অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

অসমৰ কৃষি বাণিজ্যিকৰণ আৰু আমাৰ কৰণীয় :

অসমৰ কৃষি বাণিজ্যিকৰণ আৰু আমাৰ কৰণীয় :

 

কেন্দ্ৰীয় চৰকাৰৰ প্ৰাচ্যাৱলোকন নীতি (Look East Policy) প্ৰাচ্যাভিমুখী নীতি (Act East Policy) লৈ ৰুপান্তৰিত হোৱাত পিছতে অসম হৈ পৰিছে দক্ষিণ ওউব এছিয়া আৰু এছিয়ান দেশসমুহৰ বৃহৎ বজাৰখনৰ দুৱাৰ মুখ। ভৌগালিক দিশৰ পৰা অতি কৌশলগত স্থানত অৱস্থিত অসমৰ কৃষি বাণিজ্যিকৰণ(Agri Busines) এক গুৰুত্বপুৰ্ণ দিশ হিচাপে বিবেচিত হৈছে। কৃষি বাণিজ্যিকৰণ আৰু কৃষি উদ্যোগৰ বাবে ৰাজ্যখনত কৃষক আৰু উদ্যমী যুৱক-যুৱতীসকলক সময়মতে সাজু কৰি তোলাৰ দায়িত্ব আহি পৰিছে। পুৰ্বৰ উৎপাদনমুখী কৃষি ব্যৱস্থাৰ পৰিৱৰ্তে বজাৰমুখী কৃষি ব্যৱস্থা গঢ়ি তোলাৰ আৱশ্যক হৈছে। বজাৰমুখী কৃষি ব্যৱস্থা আন একো নহয়, ই হৈছে বজাৰৰ চাহিদা অনুযায়ী ৰুপায়ন কৰা উৎপাদনী ব্যৱস্থাহে । আমাৰ কৃষি আছে আৰু আনৰ কি নাই, সেইটো উপলব্ধি কৰি তুলনামুল সুবিধাক (Comparative Advantage) প্ৰতিযোগিতামুলক সুবিধালৈ (Competitive Advantage) ৰুপান্তৰ কৰিব পৰাটো হৈছে কৃষি বাণিজ্যিকৰণৰ মুলমন্ত্ৰ।

বিভাগীয়ভাৱে বিদেশৰ বিভিন্ন ঠাই ভ্ৰমণ কৰি এই লেখক লাভ কৰা অভিজ্ঞতাৰ ভিত্তিত আলোচনাটি যুগুতাবলৈ চেষ্টা কৰা হৈছে।

বিশ্ব-বেংকৰ অধীনত  Assam Projet Agand Rural Trasfarmation  চমুকৈ (APART) নামৰ এটি প্ৰকল্প অসমৰ নিৰ্বাচিত কেইখনমান জিলাত ৰুপায়ন কৰিবলৈ সাজু হৈ উঠাটো কৃষি বিভাগৰ বিষয়া সকলৰ অৱগত। এই প্ৰকল্পৰ অধীনতে ২০১৭ বৰ্ষৰ অক্টোবৰ মাহৰ ৩-১৩ তাৰিখলৈ হলেণ্ডৰ কৃষি বাণিজ্যিকৰণ দিশটো অধ্যয়নৰ বাবে বিশ্ববেংক, ৰাজ্যিক চৰকাৰ আৰু ভাৰত চৰকাৰৰ প্ৰতিনিধি দল এটাৰ লগত যোগদানৰ সুবিধা পাইছিলো। অৱশ্যে ইয়াৰ পুৰ্বতে ১৯৯৭ বৰ্ষত এদিনীয়া এটি প্ৰশিক্ষণৰ বাবে নেডাৰলেণ্ড , ২০০৯ বৰ্ষত ভিয়েটনাম, ২০১২ বৰ্ষত থাইলেণ্ডৰ চিয়াজমাই আৰু বেংকক , ২০১৩ বৰ্ষত চীনদেশৰ কুনমিঙ আৰু চাংহাই চহৰত Chaina SEA  সন্মিলত ২০১৪ বৰ্ষত ফ্ৰাঞ্চৰ পেৰিছত হীম-শৃংখল সম্পৰ্কীয় প্ৰশিক্ষণ, ২০১৭ বৰ্ষত উত্তৰ-পুৰ্বান্বল বাংলাদেশ ৰপ্তানি বিষয়ক কৰ্মশালত অংশ গ্ৰহণ কৰি বিভিন্ন দেশৰ কৃষি আৰু কৃষি বাণিজ্যিক দিশৰ প্ৰত্যক্ষ অভিজ্ঞতা লাভ কৰিবলৈ সক্ষম হৈছিল।

পোনপ্ৰথমে হলেণ্ডৰ কৃষি বাণিজ্যিক দিশৰ কথাকে ধৰা যাওঁক। হলেণ্ড এখন তেনেই ক্ষুদ্ৰ দেশ। অথচ এই দেশখন আমেৰিকাৰ পিছতে দ্বিতীয় সৰ্ববৃহৎ ৰপ্তানিকৃত দেশ হিচাপে পৰিগণিত । এয়া পিছে হলেণ্ডৰ নিজা উৎপাদনী ব্যৱস্থাৰে নহয়। এই দেশখনে বিশ্বৰ ১০৭ খন দেশৰ পৰা ৮.২ বিলিয়ন ইউৰ’ৰ উদ্যানশস্য বিশেষকৈ ফলমুল, ফুল আৰু শাক- পাচলি আমদানি কৰি মুল্য সংযোজনৰ অন্তত ১৫০ খন দেশলৈ এই সামগ্ৰীসমুহ পুনৰ ৰপ্তানি কৰি উপাৰ্জন কৰা আয়ৰ পৰিমাণ হ’ল ১৬.৫ বিলিয়ন ইউৰ’। ইউৰোপ মহাদেশৰ কৌশলগত স্থানত অৱস্থান কৰি হলেণ্ডৰ পৰিশ্ৰমী ডাচসকলে (Dutch) যিদৰে মুল্য সংযোজন আৰু পৰিকল্পিত বিতৰণৰ মাধ্যমত কৃষি বাণিজ্যিকৰণ ক্ষেত্ৰখনত যুগান্তকাৰী ভুমিকা পালন কৰিবলৈ সক্ষম হৈছে তেনেদৰে অসমেও দক্ষিণ-পুব এছিয়া আৰু এছিয়ান দেশসমুহৰ বজাৰৰ দুৱাৰমুখ হিচাপে কৃষি-বাণিজ্যিকৰনৰ ক্ষেত্ৰত এক ভুমিকা লবলৈ সক্ষম হব বুলি দৃঢ়তাৰে কব পাৰি।

অসমত তথা উত্তৰ পুৰ্বাঞ্চলত উপলব্ধ কেইবিধমান একক উদ্যানশস্যই বিদেশৰ বজাৰত খোপনি পুতিব পৰা সম্ভাৱনাক প্ৰকট কৰিছে। উদাহৰণস্বৰুপে , আনাৰস, কঁঠাল, আদা, হালধী, নহৰু, ফুলকবি আৰু তিঁয়হ। এইকেইবিধ সামগ্ৰীৰ ব্যাপক চাহিদা আছে আমেৰিকাৰ বজাৰত। একেদৰে চীনদেশত আনাৰস আৰু কঁঠাল, স্পেইনত আনাৰস আৰু হালধী, বাংলাদেশত কঁঠাল, হালধী আৰু আদা, কুৱেইটত কঁঠাল, চৌদি আৰৱ আৰু হলেণ্ডত আদা, দক্ষিণ কোৰিয়া , ইণ্ডোনেছিয়াত নহৰু, ব্ৰিটেইনত ফুলকবি, বেলেজিয়াম আৰু জাৰ্মানিত তিয়হৰ আছে ব্যাপক চাহিদা। এক সমীক্ষামতে , কেৱল মাথোন এই কেইবিধ সামগ্ৰীৰ উল্লেখিত দেশকেইখনত থকা ব্যৱসায়িক পৰিমাণ (Business Volume) হৈছে ৪৫০০ মিলিয়ন ডলাৰ। বৰ্তমানে কষ্টাৰিকা আৰু ফিলিপাইনছে আনাৰস, ইজিপ্ত আৰু ডিয়েটনামে কঁঠাল, চীনদেশ আদা, নহৰু, স্পেইনে ফুলকবি, হলেণ্ডে তিয়হৰ অধিকাংশ চাহিদা পুৰণ কৰি আহিছে।

কোনো এখন দেশে নিজ উৎপাদেনেৰে যিহেতু কৃষি বাণিজ্যিকৰণ সম্পুৰ্ণ কৰি তোলাটো সম্ভৱ নহয়, সেয়েহে পৰিকল্পিত বিতৰনৰ মাধ্যমত সংগ্ৰহ, আমদানি, মুল্যসংযোজন অন্তত ৰপ্তানি কৰাটো হ’ব কৃষি বাণিজ্যিকৰণৰ প্ৰাথমিক কৰনীয়। ইতিমধ্যে চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশে অসম তথা উত্তৰ পুৰ্বাঞ্চলৰ পৰা বহুকেইবিধ সামগ্ৰী সংগ্ৰহৰ অন্তত মুল্য সংযোজন কৰি চৌদি আৰৱীয় দেশ তথা ইউৰোপলৈ ৰপ্তানি কৰিবলৈ সক্ষম হৈছে।

কৃষি বাণিজ্যিককৰণৰ তথা আন্ত:ৰাষ্ট্ৰীয় বজাৰৰ প্ৰসঙ্গ আহিলেই সাধাৰণতে মনত এটা প্ৰশ্ন হ’ল , যিটো সময়ত ভাৰতবৰ্ষ নিজে এখন বৃহৎ বজাৰ সেই সময়ত অসমে মুলসুঁতিৰ বাবে কৃষি উদ্যানশস্য যোগানৰ কথা ভবাৰ পৰিৱৰ্তে বিদেশৰ বজাৰৰ প্ৰতি চিন্তা কৰাৰ প্ৰয়োজনেই বা কি। আমাৰ দেশীয় বজাৰখনেই পৰ্যাপ্ত নহয় নে? দৰাচলতে অসম তথা উত্তৰ পুৰ্বাঞ্চলৰ ভৌগালিক অৱস্থিতি আৰু কেন্দ্ৰীয় চৰকাৰৰ উদগনিমুলক নীতিয়েহে সেইটো সুবিধা আমালি আগবঢ়াইছে। এই সময়ত আমি যদি নিজকে সাজু কৰি তুলিব নোৱাৰো তেনেহ’লে অচিৰেই চীন আৰু জাপানে এছিয়ান আৰু দক্ষিণ-পুব এছিয়াৰ বৃহৎ বজাৰখনত খোপনি পুতিব। ইফালে আমাৰ দেশৰ প্ৰধান চাৰিখন মহানগৰীলৈ কৃষি বাণিজ্যিকৰণৰ বাবে আমাক যিমান সময় আৰু খৰচৰ আৱশ্যক হ’ব, সেই একে খৰচ বা কম খৰচতে হয়তো এছিয়ান আৰু দক্ষিণপুৱ এছিয়াৰ অন্তৰ্ভুক্ত ভুটান, নেপাল, বাংলাদেশ, ম্যানমাৰ, থাইলেণ্ড, ব্ৰুনি, চীন, ভিয়েটনাম, লাওচ, কামেডিয়া, ইন্দোনেছিয়া, মালয়েছিয়া, ফিলিপাইনছ আদিৰ দৰে বহু কেইখন দেশৰ বাণিজ্যিক কেন্দ্ৰ বিন্দু হৈ উঠিব পাৰে অসম। ইফালে অসম তথা উত্তৰ পুৰ্বাঞ্চলৰ ৰাজ্যকেইখন দেশৰ মুলখণ্ডৰ চাৰিসীমাত মাথোন ২% স্পৰ্শ কৰি থকাৰ বিপৰীতে ৯৮% ই বহি: ৰাষ্ট্ৰৰ চাৰিসীমা চুই থকাটোৱে আমালৈ কঢ়িয়াই আনিছে প্ৰভুত সম্ভাৱনা। উল্লেখ যে পশ্চিম আৰু দক্ষিণ পশ্চিমত ১৮৮০ কিলোমিটাৰ বাংলাদেশ, পুব আৰু দক্ষিণপুবত ১৬৪৩ কি: মি: ম্যানমাৰ, পুব আৰু উত্তৰ-পুবত ১০০০ কি: মি; চীন আৰু উত্তৰ আৰু উত্তৰ পশ্চিমত ১১০০ কি: মি দৈৰ্ঘ ভুটান সীমা আৱৰি থকাটো আমাৰ বাবে অন্যতম সুবিধা। কৃষি বাণিজ্যিকৰণৰ লগতে অসম চৰকাৰে হাতত লোৱা উদ্যোগ নীতিয়ে খাদ্য সংসাধন আৰু কৃষি উদ্যোগৰ ক্ষেত্ৰলৈ আনিছে প্ৰভুত সম্ভাৱনা। অসমত বিনিয়োগ কৰিবলৈ ইতিমধ্যে আগবাঢ়ি আহিছে বহু কেইটা বহুজাতিক কোম্পানী।

দেশৰ প্ৰধানমন্ত্ৰী গৰাকীয়ে অসম তথা উত্তৰ-পুৰ্বাঞ্চলক জৈৱিক ভাণ্ডাৰ বুলি কৰা ঘোষণাই উত্তৰ পুৰ্বাঞ্চলৰ খাদ্য সম্ভাৰ যে স্বাস্থ্যৰ বাবে সুৰক্ষিত সেয়া প্ৰতীয়মান কৰিছে। মুল্য সংযোজন, পৰিকল্পত বিতৰণৰ মাধ্যমত উদ্যমী যুৱক-যুৱতীসকলে কৃষি-বাণিজ্যিকৰণক আঁকোৱালি লৈ এক নতুন যুগৰ সুচনা কৰিব পাৰে।

লেখক : খগেন্দ্ৰ শৰ্মা (সেউজ সোপান)

 

 

 

শেহতীয়া উন্নীতকৰণ: : 2/6/2023



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate