়াল মিশ্ৰণেও লুপাৰ প্ৰতিৰোধত সহায় কৰে।
লুপাৰে যিহেতু চাহ গছৰ পাতবোৰ খাই লঠঙা কৰি পেলায়, সেয়ে গছবোৰ নিশকতীয়া আৰু অতি দুৰ্বল হৈ পৰে। আক্ৰমণৰ পিছত পাত ছিগাৰ পূৰ্বে চাহ গছবোৰ আৰোগ্য হ’বলৈ দিব লাগে। আক্ৰান্ত পাতবোৰ ছিগি পেলাই দিব লাগে। প্ৰতি হেক্টৰত ২০ কিলোগ্ৰাম অতিৰিক্ত নাইট্ৰ’জেন প্ৰয়োগ কৰিব পাৰে। বহু খেতিয়কে লুপাৰৰ আক্ৰমণ ৰোধ কৰিবলৈ ডি ডি টি বা এনড্ৰিন ব্যৱহাৰ কৰে। এয়া অনুচিত, কাৰণ ডি ডি টি বা এনড্ৰিন দুয়ো নিষিদ্ধ দ্ৰব্য। তাৰ অবৈধ ব্যৱহাৰে আমাৰ খেতিয়ক বন্ধুসকলৰ বাবে অনাকাংক্ষিত বিপদ মাতি আনিব পাৰে। বিজ্ঞানীসকলে কৰা এক পৰীক্ষা মতে, শিৱসাগৰ জিলাত লুপাৰৰ প্ৰথম আক্ৰমণ ১১ মাৰ্চৰপৰা ২২ এপ্ৰিল, দ্বিতীয় আক্ৰমণ ১৫ মে’ৰপৰা ২২ জুন, তৃতীয় আক্ৰমণ ১৩ জুলাইৰপৰা ১২ আগষ্ট আৰু চতুৰ্থ আক্ৰমণ ১ ছেপ্টেম্বৰৰপৰা ১০ অক্টোবৰলৈ দেখা যায়। ১৯০০ চনৰ প্ৰথম ভাগত লুপাৰ ডুৱাৰ্ছ আৰু কাছাৰত সক্ৰিয় আছিল। পিছলৈ ক্ৰমে উজনি অসমৰ যোৰহাট, গোলাঘাট আৰু শিৱসাগৰ জিলালৈ বিয়পি পৰে। কালক্ৰমত লুপাৰৰ আক্ৰমণে উত্তৰ পাৰৰ শোণিতপুৰ, দৰং আৰু লখিমপুৰ জিলাকো সাঙুৰি পেলায়।
লেখক: ভাস্কৰ পাঠক(দৈনিক অসম)
শেহতীয়া উন্নীতকৰণ: : 10/16/2023