চাহ বাগিচা এখনত পাততোলা বতৰ (Plucking season) পাৰ হৈ যোৱাৰ লগে লগে তথা গছবোৰ কলম বা স্কিফ্ কৰাৰ ঠিক পাচতেই কেইবাটাও গুৰুত্বপূৰ্ণ কাম কৰিব লগা থাকে ৷ শীতকালীন (ডিচেম্বৰ-ফেব্ৰুৱাৰী) এই সময়ছোৱাত চাহগছ অথবা বাগিচাখনত সঠিকভাৱে লোৱা আপদালে অনাগত বছৰটোত কেচাঁপাতৰ উৎপাদন তথা গছৰ স্বাস্থ্যত যথেষ্টখিনি প্ৰভাব পেলায় ৷ শীতকালত বাগিচা এখনত ল’বলগা বিভিন্ন কাৰ্য্যৱলীৰ বিষয়ে তলত উল্লেখ কৰা হ’ল৷
কলম কৰা গছৰ আপদাল
কলম বা স্কিফ্ কৰা ডাল পাতবোৰ বাগিচাখনতে চাহগছৰ তলত পৰি থাকিবলৈ দিব লাগে ৷ এইবোৰ পঁচি মাটিৰ উৰ্বৰতা বৃদ্ধি কৰে৷
কলম কৰা গছত নতুনকৈ কোঁহ ওলোৱাৰ আগেয়ে শুকান, বেমাৰী, জাঁজ কৰা (crossed branch) আৰু অতি মিহি বাঁজী ডালবোৰ কাটি পেলাব লাগে ৷ DS কৰা গছৰ অতি মিহি বাঁজী ডালবোৰো আতঁৰাই পেলোৱা উচিত ৷
কলম কৰাৰ পাচতেই ১ ছে: মি: তকৈ বেছি শকত ডালবোৰৰ মুখত ইণ্ড’পেষ্ট বা বৰড’পেষ্ট (১০০ গ্ৰা: কপাৰ চালফেট+ ১০০ গ্ৰা: চূণ + ৫০০ মি: লি: পানী) বা ২০ % ট্ৰাইক’ডামা মিশ্ৰণ লগাব লাগে ৷
চাহগছৰ ডালবোৰত শেলুৱৈ আদি গজি থাকিলে বিশেষকৈ MP, RP বা HRP আদি কলম কৰা গছত কলমৰ পাছতেই কষ্টিক ৱাচ’(Caustic wash) মিশ্ৰণ প্ৰয়োগ কৰিব লাগে ৷ এই মিশ্ৰণ তলত উল্লেখ কৰা ধৰণেৰে প্ৰস্তুত কৰিব পাৰি ৷
চূণ (Quick lime) : ২-৩ কি: গ্ৰা:
কাপোৰ ধোৱা ছ’ডা : ৬ কি: গ্ৰা:
পানী : ১০০ লি:
কীট পতঙ্গ নিয়ন্ত্ৰণ
UP, LS বা LOS কৰা চেকচনবোৰত এণ্ড’চালফেন (Endosulfan) ৫০০ মি:লি: আৰু ডাইক’ফল (Dicofol) ৫০০ মি:লি: ২০০ লিটাৰ পানীত মিহলাই ডিচেম্বৰ আৰু জানুৱাৰী মাহৰ শেষৰ ভাগত মুঠ দুবাৰ প্ৰয়োগ কৰিব৷
এই সময়ছোৱাত কলম কৰা চাহ গছত বগাই অহা উঁই তথা উঁইহাফলু নিৰ্মূলৰ ব্যৱস্হা হাতত লব পাৰি ৷ ক্লৰ’পাইৰিফচ(Chlorpyriphos) ৩৫০ মি:লি: ১০০ লিটাৰ পানীত এই অনুপাতত মিহলাই উঁই আক্ৰান্ত প্ৰতিজোপা গছৰ গুৰিত ৬০-২৫০ মি:লি: মানকৈ প্ৰয়োগ কৰিব লাগে ৷ উঁই হাফলুৰ মাটিখিনি বাগিচাৰ পৰা আতঁৰাই পেলোৱা উচিত৷ হাফলুৰ পৰা উঁইৰ ৰাণীজনী উলিয়াই তাত ক্লৰ’পাইৰিফচ (Chlorpyriphos) ১০০ মি:লি: ৪ বাকেটমান পানীত মিহলাই গাঁতটো পানীৰে উপচাই পেলাব ৷