অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

চাহ গছত সাৰ প্ৰয়োগ আৰু মাটিৰ উৰ্ব্বৰতাৰ ব্যৱস্থাপনা

চাহ খেতি এবিধ বহু বৰ্ষীয় খেতি৷ চাহ গছে ইয়াৰ শ্ৰী বৃদ্ধিৰ বাবে মাটিৰ পৰা অবিৰত ভাৱে আৱশ্যকীয় মৌলিক উপাদান সমুহ আহৰণ কৰে যাৰ ফলত মাটিৰ উৰ্ব্বৰতা শক্তি (Fertility) লাহে লাহে কমি আহে ৷ মাটিৰ উৰ্ব্বৰতা সঠিক পৰিমানত ৰাখিবলৈ (Balanced) চাহ খেতিত সাৰ প্ৰয়োগ কৰা হয়৷ কিন্তু দেখা গৈছে চাহখেতিত সাৰ প্ৰয়োগ কৰোতে ক্ষুদ্ৰ চাহ খেতিয়ক সকলে কিছুমান আসোঁৱাহপূৰ্ণ পদ্ধতি অৱলম্বন কৰাৰ ফলত মাটিৰ উৎপাদন ক্ষমতা (Productivity) ক্ৰমান্বয়ে কমি যায় আৰু তাৰ ফলত কেচাঁপাতৰ উৎপাদন (Production) হ্ৰাস পায়৷

গছৰ বৃদ্ধিৰ বাবে আৱশ্যকীয় ষোল্লবিধ মৌলিক উপাদানৰ ভিতৰত মূখ্য উপাদান (Major nutrient) কেইবিধ হ’ল নাইট্ৰ’জেন (N)ফচফৰাচ্ (P) আৰু পটাছ (K) ৷ এই তিনিবিধ উপাদান যুক্ত সাৰ সঠিক অনুপাতত মিহলাই নিৰ্দ্দিষ্ট সময়ৰ ব্যৱধানত প্ৰয়োগ কৰিব লাগে ৷ বহু বছৰ একেৰাহে অধিক উৎপাদনক্ষম সঁচ, বিশেষকৈ ‘কম্বোদ’ (Cambod) ক্ল’নৰ ব্যৱহাৰে মুখ্য উপাদান তিনিবিধৰ লগতে আন দুবিধ গৌণ উপাদান (Secondary nutrient) চালফাৰ (S) আৰু মেগনেচিয়াম (Mg) জিংক (Zn) বা বৰণ (B) যুক্ত সাৰ প্ৰয়োজন সাপেক্ষে চাহ গছত প্ৰয়োগ কৰিব লাগে ৷

চাহখেতিত সচৰাচৰ ব্যৱহাৰ হোৱা কিছুমান সাৰ আৰু ইয়াত থকা উপাদানৰ পৰিমান তলৰ তালিকাত দেখুওৱা হ’ল ৷

তালিকা নং ১ : বিভিন্ন প্ৰকাৰৰ সাৰ আৰু ইয়াত থকা উপাদান

সাৰৰ নাম

উপাদানৰ পৰিমান (%)

ইউৰীয়া
এম’নিয়াম চালফেট্ নাইট্ৰেট্
এম’নিয়াম ফচফেট্
ডি এ পি (D A P)
ৰ’ক ফচফেট্ (RP) 
ডাই কেলচিয়াম ফচফেট্ (DCP) 
মিউৰেট অৱ পটাছ (MOP) 
চালফেট অৱ পটাছ (SOp)
জিংক চালফেট্
জিংক চিলেট
মেগনেচিয়াম চালফেট্
ব’ৰাক্স
বৰিক এচিড
মলিবিডিক এচিড
জিপচাম
আইৰণ পাইৰাইট
চালফেক্স

নাইট্ৰ’জেন-৪৬
নাইট্ৰ’জেন-২৬; চালফাৰ-১৫
নাইট্ৰ’জেন-২০; ফচফেট-২০
নাইট্ৰ’জেন-১৮; ফচফেট-৪৬
ফচফেট-২০-২৪
ফচফেট-৪২
পটাচ-৬০
পটাচ-৫০
জিংক-২৩-৩৫, S-১১-১৮
জিংক-৯-১৪
মেগনেচিয়াম-৯.৮৮, চালফাৰ-১৩
বৰণ-১১.৪
বৰণ-১৭
মলিবেডনাম-৪০
চালফাৰ-১৮
চালফাৰ-২২-২৪
চালফাৰ-৮০

চাহগছত প্ৰয়োগ কৰিব লগীয়া উপাদান সমুহৰ পৰিমাণ জনা থাকিলে ইয়াৰ বাবে প্ৰয়োজনীয় বিভিন্ন সাৰৰ পৰিমান তলত দিয়া ৰূপান্তৰ তালিকা খনৰ পৰা নিৰ্ণয় কৰিব পাৰি৷

তালিকা নং-২ : গছৰ বাবে প্ৰয়োজন হোৱা মূখ্য উপাদানসমুহ সাৰলৈ ৰূপান্তৰ

উপাদান

কোনবিধ সাৰলৈ ৰূপান্তৰ কৰিব

পূৰণ কৰিব লগা সংখ্যা

নাইট্ৰজেন

 

ফচফৰাচ

 

পটাছ

এম’নিয়াম চালফেট (SOA)
ইউৰীয়া (Urea) 
ডি এ পি (DAP)

এচ এচ পি (SSP) 
ডি এ পি (DAP)
ৰ’ক ফচফেট (RP)

মিউৰেট অৱ পটাছ (MOP)
চালফেট অৱ পটাছ (SOP)

৪.৮৫৪
২.১৭৮
৫.৫৫৫

৬.২৫০
২.১৭০
৪.৫৪

১.৬৬৬
২.০০০

ধৰা হওঁক, আপোনাক প্ৰতি বিঘাত ২৪ কি: গ্ৰা: নাইট্ৰজেন, ৮ কি: গ্ৰা: ফচফৰাচ আৰু ২০ কি: গ্ৰা: পটাছ প্ৰয়োগ কৰিবলৈ কোৱা হৈছে ৷ যদি সেই সময়ত বজাৰত উপলদ্ধ সাৰ কেইবিধ ইউৰীয়া, এচ এচ পি (SSP) আৰু এম. অ. পি. (MOP) হয়, তেন্তে প্ৰয়োগ কৰিব লগীয়া সাৰৰ পৰিমাণ হ’ব

২৪ কি: গ্ৰা: নাইট্ৰজেন  X   ২.১৭৮       =   ৫২.২০০ কি: গ্ৰা: ইউৰীয়া

৮ কি: গ্ৰা: ফচফৰাচ   X   ৬.২৫০       =   ৫০.০০০ কি: গ্ৰা: এচ এচ পি

২০ কি: গ্ৰা: পটাছ     X   ১.৬৬৬      =   ৩৩.৪০০ কি: গ্ৰা: মিউৰেট অৱ পটাছ

 

যদি বজাৰত সেই সময়ত এচ. এচ. পি. নাথাকে তাৰ সলনি ফচফৰাচৰ বাবে আমি ডি. এ. পি. ব্যৱহাৰ কৰিব পাৰো ৷ তেনে ক্ষেত্ৰত ওপৰত উল্লেখ কৰা উপাদানবোৰৰ জোখত সাৰৰ পৰিমান হ’ব –

ইউৰীয়া           =          ৪৫.৪০০ কি: গ্ৰা:

ডি.এ.পি.          =          ১৭.৪০০ কি: গ্ৰা:

এম.অ’.পি.         =          ৩৩.৪০০ কি: গ্ৰা:

আকৌ যেতিয়া, সাৰৰ পৰিমান জনা থাকে তেতিয়া সেই সাৰত থকা উপাদান সমূহৰ পৰিমাণ জানিবলৈ তলত দিয়া তালিকাখন ব্যৱহাৰ কৰিব পাৰি ৷

তালিকা নং-৩ : বিভিন্ন প্ৰকাৰৰ সাৰ ইয়াত থকা উপাদানলৈ ৰূপান্তৰ

উপাদান

কোনবিধ সাৰলৈ ৰূপান্তৰ কৰিব

পূৰণ কৰিব লগা সংখ্যা

ইউৰীয়া
ডি.এ.পি. (DAP)

ৰ’ক ফচফেট (RP)
এচ.এচ.পি. (SSP)
এম.অ’.পি. (MOP)
এচ.অ’.পি. (SOP)

নাইট্ৰ’জেন (N)
নাইট্ৰ’জেন (N) 
ফচফৰাচ (P)
ফচফৰাচ (P)
ফচফৰাচ (P) 
পটাছ (K)
পটাছ (K)

০.৪৬
০.১৮
০.৪৬
০.২২
০.১৬
০.৬০
০.৫০

উদাহৰণ স্বৰূপে ৪৫ কি: গ্ৰা: ইউৰীয়াত নাইট্ৰ’জেন  (N) ৰ পৰিমাণ কিমান হ’ব জানিবলৈ ৪৫ কি: গ্ৰা: ক ০.৪৬ ৰে পূৰণ কৰিলে যিমান পোৱা যাব (৪৫ কি: গ্ৰা: X ০.৪৬ = ২০.৭০ কি: গ্ৰা: ) সিমান পৰিমাণৰ নাইট্ৰ’জেন আছে বুলি ঠিৰাং কৰিব পাৰি ৷ সেইদৰে ৪৫ কি: গ্ৰা: ডি.এ.পি. ত ৪৫ কি: গ্ৰা: X ০.১৮ = ৮.১ কি: গ্ৰা: নাইট্ৰ’জেন থাকিব ৷

চাহপুলি ৰোৱাৰ সময়ত সাৰ প্ৰয়োগ

চাহপুলি ৰোপন কৰোতে কেৱল ফচফৰাচ যুক্ত সাৰ অতি কম পৰিমানে আৰু লগতে প্ৰতিটো পুলিত ২-৩ কি: গ্ৰা: পচন সাৰ প্ৰয়োগ কৰিব লাগে ৷ এচ.এচ.পি. ৩০ গ্ৰাম আৰু ৰ’ক ফচফেট ৩০ গ্ৰাম, মুঠ ৬০ গ্ৰামৰ মিশ্ৰণ এটা তৈয়াৰ কৰি মিশ্ৰণটোৰ আধা ভাগ গাতঁটোৰ তলিত আৰু বাকী আধা মাটিৰ পৰা ৫ ছে: মি: তলত ভেঁটিৰ চাৰিওফালে গাঁতটোত প্ৰয়োগ কৰিব লাগে ৷ এই বিষয়ে “চাহপুলি ৰোৱাৰ বিজ্ঞান সন্মত পদ্ধতি” ত বিতংকৈ কোৱা হৈছে ৷

পুলি গছত (Young tea) সাৰ প্ৰয়োগ

চাহগছক অধিক পাত উৎপাদনৰ বাবে নাইট্ৰ’জেন (N), শিপা গঠনৰ বাবে ফচফৰাচ (P) আৰু ফে’ম গঠনৰ বাবে পটাছ (K) ৰ প্ৰয়োজন ৷ পুলি গছৰ গঠন প্ৰক্ৰিয়াৰ সময়ত (Formative stage) এক বৈজ্ঞানিক পদ্ধতিৰে নিৰূপণ কৰা জৈৱিক মিশ্ৰণ অৰ্থাৎ YTD মিশ্ৰ সাৰ প্ৰয়োগ কৰিব লাগে ৷
পুলি গছত YTD মিশ্ৰসাৰ প্ৰয়োগ কৰাৰ সময়ত তলত উল্লেখ কৰা কথা কেইটাৰ ওপৰত গুৰুত্ব দিয়া হয় ৷

  • গা-গছৰ বৃদ্ধিৰ বাবে প্ৰয়োজন হোৱা পুষ্টিৰ যোগান ধৰিবলৈ শিপাৰ দ্ৰুত বৃদ্ধি ৷
  • বহু বছৰলৈ গছ জোপাৰ পৰা অধিক উৎপাদন পোৱাৰ লক্ষ্যৰে স্হায়ী ফ্ৰেম (Permanent frame) গঠন ৷
  • পটাছৰ অভাৱৰ বাবে পুলি গছৰ স্হায়ী ফ্ৰে’ম গঠনত যাতে ব্যাঘাত নজন্মে ৷
  • গছৰ ফ্ৰে’ম গঠনৰ সময়তো যাতে কেচাঁপাত প্ৰচুৰ পৰিমাণে উৎপাদন হয় তাৰ ব্যৱস্হা কৰা ৷

YTD মিশ্ৰসাৰ প্ৰস্তুতকৰণ

YTD মিশ্ৰসাৰ সাধাৰণতে ১০: ৫: ১০ আৰু ১০: ৫: ১৫ অনুপাতত প্ৰয়োগ কৰা হয় ৷ ১০০ কি: গ্ৰা: YTD মিশ্ৰসাৰত ১০ কি: গ্ৰা: নাইট্ৰ’জেন (N), ৫ কি: গ্ৰা: ফচফৰাচ (P) আৰু ১০ বা ১৫ কি: গ্ৰা: পটাছ থাকে ৷

তালিকা নং ৪ : ১০০ কি: গ্ৰা: YTD মিশ্ৰসাৰ তৈয়াৰ কৰিবলৈ প্ৰয়োজন হোৱা বিভিন্ন সাৰৰ পৰিমাণ (কি: গ্ৰা: )

সাৰৰ নাম

১০  : ৫ : ১০ YTD মিশ্ৰসাৰ

১০ : ৫ : ১৫ YTD মিশ্ৰসাৰ

মাটিত পটাছৰ পৰিমাণ ১০০ পি.পি এমতকৈ বেছি হ’লে

মাটিত পটাছৰ পৰিমাণ ১০০ পি.পি এমতকৈ কম হ’লে

SSP যুক্ত

DAP যুক্ত

SSP যুক্ত

DAP যুক্ত

ইউৰীয়া

এচ.এচ.পি.

ডি.এ.পি.

এম.অ’.পি.

বালি বা ডল’মাইট

২২

৩১

-

১৭

৩০

১৮

-

১১

১৭

৫৪

২২

৩১

-

২৫

২২

১৮

-

১১

২৫

৪৬

মুঠ

১০০

১০০

১০০

১০০

যদি মাটি পৰীক্ষা কৰা নাই, তেতিয়া ১০: ৫: ১৫ অনুপাতত YTD মিশ্ৰসাৰ প্ৰয়োগ কৰিব৷ এনেদৰে ব্যৱহাৰ কৰিলে পটাছৰ অভাৱৰ বাবে পুলিগছৰ স্হায়ী ফ্ৰেম গঠনত ব্যাঘাত নজন্মে ৷

YTD মিশ্ৰসাৰ প্ৰস্তুত কৰোতে সকলোতকৈ শেষত এচ.এচ.পি. বা ডি.এ.পি. সাৰখিনি মিশ্ৰণটোৰ লগত মিহলাব লাগে ৷ অন্যথা মিশ্ৰণটো লালীগুৰৰ নিচিনাকৈ গোট মাৰিব ৷

সাৰ প্ৰয়োগৰ পৰিমাণ

তলৰ তালিকাত (তালিকা নং-৬) পুলি গছত YTD মিশ্ৰসাৰৰ পৰিমান আৰু প্ৰয়োগ পদ্ধতি উল্লেখ কৰা হ’ল (মাটি পৰীক্ষা নকৰিলে)৷

তালিকা নং-৬ : পুলি গছত সাৰ প্ৰয়োগৰ পৰিমান আৰু প্ৰয়োগ পদ্ধতি

পুলিৰ বয়স (বছৰ)

YTD মিশ্ৰসাৰৰ পৰিমাণ (প্ৰতিজোপাত প্ৰতিবাৰত)(গ্ৰা: )

প্ৰয়োগৰ সংখ্যা

প্ৰয়োগৰ ব্যৱধান (সপ্তাহ)

প্ৰতিবিঘাতঁ
প্ৰতিবাৰত (কি: গ্ৰা: )

বছৰটোতYTDমিশ্ৰসাৰৰ মুঠ পৰিমাণ (কি: গ্ৰা: )

প্ৰয়োগৰ পদ্ধতি

+১

+২

+৩

+৪

+৫

১০

১৫

২০

৩০

-

-

২ বাৰ

৪ বাৰ

৪ বাৰ

৩ বাৰ

৩ বাৰ

৩ বাৰ

১০

১০

১০

২১.০০

৩১.৫০

৪২.০০

৬৩.০০

৭০.০০

৭৩.০০

৪২.০০

১২৬.০০

১৬৮.০০

১৮৯.০০

২১০.০০

২২০.০০

ঘূৰণীয়া বা ৰিং পদ্ধতি

ছটিয়াই দিয়া(Broadcasting)

সাৰ প্ৰয়োগৰ সময়

  • সাধাৰণতে মাৰ্চ-এপিল মাহত যেতিয়া দুই এজাক বৰষুণে মাটি ডৰা জীপাল কৰি তোলে তেতিয়া YTD মিশ্ৰসাৰৰ প্ৰথম ভাগ (First split)প্ৰয়োগ কৰিব লাগে ৷
  • ডবা-পিতা বৰষুণ, প্ৰখৰ ৰ’দ বা বন-বাত নিৰণি নকৰা মাটিত সাৰ প্ৰয়োগ কৰিব নালাগে ৷
  • আনপ্ৰুণ গছত নতুনকৈ পাত ওলোৱাৰ সময়ত আৰু কলম কৰা গছত ২-৩ খিলা নতুন পাত ওলোৱা অৱস্হাতহে সাৰ প্ৰয়োগ কৰিব লাগে ৷

পুলি গছত সাৰ প্ৰয়োগ কৰিবৰ সময়ত তলৰ কথা কেইটা মন কৰিব

  • পুলি গছৰ শিপা গঠন এটা অবিৰত প্ৰক্ৰিয়া আৰু পৈণত গছৰ তুলনাত পুলি গছত  শিপাৰ পৰিমাণ কম, সেয়ে YTD মিশ্ৰসাৰ এবাৰতে প্ৰয়োগ নকৰি নিৰ্দ্দিষ্ট সময়ৰ ব্যৱধানত কম পৰিমাণে প্ৰয়োগ কৰিব লাগে ৷
  • পুলি গছৰ শিপাৰ অৱস্হানতহে YTD মিশ্ৰসাৰ প্ৰয়োগ কৰিব লাগে ৷
  • পুলি গছৰ বয়স বৃদ্ধিৰ লগে লগে YTD মিশ্ৰসাৰ প্ৰয়োগৰ পৰিমানো (Dose) বঢ়াই যাব লাগে ৷
  • গা-গছৰ গুৰিত লগাকৈ (Collar region) কেতিয়াও সাৰ প্ৰয়োগ কৰিব নালাগে ৷ গছৰ সংস্পৰ্শলৈ আহিলে সাৰে গছৰ বাকলি নষ্ট কৰে আৰু গছজোপা মাৰি পেলোৱাৰ সম্ভাৱনা থাকে ৷
  • ০, +১, +২ আৰু +৩ বছৰীয়া পুলিত গছৰ গুৰিৰ চাৰিওফালে ঘূৰণীয়া বা ৰিং পদ্ধতিত (Ring method) আৰু +৪ আৰু +৫ বছৰীয়া পুলিত ছটিয়াই (Broadcasting) মিশ্ৰসাৰ প্ৰয়োগ কৰিব লাগে ৷
  • চাহ গছৰ ওপৰিভাগে আহল বহলকৈ যিমান অংশ আৱৰি থাকে গছৰ শিপায়ো প্ৰায় সিমান অংশ মাটিৰ তলত আৱৰি থাকে ৷ গতিকে চাহ গছৰ ওপৰিভাগৰ গঠনৰ পৰা শিপাৰ বিস্তাৰ নিৰ্ণয় কৰিব পাৰি ৷
  • গছৰ গুৰিৰ পৰা ওপৰিভাগ ঘেৰৰ এক তৃতীয়াংশ ঠাই বাদ দি বাকী থকা দুই তৃতীয়াংশ ঠাইত সাৰ প্ৰয়োগ কৰিব লাগে ৷
  • গছৰ গুৰিটোৰ চাৰিওফালে ভালদৰে চাফ চিকুন কৰি চেপেটা আৰু অলপ জোঙা মাৰি এডালেৰে সাৰ প্ৰয়োগ কৰিব লগা অঞ্চলৰ মাটিখিনি পাতলীয়াকৈ খুচৰি দিব লাগে ৷ তাৰ পাচত উপযুক্ত পৰিমাণত YTD মিশ্ৰসাৰ ৰিং পদ্ধতিত প্ৰয়োগ কৰি আতঁৰাই ৰখা শুকান বন-বাত, জাবৰ ইত্যাদি দি সাৰ প্ৰয়োগ কৰা ঠাই খিনি ঢাকি দিব লাগে ৷

উদাহৰণ স্বৰূপে এজোপা গছৰ ওপৰিভাগৰ ব্যাস (দ) যদি ৬০ ছে: মি: হয়, ইয়াৰ এক তৃতীয়াংশ হব ২০ ছে: মি: ৷
এই ২০ ছে: মি: ব্যাসৰ ৰিং এটা গছৰ গুৰিৰ পৰা বাদ দিব লাগে, অৰ্থাৎ গা-গছৰ গুৰিৰ পৰা চাৰিওফালে ১০ ছে: মি: ব্যাসাৰ্দ্ধৰ ৰিং এটাত সাৰ দিব নালাগে ৷
বাকী থকা ৪০ ছে: মি: ব্যাসৰ লগত অতিৰিক্ত ১০ ছে: মি: বৃত্তটোৰ বাহিৰত যোগ দি যিমান ঠাই পোৱা যাব তাতহে সাৰ প্ৰয়োগ কৰিব লাগে ৷

পৈণত গছত (Mature tea) সাৰ প্ৰয়োগ

  • পৈণত গছত কেচাঁপাত উৎপাদন ক্ষমতাৰ ওপৰত ভিত্তি কৰি সাৰ (NPK) প্ৰয়োগ কৰা হয় (তালিকা নং-৮) ৷
  • পৈণত গছত সাধাৰণতে ছটিয়াই (Broadcasting) সাৰ প্ৰয়োগ কৰিব লাগে ৷
  • সাৰ প্ৰয়োগ কৰোতে নাইট্ৰ’জেন আৰু পটাছ যুক্ত সাৰ দুবিধ ২ বা ৩ ভাগত ভাগ কৰি প্ৰয়োগ কৰিব পাৰি (তালিকা নং-৭) ৷ এনেদৰে সাৰ প্ৰয়োগ কৰিলে প্ৰয়োগ কৰা নাইট্ৰ’জেন জাতীয় সাৰৰ ব্যৱহাৰৰ ক্ষমতা বৃদ্ধি পায়৷
  • ফচফৰাচ যুক্ত সাৰৰ সম্পূৰ্ণ পৰিমানে একেবাৰতে বছৰটোৰ প্ৰথমবাৰ সাৰ দিয়াৰ সময়ত প্ৰয়োগ কৰিব লাগে ৷
  • তালিকা নং ৭ : সাৰৰ মিশ্ৰণৰ হাৰ

    সাৰৰ নাম

    বছৰত দুবাৰ সাৰ প্ৰয়োগ কৰিলে

    বছৰত তিনিবাৰ সাৰ প্ৰয়োগ কৰিলে

    প্ৰথম বাৰ

    দ্বিতীয় বাৰ

    প্ৰথম বাৰ

    দ্বিতীয় বাৰ

    তৃতীয় বাৰ

    ইউৰীয়া

    এচ এচ পি

    এম অ’ পি

    ৬০%

    ১০০ %

    ৬০ %

    ৪০ %

    -

    ৪০ %

    ৪০ %

    ১০০ %

    ৪০ %

    ৪০ % বা ৩০ %
    -

    ৪০ % বা ৩০ %

    ২০ % বা ৩০ %
    -

    ২০ % বা ৩০ %

    তালিকা নং-৮ : পৈণত গছত সাৰ প্ৰয়োগৰ পৰিমাণ আৰু সময় (প্ৰতি বছৰ প্ৰতি বিঘা)

    এটা কলম চক্ৰত কেঁচাপাতৰ গড় উৎপাদন (কি: গ্ৰা: প্ৰতি বিঘাত)

    ইউৰীয়া (কি: গ্ৰা: )

    এচ এচ পি (কি: গ্ৰা: )

    ৰ’ক ফচফেটঁ (কি: গ্ৰা: )

    মাটিত থকা পটাছৰ ওপৰত ভিত্তি কৰি প্ৰয়োগ কৰিব লগা  এম অ’ পিৰ পৰিমাণ (কি: গ্ৰা: )

    সাৰ প্ৰয়োগৰ সময়

    ৬০ পি পি এমতকৈ কম হ’লে

    ৬০-১০০ ৰ ভিতৰত হ’লে

    ১০০ পি পি এমতকৈ বেছি হ’লে

    ৯০০ তকৈ কম

    ৯০০-১২০০

    ১২১০-১৫০০

    ১৫০১-১৮০০

    ১৮০১-২১০০

    ২১০১-২৫০০

    ২৫০০ ৰ ওপৰত

    ২৫

    ২৬-৩২

    ৩৩-৪০

    ৪১-৪৭

    ৪৮-৫৫

    ৫৬-৬০

    ৬১-৬৫

    ১৬

    ১৭-২৫

    ২৬-৪০

    ৪১-৪২

    ৪৩-৫০

    ৫১-৫৩

    ৫৪-৫৭

    ১০

    ১১-১৭

    ১৮-২৭

    ২৮-২৯

    ৩০-৩৩

    ৩৪-৩৫

    ৩৬-৩৮

    ১৯

    ২০-২৩

    ২৪-৩১

    ৩২-৩৭

    ৩৮-৪১

    ৪২-৪৬

    ৪৭-৫০

    ১৪

    ১৫-১৭

    ১৮-২৭

    ২৮-৩২

    ৩৩-৩৮

    ৩৯-৪২

    ৪৩-৪৬

    ১০

    ১১=১৪

    ১৫=২২

    ২৩=২৭

    ২৮=৩১

    ৩২=৩৭

    ৩৮=৪২

    মাৰ্চ-এপ্ৰিল/চেপ্তেম্বৰ

    মাৰ্চ-এপ্ৰিল/জুন/চেপ্তেম্বৰ

বজাৰত এচ এচ পি নাথাকিলে ৰ’ক ফচফেট প্ৰয়োগ কৰিব
চাহ গছত সাৰ প্ৰয়োগ কৰোতে তলৰ কথা কেইটা মন কৰিব
    • পকী বা কেঁচা মজিয়াত সাৰ দমাই ৰাখিব নালাগে ৷ সাৰ ঘৰত (Manure godown) বাহঁৰ চাং সাজি তাৰ ওপৰতহে মজুত ৰখাৰ ব্যৱস্হা কৰিব লাগে ৷
    • গোটেই বছৰটোত প্ৰয়োজন হোৱা সাৰ একেলগে কিনি নানি প্ৰতিবাৰতে (Split) প্ৰয়োগ হোৱা মুঠ সাৰ, সাৰ প্ৰয়োগৰ আগে আগে কিনিলে সাৰৰ লোকচান কম হয় আৰু বাকী থকা সাৰ কিনিবলগীয়া টকা খিনি সেই মূহুৰ্ত্তত প্ৰয়োজন সাপেক্ষে বাগিছাৰ অন্য দৰকাৰী কামত খৰছ কৰিব পাৰি ৷
    • সাৰ কিনোতে সদায় অনুমোদিত সাৰ বিক্ৰেতাৰ (Authorised dealer) পৰাহে সাৰ কিনিব ৷
    • ক্ষুদ্ৰ চাহ খেতিয়ক  সকলে নিজা ববীয়াকৈ সাৰ নিকিনি গোট হিচাপে বা সমূহীয়াভাৱে সাৰ কিনি প্ৰত্যেক সাৰৰ এটাকৈ নমুনা (sample) লৈ পৰীক্ষাগাৰত পৰীক্ষা (sample test) কৰাই ললে ভেঁজাল সাৰ ব্যৱহাৰৰ পৰা হাত সাৰিব পাৰি ৷
    • YTD বা NPK মিশ্ৰসাৰ প্ৰস্তুত কৰোতে সদায় কাঠৰ বা প্লাষ্টিকৰ সজুঁলিহে ব্যৱহাৰ কৰিব লাগে ৷
    • ক্ষুদ্ৰ চাহ খেতিয়ক সকলে নিজাববীয়াকৈ এখন তুলাচনী বা পাল্লা (Weighing balance) কিনি ৰখা অত্যন্ত জৰুৰী ৷ কাৰণ অনুমোদিত পৰিমানত সাৰ প্ৰয়োগ নকৰি অনুমানত বস্তা হিচাপত সাৰ মিহলি কৰি প্ৰয়োগ কৰিলে সাৰ লোকচান হোৱাৰ লগতে মাটিৰ উৰ্বৰতা তথা চাহ গছৰ উৎপাদন ক্ষমতা হ্ৰাস পায় ৷
    • প্ৰতিডৰা চাহ বাগিছাত কেতিয়া, কিমান পৰিমানত আৰু কেইবাৰ সাৰ প্ৰয়োগ কৰিলে তাৰ হিচাপ সাৰ প্ৰয়োগ কৰাৰ পিছতে পথাৰ পুস্তিকা(Field book) ত লিখি যাব লাগে ৷

    চাহ গছৰ বাবে প্ৰয়োজন হোৱা উপাদান সমুহৰ প্ৰয়োগ

    • চাহ গছত গৌণ উপাদান মেগনেচিয়ামৰ (Mg) অভাৱ হ’লে সালোক সংশ্লেষণত (Photo synthesis) বাধা আহি পৰে ৷ খৰাং বতৰত গছৰ তলৰ ফালৰ পৰা পাতবোৰ সৰি যায় ৷ তেনে অৱস্হাৰ সন্মুখীন হ’লে ২ কি: গ্ৰা: মেগনেচিয়াম  চালফেট্ ১০০ লি: পানীত মিহলাই অক্টোবৰৰ পৰা মাৰ্চ মাহলৈকে স্প্ৰেয়িং কৰিব লাগে৷
    • গছত চালফাৰ (S) ৰ অভাৱ হ’লে পাতৰ আকাৰ সৰু হয় আৰু কুমলীয়া পাতবোৰৰ বৰণ পাতল সেউজীয়াৰ পৰা হালধীয়া হয় ৷ চালফাৰৰ অভাৱ দূৰ কৰিবলৈ প্ৰতি বিঘাত চালফেক্স (Elemental sulpher) ৩.৫০ কি: গ্ৰা: বা এলুমিনিয়াম চালফেট ১১.০০ কি: গ্ৰা: বা জিপচাম ১৫.০০ কি: গ্ৰা: মাৰ্চ-এপ্ৰিল মাহত (spring season) NPK মিশ্ৰসাৰৰ লগত মিহলাই ছটিয়াব লাগে ৷ মনত ৰাখিবলগীয়া কথা হ’ল যে চালফাৰযুক্ত সাৰ সহজে পানী জমা হ’ব পৰা মাটিত প্ৰয়োগ কৰিলে হাইড্ৰজেন চালফাইড্ নামৰ দ্ৰব্য প্ৰস্তুত হৈ চাহ গছৰ ক্ষতি কৰিব পাৰে ৷

    পাতত সাৰ প্ৰয়োগ বা ফলিয়াৰ স্প্ৰেয়িং (Foliar spraying)

    ফলিয়াৰ স্প্ৰেয়িঙৰ যোগেদি গছৰ আৱশ্যকীয় মুখ্য আৰু গৌণ উপাদান সমুহ পৰিস্হিতি সাপেক্ষে পৰিপূৰক খাদ্য (supplementary dose)ৰূপে যোগান ধৰা হয় ৷ ফলিয়াৰ স্প্ৰেয়িঙৰ যোগেদি গছে এই উপাদান সমুহ গ্ৰহণ কৰাতো নিৰ্ভৰ কৰে চাহ গছৰ সঁচ, প্ৰয়োগ কৰিব লগীয়া সাৰৰ প্ৰকাৰ (form) গাঢ়তা (concentration), প্ৰয়োগৰ সংখ্যা (frequency) আৰু গছৰ বৃদ্ধিৰ ওপৰত ৷

    ফলিয়াৰ স্প্ৰেয়িঙৰ বাবে তলৰ কথা কেইটা মন কৰিব

    তলত উল্লেখ কৰাৰ সময় আৰু পৰিস্হিতি সাপেক্ষেহে (ক, খ, গ, ঘ আৰু ঙ) ফলিয়াৰ স্প্ৰেয়িং কৰিব লাগে ৷

    (ক) কিছুমান জটিল পৰিস্হিতত (Stress condition, eg. Water logging, drought) গছৰ স্বাস্হ্য অটুট ৰাখিবলৈ তলত দিয়াৰ ধৰণে ফলিয়াৰ স্প্ৰেয়িং কৰিব লাগে –

    সাৰৰ নাম

    পৰিমাণ (কি: গ্ৰা: )

    ইউৰীয়া

    ৩.৭

    ডি. এ. পি.

    ২.০

    M. O. P.

    ৪.৬

    জিংক চালফেট

    ১.২

    মেগনেচিয়াম চালফেট্

    ০.৫

    মুঠ-

    ১২.০০কি: গ্ৰা:

    উপৰোক্ত মিশ্ৰণটো তৈয়াৰ কৰি তাৰ ২-৩ কি: গ্ৰা: , ২০০ লি: পানীত মিহলাই পাত তোলাৰ তৃতীয় দিনৰ পাছত ২১ দিনৰ ব্যৱধানত স্প্ৰে’ কৰিব লাগে ৷ একেলেথাৰিয়ে কমেও তিনিবাৰ স্প্ৰেয়িং কৰিব লাগে ৷

    (খ) অত্যন্ত খৰাং বতৰত ২০০ লিটাৰ পানীত ২ কি: গ্ৰা: এম. অ’. পি. (MOP) মিহলাই স্প্ৰেয়িং কৰিব লাগে ৷

    (গ) আনপ্ৰুণ গছত জানুৱাৰী-মাৰ্চ মাহলৈকে এমাহত এবাৰকৈ ২০০ লিটাৰ পানীত ১ কি: গ্ৰা: মেগনেচিয়াম চালফেট মিহলাই স্প্ৰেয়িং কৰিব লাগে ৷

    (ঘ) চেপ্তেম্বৰ, অক্টোবৰ, নবেম্বৰ, এপ্ৰিল আৰু মে’ মাহত প্ৰতিমাহে এবাৰকৈ ২০০ লিটাৰ পানীত জিংক চালফেট ১ কি: গ্ৰা: আৰু ইউৰীয়া ২ কি: গ্ৰা: মিহলাই চাহ গছত স্প্ৰেয়িং কৰিব পাৰি ৷

    (ঙ) নাৰ্চাৰী পুলিত : পুলিবোৰ যেতিয়া ৬-৮ খিলা পাত ওলায়, এপ্ৰিল-মে’ আৰু আগষ্ট-নবেম্বৰ মাহত প্ৰতিমাহে এবাৰকৈ ৰাতিপুৱা সোনকালে তলত উল্লেখ কৰা সাৰ কেইবিধ ২০০ লিটাৰ পানীত মিহলাই স্প্ৰেয়িং কৰিব লাগে –

    সাৰৰ নাম

    পৰিমাণ (কি: গ্ৰা: )

    ইউৰীয়া

    ২০০ গ্ৰা:

    ডি.এ.পি.

    ১০০ গ্ৰা:

    M.O.P.

    ২০০ গ্ৰা:

    জিংক চালফেট

    ১০০ গ্ৰা:

    বৰিক এচিড

    ৫০ গ্ৰা:

    এলুমিনিয়াম মলিবডেট্

    ৫০ গ্ৰা:

    মেগনেচিয়াম চালফেট্

    ৩০০ গ্ৰা:

    • ফলিয়াৰ স্প্ৰেয়িং কৰা পানী সদায় পৰিষ্কাৰ হব লাগে ৷
    • ফলিয়াৰ স্প্ৰেয়িং পৰা পক্ষত পাতৰ তল ফালেহে কৰিব লাগে ৷
    • ফলিয়াৰ স্প্ৰেয়িং ৰাতিপুৱা সোনকালে আৰু পাচবেলা বেলি লহিওৱাৰ সময়তহে কৰিব লাগে ৷ প্ৰখৰ ৰ’দত কেতিয়াও ফলিয়াৰ স্প্ৰেয়িং কৰিব নালাগে ৷
    • ড্ৰামত মিহলাব লগীয়া সাৰখিনি বঠা আকৃতিৰ এডাল মাৰিৰে পানীৰ সৈতে ভালদৰে মিহলাই ল’ব লাগে ৷
    • অনুমোদিত পৰিমাণতকৈ কম বা বেছি হাৰত সাৰ স্প্ৰে’ নকৰিব ৷

    মাটিৰ pH আৰু pH সংশোধন  (soil pH and correcting of pH)

    মাটিৰ pH হ’ল মাটিডৰাৰ আম্লিক (Acidic) আৰু খাৰুৱা গুণৰ (Alkalic)ৰ মাত্ৰা (degree) জোখা এটা একক (unit) ৷ মাটিত pH ৰ মাত্ৰা ৭ তকৈ বেছি হ’লে মাটিডৰা খাৰুৱা আৰু pH ৰ মাত্ৰা ৭ তকৈ কম হ’লে মাটিডৰাক আম্লিক বোলা হয় ৷

    • চাহ গছৰ স্বাভাৱিক শ্ৰী বৃদ্ধিৰ বাবে মাটিৰ pH ৰ মাত্ৰা ৪.৫-৫.৫ ৰ ভিতৰত থাকিব লাগে ৷
    • মাটিৰ উপৰোক্ত pH  মাত্ৰাৰ সামান্য তাৰতম্য ঘটিলে চাহ গছে মাটিৰ পৰা প্ৰয়োজনীয় খাদ্য সূচাৰুৰূপে গ্ৰহণ কৰাত ব্যাঘাত জন্মে ৷
    • মাটি পৰীক্ষা কৰি মাটিৰ pH ৰ মাত্ৰা নিৰ্দ্ধাৰণ কৰিব পাৰি ৷

    মাটিৰ pH ৰ সংশোধন-
    মাটিত pH ৰ মাত্ৰা ৪.৫ তকৈ কম হ’লে –

    • ফেব্ৰুৱাৰী-মাৰ্চ মাহত দুই এজাক বৰষুণ হোৱাৰ পাছত আৰু মাটি জীপাল হৈ থকা অৱস্হাত প্ৰতি বিঘাত ২.৬৭ কুইন্টল পৰিমাণত ড’ল’মাইট্ প্ৰয়োগ কৰি ফাং কোৰেৰে খুচৰি মাটিৰ লগত মিহলাই (Incorporate) দিব লাগে ৷

    মাটিত pH ৰ মাত্ৰা ৫.৬ তকৈ বেছি হ’লে –

    • ফেব্ৰুৱাৰী-মাৰ্চ মাহত দুই এজাক বৰষুণ হোৱাৰ পাছত আৰু মাটি জীপাল হৈ থকা অৱস্হাত আইৰণ পাইৰাইট্ বা এলুমিনিয়াম চালফেট্ প্ৰতি বিঘাত ২.৬৭ কুইন্টলকৈ প্ৰয়োগ কৰিব লাগে ৷
    • প্ৰয়োগ কৰাৰ ১৫ দিনৰ পাছত ফাং কোৰেৰে প্ৰায় ৭-১৫ ছে: মি: গভীৰতালৈ মাটিৰ লগত মিহলাই দিব লাগে ৷
    • মাটিৰ লগত মিহলোৱাৰ পাছতে জলসিঞ্চণৰ ব্যৱস্হা কৰিব পাৰিলে বেছি উপকৃত হ’ব পাৰি ৷

    চাহ খেতি কৰা মাটিত জৈৱিক পদাৰ্থ (Organic matter) প্ৰয়োগ কৰাৰ প্ৰয়োজনীয়তা

    • জৈৱিক পদাৰ্থ প্ৰয়োগৰ ফলত গছে নাইট্ৰ’জেন, ফচফৰাচ, পটাছ, আইৰণ, এলুমিনিয়াম ইত্যাদি উপাদান সমুহ মাটিৰ পৰা সহজে আহৰণ কৰিব পাৰে ৷
    • জৈৱিক পদাৰ্থ প্ৰয়োগৰ ফলত মাটিৰ খহনীয়া (soil erosion) ৰোধ হয় ৷
    • জৈৱিক পদাৰ্থই মাটিক পানী ধৰি ৰখাত সহায় কৰে ৷
    • জৈৱিক পদাৰ্থই মাটিত বায়ু আৰু পানী চলাচল কৰাত অৰিহণা যোগায় ৷
    • জৈৱিক পদাৰ্থবোৰ মাটিত থকা কিছুমান অনুজীৱ যেনে, কেচুঁ, নাইট্ৰ’জেন ধৰি ৰখা বেক্টেৰীয়া, উপকাৰী ভেঁকুৰ  আদিয়ে খাদ্য হিচাপে  গ্ৰহণ কৰোতে মাটিত কিছুমান জৈৱ ৰাসায়নিক (Biochemical) বিক্ৰিয়া সংঘটিত হয় আৰু ইয়াৰ ফলত মাটিৰ উৰ্বৰতা (Fertility) অক্ষুন্ন থাকে ৷
    • চাহ গছৰ শ্ৰীবৃদ্ধি আৰু প্ৰয়োগ কৰিব লগীয়া ৰাসায়নিক সাৰৰ উপযুক্ত ব্যৱহাৰৰ বাবে মাটিত এক শতাংশতকৈ বেছি কাৰ্বন থকা প্ৰয়োজন ৷ জৈৱিক পদাৰ্থই এই কাৰ্বনৰ যোগান ধৰে ৷

    মাটিক জৈৱিক পদাৰ্থ যোগান ধৰিবলৈ তলত উল্লেখ কৰা ব্যৱস্হাসমুহ গ্ৰহণ কৰিব লাগে  -

    • প্ৰতিবছৰে প্ৰতিবিঘা মাটিত ৫০০ – ৭০০ কি: গ্ৰা: পচন সাৰ প্ৰয়োগ কৰিব লাগে ৷
    • মাটিডৰাত ১০ ছে: মি: ডাঠকৈ গুৱাটেমালা বা মেটেকা বা দল ঘাঁহ আদিৰে ঢাকি দিয়াৰ (Mulching) ৰ ব্যৱস্হা কৰিব লাগে ৷ পৰাপক্ষত ধানৰ নৰা ব্যৱহাৰ নকৰিব ৷ যদি কৰিবলগীয়া হয়, নৰাৰ ওপৰত বিঘাই প্ৰতি ৫.৮ কি: গ্ৰা: হাৰত ইউৰীয়া ছটিয়াই তাৰ ওপৰত উঁই মৰা ঔষধ (৩০০ লিটাৰ পানীত ১ লিটাৰ ঔষধ) মিহলাই স্প্ৰেয়িং কৰিব ৷
    • কলম কৰা ডাল পাতবিলাক (Prunning litters) বাগিছাৰ বাহিৰলৈ উলিয়াই নিদি কলম কৰা মাটিডৰাতে ৰাখি পচিবলৈ দিব লাগে ৷
    • বাগিছাত ছাঁ গছ ৰোৱাৰ ব্যৱস্হা কৰিব লাগে ৷
    • ক্ৰ’টলেৰিয়া (Crotolaria), ষ্টাইল’ছেনথিচ্ (Stylosanthes) আদি গছ সেউজ সাৰ হিচাপে ৰোৱাৰ ব্যৱস্হা গ্ৰহণ কৰিব লাগে ৷
    • চাহখেতি কৰিবলৈ হালবাই মুকলি কৰা মাটি চন পেলাই থব নালাগে ৷ যদি হাল বোৱাৰ পাছত চাহপুলি ৰুব পৰা নহয়, সেই মাটিডৰাত মাইম’চা (Mimosa) সিঁচি দি মাটিডৰা ঢাকিব পাৰি ৷

    তলৰ তালিকাত  (তালিকা নং ৯) সহজতে পোৱা কেইবিধমান জৈৱিক পদাৰ্থ আৰু ইয়াত থকা উপাদান সমূহ উল্লেখ কৰা হ’ল৷

    তালিকা নং-৯ : জৈৱিক পদাৰ্থ আৰু ইয়াত থকা উপাদান সমূহৰ পৰিমাণ (%)

    জৈৱিক পদাৰ্থ

    নাইট্ৰ’জেন (N)

    ফচফৰাচ (P)

    পটাছ (K)

    কলম কৰা ডালপাত

    ২.৫০

    ০.৫০

    ১.৫০

    ছাঁ-গছৰ সৰা পাত

    ২.৫০

    ০.৭০

    ০.৯০

    টি ৱাষ্ট

    ৩.৬০

    ০.৬০

    ২.৩০

    গুৱাটেমালা ঘাঁহ

    ১.৬০

    ০.৬০

    ১.৭০

    কাঁইট নথকা মাইম’চা

    ২.৬০

    ০.৬০

    ১.০০

    ধানৰ তুঁহ

    ০.১৫

    ০.১৩

    ২.৩০

    পচা গোবৰ

    ০.৪০-১.৫০

    ০.৩-০.৪

    ০.৩-১.৯০

    পচন সাৰ

    ০.৫০-১.০০

    ০.৪৮-০.৮

    ০.৮-১.৯০

    পানী মেটেকা

    ২.০০

    ১.০০

    ২.৩০

    নিম খলিহৈ

    ৪.১৫

    ০.৯০

    ১.২০

    কেচুঁ সাৰ

    ১.৬০

    ৫.০৪

    ০.৮০

    উৎস: অসম কৃষি বিশ্ববিদ্যালয়।

শেহতীয়া উন্নীতকৰণ: : 3/8/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate