অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

চাহ খেতিৰ শত্ৰু ৰঙা চাঁহি পোক:

চাহ খেতিৰ শত্ৰু ৰঙা চাঁহি পোক:

 

হেল’পেলটিছ পোকৰ পিছতে অসমৰ চাহ খেতিত সবাতোকৈ ব্যাপক ৰূপত দেখা দিয়া অৰ্থনৈতিকভাৱে অনিষ্টকাৰী পোকবিধ হ’ল ৰঙা চাঁহি, যাক সচৰাচৰ ৰেড স্পাইডাৰ নামেৰেও জনা যায়। এই পোকবিধৰ বৈজ্ঞানিক নাম হ’ল ওলিগোনাইকাচ কফি(নিয়েটনাৰ)।

ৰঙা চাঁহি পোকে প্ৰথমতে পূৰঠ চাহ পাতৰ ওপৰফালে আক্ৰমণ কৰে-

 

পিছলৈ কুমলীয়া পাতবোৰো আক্ৰান্ত হয়। পাতবোৰৰ ওপৰভাগৰপৰা ক্ৰমান্বয়ে পোকবোৰ তললৈ গৈ থাকে। পোকবোৰে পাতৰ ৰসবোৰ শুহি খায় বাবে শুকান হৈ পৰে। আক্ৰান্ত ক্ষত স্থানবোৰে ৰঙা ৰঙৰ ৰূপ লয়। ক্ৰমাৎ মুগা ৰং হৈ পাতবোৰ শুকাই গছৰপৰা পৰি যায়। ফলত গছৰ চেহেৰা বেমাৰী আৰু দুৰ্বল হৈ পৰে। পুলি চাহ গছবোৰৰ ক্ষতি বেছি হয়।

মাইকী ৰঙা চাঁহি পোকে সাধাৰণতে প্ৰতিদিনে চাৰিৰপৰা ছটালৈ কণী পাৰে। ২০ ডিগ্ৰী ছেন্টিগ্ৰেড উষ্ণতাত সৰ্বাধিক কণী পাৰিব পৰা ক্ষমতা থাকে ১৩৯টা আৰু ৩২° ছেন্টিগ্ৰেডত এই সংখ্যা হৈ পৰে ২১টা। কণীবোৰৰ আকৃতি গোলাকাৰ হয় আৰু ৰঙচুৱা ৰঙৰ হয়। ৩২ ডিগ্ৰী ছেন্টিগ্ৰেড উষ্ণতাত এটা কণীৰপৰা পোক হ’বলৈ সময় লাগে ৩ ১/২ দিনৰপৰা ৪ ১/২ দিন। গৱেষণাগাৰত এজনী মাইকী পোকৰ আয়ুস ২৯ দিন। ৰঙা চাঁহি পোকৰ প্ৰজনন ক্ষমতা বছৰৰ সকলো সময়মতে থাকে।

কমল কৰা গছবোৰত ৰঙা চাঁহিৰ আৱিৰ্ভাৱ হয় মাৰ্চ মাহত। আনহাতে, কলম নকৰা গছবোৰত বছৰৰ প্ৰথমৰপৰাই ৰঙা চাঁহি পোক প্ৰত্যক্ষ কৰা যায়। মাৰ্চ-এপ্ৰিল মাহত উষ্ণতা বৃদ্ধি পোৱাৰ লগে লগে পোকৰ সংখ্যাও বাঢ়িবলৈ লয়। সৰ্বাধিক ক্ষতি কৰাৰ সময় হ’ল মে’ আৰু জুন মাহ। বাৰিষা অহাৰ পিছত ৰঙা চাঁহিৰ উপদ্ৰৱ ক্ৰমাৎ হ্ৰাস পাবলৈ ধৰে। ছেপ্টেম্বৰ-অক্টোবৰ মাহত পুনৰ আৱিৰ্ভাৱ ঘটে ৰঙা চাঁহি পোকৰ।

পোকবোৰ অতি ক্ষুদ্ৰ আকৃতিৰ হোৱা বাবে শ্ৰমিকৰ গাৰ কাপোৰ বা পাত ছিঙা বাঁহৰ টুকুৰিৰদ্বাৰা ইঠাইৰপৰা আন ঠাইলৈ সংক্ৰমিত হ’ব পাৰে। স্বাস্থ্যৱান গছত ৰঙা চাঁহিয়ে সতকাই আক্ৰমণ কৰিব নোৱাৰে। ছাঁ পৰা গছৰ সংখ্যা অধিক হোৱা স্থানতো ৰঙা চাঁহি কম হয়। খৰাং বতৰ পোকবিধৰ বাবে উপযোগী আৰু গছক বেছিকৈ ক্ষতি কৰিব পাৰে। কলম কৰা গছত বুঢ়া পাতবোৰ গুচাই দিলে ৰেড স্পাইডাৰৰপৰা ৰক্ষা পাব পাৰি। টিভি-১ আৰু টিভি-১৭ জাতৰ চাহ গছবোৰ ৰঙা চাঁহিৰ বৰ প্ৰিয়। ৰাস্তাৰ কাষৰ গছবোৰত ধূলি পৰে বাবে এই গছবোৰত পোক বেছিকৈ দেখা যায়। বছৰৰ প্ৰথম ভাগত খেতিডৰাত গজিবলৈ ধৰা অপতৃণবোৰ নিৰাই দিয়া বৰ প্ৰয়োজন। নাইট্ৰোজেন জাতীয় সাৰ, যেনে- ইউৰিয়া প্ৰয়োগে ৰঙা চাঁহিক কিছু পৰিমাণে নিয়ন্ত্ৰণ কৰাত সহায় কৰে। ৰঙা চাঁহিৰপৰা ৰক্ষা পাবলৈ খেতিয়কসকলেয় তলত দিয়া পদ্ধতিবোৰ প্ৰয়োগ কৰিব পাৰে-

  • যথেষ্ট পৰিমাণে ছাঁ দিয়া গছ ৰোপণ কৰিব লাগে।
  • অপতৃণবোৰ ধ্বংস কৰিব লাগে।
  • নলাবোৰ সুচল কৰি ৰাখিব লাগে।
  • চাহ গছবোৰৰ স্বাস্থ্য ভালে ৰখা অতি প্ৰয়োজন।
  • কলম কৰা গছবোৰৰ সৰু সৰু ডালবোৰ গুচাব লাগে।
  • পাত ছিঙা কাম প্ৰথমতে ৰঙা চাঁহি আক্ৰান্ত নোহোৱা স্থানবোৰত কৰা যুগুত।

ৰঙা চাঁহি নিয়ন্ত্ৰণৰ বাবে অনুমোদিত কীটনাশক দ্ৰব্যসমূহ হৈছে এনেধৰণৰ-

 

কীটনাশক

প্ৰতি ৩ বিঘাত প্ৰয়োগ কৰিব লগা পৰিমাণ

ফেনপাইৰোক্সিমেট ৫ ই চি

১০০ মিলিলিটাৰ

হেক্সিথায়োজক্স ৫.৪৫ শতাংশ ই চি

৮০ মিলিলিটাৰ

স্পাইৰোমেচিফেন ২২.৯ শতাংশ এছ চি

১০০ মিলিলিটাৰ

ফেনাজোকুইন ১০ ই চি

৫০০ মিলিলিটাৰ

ফেনপ্ৰপাথিন ৩০ ই চি

২৫০ মিলিলিটাৰ

ছালফাৰ ৮০ ডব্লিউ জি

১০০০ গ্ৰাম

ডাইকোফ’ল ১৮.৫ ই চি

৫০০ মিলিলিটাৰ

নিম জাতীয় দ্ৰব্য ৫ শতাংশ ডব্লিউ/ডব্লিউ

১৩৫ মিলিলিটাৰ

 

তীব্ৰ ৰ’দ আৰু ভৰ দুপৰীয়া ছালফাৰ স্প্ৰে কৰা অনুচিত। পাতৰ দুয়োপিনে সম্পূৰ্ণ ভিজাই স্প্ৰে কৰা দৰকাৰ। সাধাৰণতে দেখা যায়, খেতিয়কসকলে কীটনাশকৰ সৈতে ফলিয়াৰ মিহলাই স্প্ৰে কৰে। এই অভ্যাস পৰিহাৰ কৰিব লাগে। কাৰণ দুয়োবিধৰ মিশ্ৰণে ১০০ শতাংশ ফল নিদিয়ে। মুঠৰ ওপৰত নিয়মিত পৰ্যবেক্ষণ অতি প্ৰয়োজন, তেহে ৰঙা চাঁহিৰপৰা নিস্তাৰ পাব পাৰি।

লেখক: ভাস্কৰ পাঠক(দৈনিক অসম)

শেহতীয়া উন্নীতকৰণ: : 3/14/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate