অসমত চাহ গছক গুৰুতৰভাৱে আক্ৰমণ কৰিব পৰা কীটসমুহৰ ভিতৰত ‘লুপাৰ কেটাৰপিলাৰ’ অন্যতম ৷ কেতিয়াবা কোনো কোনো অঞ্চলত এই কীটৰ আক্ৰমণে মহামাৰী ৰূপেও দেখা দিব পাৰে ৷
বসতি আৰু বাসস্থান
একাচিয়া কেটেচু, ডেৰিচ ৰ’বাষ্টা, এলবিজিয়া চাইনেনচিচ, এলবিজিয়া লিবেক আদি গছত লুপাৰ কেটাৰপিলাৰ পোৱা যায় ৷
ভৰমেদেলুৱা (ডালবাৰজিয়া আচামিকা) আৰু নীল গচ (ইণ্ডিগ’ফেৰা টিজমেনী) লুপাৰ কেটাৰপিলাৰৰ উল্লেখযোগ্য বসতিস্হল ৷
লুপাৰৰ পখিলাবোৰে সাধাৰণতে ছাঁ-গছ অথবা বাগিছাৰ আশে পাশে থকা ওখ গছবোৰৰ গা-গছত কণী পাৰে ৷
লুপাৰ কেটাৰপিলাৰৰ পখিলাবোৰ ধোঁৱা বৰণীয়া, পাখী দুখনত অসংখ্য ক’লা ক্ষুদ্ৰ ক্ষুদ্ৰ ফুট আৰু হালধীয়া বৰণৰ দাগ থকা হয় ৷
পখিলাবোৰে থুপ খুৱাই কণী পাৰে আৰু এনে একোটা থুপত ২০০-৬০০ কণী থাকে ৷ কণিবোৰ চুঙাকৃতিৰ হয় আৰু ইহঁত তুতীয়া বৰণৰ ৷
বাগিচাৰ কাষত থকা বাহনিতো লুপাৰে কণী পৰা দেখা যায় ৷
লুপাৰ কেটাৰপিলাৰৰ বিভিন্ন অৱস্থা পাব পৰা সময়
পখিলা
পলু
লেটা
ফেব্ৰ'ৱাৰীৰ শেষভাগ-মাৰ্চৰ প্ৰথমভাগ
মাৰ্চৰ আগভাগ-এপ্ৰিলৰ তৃতীয় সপ্তাহ
মাৰ্চৰ আগভাগ-মে’ৰ প্ৰথম সপ্তাহ
মাৰ্চৰ আগভাগ-মে’ৰ মাজভাগ
মে’ৰ মাজভাগ-জুনৰ তৃতীয় সপ্তাহ
জুনৰ শেষভাগ-জুলাইৰ প্ৰথম সপ্তাহ
জুলাইৰ আগভাগ-জুলাইৰ মাজভাগ
জুলাইৰ মাজভাগ-আগষ্টৰ মাজভাগ
জুলাইৰ শেষভাগ-আগষ্টৰ শেষভাগ
আগষ্টৰ মাজভাগ-অক্টোবৰৰ আগভাগ
ছেপ্তেম্বৰৰ আগভাগ-অক্টোবৰৰ মাজভাগ
অক্টোবৰৰ শেষভাগ-নবেম্বৰৰ প্ৰথম সপ্তাহ
ঠাইবিশেষে জলবায়ু অনুযায়ী এই সময়ৰ কিছু তাৰতম্য ঘটিব পাৰে ৷