অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

চাহ গছত হেল'প্লেটিছৰ আক্রমণ

হেল' প্লেটিছ নামৰ এবিধ মহে চাহ উদ্যোগলৈ অশনি সংকেত কঢ়িয়াই আনিছে । বিগত কেইবছৰমানৰ পৰা অসম তথা উত্তৰ পুৰ্বাঞ্চলত এইবিধ মহৰ উপদ্রৱত চাহৰ কেঁচাপাতৰ উত্পাদন উদ্বেগজনকভাৱে নিম্নগামী হৈছে । শেহতীয়াকৈ হেল'প্লেটিছৰ প্রভাৱত উজনি অসমৰ চাহ বাগিছাবোৰৰ উত্পাদন চকুত পৰাকৈ হ্রাস হোৱা বুলি ভালেকেইখন বাগিচাৰ কৰ্তৃপক্ষই জনাইছে । এইবিধ মহৰ প্রাদুৰ্ভাৱ বৃদ্ধি হোৱাত অসম উপত্যকাৰ বৃহত্চাহ বাগিচাসমূহৰ কৰ্তৃপক্ষ , ক্ষুদ্র চাহ খেতিয়ক আৰু চাহ গৱেষকসকলৰ বাবে চিন্তাৰ বিষয় হৈ পৰিছে। তদুপৰি চলিত বৰ্ষৰ মাৰ্চ মাহৰ পৰা হোৱা অতিবৃষ্টিৰ ফলত য'তে ত'তে পানী জমা হৈও মহ বিধৰ বংশ বৃদ্ধি হোৱা বুলি গৱেষকসকলে মত পোষণ কৰিছে।

ক্ষতি সাধনৰ লক্ষণ

হেল'প্লেটিছে মুখত থকা বিশেষ ধৰণৰ বিন্ধনি শুঙৰ দ্বাৰা চাহপাত বা কলিৰ কুমলীয়া অংশৰ বহিঃস্তকখন ফুটা কৰি ৰস শোষন কৰে । শোষণ কৰা অংশটোত আৰম্ভণিতে একোটা গোলাকাৰ দাগ সৃষ্টি হয় । প্রায় ২৪ ঘন্টাৰ পিছত এই দাগবোৰেই পাতল মুগা বৰণৰ হয় । তাৰ পৰৱৰ্তী সময়ত এই দাগবোৰেই সংকুচিত হৈ গাঢ় মুগা বৰণৰ হয় আৰু শুকাই যায় । এটা পূৰ্ণাংগ হেল'প্লেটিছ মহে ২৪ ঘন্টাত এনেকুৱা প্রায় ১০০ টা দাগ কৰিব পাৰে । হেল'প্লেটিছৰ অতিমাত্রা আক্রমণৰ প্রভাৱত চাহগছৰ কুমলীয়া কাণ্ড আৰু কলিবোৰ মেল খোৱাত বাধাপ্রাপ্ত হৈ গছজোপাৰ সামগ্রিক বিকাশত যথেষ্ট ক্ষতি হয় । নিম্ন আৰু পূৰ্ণাংগ দুয়োটা অৱস্থাতেই এইবিধ পতংগই আক্রমণ কৰে । সাধাৰণতে পুৱাবেলা বা আবেলিতকৈ ৰাতিহে ইহঁতৰ আক্রমণৰ সময় । দিনৰ ভাগত ইহঁতক কমেহে দেখা যায় ।

জীৱন চক্র

হেল'প্লেটিছে চাহগছৰ কুমলীয়া কাণ্ড , পাতৰ মধ্য সিৰা আৰু পাততোলাৰ পাছৰ কুমলীয়া কাণ্ডৰ অংশ বিশেষত কণী পাৰে । দৈনিক ৪ -৫ টাকৈ কণী পৰা এজনী মাইকী হেল'প্লেটিছ মহে কমেও ২০০ টা কণী পাৰে । ঋতুৰ উষ্ণতাৰ ভিত্তিত কণীবোৰ ফুটোতে ৪ - ২০ দিন সময় লাগে । নতুনকৈ জগা পতংগ বোৰ প্রথম অৱস্থাত গাঢ় হালধীয়া ৰঙৰ আৰু পাতল গোলপীয়া বৰণৰ শুং থকা । পিছৰ অৱস্থাত ইহঁতৰ বৰণ সেউজীয়া হয় । হেল'প্লেটিছৰ জীৱন চক্র পূৰ্ণ হ'বলৈ গ্রীষ্ম আৰু বৰ্ষাকালত ৯ - ১০ দিন লাগে । আনহাতে এই ম্যাদ শীত কালত ৩০ -৩৫ দিনলৈ বৃদ্ধি পায় ।

পূৰ্ণাগ অৱস্থা

পূৰ্ণাগ হেল'প্লেটিছৰ মুৰৰ অংশ ক'লা বা পাতল সেউজ বৰণৰ । বুকুৰ অংশটো শেঁতা হালধীয়া আৰু ক'লা। পেটৰ অংশটো সেউজ ক'লা , অৱশ্যে কেতিয়াবা হালধীয়া দেখা যায়। মাইকী পূৰ্ণাগবোৰ পেটৰ অংশটো অণ্ডনলীস হ চকুত পৰাকৈ স্থূলাকাৰ । বুকুৰ অংশটোত স্পষ্টকৈ হালধীয়া দাগ থকা। সাধাৰণতে পূৰ্ণাগ হেল'প্লেটিছবোৰ উৰি যোৱাতকৈ বতাহৰ দ্বাৰাইহে স্থানান্তৰ ঘটি ইহঁতৰ আক্রমণ বিস্তাৰিত হয় ।

ঋতুভিত্তিক পৰ্যবেক্ষণ

বছৰটোৰ যিকোনো সময়তেই হেল'প্লেটিছৰ বংশ বিস্তাৰ হয় আৰু চাহ গছত ইঁহতৰ যিকোনো অৱস্থাত পৰিলক্ষিত হয় । চাহ উত্পাদনৰ ঋতুৰ আৰম্ভণিৰে পৰাই ইঁহতৰ বংশ বিস্তাৰ হ'লেও মে' মাহ পৰ্যন্ত আক্রমণৰ প্রবলতা কিছু কমি থাকে । কিন্ত্ত জুন - জুলাই মাহৰ পৰা আক্রমণ বৃদ্ধি অক্টোবৰ মাহলৈকে চলি থাকে । নবেম্বৰ মাহৰ পৰা আক্রমণৰ প্রভাৱ কমি গৈ ডিচেম্বৰ মাহত পূৰ্ণাগ হেল'প্লেটিছ প্রায় নোহোৱা হয় । বছৰটোৰ আৰম্ভনী অৱস্থাত দীৰ্ঘম্যাদী খৰাং সদৃশ বতৰৰ বাবে হেল'প্লেটিছৰ আক্রমণ কিছু পলম হয় ।

প্রতিৰোধৰ ব্যৱস্থা :

কীটনাশক ঔষধ ইন্দোচালফান ৩৫ ই চি , একালাক্স ২৫ ইচি , নুভাক্রন ৪০ ইচি বা ড্রাচবেন ২০ ইচি প্রতি লিটাৰ ২০০ লিটাৰ পানীত মিহলাই হেক্টৰে প্রতি পাৱাৰ স্প্রেয়াৰৰ দ্বাৰা ছটিয়ালে সুফল পোৱা যায় । এনে ঔষধৰ মিশ্রণ ফেব্রুৱাৰী , মাৰ্চ মাহত দুসপ্তাহৰ অন্তৰে অন্তৰে আৰু বৰষুণৰ বতৰত ৭-১০ দিনৰ ব্যধানত ছটিয়াব লাগে । হেল'প্লেটিছৰ আক্রমণ ব্যাপক অৱস্থাত আক্রান্ত চাহ বাগানৰ খণ্ডটোৰ চৌদিশে ১০ জোপামান চাহ গছ বৃত্তাকাৰে ঘেৰি লৈ উক্ত ঔষধৰ মিশ্রণটো ছটিয়ালে ইঁহতৰ দ্বাৰা আক্রমণ বিস্তাৰত যথেষ্ট বাধা পৰে ।

উৎস: অসম কৃষি বিশ্ববিদ্যালয়।

শেহতীয়া উন্নীতকৰণ: : 3/18/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate