অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

চাহগছৰ পাত তোলা কাৰ্য্য আৰু কেঁচাপাত পৰিবহন

চাহগছৰ পাত তোলা কাৰ্য্য আৰু কেঁচাপাত পৰিবহন

চাহগছৰ পাত তোলা হৈছে ইয়াৰ খেতি চপোৱা কাৰ্য্য ৷ পাত তুলি থাকিলেহে গছজোপাৰ পৰা নতুনকৈ পোখা মেলে আৰু এক নিৰ্দিষ্ট সময়ৰ অন্তত পুনৰ সেই পোখাবোৰ চিঙা হয়  যাক পাততোলা (Plucking) বোলে ৷ কলম বা স্কিফ কৰাৰ পিচত নতুনকৈ ওলোৱা পোখাবোৰ এক নিৰ্দিষ্ট উচ্চতাত চিঙা হয় আৰু প্ৰথম কেইবাৰমান এইদৰে পাত চিঙা কাৰ্য্যক টিপিং (Tipping) বোলে ৷ টিপিংৰ প্ৰধান উদ্দেশ্য হ’ল গছজোপাত পৰ্য্যাপ্ত পৰিমাণৰ পাত (Maintenance foliage) সংযোগ কৰাৰ লগতে গছজোপাৰ ওপৰিভাগত এখন পাততোলা টেবোল গঠন কৰা ৷ টিপিঙে গছজোপাত নতুনকৈ পোখা মেলাত সহায় কৰে ৷
বিভিন্ন কলম /স্কিফৰ ক্ষেত্ৰত টিপিঙৰ উচ্চতা আৰু নতুনকৈ ওলোৱা ডালত এৰিব লগা পাতৰ সংখ্যা তলৰ তালিকাত উল্লেখ কৰা হ’ল ৷

তালিকা : বিভিন্ন কলম /স্কিফ্ কৰা চাহ গছত টিপিঙৰ উচ্চতা

কলম /স্কিফ

কলম /স্কিফ দাগৰ পৰা টিপিঙৰ উচ্চতা

টিপিং দাগৰ তলত ডালটোত থাকিব লগা পাতৰ সংখ্যা

লঘু কলম (LP)

২০ ছে: মি:

৪-৫ খিলা

ডীপ স্কিফ (DS)

১০ ছে: মি:

২-৩ খিলা

মিডিয়াম স্কিফ (MS)

৫ ছে: মি:

১ খিলা

লাইট স্কিফ (LS)

জনম দাগৰ ওপৰত
গোলপাতৰ তলত

-

লেভেল-অফ- স্কিফ (LOS)

জনম দাগৰ ওপৰত
গোলপাতৰ তলত

-

মিডিয়াম প্ৰুণ (MP) বা

হাইট-ৰিডাকচন প্ৰুণ (HRP)

২৫-৩০ ছে: মি:

৫-৬ খিলা

পাততোলা পদ্ধতি (Plucking system)

  • জনম প্লাকিং (Janam plucking)  : এই ক্ষেত্ৰত পোখাটোত জনম পাতৰ চিন দুটা ৰাখি গোলপাতৰ তলত পাত তোলা হয় ৷ উত্তৰ-পূৰ্বাঞ্চলৰ জলবায়ুত এই পদ্ধতিত পাত তুলিলে অধিক উৎপাদন পাব পাৰি আৰু পাততোলা টেবুলখন অনাৱশ্যকীয়ভাৱে ওখ হবলৈ নিদিয়াকৈ ৰাখিব পাৰি ৷
  • ফিচলিফ প্লাকিং (Fish leaf plucking)  : এই ক্ষেত্ৰত পোখাটোত গোলপাতটো ৰাখি গোলপাতৰ (Fish leaf) ওপৰত পাত তোলা হয় ৷ উত্তৰ-পূৰ্বাঞ্চলৰ জলবায়ুত এই পদ্ধতিত পাত অনুচিত ৷
  • ষ্টেপ্-আপ প্লাকিং (Step-up plucking)  : পাততোলা টেবোলখনত নতুনকৈ ওলোৱা পোখাবোৰৰ একেবাৰে তলৰ এখিলা পাত এৰি পাত তোলা কাৰ্য্যক ষ্টেপ্-আপ প্লাকিং বোলা হয় ৷

খৰাং, কীট – পতঙ্গ অথবা বেমাৰৰ আক্ৰমণ, শিলাবৃষ্টি আদি কোনো কাৰণত পাত তোলা পৃষ্ঠৰ তলত থকা গছৰ খাদ্য প্ৰস্তুত কৰা পাত(Maintenance foliage) ৰ সংখ্যা কমি গলে ষ্টেপ্-আপ প্লাকিং কৰা উচিত ৷

পাততোলাৰ মানদণ্ড (Plucking standard)

  • ষ্টেণ্ডাৰ্ড প্লাকিং (Standard plucking) : এনেদৰে পাত তোলাৰ ব্যৱস্হাত গছজোপাত মেলখাবলৈ ধৰা কোঁহবোৰ আৰু বাঢ়ি থকা কোঁহৰ সৈতে সৰু এখিলা পাতৰ পোখাবোৰ গছজোপাত এৰি থৈ বাকী সকলোবোৰ পাত উঠোৱা হয় ৷

জুন-চেপ্তেম্বৰ মাহৰ ভিতৰত গছবোৰত পৰ্য্যাপ্ত পৰিমাণৰ পাত পোৱা যায় আৰু এই সময়ত  ষ্টেণ্ডাৰ্ড প্লাকিং কৰা উচিত ৷

  • ব্লেক প্লাকিং (Black plucking) : এই ক্ষেত্ৰত পাততোলাৰ পৃষ্ঠৰ কেৱল মেলখাবলৈ ধৰা কোঁহবোৰৰ বাদে বাকী সকলোবোৰ পাতেই উঠাই পেলোৱা হয় ৷
      • মাৰ্চ মাহৰ পৰা মে’ আৰু অক্টোবৰ মাহৰ পৰা নবেম্বৰ মাহলৈ এই সময়ছোৱাত চাহ গছবোৰৰ পৰা বাঁজী পাতবোৰ উঠি যোৱাকৈ তথা পাতৰ বৃদ্ধিৰ ওপৰত নিৰ্ভৰ কৰি ব্লেক প্লাকিং কৰা উচিত ৷
      • গুৰুতৰ ভাবে থ্ৰীপচ্, হেল’পেলটিচ্, ব্লিষ্টাৰ ব্লাইট আক্ৰান্ত গছবোৰত ব্লেক প্লাকিং কৰি তাৰ পাচতেই প্ৰয়োজনীয় ৰাসায়নিক দ্ৰব্য প্ৰয়োগ কৰা উচিত ৷

পাততোলাৰ ব্যৱধান (Plucking round)

 

 

একোটা চেকচনত সাদিনৰ ব্যৱধানত পাত তুলিলে উন্নত মানদণ্ডৰ পাত পাব পাৰি ৷ অৱশ্যে পাতৰ বৃদ্ধি আৰু বতৰ লক্ষ্য ৰাখি বিশেষকৈ জুন-চেপ্তেম্বৰ মাহৰ ভিতৰত ৫-৬ দিনৰ ব্যৱধানতো পাত তুলিব লগা হ’ব পাৰে ৷ বচৰৰ আৰম্ভণি আৰু শেষৰফালে সাধাৰণতে ৮-১০ দিনৰ ব্যৱধানত পাত তুলিব লাগে ৷

পাততোলাৰ নিয়ম

  • জনম দাগৰ ওপৰত কিন্তু গোলপাতৰ তলত পাত তুলিব ৷
  • কোনবোৰ পাত টুকুৰীত ভৰাব

টুকুৰীত ভৰাব

টুকুৰীত নভৰাব

বাঢ়ি থকা কোঁহৰ সৈতে দুখিলা পাত

বুঢ়া পাত

ডাঙৰ এখিলা পাতৰ সৈতে বাঢ়ি থকা কোঁহ

কোমল দুখিলা বা তিনিখিলা পাতৰ টান অংশ

কোমল তিনিখিলা পাতৰ সৈতে বাঢ়ি থকা কোঁহ

বাঁজী কোহঁৰ সৈতে টান এখিলা বা দুখিলা পাত

বাঁজী কোঁহ আৰু কোমল এখিলা পাত

মোচোৰা খোৱা পাত

  • মেলখাবলৈ ধৰা কোঁহবোৰ আৰু সৰু এখিলা পাতৰ সৈতে বাঢ়িবলৈ ধৰা কোঁহবোৰ গছজোপাত এৰি থৈ আহিব ৷
  • পাততোলা পৃষ্ঠত থকা বাঁজী পাতবোৰ সম্পূৰ্ণৰূপে উঠাব ৷
  • টিপিং দাগৰ তলত অথবা পাততোলা পৃষ্ঠ বা টেবোলৰ তলত হাত ভৰাই পাত নুতুলিব ৷
  • পাততোলোতে খাৰীবোৰ ভাঙি টেবোলখন সমান কৰি যাব ৷
  • থিয় পাতবোৰ আধাতে চিঙি নেপেলাব ৷
  • তোলা পাতবোৰ হাতৰ মুঠাত ভাঙিবলৈ নিদি আলফুলে ৰাখিব আৰু সঘনাই টোপা বা বেগত ভৰাব ৷
  • টুকুৰী বা বেগত পাতবোৰ আলফুলে ৰাখিব অথবা হেচি হেচি নভৰাব ৷ হেচি ভৰালে পাতবোৰ ভাগি যায় আৰু পাতত ৰাসায়নিক বিক্ৰিয়া সময়তকৈ আগেয়ে আৰম্ভ হৈ পাতৰ গুণাগুণ হ্ৰাস কৰে ৷
  • চাহ গছৰ ওপৰত বনুৱাসকলক টোপা, বেগ, ছাতি, খৰি আদি ৰাখিবলৈ নিদিব ৷
  • কিবা কাৰণত সময়মতে পাত তুলিব নোৱাৰিলে ওপৰে ওপৰে লব পৰা পাতখিনি লৈ পোখাবোৰ টেবুলৰ সমানত চিঙি দিব নাইবা হাতেৰে চিঙিব নোৱাৰাকৈ টান হৈ পৰিলে চোকা কটাৰীৰে টেবুলৰ প্ৰায় ৪-৫ ছে: মি: ওপৰত কাটি পেলাব ৷
  • কলম বা স্কিফ্ কৰা চেকচনবোৰত সময়মতে টিপিং কৰিব আৰু পাত তুলিবলৈ নিৰ্দিষ্ট উচ্চতাৰ খুটি ব্যৱহাৰ কৰিব৷
  • খৰাং অঞ্চলত বতৰৰ আৰম্ভণিতে আনপ্ৰুন চেকচনত ষ্টেপ্ আপ্ প্লাকিং বা এখিলা পাত এৰি পাত তুলিব (যদিহে আগৰ বছৰৰ সেষৰফালে এই কাৰ্য্য কৰা হোৱা নাই) ৷
  • নিয়ম অনুসৰি তুলিলেও টেবুলখনৰ উচ্চতা টিপিঙৰ দাগতকৈ ওপৰলৈ উঠি যায় ৷ এনে ওপৰিঞ্চি উচ্চতা (ছৰেপে) বা খাৰী বিভিন্ন মাহত তলত উল্লেখ কৰা জোখতকৈ বেচি হোৱা অনুচিত ৷

তালিকা : ক্ৰীপ্ (খাৰী) ৰ অনুমতি দিব পৰা উচ্চতাৰ উচ্চ সীমা

কলম/স্কিফ্

ক্ৰীপ্ (খাৰী) ৰ অনুমতি দিব পৰা উচ্চতাৰ উচ্চ সীমা (চে: মি: )

জুলাইৰ শেষত

আগষ্টৰ শেষত

অক্টোবৰৰ শেষত

লঘু কলম ( LP) 
ডীপ স্কিফ্ (DS)
মিডিয়াম স্কিফ্ (MS)
আনপ্ৰুণ (UP)

২.৫
২.৫
২.৫
২.৫

৩.৫
৩.০
৩.০
৩.০

৫.০-৬.০
৪.৫-৫.০
৪.০
৪.০

  • ক্ৰীপ্ বা ‘খাৰী’ হিচাবতকৈ অধিক বাঢ়ি গলে চোকা কটাৰীৰে পাতলীয়াকৈ স্কিফ্  (Airy skiff) কৰি দিব ৷
  • পাততোলা পৃষ্ঠত মিকানিয়া (Micania) আদি লতাজাতীয় অপতৃণে আগুৰি ধৰি পাততোলাত যথেষ্ট অসুবিধাৰ সৃষ্টি কৰে ৷ এনে অপতৃণবোৰ শিপাৰে সৈতে উভালি চেকচনটোৰ পৰা আতঁৰত পেলাই নষ্ট কৰি দিব বা ৰাসায়নিক দ্ৰব্য প্ৰয়োগ কৰিব ৷

কেঁচা পাত পৰিবহন

  • কলঘৰলৈ প্ৰেৰণ কৰাৰ আগেয়ে তোলা পাতবোৰ ভালদৰে বতাহ চলাচল কৰিব পৰা খেৰীঘৰত অথবা গছৰ ছাঁত বাহৰ চাঙৰ ওপৰত পাতলীয়াকৈ মেলি থব ৷
  • কলঘৰলৈ কেচাঁপাত পৰিবহন কৰা বাহনবোৰত টুকুৰী বা বেগৰ সৈতে পাত কঢ়িয়াব পৰা ব্যৱস্হা থকা উচিত ৷ বাহনবোৰত হেচি হেচি পাত পৰিবহন কৰিলে পাতৰ গুণাগুণ হ্ৰাস পায় ৷
  • ৫৫ X ৫৫ X ৫৫ ঘন ছে: মি: জোখৰ এটা টুকুৰী বা বেগত ১৫ কি: গ্ৰা: পাতহে আলফুলে ৰাখিব পাৰি ৷
  • ১২০ টা টুকুৰী ধাৰণ কৰিব পৰা এখন ট্ৰলীয়ে এবাৰত ১৮০০ কি: গ্ৰা: কেচাঁপাত পৰিবহন কৰিব পাৰে ৷
  • বাগিছাৰ পৰা কলঘৰলৈ দিনটোত যথাসম্ভৱ এবাৰ দুপৰীয়া আৰু এবাৰ আবেলি, মুঠ দুবাৰ কেচাঁপাত প্ৰেৰণ কৰিলে পাতৰ মানদণ্ড হ্ৰাস নাপায় ৷

কেচাঁপাতৰ গুণাগুণ (Fine leaf percentage) নিৰ্ণয় কৰা পদ্ধতি

  • পাততোলাৰ অন্তত তোলা পাতবোৰৰ অ’ৰ ত’ৰ পৰা পক্ষপাতিত্ব নকৰাকৈ কেইমুঠিমান পাত সংগ্ৰহ কৰক ৷ পাতখিনি মিহলি কৰি ১০০ গ্ৰাম পৰিমানৰ ওজনৰ পাত লওক ৷
  • সংগ্ৰহ কৰা পাতখিনিৰ পৰা মোচোৱা খোৱা বা নভঙাকৈ থকা তথা ৰঙা নপৰা বাঢ়ি থকা কোঁহেৰে সৈতে এটা বা দুটা পাত, কোঁহ, কুমলীয়া এটা বাঁজী পাত পৃথক কৰক ৷ এইখিনি পাতক ভাল পাত (Fine leaf) বুলি ধৰা হয় ৷ তিনি নম্বৰ খিলা পাত কোমল হলে এইখিলা পাতকো ভালপাত হিচাপে গণ্য কৰিব পাৰি ৷
  • উপৰোক্ত পৃথক কৰা ভাল পাতখিনি ওজন কৰক আৰু ওজন কৰি পোৱা পৰিমাণক ভালপাতৰ শতাংশ (Fine leaf percentage)হিচাবে ধৰক ৷ এইদৰে ৩-৪ বাৰ ভাল পাতৰ শতাংশ নিৰ্ণয় কৰি তাৰ গড় হিচাব উলিয়াব লাগে ৷
  • বাইচাইকেলত ব্যৱহাৰ হোৱা সম ওজনৰ  এশটা বল বিয়েৰিং বা এশটা চাবি অনা মুদ্ৰা (পছিছ পইচা বা পঞ্চাশ পইচা আদি) ৰ সম পৰিমানৰ পাতলৈও ভালপাতৰ শতাংশ বা মান নিৰ্ণয় কৰিব পাৰি ৷

উৎস: অসম কৃষি বিশ্ববিদ্যালয়।

শেহতীয়া উন্নীতকৰণ: : 6/5/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate