অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

পুলি গছৰ ফ্ৰেম গঠন

চাহ গছৰ গঠন, বৃদ্ধি আৰু উৎপাদনত পুলি গছৰ ফ্ৰেম গঠন এক  গুৰুত্বপূৰ্ণ অধ্যায় ৷ ফ্ৰেম গঠনৰ সৈতে জড়িত কেইটামান বিশেষ কাৰ্য্য তলত উল্লেখ কৰা হ’ল ৷

ডিবাডিং (Debudding)

  • পুলিবোৰ নাৰ্চাৰীৰ পৰা পথাৰলৈ ৰুবলৈ নিয়াৰ প্ৰায় এসপ্তাহমান আগত নাৰ্চাৰীতে অথবা ৰোপণৰ পাচতেই পথাৰত ডিবাডিং কৰিব পাৰি ৷ নাৰ্চাৰীত কম খৰছতে আৰু সুবিধাজনক ভাৱে ডিবাডিং কৰিব পাৰি ৷
  • ডিবাডিং কৰাৰ দুসপ্তাহমান আগত পুলিটোৰ অগ্ৰমুকুলটোৰে সৈতে দুখিলামান পাত চিঙি পেলাওঁক৷ এনে কৰিলে কিছুদিনৰ পিছত তলৰ কক্ষ মুকুলবোৰ আকাৰত বৃদ্ধি পায় আৰু তেতিয়া ডিবাডিং কাৰ্য্য সহজ হয় ৷
  • পথাৰলৈ নিয়াৰ এসপ্তাহমান আগেয়ে চোকা ব্লেড বা বাহঁৰ কটাৰী এখনেৰে পুলিৰ গুৰিৰ পৰা ২০ ছে: মি:   উচ্চতাৰ ভিতৰত থকা কক্ষমুকুলবোৰ ৰাখি বাকীবোৰ উঠাই পেলাব লাগে ৷
  • এনে কৰাৰ ফলত ডিচেন্টাৰিঙৰ বাবে পুলিবোৰত উপযুক্ত সংখ্যাৰ শাখাডাল প্ৰায় একেসময়তে পোৱা যায় ৷

ডিচেন্টাৰিং ( Decentering)

  • পথাৰত ৰোৱাৰ পাচত পুলিবোৰ এটা ফ্লাচ্ (flush) (দুটা জনম, এটা গ’ল পাত আৰু পাচখিলা পাতৰ সৈতে এটা ডালক এটা ফ্লাচ্ বুলি কোৱা হয়) গঠন সম্পূৰ্ণ কৰি ঠন ধৰি উঠিলে আৰু পুলিটো বাজিঁ (dormant) হৈ থকা অৱস্হাতে ডিচেন্টাৰিং কৰা হয় ৷
  • ডিচেন্টাৰিং কৰা সময়ত পুলিটোৰ ২০ ছে: মি: মান উচ্চতাৰ ভিতৰত কমেও ২-৩ টা ডাল থকা উচিত ৷
  • এনে অৱস্হাত ৭.৫ ছে: মি: জোখৰ চোকা কটাৰীৰে মাটিৰ পৰা ২০ ছে: মি: মান ওপৰত পুলিৰ মূল ডালটো কাটি পেলাব লাগে ৷
  • ডিচেন্টাৰিং কৰোতে ভৰিৰে পুলিৰ গুৰিটো ধৰি থাকিব লাগে ৷
  • ডিচেন্টাৰিং কৰাৰ আগ মূহুৰ্ত্তত পুলিৰ শিপাত শ্বেতসাৰ নিৰূপণ কৰাটো অতি প্ৰয়োজনীয় কথা ৷

শিপাত শ্বেতসাৰ নিৰূপণ পদ্ধতি (Starch test)

  • এটা গ্লাচৰ বিকাৰ বা পাত্ৰত ১ গ্ৰা: আয়ডিন আৰু ১ গ্ৰা: পটাচিয়াম আয়’ডাইড লৈ তাত ৪-৫ মি: লি: মান পৰিশোধিত পানী (distilled water) দি আয়দিন খিনি পানীত সম্পূৰ্ণৰূপে মিহলি যোৱাকৈ ল’ৰাব লাগে ৷
  • পৰিশোধিত পানীৰে উপৰোক্ত মিশ্ৰণটি ১০০ মি: লি: কৰি এটা ৰঙীন বটলত কাৰ্বন কাগজেৰে মেৰিয়াই ৰাখক ৷
  • শ্বেতসাৰ নিৰূপণৰ বাবে বিঘাই প্ৰতি ১০-১২ জোপা গছ অ’ত-ত’ত নিৰ্ণয় কৰক ৷
  • চিনাক্ত কৰা পুলিবোৰৰ গুৰিৰ পৰা ১০চে: মি: মান আতঁৰত ১০-১৫ ছে: মি: দ’কৈ গাত খান্দি ০.৫ ছে: মি: (কাঠ পেন্সিলৰ সমান) শকত শিপা কেইডালমান সংগ্ৰহ কৰক ৷
  • শিপাবোৰৰ এমুৰে চোকা ব্লেডেৰে কাটি তাত ১-২ টোপাল আয়’ডিন মিশ্ৰণ দি ৫ মিনিটমান সময় আপেক্ষা কৰক ৷
  • শিপাৰ মূৰৰ পৰা আয়’ডিনৰ টোপালবোৰ জোকাৰি তাত গাঢ় নীলা ৰং প্ৰত্যক্ষ কৰিলে ই শিপাত পৰ্য্যাপ্ত পৰিমানে শ্বেতসাৰ মজুত থকাৰ ইংগিত দিয়ে ৷ শ্বেতসাৰ কম থাকিলে শিপাৰ ৰঙৰ বিশেষ তাৰতম্য নহয় ৷ উপযুক্ত পৰিমানৰ শ্বেতসাৰ জমা নোহোৱা অৱস্হাত ডিচেন্টাৰিং নাইবা আন কলম কিছুদিন পিছুৱাই দিব লাগে ৷
  • ফাৰ্মাচী বা হস্পিতালত পোৱা টিংচাৰ অৱ্ আয়ডিন বা বেটাডিন পৰিশোধিত পানীৰ লগত ১: ৯ অনুপাতত মিহলি কৰিও আয়’ডিন মিশ্ৰণটো প্ৰস্ওত কৰিব পাৰি ৷
  • ফুলি গছৰ ফ্ৰেম গঠন আৰু পৈণত গছৰ বিভিন্ন কলমৰ ক্ষেত্ৰত শিপাত শ্বেতসাৰ নিৰূপণ কৰাটো অতি জৰুৰী ৷

লাং প্ৰুনিং বা থাম্ব ব্ৰেকিং (Lung Prunning or Thumb Breaking)

  • ডিচেন্টাৰিং কৰাৰ সময়ত যদি গছৰ গুৰিৰ পৰা ২০ ছে: মি: উচ্চতাৰ ভিতৰত শাখা ডাল নাথাকে, তেতিয়া সৰু চোকা কটাৰী বা হাতৰ আঙুলিৰ সহায়ত ২০ ছে: মি: উচ্চতাত মূখ্য ডালটো এফালে ওলমি থকাকৈ আধা ভাঙি দিব লাগে ৷ ডালটো যাতে সম্পূৰ্ণৰূপে ভাঙি বা কাটি নাযায় তাৰ বাবে যত্ন লব ৷
  • চাহ গছৰ শাৰীত দক্ষিণ বা পশ্চিম ফালে ওলমি থকাকৈ ডালটো ভাঙিব লাগে ৷
  • গছৰ ভঙা অংশৰ তলত ২-৩ টা নতুন ডাল ওলাই এটা ফ্লাচ (flush) সম্পূৰ্ণ কৰি ই বাঁজি অৱস্হাত থাকিলে ভঙা মূখ্য ডাল অংশ কাটি পেলাব লাগে ৷

প্ৰথম ফ্ৰেম গঠন কলম (First Frame Formation Prunning)

  • প্ৰথম ফ্ৰেম গঠন কলম পুলি ৰোপণ কৰাৰ প্ৰায় ২০-২৬ মাহৰ পাচত কৰা হয় ৷ গছৰ শাখা-প্ৰশাখাবোৰ চাৰিওফালে তথা মজবুতভাৱে বাঢ়িবলৈ গছবোৰ সমভূমি অঞ্চলৰ ক্ষেত্ৰত মাটিৰ পৰা ৩৫-৪০ ছে: মি: উচ্চতাত কলম কৰিব লাগে ৷
  • কলমৰ পাচত গছৰ বেছি শকত, জাঁজ (crossed branch) কৰা আৰু অতি মিহি বাজিঁ ডালবোৰ সুবিধা অনুসৰি কাটি পেলাব লাগে ৷  এইদৰে কৰোতে গছৰ মাজটো যাতে খালী হৈ নাযায় লক্ষ্য ৰাখিব ৷
  • এই কলম জানুৱাৰী মাহৰ শেষৰ ভাগৰ পৰা ফেব্ৰুৱাৰী মাহৰ আগভাগৰ ভিতৰত গছত পৰ্য্যাপ্ত পৰিমাণে শ্বেতসাৰ থকা  অৱস্হাত কৰা উচিত ৷

চূড়ান্ত ফ্ৰেম গঠন কলম (Final Frame Formation Prunning)

  • প্ৰথম ফ্ৰেম গঠন কলমৰ ২-৩ বছৰৰ পাচত এই কলমৰ পৰা ৫-১০ ছে: মি: উচ্চতাত চূড়ান্ত ফ্ৰেম গঠন কলম কৰিব পাৰি ৷
  • চূড়ান্ত ফ্ৰেম গঠন কলমৰ সময়ত কলম ডালবোৰ ৫ মি: মি: ৰতকৈ অধিক শকত হোৱা বাঞ্চনীয় ৷
  • এই কলম জানুৱাৰী-ফেব্ৰুৱাৰী মাহত সমভূমি অঞ্চলত মাটিৰ পৰা ৪০-৪৫ ছে: মি: উচ্চতাত কৰা উচিত ৷
  • এই কলম জানুৱাৰী মাহৰ শেষৰ ভাগৰ পৰা ফেব্ৰুৱাৰী মাহৰ আগভাগৰ ভিতৰত গছত পয্ৰ্যাপ্ত পৰিমাণে শ্বেতসাৰ থকা অৱস্হাত কৰা উচিত ৷
  • প্ৰয়োজন অনুসৰি “গছ বচা” (Cleaning-out) কাম কৰিব লাগে ৷
  • বিভিন্ন অঞ্চলৰ বাবে বতৰ ভিত্তিক পুলি গছত ফ্ৰেম গঠনৰ কৃষিকাৰ্য্য সমূহৰ তালিকা তলত উল্লেখ কৰা হ’ল ৷

তালিকা -১ : খৰাং মুক্ত সমভূমি অঞ্চলৰ বাবে

গছৰ বয়স

মাহ

কাৰ্য্যৱলী

‘০’ বছৰ

চেপ্তেম্বৰ-ডিচেম্বৰ

পুলি ৰোপণ

+১ বছৰ

ফেব্ৰুৱাৰীৰ আগভাগ- এপ্ৰিলৰ মাজভাগ

জুন – জুলাই

 

অক্টোবৰৰ শেষভাগ

মাটিৰ পৰা ২০ ছে: মি: উচ্চতাত ডিচেন্টাৰিং/লাং প্ৰুনিং কৰিব

 

মাটিৰ পৰা ৫৫-৬০ ছে: মি: উচ্চতাত টিপিং কৰি সেই উচ্চতাতে গোটেই বছৰ পাত তুলিব ৷

মাজৰ প্ৰয়োজনতকৈ বেছি শকত আৰু ‘জাঁজ’ কৰা ডালবোৰ কাটি (হোদ বাচক) পেলাব ৷

এখিলা পাত এৰি পাত তুলিব ৷

+২ বছৰ

জানুৱাৰী

জনম প্লাকিং কৰিব ৷

+৩ বছৰ

জানুৱাৰীৰ শেষভাগ- ফেব্ৰুৱাৰীৰ আগভাগ

 

 

 

 

অক্টোবৰৰ শেষভাগ

মাটিৰ পৰা ৩৫-৪০ ছে: মি: উচ্চতাত প্ৰথম ফ্ৰেম গঠন কলম

কলম কৰোতে প্ৰয়োজন অনুসৰি মাজৰ বেছি শকত ডাল আৰু জাঁজ কৰা ডালবোৰ কাটি পেলাব ৷ মাজটো যাতে বেছি খালী হৈ নাযায় সেয়া লক্ষ্য ৰাখিব ৷

মাটিৰ পৰা ৬০-৬৫ ছে: মি: উচ্চতাত টিপিং কৰি সেই উচ্চতাতে গোটেই বছৰ পাত তুলিব ৷

 

প্ৰয়োজন অনুসৰি এখিলা পাত এৰি পাত তুলিব ৷

+৪ বছৰ

জানুৱাৰী

পাত তোলা পৃষ্ঠ বা টেবুলখনত থকা খাৰিবোৰ হাতেৰে উঠাই সমান কৰি দিব আৰু গোটেই বছৰ সেই উচ্চতাতে পাত তুলিব ৷

জনম প্লাকিং কৰিব

+৫ বছৰ

জানুৱাৰীৰ শেষভাগ- ফেব্ৰুৱাৰীৰ আগভাগ

মাটিৰ পৰা ৪০-৪৫ ছে: মি: উচ্চতাত চূড়ান্ত ফ্ৰেম গঠন কলম কৰিব ৷

প্ৰয়োজন অনুসৰি ‘জাঁজ’ কৰা ডালবোৰ কাটি পেলাব ৷

মাটিৰ পৰা ৬৫-৭০ ছে: মি: উচ্চতাত টিপিং কৰি সেই উচ্চতাতে গোটেই বছৰ পাত তুলিব ৷

তালিকা- ২ : খৰাং পীড়িত সমভূমি অঞ্চলৰ বাবে

গছৰ বয়স

মাহ

কাৰ্য্যৱলী

‘০’ বছৰ

এপ্ৰিল-জুন
জুলাই- আগষ্ট

পুলি ৰোপণ

মাটিৰ পৰা ২০ ছে: মি: উচ্চতাত ডিচেন্টাৰিং /লাং প্ৰুনিং কৰিব ৷

মাটিৰ পৰা ৫৫-৬০ ছে: মি: উচ্চতাত টিপিং কৰি সেই উচ্চতাতে গোটেই বছৰ পাত তুলিব ৷

পুলি ৰোপণ কাৰ্য্য দেৰি হ’লে তথা পুলিবোৰ দুৰ্বল হৈ থাকিলে চেন্টাৰিং বা লা প্ৰুনিং পাছৰ বছৰৰ ফেব্ৰুৱাৰীৰ আগভাগৰ পৰা এপিলৰ মাজ ভাগৰ ভিতৰত কৰিব লাগে ৷

+১ বছৰ

জানুৱাৰী

পাত তোলা পৃষ্ঠ বা টেবুলখনত থকা খাৰিবোৰ হাতেৰে উঠাই সমান কৰি  দিব আৰু গোটেই বছৰ সেই উচ্চতাতে পাত তুলিব ৷

জনম প্লাকিং কৰিব ৷

+২ বছৰ

জানুৱাৰীৰ শেষভাগ – ফেব্ৰুৱাৰীৰ আগভাগ

 

 

 

অক্টোবৰৰ শেষভাগ

মাটিৰ পৰা ৩৫-৪০ ছে: মি: উচ্চতাত প্ৰথম ফ্ৰেম গঠন কলম কৰিব ৷

কলম কৰোতে মাজৰ বেছি শকত ডাল প্ৰয়োজন অনুসৰি, আৰু জাঁজ কৰা ডালবোৰ কাটি পেলাব ৷ মাজটো যাতে বেছি খালী হৈ নাযায় লক্ষ্য ৰাখিব ৷

মাটিৰ পৰা ৬০-৬৫ ছে: মি: উচ্চতাত টিপিং কৰি সেই উচ্চতাতে গোটেই বছৰ পাত তুলিব ৷

এখিলা পাত এৰি পাত তুলিব (প্ৰয়োজন হ’লে) ৷

+৩ বছৰ

জানুৱাৰী

পাত তোলা পৃষ্ঠ বা টেবুলখনত থকা খাৰিবোৰ হাতেৰে উঠাই সমান কৰি দিব আৰু গোটেই বছৰ সেই উচ্চতাতে পাত তুলিব ৷

জনম প্লাকিং কৰিব ৷

+৪ বছৰ

জানুৱাৰীৰ শেষভাগ – ফেব্ৰুৱাৰীৰ আগভাগ

 

মাটিৰ পৰা ৪০-৪৫ ছে: মি: উচ্চতাত চূড়ান্ত ফ্ৰেম গঠন কলম ৷

প্ৰয়োজন অনুসৰি ‘হেড বেক’কৰিব আৰু জাঁজ কৰা ডালবোৰ কাটি পেলাব ৷

মাটিৰ পৰা ৬৫-৭০ ছে: মি: উচ্চতাত টিপিং কৰি সেই উচ্চতাতে গোটেই বছৰ পাত তুলিব ৷

উৎস: অসম কৃষি বিশ্ববিদ্যালয়।

শেহতীয়া উন্নীতকৰণ: : 3/16/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate