YTD মিশ্ৰসাৰ (১০: ৫: ১৫) প্ৰস্তুত প্ৰণালী
YTD (10: 5: 15) মিশ্ৰসাৰত প্ৰতি ১০০ কি: গ্ৰামত ১০ কি:গ্ৰা: নাইট্ৰ’জেন, ৫ কি:গ্ৰা: ফচফৰাচ আৰু ১৫ কি:গ্ৰা: পটাচ থাকিব লাগে৷
নাইট্ৰ’জেনৰ বাবে ইউৰীয়া, ফচফৰাচৰ বাবে চিঙ্গোল চুপাৰ ফচফেট আৰু পটাচৰ বাবে মিউৰিয়েট অৱ পটাচ ব্যৱহাৰ কৰি ১০০ কি:গ্ৰা: এই মিশ্ৰণৰ প্ৰস্তুত কৰিব পাৰি ৷ এই মিশ্ৰসাৰ প্ৰস্তুত কৰোতে তলত দিয়া পৰিমানৰ ৰাসায়নিক সাৰ মিহলি কৰিব লাগে ৷
ইউৰীয়া |
২২ কি:গ্ৰা: |
চিঙ্গোল চুপাৰ ফচফেট |
৩১ কি:গ্ৰা: |
মিউৰিয়েট অৱ পটাচ |
২৫ কি:গ্ৰা: |
মুঠ |
৭৮ কি:গ্ৰা: |
শুকান বালি/শুকান গোবৰ/ড’লমাইট |
২২ কি:গ্ৰা: |
মুঠ YTD (10: 5: 15) |
১০০ কি:গ্ৰা: |
যদি বজাৰত ফচফৰাচৰ বাবে চিঙ্গোল চুপাৰ ফচফেট (SSF) নাথাকে তেন্তে ডি.এ.পি. (DAP) সাৰ লৈ তলত উল্লেখ কৰা ধৰণেৰে YTD মিশ্ৰণ তৈয়াৰ কৰিব পাৰি –
ইউৰীয়া |
১৮ কি:গ্ৰা: |
ডি.এ.পি. |
১১ কি:গ্ৰা: |
এম.অ.পি. |
২৫ কি:গ্ৰা: |
মুঠ |
৫৪ কি:গ্ৰা: |
শুকান বালি/শুকান গোবৰ/ড’লমাইট |
৪৬ কি:গ্ৰা: |
মুঠ YTD (10: 5: 15) |
১০০ কি:গ্ৰা: |
ধৰাহওঁক, আপোনাৰ বাগিছাখনৰ ‘চেকচন’ এটাত ১০,৫০০ জোপা চাহ গছ আছে আৰু বছৰটোৰ ভিতৰত প্ৰতি জোপা গছত ৮০ গ্ৰাম YTD মিশ্ৰ চাৰি বাৰত (4 split) দিবলৈ কোৱা হৈছে ৷ তেন্তে প্ৰতি বাৰত প্ৰতি জোপা চাহ গছত দিব লগা YTD মিশ্ৰৰ পৰিমাণ হব ২০ গ্ৰাম আৰু গোটেই চেকচনটোত প্ৰয়োগ কৰিবলগীয়া সাৰৰ পৰিমাণ হব ২০ গ্ৰাম ষ ১০,৫০০ = ২১,০০০০ গ্ৰাম, অৰ্থাৎ ২১০ কি:গ্ৰা: YTD মিশ্ৰসাৰ তৈয়াৰ কৰিবলৈ কিমান পৰিমাণৰ বিভিন্ন সাৰৰ দৰকাৰ হ’ব ঐকিক নিয়মেৰে উলিয়াই ল’ব পাৰি ৷
YTD প্ৰস্তুত আৰু প্ৰয়োগ কৰাৰ সময়ত মন কৰিব লগীয়া কথা
(ক) প্ৰয়োজনীয় পৰিমাণৰ মিশ্ৰসাৰহে প্ৰস্তুত কৰিব লাগে ৷
(খ) প্ৰস্তুত কৰাৰ লগে লগেই এই সাৰ প্ৰয়োগ কৰিব লাগে; সেয়েহে মিহলাব লগা বিভিন্ন সাৰবোৰ আগেয়ে বেলেগ জুখি লৈ সাৰ প্ৰয়োগ কৰিব লগা বাগানৰ ওচৰত মিহলাব লাগে ৷
(গ) প্ৰস্তুত কৰা মিশ্ৰসাৰ ৰাখি থলে সাৰবোৰ গলি বোকাৰ নিচিনা হৈ পৰে আৰু প্ৰয়োগ কৰিবলৈ অসুবিধা হয় ৷
(ঘ) কাঠৰ তক্তাত বা পকা ঠাইত সাৰ মিহলোৱা কাৰ্য্য কৰিব লাগে আৰু পৰাপক্ষত কাঠৰ সজুঁলি ব্যৱহাৰ কৰিব লাগে ৷ ধাতুৰ সজুঁলি ব্যৱহাৰ কৰিলে লগে লগে ধুই পেলাব লাগে ৷
(ঙ) সাৰৰ মিশ্ৰণ প্ৰস্তুত কৰোতে চিঙ্গোল চুপাৰ ফচফেট একেবাৰে শেষত মিহলাব লাগে ৷
চাহ গছত প্ৰয়োজন তিনিবিধ মূল উপাদান – নাইট্ৰ’জেন (N), ফচফৰাচ (P2O5) আৰু পটাচ (K2O) বিভিন্ন ৰাসায়নিক সাৰৰ পৰা আহৰণ কৰিব পাৰি ৷ নাইট্ৰ’জেন, এমনিয়াম চালফেট (২০% N) অথবা ইউৰীয়া (৪৬% N) ; ফচফৰাচ, চিঙ্গোল চুপাৰ ফচফেট (১৬% P2O5), ৰক ফচফেট (২৪% P2O5) অথবা ডি.এ.পি. (৪৬% P2O5, ১৮% N) আৰু পটাচ, মিউৰেট অৱ পটাচ(৬০% K2O) ৰ পৰা পোৱা যায় ৷
পৈণত চাহ গছৰ বাবে অনুমোদিত নাইট্ৰ’জেন, ফচফৰাচ আৰু পটাচৰবাবে বিভিন্ন সাৰৰ পৰিমান তলৰ ৰূপান্তৰ তালিকাখনৰ পৰা উলিয়াই ল’ব পাৰি ৷
উপাদান |
ৰূপান্তৰ কৰিব লগা সাৰ |
গুণ কৰি |
নাইট্ৰ’জেন |
এম’নিয়াম চালফেট (SOA) |
৪.৮৫৪ |
ইউৰিয়া |
২.১৭৮ |
|
ডি.এ.পি. (DAP) |
৫.৫৫৫ |
|
ফচফৰাচ |
এচ.এচ.পি. (SSP) |
৬.২৫০ |
ডি.এ.পি. (DAP) |
২.১৭০ |
|
পটাচ |
মিউৰেট অৱ পটাচ (MOP) |
১.৬৬৬ |
ধৰাহওঁক প্ৰতি বিঘাত ২৪ কি:গ্ৰা: নাইট্ৰ’জেন, ৮ কি:গ্ৰা: ফচফৰাচ আৰু ২০ কি:গ্ৰা: পটাচ দিবলৈ অনুমোদন কৰা হৈছে ৷ আপোনাৰ হাতত যদি ইউৰীয়া, এচ.এচ.পি. (SSP) আৰু এম.অ.পি. (MOP) আছে তেন্তে প্ৰয়োগ কৰিব লগা বিভিন্ন সাৰৰ পৰিমান তলত দিয়া ধৰণে হ’ব ৷
২৪কি:গ্ৰা: নাইট্ৰ’জেন x ২.১৭৮ = ৫২.২০০ কি:গ্ৰা: ইউৰীয়া
৮কি:গ্ৰা: ফচফৰাচ x ৬.২৫০ = ৫০.০০০ কি:গ্ৰা: এচ.এচ.পি. (SSP)
২০কি:গ্ৰা: পটাচ x ১.৬৬৬ = ৩৩.৪০০ কি:গ্ৰা: এম.অ.পি. (MOP)
ফচফৰাচ সাৰ প্ৰয়োগ কৰিবলৈ SSP অবিহনে MOP সাৰ প্ৰয়োগ কৰিব পাৰি ৷ এই ক্ষেত্ৰত ইউৰিয়াৰ পৰিমাণ অলপ সলনি হ’ব ৷
ইউৰিয়া : ৪৫.৪০০ কি:গ্ৰা:
ডি.এ.পি. (DAP) : ১৭.৪০০ কি:গ্ৰা:
এম.অ.পি. (MOP) : ৩৩.৪০০ কি:গ্ৰা:
উৎস: অসম কৃষি বিশ্ববিদ্যালয়।
শেহতীয়া উন্নীতকৰণ: : 3/16/2020
চাহ গছৰ কেইবিধমান ৰোগৰ নিয়ন্ত্রণ পদ্ধতি
অসমত ৰাসায়নিক সাৰ, কীটনাশকৰ ব্যৱহাৰ মাৰাত্মক
জৈৱিক সাৰৰ প্ৰস্তুত প্ৰণালী
ব্যৱসায় ভিত্তিত জৈৱিক সাৰৰ উত্পাদন