নল খাগৰি নৈ, নিজৰা, বিল, হ্ৰদ আদিৰ কাষৰীয়া সেমেকা বা বাম পানী থকা ঠাইত হোৱা এবিধ ঘাঁহ জাতীয় উদ্ভিদ| ইয়াক নল বুলিও কোৱা হয়| ইকৰাৰ ফুলৰ দৰে যৌগিক মঞ্জুৰীত সেৰেঙাকৈ ইয়াৰ ফুল ফুলে| উদ্যানত ৰোৱা নহয় যদিও উদ্ভাৱন কৰা হালধীয়া বা বগা ৰং মিহলি পাতযুক্ত জাতবোৰ শোভা বৰ্দ্ধনকাৰী উদ্ভিদ হিচাপে উদ্যানত ৰোৱা হয়| ইয়াৰ ইংৰাজী নাম টল ৰীড| বাংলা, হিন্দী আৰু সংস্কৃতত ইয়াক নল বুলি কোৱা হয়| বৈজ্ঞানিক নাম ফ্ৰেগমাইটছ কৰ্ক আৰু ই পোৱেচি গোত্ৰৰ উদ্ভিদ| আফ্ৰিকাৰ পৰা ভাৰত, দক্ষিণ পুৱ এছিয়া হৈ অষ্ট্ৰেলিয়ালৈ থকা অঞ্চল আৰু ওচেনিয়াত ইয়াক পোৱা যায়| ইয়াৰ গছ বহুবৰ্ষীয়, থিয় আৰু মৃদ্গত কাণ্ড বা অধোধাৱকৰ পৰা পুলি ওলাই গছ হয়| মৃদ্গত কাণ্ড বা অধোধাৱক শাখা-প্ৰশাখাযুক্ত আৰু পুলি ওলাই বাঢ়ি বাঢ়ি মাটিৰ তলে তলে বিশ মিটাৰলৈকে দীঘল হয়| গছবোৰ গাঁঠি পাবযুক্ত নলাকাৰ, টান, ফোঁপোলা, মিহি, দুইৰ পৰা আঠ মিটাৰলৈকে ওখ আৰু ডেৰ চেণ্টিমিটাৰ ব্যাসলৈকে শকত| কাণ্ড কোমলতে সেউজীয়া আৰু পূৰঠ হ’লে মুগা-হালধীয়া হয়| পাত ঢকুৱাযুক্ত, একান্তৰ, সৰল, ৰেখাকাৰ বিশৰ পৰা আশী চেণ্টিমিটাৰ দীঘল আৰু একৰ পৰা চাৰি চেণ্টিমিটাৰ বহল| আগলৈ ক্ৰমে জোঙা পাতবোৰৰ কাষবোৰ সমান বা খহটা, ওপৰৰ পিঠি মিহি, তলৰ পিঠিৰ আগ অংশ খহটা আৰু সেউজীয়া| পাতৰ ঢকুৱাই কাণ্ডক সাৱটি থাকে যদিও পূৰঠ পাতবোৰ সহজে এৰাই যায়| কাণ্ডৰ শীৰ্ষত বিশৰ পৰা পঁইসত্তৰ চেণ্টিমিটাৰ দীঘল যৌগিক মঞ্জৰী ওলাই অসংখ্য সৰু সৰু ফুল ফুলে| অণুমঞ্জৰীত পাটসুতাৰ দৰে মিহি, ৰুপালী অস্ংখ্য নোম থাকে| ফুলাৰ পিছত সৰু সৰু গুটি ধৰে| বতাহে গুটিবোৰ উৰুৱাই নি দূৰত পেলায় আৰু পূৰঠ গুটিৰ পৰা পুলি হয়| মৃদ্গত কাণ্ড কাটি ৰুলেও নতুন পুলি হয়| নল খাগৰিৰ পুলি পাচলি হিচাপে মানুহে খায়| কোমল পাত গৰু, ম’হ, হাতী, গঁড় আদিয়ে খায়| নৈৰ কাষৰ খহনীয়া ৰোধ কৰিবলৈ ইয়াৰ গছ ৰোৱা হয়| ইয়াৰ গছে পানীত থকা আৰ্ছেনিক আদি ক্ষতিকাৰক পদাৰ্থ শোষণ কৰি পানী শোধন কৰে বাবে জলাহ ভুমিত ৰোৱা হয়| গছ বা কাণ্ডৰে বাঁহী, মূৰুলী, পেঁপা, কঠ, টুপী, কাঁড় আদি সজা আৰু ‘হাৰ্ডোলছ’ত ব্যৱহাৰ কৰা হয়| ঘৰৰ ছাল ছোৱা, বেৰ দিয়াতো কাণ্ড ব্যৱহাৰ হয়| গছ আৰু মৃদ্গত কাণ্ডৰ পৰা কাগজ তৈয়াৰ কৰা হয়| পুষ্প মঞ্জৰী শোটা বা ঝাড়ু হিচাপে ব্যৱহাৰ হয়| ইয়াৰ গছ ঔষধি গুণযুক্ত| বাতবিষ, হাড় ভঙা, বহুমুত্ৰ আদি উপশমত গছৰ বিভিন্ন অংশ ব্যৱহাৰ হয়|
উৎস: দৈনিক অসম
শেহতীয়া উন্নীতকৰণ: : 3/17/2020