অসমত বিভিন্ন প্ৰকাৰৰ পশুধনৰ সংখ্যা আন আন ৰাজ্যৰ তুলনাত যথেষ্ট বেছি। কিন্ত নানা ধৰণৰ কাৰকৰ বাবে, আমাৰ পশুধনৰ উৎপাদকতা যথেষ্ট কম। এইবোৰ কাৰকৰ ভিতৰত পুষ্টিহীনতা এক অন্যতম কাৰক। আমাৰ কৃষক সকলে পশুধন পোহ-পাল কৰে, কিন্ত বৈজ্ঞানিক পদ্ধতি অৱলম্বন নকৰে। পশুধনৰ উপযুক্ত খাদ্য, বিশেষকৈ সেউজীয়া ঘাঁহৰ উৎপাদন চাহিদা অনুপাতে যথেষ্ট কম।
অসমত ওট ঘাঁহৰ সস্কাৱনীয়তা প্ৰত্যশাপূৰ্ণ। এইবিধ ঘাঁহৰ খেতি তুলনামূলত ভাৱে নতুন; ইয়াৰ ঘাঁহৰ খেতি কৰিবলৈ উপযুক্ত সময় হ’ল ‘ৰবি বতৰ’। ওট ঘাঁহৰ খেতি কৰি পশুধনৰ বাবে ‘সেউজীয়া ঘাঁহ’ নাইবা ‘চাইলেজ’(Silage) হিচাবে স্ংৰক্ষণ কৰি বছৰৰ যিকোনো সময়ত পশুখাদ্য হিচাপে ব্যৱহাৰ কৰিব পাৰি। অসমৰ জলবায়ুৰ বাবে উপযুক্ত জাত হ’ল- কেণ্ট(Kent, এইচ জে ১১৪(H J-114), জ’চ-৮২২(Jho 822) আদি।
ওট ঘাঁহৰ খেতি সকলো প্ৰকাৰৰ মাটিত কৰিব পাৰি, অৱশ্যে বালিচহীয়া, সাৰুৱা তথা অতিৰিক্ত পানী নিস্কাষণৰ ব্যৱস্থা থকা মাটিত এই শস্যৰ খেতি ভাল হয়। উপযুক্তভাৱে মিহিকৈ প্ৰস্তত কৰা মাটিত অক্টোবৰ মাহৰ মাজভাগৰ পৰা ডিচেম্বৰ মাহৰ ভিতৰত বীজ সিচিব লাগে। প্ৰতিবিঘা মাটিকালিত ১৩-১৪ কেজি হাৰত বীজবোৰ ২৫-৩০ চেঃ মিঃ ব্যৱধানত বনোৱা সীৰলুত(Farrow) ৪-৫ চেঃ মিঃ গভীৰতাত বীজবোৰ সিচিব লাগে। অৱশ্যে বীজ সিঁচাৰ কেইদিনমান আগতে অৰ্থাৎ শেষৰ বাৰ মাটি চহোৱাৰ সময়ত অনুমোদিত পৰিমাণৰ পচন সাৰ আৰু ৰাসায়নিক সাৰ প্ৰয়োগ কৰিব লাগে। মাটি চহোৱাৰ সময়ত, ৬ কুইণ্টল পচন সাৰ, ৭ কেজি ইউৰীয়া, ১৫ কেজি চুপাৰ ফচফেট আৰু ৪ কেজি পটাচ সাৰ প্ৰয়োগ কৰিব লাগে। আনহাতে, প্ৰথমবাৰ ঘাঁহ কটাৰ (৬০-৭০দিন) পিচত পুনৰ ৪ কেজি ইউৰীয়া সাৰ প্ৰতি বিঘা মাটিত প্ৰয়োগ কৰিব লাগে।
‘ওট’ ঘাঁহৰ খেতি বৰষুণৰ ওপৰত নিৰ্ভৰ কৰিব পাৰি। কিন্ত মাটিডৰা শুকান হ’লে আৰু জলসিঞ্চনৰ ব্যৱস্থা থাকিলে, পানীৰ প্ৰয়োগ বাঞ্চনীয়। এই ঘাঁহৰ খেতিত তিনিবাৰ পানী দিব পাৰি, যেনে, বীজ সিচাৰ পিচত, আটাইতকৈ বেছি পোখা (Maximum tillering) ওলোৱাৰ সময়ত আৰু প্ৰথমবাৰ ঘাঁহ কটাৰ পিচত। তাৰোপৰি, খেতি ডৰাত বন-বাতৰ উপদ্ৰৱ বেছি হ’লে, বীজ সিচাৰ ৩-৪ সপ্তাহত বন-বাত বোৰ নিয়ন্ত্ৰণ কৰিব লাগে। উপযুক্ত ভাৱে শস্যডৰাত কৃষি কাৰ্য্য ব্যৱস্থাপনা কৰিলে ওট ঘাঁহ দুবাৰ কৈ চপাব পাৰি; প্ৰথমবাৰ বীজ সিচাৰ ৬০-৭০ দিনত আৰু দ্বিতীয়বাৰ ঘাঁহ চপোৱাৰ সময় শতকৰা পঞ্চাশ ভাগ ফুল ফুলাৰ সময়ত। ওট ঘাঁহ মাটিৰ পৰা ৮-১০ চেঃ মিঃ ওপৰত কাটিব লাগে।
সস্কাৱনাপূৰ্ণ ওট ঘাঁহৰ খেতি বৈজ্ঞানিক পদ্ধতিৰে কৰিলে অসমত পশুধনৰ খাদ্যভাব যথেষ্ট পৰিমাণে হ্ৰাস কৰিব পাৰি তথা পশুধনৰ পুষ্টিহীনতা নাশ কৰি, উৎপাদনকতা বৃদ্ধিৰ সুযোগ আছে।
লিখক: ড০ নিকুঞ্জ চন্দ্ৰ ডেকা।
শেহতীয়া উন্নীতকৰণ: : 3/8/2020
চেতেৰীয়া ঘাঁহৰ উন্নত কৃষি পদ্ধতি
অয়ষ্টাৰ কাঠফুলাৰ কৃষি পদ্ধতি
গিনি ঘাঁহৰ উন্নত কৃষি পদ্ধতি