অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

চাহ বাগিছাত সমন্বিত কীট-পতঙ্গ নিয়ন্ত্ৰণ

চাহ বাগিছাত সমন্বিত কীট-পতঙ্গ নিয়ন্ত্ৰণ

মাটি আৰু মানুহৰ স্বাস্হ্য ৰক্ষাৰ বাবে তথা প্ৰাকৃতিক ভাৰসাম্যতা বজাই ৰাখিবলৈ বৰ্তমান সময়ত কীট-পতঙ্গ নিয়ন্ত্ৰণ এক গুৰুত্বপূৰ্ণ অধ্যায় ৷ ইয়াৰ সকলো উপযুক্ত পদ্ধতি প্ৰয়োগ কৰি কীট-পতঙ্গৰ সমস্যা গছৰ আৰ্থিক ক্ষতি কৰিব নোৱাৰাকৈ ৰখা হয় ৷ সমন্বিত কীট-পতঙ্গ নিয়ন্ত্ৰণৰ সফলতাৰ বাবে খেতিয়কজনক তলৰ কথা কেইটাৰ ওপৰত জ্ঞানৰ প্ৰয়োজন আছে

কীট-পতঙ্গ চিনাক্তকৰণ৷

কীট-পতঙ্গৰ শাৰীৰিক বৃদ্ধিৰ বিভিন্ন স্তৰৰ বিষয়ে জ্ঞান ৷

আক্ৰমণৰ স্হান আৰু সময়৷

আক্ৰমণৰ লক্ষণ৷

কীট-পতঙ্গৰ এঠাইৰ পৰা আন ঠাইলৈ পৰিভ্ৰমণৰ ধৰণ৷

কীট-পতঙ্গবোৰ বসবাস কৰিব পৰা আন উদ্ভিদৰ বিষয়ে জ্ঞান৷

কীট-পতঙ্গই থিতাপি লোৱা উদ্ভিদৰ (Host plant) শৰীৰতত্বৰ (Physiology) বিষয়ে জ্ঞান৷

সমন্বিত কীট-পতঙ্গ নিয়ন্ত্ৰণৰ উপায় সমুহ

অঞ্চল উপযোগী বিশেষকৈ কীট-পতঙ্গৰ আক্ৰমণ প্ৰতিৰোধ কৰিব পৰা অথবা সহনশীল সঁচহে নিৰ্বাচন কৰিব লাগে ৷

সদায় স্বাস্হ্যবান আৰু বেমাৰ তথা কীট-পতঙ্গ মুক্ত পুলিহে ৰোপণ কৰা উচিত ৷

প্ৰয়োজন আৰু সুবিধা অনুযায়ী গুৱাটেমালা ঘাঁহ, মাইম’চা আদি ৰোপণ কৰি মাটি ডৰাৰ উৰ্বৰতা বঢ়াব অথবা পুন: উৰ্বৰণ কৰিব৷

কলম কৰাৰ পাচত বেমাৰী ডাল পাতবোৰ কাটি পেলাব আৰু কটা অংশত ইন্দ’পেষ্ট বা বৰড’পেষ্ট (১০০ গ্ৰা: কপাৰ চালফেট + ১০০ গ্ৰা: চূণ + ৫০০ মি: লি: পানী) বা ২০% ট্ৰাইক’ৰ্ডামা মিশ্ৰণ লগাব৷

শীতকালি নবেম্বৰ-ডিচেম্বৰ মাহত চাহ গছৰ গুৰিবোৰ খুচৰি দি বান্স কেটাৰপিলাৰ, লুপাৰ কেটাৰপিলাৰ আদিৰ লেটা বা ক্ৰাইচেলিডবোৰ সংগ্ৰহ কৰি ধবংস কৰি পেলোৱা উচিত৷

কীট-পতঙ্গ আৰু ইহঁতৰ আক্ৰমণৰ তীব্ৰতা লক্ষ্য কৰি গছবোৰ প্ৰয়োজন হ’লে কলম কৰিব৷ চাহ গছবোৰ ২-৩ বছৰ কলম নকাৰাকৈ ৰাখিলে কিছুমান কীট যেনে ৰঙা চাঁহি আদিৰ আক্ৰমণ বেচি হব পাৰে ৷

মাটিৰ পি. এইচ. (pH) যাতে সঠিকভাৱে (৪.৫-৫.৫) থাকে তাক লক্ষ্য ৰাখিব আৰু প্ৰয়োজন অনুসৰি ব্যৱস্হা গ্ৰহণ কৰিব৷

চাহ গছবোৰত সুষমভাৱে আৰু সময়মতে সাৰ প্ৰয়োগ কৰিব লাগে৷ মাটিত সহজলব্ধ (available) পটাচ আৰু ফচফেটৰ পৰিমাণ কমি গলে গছবোৰ হেল’পেল্টিছৰ দ্বাৰা বেচিকৈ আক্ৰান্ত হয়৷

বাগিচাডৰা অপতৃণ বা ঘাঁহবনৰ পৰা মুক্ত ৰাখিব লাগে৷

চাহ গছৰ শাৰীৰ মাজৰ চাহ গছ মৰি খালী হোৱা ঠাইবোৰ পুনৰ চাহ গছ ৰোপণ কৰি পূৰ কৰি পেলোৱা উচিত ৷

চাহ গছৰ ফ্ৰেমবোৰ প্ৰয়োজন অনুসৰি কষ্টিক ৱাচ্ (Caustic wash) কৰিব ৷

অতিৰিক্ত পানীভাগ যাতে বাগিচাৰ পৰা ভালদৰে ওলাই যায় তাৰ বাবে নলা ব্যৱস্হাৰ উন্নীতকৰণ কৰিব ৷

ভাগিচাত ছাঁ গছ সময়মতে ৰোপণ কৰা উচিত ৷ ছাঁ ঘন হ’লে বাচি বাচি কিছুমান ডাল কাটি দিব ৷ বাগিচাত বৰমেডলুৱাৰ গছ ৰোপণ নকৰিব ৷

চাহ গছৰ গুৰিত যাতে পানী জমা নহয় লক্ষ্য ৰাখিব ৷ প্ৰয়োজন হ’লে গুৰিত মাটি চপাব ৷

বাগিচাত গৰু-ছাগলীৰ প্ৰৱেশ নিষিদ্ধ কৰিব ৷

ৰঙা চাঁহি, ব্লিষ্টাৰ ব্লাইট বেমাৰ আদিৰ ক্ষেত্ৰত আক্ৰান্ত গছবোৰ অথবা চেকচনত দিনটোৰ শেষৰ ফালে পাত তুলিব ৷

ব্লিষ্টাৰ ব্লাইট, হেল’পেলটিচ আদিৰ আক্ৰমণ বেছি হ’লে চাহ গছবোৰ ‘ব্লেক প্লাকিং’ কৰিব আৰু তাৰ পাচতেই প্ৰয়োজনীয় ভেকুঁৰনাশক বা কীটনাশক দ্ৰব্য প্ৰয়োগ কৰিব৷

বান্স কেটাৰপিলাৰ, লুপাৰ কেটাৰপিলাৰ, ফেগট ৰ্ৱম বা চাইকিড কেটাৰপিলাৰ আদি হাতেৰে সংগ্ৰহ কৰিও ধবংস কৰিব  পাৰি ৷

আকাশ বন্তিৰ সহায়ত, বছৰৰ বিভিন্ন সময়ত লুপাৰ কেটাৰপিলাৰ, বান্স কেটাৰপিলাৰ, ৰেড্ স্লাগ কেটাৰপিলাৰ আদিৰ পখিলা সংগ্ৰহ কৰি ধবংস কৰি পেলাব লাগে৷

চেকচনৰ কাষত সতৰ্কতাৰে জুই ধৰিও জেচিডৰ সংখ্যা কিছু পৰিমানে হ্ৰাস কৰিব পাৰি৷

চাহ গছৰ কিছুমান কীট-পতঙ্গ আৰু বেমাৰ  কেতবোৰ পৰজীৱি কীট (Parasite and predator), অণুজীৱ (Pathogen) ৰ দ্বাৰাও প্ৰাকৃতিক ভাৱে নিয়ন্ত্ৰিত হয়৷ ৰাসায়নিক দ্ৰব্য সমুহৰ অপপ্ৰয়োগৰ দ্বাৰা যাতে এই প্ৰাকৃতিক উপকাৰী জীৱবোৰ ধবংস প্ৰাপ্ত নহয় তাৰ প্ৰতি লক্ষ্য ৰাখিব লাগে৷ বাগিচাত এই জীৱবোৰ মুকলি কৰি দিয়া অথবা বংশ বৃদ্ধি কৰাৰ ব্যৱস্হা কৰিব লাগে৷

কীট-পতঙ্গ নিয়ন্ত্ৰণৰ বাবে যথাসম্ভৱ নিম যুক্ত দ্ৰব্য প্ৰয়োগ কৰিব৷

কাচকেড (Cascade) আৰু ফম’ল্টট (Phomolt) নামৰ হ’ৰমোন প্ৰয়োগ কৰি বান্স আৰু লুপাৰ কেটাৰপিলাৰৰ বংশ বৃদ্ধি ৰোধ কৰিব পাৰি৷

কীট-পতঙ্গ নিয়ন্ত্ৰণৰ বাবে এক গুৰুত্বপূৰ্ণ উপায় হ’ল সঠিক ৰাসায়নিক দ্ৰব্য সঠিক হাৰত , সঠিক সময়ত আৰু সঠিকভাৱে প্ৰয়োগ৷

বাগিচাখন সঘনাই পৰিদৰ্শন কৰি চাহ গছত কীট-পতঙ্গ আৰু বেমাৰৰ উপস্হিতি নিৰীক্ষণ কৰি থকা উচিত৷

উৎস: অসম কৃষি বিশ্ববিদ্যালয়।

শেহতীয়া উন্নীতকৰণ: : 4/25/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate