কৃষিজাত সামগ্ৰী কুঁহিলাৰ বিষয়ে সম্যক জ্ঞান বহুলোকৰ নাই। ই স্বাভাৱিক কথা। ইয়াৰ ব্যৱহাৰো সাধাৰণ জীৱনত নিচেই সীমিত। সেয়েহে অসমত কুঁহিলাৰ খেতিৰ আদৰ আৰু পৰিসৰ দিনক দিনে কমি আহিছে। নগাঁও জিলাৰ বটদ্ৰৱাত আৰু গোৱালপাৰা জিলাৰ কিছু কিছু ঠাইত ব্যৱসায়িক ভিত্তিত কুঁহিলাৰ খেতি কৰা কথাতো গম পোৱা যায়।
কুঁহিলাৰ পৰা তৈয়াৰ কৰা কুটিৰ শিল্পজাত সামগ্ৰীসমূহৰ বজাৰ অসমত নিচেই তাকৰ। সেয়েহে জীৱিকাৰ মূখ্য উপায় হিচাবে ইয়াক ল’বলৈ অসুবিধা আছে। শিল্প কৰ্মত কুঁহিলাৰ প্ৰয়োগ কৌশল এক চাবলগীয়া বিষয়। শুকান কাষ্ঠাংশ চোকা কটাৰীৰে দীঘলে দীঘলে কাটি মৰাপাটৰ মিহি ৰচিত বৈ বেলেগ বেলেগ জোখৰ ৰং বিৰঙৰ কঠ তৈয়াৰ কৰা হয়। ইয়াৰ বজাৰত বেচ চাহিদা আছে।
বাকলি গুচোৱা কাষ্ঠাংশৰ সোপোকা অংশ বিভিন্ন জোখৰ টুকুৰাটুকৰ কৈ কাটি বিশেষ কটাৰীৰ সহায়ত হাতেৰে দীঘলে দীঘলে ঘূৰাই ঘূৰাই চেপেটা, বহল টিছু কাগজৰ দৰে অংশ প্ৰস্তুত কৰা হয়। যিকোনো ধৰণে ভাঁজ দিব পৰা এই অংশবোৰৰ পৰা সুন্দৰ পুতলা লৰচৰ কৰিব পৰা কাছ, বগলী , ৰাজহাঁহ ফুল, মূখা, মালা, দৰাৰ টুপি আদি তৈয়াৰ কৰা হয়। বিশেষভাৱে উল্লেখযোগ্য যে এই কাম কৰোতে ব্যৱহাৰ হোৱা আঠা তৈয়াৰ কৰা হয়, ৰাস্তাৰ দাঁতিত হোৱা ঢেকীয়াগছৰ কোমল কোঁহৰ পৰা।
খৰালী পানী শুকাই যোৱা আৰু বাৰিষা ৩.৫ ফুট গভীৰতাৰ বন্ধ পানীত হোৱা কুঁহিলা এনে এবিধ খেতি যাৰ পানীৰ তলত হোৱা কাণ্ডৰ সাহ অংশটোহে বহুলভাৱে ব্যৱহাৰ কৰা হয়।
জাত:- দুই ধৰণৰ জাত পোৱা যায়।
বন কুঁহিলা: ই বনৰীয়াকৈ যিকোনো স্থানত হয়। ইয়াৰ কাণ্ড বেছি টান হয়। মাখিপাতৰ আগ অংশত অৰ্দ্ধবৃত্তাকাৰ নহৈ দীঘলীয়া হয় আৰু ৰঙচুৱা দাগ থাকে বন কুঁহিলাক কামত ব্যৱহাৰ কৰা হয়।
জাতি কুঁহিলা: ই পিতনিত হয়। কাণ্ডাংশ সোপোকা আৰু শকত হয়। মাখিপাতৰ আগ্ৰাংশ অৰ্দ্ধবৃত্তাকাৰ আৰু পাত সম্পূৰ্ণ সেউজীয়া হয়। ই শিল্পৰ কামত ব্যৱহাৰৰ উপযোগী।
দ’ বন্ধন পানী থকা পিতনি, য’ত খৰালী পানী শুকাই যায় আৰু বাৰিষা ৩-৩.৫ ফুট গভীৰতাৰ পানী থাকে। মাটি দুই তিনিচাহ হাল মাৰি জাবৰ বাচিব লাগে, প্ৰাৰম্ভিক কোনো ৰসায়নিক সাৰৰ প্ৰয়োজন নহয়।
কুঁহিলাৰ বংশবিস্তাৰ:
বীজৰ দ্বাৰা: নতুন মাটিত বিঘাই প্ৰতি ৩০০ গ্ৰাম বীজ সিঁচিব লাগে। কিন্তু য’ত বছৰৰ পিচত বছৰি কুঁহিলাৰ খেতি হয়, তাত আগৰ বছৰ পৰি ৰোৱা পুৰঠ গছৰ পৈনত বীজ নিৰ্দিষ্ট সময়ত নিৰ্দিষ্ট পৰিবেশত নিজেই অংকুৰিত হয়। কেৱল অলাগতিয়াল গছৰ সংখ্যা কমাই দিলেই হ’ল।
অংগজ প্ৰজনন: কাণ্ডৰ কলমৰ পৰা অথবা মূঢ়াৰ পৰা গজালি মেলি (Ratooning) পূৰ্ণ গছৰ জন্ম দিব পাৰি।
বীজ সিঁচাৰ বা কলম দিয়াৰ সময়:
ফেব্ৰুৱাৰীৰ পৰা এপ্ৰিলৰ প্ৰথম সপ্তাহলৈ।
এবাৰ বা দুবাৰ হাতেৰে বন-জাৱৰ বাচি দিব লাগে। তদুপৰি গছজোপা এফুটমান ওখ হোৱাৰ পিছত আগ অংশৰ পাত ৰাখি, ওপৰৰ পৰা গুৰি দিশলৈ হাতেৰে চুচি দিব লাগে, যাতে কাষৰ পৰা ওলোৱা ডালবোৰ আৰু কক্ষমুকুল সমূহ আঁতৰি যায়। ই এটা অতি দৰ্কাৰী কাম। এনে কৰিলে গছজোপা ওখ হোৱাৰ লগতে গাঠিবোৰ পিচলৈ কোমল হয় আৰু গছজোপাও শকত হয়।
কৃষিকাল: ১৪০-১৫০ দিন।
শস্য চপোৱা:
শস্যকাল সম্পূৰ্ণ হোৱাৰ পিচত পানীৰ তলত কাণ্ডাংশ (২-৪ ফুট দৈৰ্ঘ্য) কটা হয়। পানী পৃষ্ঠৰ ওপৰৰ অংশ শুকাই যায়। এনে শুকাই যোৱা অংশটোকো উদ্যোগত লগোৱা হয়। পানীৰ তলৰ অংশটোৰ পাঁচোটামান টান ৰ’দত শুকোৱালে ই থুনুকা হ’ব আৰু তেনে অংশবোৰ মুঠাকৈ বান্ধি পানী নপৰা ওখ ঠাইত ৰখা হয়।
উৎপাদন :
২০০ পোন প্ৰতি বিঘাত (১ পোন=৮০ টা কাণ্ডাংশ)
জাতি কুঁহিলা এবিধ এবছৰীয়া, সপুষ্পক, দ্বিবীজপত্ৰী উদ্ভিদ। কাণ্ড চূঙাকৃতিৰ সোপোকা; পৰিধি ৭ ছে.মি.। গছৰ উচ্চতা ২ মিটাৰ। কাণ্ডৰ নিম্নভাগৰ দুই তৃতীয়াংশ খহুৰ দৰে খহটা দাগ বিশিষ্ট। পাত যৌগিক (Compound), দ্বপক্ষল (Bippinnate), মুক্ত পাৰ্শ্বীয় উপপত্ৰ (Free lateral stipule) বিশিষ্ট। পত্ৰবিন্যাস একান্তৰ (Alternate phyllotaxy) ফুল: পাঁচোটা পাহিৰে হালধীয়া বৰণৰ সৰু সৰু ফুল। বাহিৰৰ পাহিটো বাকী চাৰিটাতকৈ ডাঙৰ। বীজ : ০.৫ ছে.মি. দৈৰ্ঘ্যৰ, বৰ্গাকৃতিৰ বীজাৱৰণৰ মাজত দ্বিবীজপত্ৰী চেপেটা বীজসমূহ থাকে। আবৃত বীজসমূহ তেতেলি গাঠিৰ দৰে ইটোৰ পিচত সিটোক মণি আকাৰে লাগি থাকে। আগ অংশৰ পৰা ই পুৰঠ হয় আৰু পূৰঠ গুটিবোৰ এটাৰ পাচত এটাকৈ সৰি পৰে।
সামৰণিত ইয়াকে ক’ব খোজো যে এই গছবিধৰ বৈজ্ঞানিক ব্যাখা দিবলৈ চেষ্টা কৰাতো আমাৰ বাবে সম্ভৱপৰ নহয়। আমাৰ মতে ইয়াৰ বৈজ্ঞানিক চৰ্চা হ’ব লাগে আৰু মৃতপ্ৰায় কুঁহিলাৰ কুটিৰ শিল্পসমূহ অধিক সজীৱ কৰি তোলাৰ ক্ষেত্ৰত চৰকাৰে কিছু প্ৰচেষ্টা চলাব লাগে।
লেখক: পঙ্কজ শইকীয়া (সেউজ চিন্তা)
শেহতীয়া উন্নীতকৰণ: : 1/7/2022