বহুবৰ্ষী আৰু একক খেতি (Monocrop) হোৱা হেতুকে আৰু অসমৰ জলবায়ুত চাহগছ বহু কীট-পতঙ্গ আৰু বেমাৰৰ দ্বাৰা আক্ৰান্ত হ’ব পাৰে ৷ চাহগছত প্ৰায় দুশবিধ কীট-পতঙ্গই আক্ৰমণ কৰে যদিও মাত্ৰ পোন্ধৰ বিধমানহে চকুত পৰাকৈ অনিষ্ট সাধন কৰে ৷ এনে অনিষ্টকাৰী কীট-পতঙ্গসমুহৰ ভিতৰত ‘ৰেড স্পাইডাৰ মাইট’ বা ৰঙা চাঁহি অন্যতম ৷
আক্ৰমণৰ লক্ষণ
- সাধাৰণতে পৈণত পাতৰ ওপৰভাগৰ পৰা ৰস শুহি খায় ৷
- গুৰুতৰ ভাৱে আক্ৰান্ত অৱস্হাত নতুন বা কোমল পাত আৰু পাতৰ তলভাগতো আক্ৰমণ কৰে৷
- প্ৰথম অৱস্হাত ৰস শুহি খোৱা স্হানত ৰঙচুৱা ক্ষুদ্ৰ ক্ষুদ্ৰ বিন্দু সৃষ্টি হয় যদিওপাছলৈ এই বিন্দুবোৰ লগ লাগি পাতত বহলভাৱে তাম বৰণীয়া ৰং ধাৰণ কৰে৷
- গছৰ বৃদ্ধি বাধাগ্ৰস্ত হয় আৰু লাহে লাহে পাত সৰা আৰম্ভ কৰে৷
আক্ৰমণৰ সময়
সাধাৰণতে গোটেই বছৰ জুৰি চাহ গছৰ পাতত ৰঙা চাঁহি পোৱা যায় ৷ জানুৱাৰী/ফেব্ৰুৱাৰী মাহৰ পৰা ৰঙা চাঁহিয়ে আক্ৰমণ আৰম্ভ কৰে যদিও মাৰ্চ-এপ্ৰিল মাহত বায়ুমণ্ডলীয় তাপ বৃদ্ধিৰ লগে লগে ইয়াৰ বংশ বৃদ্ধি পায় আৰু আক্ৰমণৰ তীব্ৰতাও বাঢ়ে ৷ বৰষুণ বাঢ়ি অহাৰ লগে লগে জুলাই মাহ মানৰ পৰা গছত চাঁহিৰ সমস্যা কমি যায় আৰু আক্ৰমণো হ্ৰাস পায় ৷ ছেপ্তেম্বৰ-অক্টোবৰ মাহত কেতিয়াবা পুনৰ আক্ৰমণ হ’ব পাৰে৷
বাস কৰিব পৰা আন উদ্ভিদ
কপাহ, মৰাপাট, কফি, গাহৰি বন, ডেৰিচ ৰবাষ্টা, ফুটুকা, বৰমেদেলুৱা ইত্যাদি ৷
ৰঙা চাঁহি আক্ৰমণৰ কিছুমান অৱস্থা
- খৰাং, গৰম আৰু সেমেকা বতৰ
- পাতলীয়া বৰষুণৰ পাছতে ৰ’দ – এনে বতৰ সঘনাই হৈ থকা অৱস্হা ৷
- কিছুমান সঁচ যেনে - TV1, TV17 আদি ৰঙা চাঁহিৰ দ্বাৰা বেছিকৈ আক্ৰান্ত হোৱা পৰিলক্ষিত হয় ৷
- ধূলিৰে চাহ গছ আৱৰি থকা অৱস্হা ৷
- চাহনিডৰাত ছাঁৰ অভাৱ ৷
- চাহনিডৰা অপতৃণ (ঘাঁহ-বন) ৰে ভৰি থকা অৱস্হা ৷
- মাটিত প্ৰয়োজনীয় মৌলৰ অভাৱ বা সাৰৰ অসম প্ৰয়োগ ৷
- নলাত পানী জমা বা চাহনি ডৰাৰ পৰা পানী ভালদৰে ওলাই যাব নোৱাৰা অৱস্হাত নলাৰ কাষৰ গছবোৰত ৰঙা চাঁহিৰ আক্ৰমণ বেছি হয় ৷
- মাটিৰ অম্লতা (pH) ৰ হীন-দেড়ি ৷
কেইবাবছৰো চাহনিডৰা কলম নকৰাকৈ ৰাখিলে ৰঙা চাঁহিৰ আক্ৰমণ বৃদ্ধি পাব পাৰে ৷ সাধাৰণতে আনপ্ৰুন বাগিছাত আক্ৰমণ বেছি হোৱা পৰিলক্ষিত হয় ৷
নিয়ন্ত্ৰণ ব্যৱস্থা
(ক) কৃষিকাৰ্য :
- চাহনিডৰাত ছাঁ-গছ ৰোপনৰ ব্যৱস্হা কৰক ৷
- অপতৃণ নিয়ন্ত্ৰন ব্যৱস্হা হাতত লওঁক ৷
- পথৰ কাষৰ চাহ গছবোৰ জেওৰা বা ফেন্সিঙৰ কাষে কাষে তিতা ফুল বা তিতাবাহক গছ ৰোপণ কৰি ধুলিৰ পৰা ৰক্ষা কৰিব পাৰি ৷
- নলা ব্যৱস্হাৰ উন্নীতকৰণ ৷
- চাহগছত প্ৰয়োজনীয় আৰু সময়োচিত সাৰ প্ৰয়োগ ৷
- চাহনিডৰাত গৰু-ছাগলীৰ প্ৰবেশ নিষিদ্ধ কৰা ৷
- অনাক্ৰান্ত অঞ্চলত আক্ৰান্ত অঞ্চলতকৈ আগেয়ে পাত তোলাৰ ব্যৱস্হা কৰা উচিত৷
ৰাসায়নিক দ্ৰব্য প্ৰয়োগ
তালিকা : ৰেড স্পাইডাৰ মাইট্ নিয়ন্ত্ৰণৰ বাবে ৰাসায়নিক দ্ৰব্য আৰু প্ৰয়োগৰ পৰিমাণ
ৰাসায়নিক দ্ৰব্য
|
প্ৰয়োগৰ পৰিমাণ (১০০ লি. পানীত)
|
হস্তচালিত স্প্ৰেয়াৰৰ বাবে
|
শক্তিচালিত (পাৱাৰ) স্প্ৰেয়াৰৰ বাবে
|
ডাইক’ফ’ল ১৮.৫ ইচি চালফাৰযুক্ত দ্ৰব্য (৮০ ডব্লিউ জি) প্ৰফেন’ফ’চ ৫০ ইচি ফেনাযাকুইন ১০ ইচি প্ৰপাৰজাইট্ ৫৭ ইচি মিলবেকনক নিম (এজাডিৰেকটিন ৫%)
|
২৫০ মি: লি: ৫০০ মি: লি:
১০০ মি: লি: ২৫০ মি: লি: ২৫০ মি: লি: ১০০ মি: লি: ৭০ মি: লি:
|
৫০০ মি: লি: ১০০০ মি: লি:
২০০ মি: লি: ৫০০ মি: লি: ৫০০ মি: লি: ২০০ মি: লি: ১৪০ মি: লি:
|
- ডিচেম্বৰ-জানুৱাৰী মাহত আনপ্ৰুন আৰু পুলি বাগিছাত, ফেব্ৰুৱাৰী মাহত স্কিফ্ কৰা বাগিছাত আৰু মাৰ্চ মাহত কলম কৰা বাগিছাত ডাইক’ফ’ল/চালফাৰযুক্ত দ্ৰব্য/প্ৰপাৰজাইট/ফেনাযাকুইন দুবাৰ ১৫ দিনৰ ব্যৱধানত ব্লেংকেট স্প্ৰে কৰিব৷
- আৰম্ভণিতে বাগিছাত ৰেড স্পাইডাৰ মাইটৰ আক্ৰমণ লক্ষ্য কৰিলে প্ৰয়োজন অনুসৰি স্পট্ স্প্ৰে (আক্ৰান্ত অঞ্চলত) ৰ ব্যৱস্হা কৰিব ৷
- আক্ৰমণ বেছি হ’লে ৰাসায়নিক দ্ৰব্য ৭-১০ দিনৰ ব্যৱধানত দুবাৰ প্ৰয়োগৰ ব্যৱস্হা কৰিব৷ এপ্ৰিল-অক্টোবৰ মাহৰ সময়ছোৱাত ৭ দিনৰ ব্যৱধানত আৰু নবেম্বৰ-মাৰ্চ মাহৰ সময়ছোৱাত ১০ দিনৰ ব্যৱধানত প্ৰয়োগ কৰিব ৷
- ৰাসায়নিক দ্ৰব্য গছৰ তলে ওপৰে আৰু গোটেই গছজোপাত যাতে প্ৰয়োগ কৰা হৈছে লক্ষ্য ৰাখিব৷
- ৰাতিপুৱা আৰু আবেলিৰ সময়ছোৱাতহে ৰাসায়নিক দ্ৰব্য প্ৰয়োগ কৰিব৷
- চালফাৰ যুক্ত ৰাসায়নিক দ্ৰব্য শুকান ৰদোজ্জল গৰম বতৰত প্ৰয়োগ নকৰিব৷
- ৰঙা চাঁহি নিয়ন্ত্ৰণৰ বাবে ব্যৱহাৰ কৰা ৰাসায়নিক দ্ৰব্য আন ৰাসায়নিক দ্ৰব্য, সাৰ আদিৰ লগত মিহলি নকৰিব ৷
- ৰঙা চাঁহি নিয়ন্ত্ৰণ স্প্ৰেয়িং কাৰ্য নিৰিক্ষণ (Supervision ) ৰ ওপৰত বহু পৰিমানে নিৰ্ভৰ কৰে৷
উৎস: অসম কৃষি বিশ্ববিদ্যালয়।
শেহতীয়া উন্নীতকৰণ: : 3/20/2020
0 ratings and 0 comments
Roll over stars then click to rate.
© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.