আলু এবিধ প্ৰয়োজনীয় খাদ্যশস্য আৰু গড় উৎপাদনৰ ফালৰ পৰা ভাৰতবৰ্ষত ঘেহুঁ, ধান আৰু গোমধানৰ পিছতেই ইয়াৰ স্থান চতুৰ্থ৷ পৃথিৱীৰ বিষুব ৰেখাৰ পৰা উত্তৰ আৰু দক্ষিণে ৫০০ অক্ষাংশত থকা প্ৰায় ১২৯ খন দেশত এই খেতিৰ প্ৰচলন আছে৷সাধাৰণতে সাগৰৰ জলপৃষ্ঠৰ পৰা ৪০০০ মিটাৰ উচ্চতালৈকে এই খেতি কৰিব পাৰি৷ বৰ্ত্তমানৰ পেৰু আৰু বলিভিয়াৰ মাজৰ পাহাৰীয়া উচ্চ এন্ডিয়ান অঞ্চলৰ ‘টিটিকাকা’ নামৰ হ্ৰদৰ কাষৰীয়া ঠাইতেই ইয়াৰ উৎপত্তিস্হল বুলি বিজ্ঞানী সকলে ঠাৱৰ কৰিছে৷ পুষ্টিকাৰক দিশৰ পৰা আলু এবিধ কম শক্তিদায়ক, উচ্চ গুণ বিশিষ্ট প্ৰটিন, প্ৰয়োজনীয় ভিটামিন্ আৰু খনিজ দ্ৰব্য যুক্ত খাদ্য৷ তলত আলুৰ খাদ্য গঠনৰ তালিকা ঘেহুঁ আৰু ধানৰ লগত তুলনা কৰা হ’ল৷
দ্ৰব্য (১০০ গ্ৰাম খাদ্যৰ ভিত্তিত) |
আলু |
ঘেহুঁ |
ধান |
প্ৰ’টিন(গ্ৰাম) |
১.৬০ |
১১.৮০ |
৬.৮০ |
পানী (গ্ৰাম) |
৭৪.৭০ |
১২.৮০ |
১৩.৭০ |
কাৰ্বহাইড্ৰেট (গ্ৰাম) |
২২.৬০ |
৭১.২০ |
৭৮.২০ |
শক্তি (কিলোকেলৰি) |
৯৭.০০ |
৩৪৬.০০ |
৩৪৫.০০ |
চৰ্ব্বী (গ্ৰাম) |
০.১০ |
১.৫০ |
০.৫০ |
ফচফৰাচ (মি:গ্ৰা:) |
৪০.০০ |
৩০৬.০০ |
১৬০.০০ |
লো (মি:গ্ৰা:) |
০.৭০ |
৪.৯০ |
৩.১০ |
কেৰটিন (মাইক্ৰোগ্ৰাম) |
২৪.০০ |
৬৪.০০ |
০.০০ |
থায়ামিন (মি:গ্ৰা:) |
০.১০ |
০.৪৫ |
০.০৬ |
ৰাইবফ্লেভিন (মি:গ্ৰা:) |
০.০১ |
০.০৭ |
০.০৬ |
নিয়াচিন (মি:গ্ৰা:) |
১.২০ |
৫.৫০ |
১.৯০ |
ভিটামিন চি (মি:গ্ৰা:) |
১৭.০০ |
০.০০ |
০.০০ |
উন্নত কৃষি পদ্ধতিৰ আৱিষ্কাৰ আৰু ব্যৱহাৰৰ বাবেই ভাৰতবৰ্ষত আলুৰ উৎপাদন বৃদ্ধি হোৱা বুলি কৃষি বিজ্ঞানী সকলে ধাৰণা কৰে৷ বৰ্ত্তমানলৈকে দেশখনত ২৯ টা উচ্চ উৎপাদনক্ষম উন্নত জাতৰ সঁচ উদ্ভাৱন কৰি কৃষকৰ বাবে উলিয়াই দিছে৷ কম সময়ৰ ভিতৰত পৈণত হোৱা উন্নত সঁচৰ ব্যৱহাৰ এটি লাভজনক ব্যৱস্থা, কিয়নো এনে সঁচৰ দ্বাৰা লেট ব্লাইট ৰোগৰ পৰা হাত সাৰিব পাৰি৷ আগৰ ১২০ – ১৩০ দিনৰ পৰিবৰ্ত্তে এতিয়াৰ ৭০ – ৮০ দিনৰ ভিতৰত হোৱা এই সঁচ বিলাক ৰোগৰ বীজাণু বায়ুমণ্ডলত আৱিৰ্ভাব হোৱাৰ আগতেই চপাব পাৰি৷ অসমৰ মাটি আৰু জলবায়ুৰ বাবে আলুখেতি যথেষ্ট লাভজনক হ’লেও কেইবা ধৰণৰ অসুবিধা আমাৰ কৃষকৰ আছে৷ উচ্চ উৎপাদনক্ষম বীজৰ নাটনি, থলুৱা সঁচৰ ব্যৱহাৰ, ভাইৰাচ মুক্ত উন্নত জাতৰ অভাৱৰ উপৰি লেট ব্লাইট ৰোগৰ প্ৰাদুৰ্ভাৱ এটা ডাঙৰ সমস্যা৷ বৰষুণৰ ওপৰত নিৰ্ভৰশীল খেতি, শীতলীকৰণ ভঁড়ালৰ নাটনি ইত্যাদি সমস্যাৰ বাবেও এই খেতিৰ উৎপাদিকা শক্তিত বহুতো বাধা আহি পৰিছে৷ তথাপি সময়ে সময়ে উদ্ভাৱন কৰা উন্নত কৃষি পদ্ধতিৰ ব্যৱহাৰে আলুখেতিৰ উৎপাদন বঢ়োৱাত যথেষ্ট সহায় কৰি আহিছে৷ ‘চিডপ্লট টেকনিক্’ আৱিষ্কাৰৰ পাচত সচৰাচৰ বীজ উৎপাদন আচনিত সম্পূৰ্ণ ৰূপে ভাইৰাচ মুক্ত কৰিব নোৱাৰিলেও অন্তত: কমাব পৰা যায়৷ অসমৰ বাবে উন্নত জাত কেইবিধৰ বিৱৰণ দাঙি ধৰা হ’ল
নাম |
শস্যকাল (দিন) |
গড় উৎপাদন (কুইন্টল/হেক্টৰ) |
ৰোগ প্ৰতিৰোধ |
|
কুফ্ৰী চন্দমুখী |
৮০-১০০ |
৮৫-১০০ |
১৫০-১৬০ |
পাত মেৰ খোৱা |
কুফ্ৰী জ্যোতি |
১১০-১২০ |
৮৫-১০০ |
১৫০-১৬০ |
লেট ব্লাইট |
কুফ্ৰী চিন্ধুৰী |
১১০-১২০ |
৮৫-১০০ |
১০০-১৬০ |
লেট ব্লাইট |
কুফ্ৰী মেঘা |
১১০-১২০ |
১২০-১৫০ |
১৭৫-২০০ |
লেট ব্লাইট |
ইয়াৰ উপৰি বহুতো নতুন জাত উদ্ভাৱন কৰা হৈছে আৰু অসমত ইয়াৰ খেতি পৰীক্ষামূলক ভাবে কৰি থকা হৈছে৷ ইয়াৰ ভিতৰত প্ৰধান কেইটামান জাত যেনে – কুফ্ৰী বাদচাহ, কুফ্ৰী বাহাৰ, কুফ্ৰী অশোকা, কুফ্ৰী জৱাহৰ, কুফ্ৰী চুটলেজ ইত্যাদি অসমৰ জলবায়ু আৰু মাটিত অধিক উৎপাদন দিয়াৰ লক্ষণ আছে৷ কুফ্ৰী অশোকা, কুফ্ৰী জৱাহৰ প্ৰভৃতি জাতবোৰ ৭০ – ৮০ দিনৰ ভিতৰতে পৈণত হয় আৰু লেট ব্লাইট প্ৰতিৰোধ ক্ষমতাও যথেষ্ট বেছি৷
উন্নত জাতৰ প্ৰমাণিক বীজ আহৰণ কৰিবলৈ ৰাজ্যিক কৃষিবিভাগ নাইবা বীজ নিগমৰ সহায় লব লাগে ৷ প্ৰকৃত মোহৰ বা চিহ্ন থকা বীজ আহৰণ কৰিব পাৰিলে ভাল আৰু প্ৰতি ৩-৪ বছৰৰ অন্তত পুৰণা বীজ খিনি সলাই লব পাৰিলে ভাল ৷ বীজ সিচাঁৰ আগতে গজালি ওলাই থকাটো ভাল, কাৰণ ইয়াৰ পৰা অঙ্কুৰণ নিয়মীয়া, খৰতকীয়া হয় আৰু গছৰ সংখ্যা বৃদ্ধি পায় ৷ আগতীয়াকৈ গজালি উলিয়াবলৈ কুফ্ৰী চন্দমুখীৰ বাবে ৭ দিনৰ আগত আৰু কুফ্ৰী জ্যোতি নাইবা অন্য পলমকৈ হোৱা জাতৰ বাবে অন্তত : ১৫ দিনৰ আগতেই শীতল ভঁৰালৰ পৰা উলিয়াই ছাঁত ভালদৰে মেলি দিয়াৰ ব্যৱস্থা কৰিব লাগে৷
খেতি পথাৰ প্ৰস্তুতকৰণ
পানী জমা নোহোৱা বালীয়া বা বালিচহীঁয়া মাটি আলুখেতিৰ বাবে অতি প্ৰয়োজনীয় ৷ মাটিডৰা ভালদৰে চহায় লৈ সমান কৰি লব লাগে আৰু বৰষুণ বেছি হ’লে যাতে পানী জমা হব নোৱাৰে, তাৰ বাবে নলাৰ ব্যৱস্থা কৰি থব লাগে ৷ মাটি প্ৰস্তুত কৰাৰ সময়ত এটা কথা মনত ৰখা উচিত, যাতে মাটিডৰা দ-লৈকে চাহ হয়৷ অন্তত: ৫০ চে: মি: ব্যৱধানত চাপৰকৈ সীৰলু তৈয়াৰ কৰি লব লাগে ৷ ভালদৰে দ-লৈকে চাহ হোৱা মাটিত আলু বাঢ়িবলৈ সুবিধা পায়৷
বীজ ৰোৱাৰ সময়
যি কোনো ঠাইৰ উষ্ণতাইহে বীজ সিচাঁৰ উপযুক্ত সময় নিৰূপণ কৰে৷ অসমৰ বাবে অক্টোবৰ মাহৰ মাজভাগৰ পৰা নবেম্বৰ মাহৰ মাজভাগলৈ বীজ সিচাঁৰ উপযুক্ত সময়৷ কুফ্ৰী মেঘাৰ দৰে সচঁৰ বাবে ডিচেম্বৰৰ মাজভাগলৈকে বীজ সিচাঁৰ সময় থাকে ৷ উচ্চ পাহাৰীয়া অঞ্চলৰ বাবে উপযুক্ত সময় হ’ল এপ্ৰিল মাহৰ দ্বিতীয় সপ্তাহ৷
বীজৰ পৰিমান আৰু ৰোৱাৰ ব্যৱধান
এক হেক্টৰ মাটিত উপযুক্ত পৰিমানৰ গছ পাবলৈ হ’লে বীজৰ পৰিমান আৰু সিচাঁৰ সময়ত দুটা বীজৰ দূৰত্ব সঠিক হব লগে ৷ প্ৰকৃত ব্যৱধান এটা বীজৰ গড় ওজন অনুযায়ী বেলেগ বেলেগ হোৱা উচিত ৷ সাধাৰণতে ২৫-৫০ গ্ৰাম ওজনৰ বীজৰ বাবে ব্যৱধান ৫০X২০ চে:মি: বা ৬০X১৫ চে:মি: ; ৫০-১০০ গ্ৰাম ওজনৰ বাবে ৬০X২৫ চে:মি: আৰু ১০০ গ্ৰামৰ অধিক ওজন হ’লে ৬০X৪০ চে:মি: হোৱা উচিত ৷ যেতিয়া এটা বীজৰ গড় ওজন ২৫ গ্ৰাম হয়, সাধাৰণতে এক হেক্টৰ মাটি ৰোবৰ বাবে ২২৫০-২৫০০ কি:গ্ৰাম বীজৰ আৱশ্যক হয় ৷ অৱশ্যে বীজৰ ওজন যথেষ্ট বেছি হ’লে দুভাগকৈ কাটি ব্যৱহাৰ কৰিব পাৰি আৰু লক্ষ্য কৰা উচিত যে প্ৰতিটো ভাগতে অন্ত্তত: ২-৩ টাকৈ চকু থাকে৷
সাৰৰ পৰিমান আৰু প্ৰয়োগ
মাটিৰ গুণাগুণ আৰু পথাৰডৰাত কৰা আগৰ শস্যবিধৰ ওপৰত নিৰ্ভৰ কৰি উপযুক্ত পৰিমানৰ সাৰ প্ৰয়োগ কৰিব পাৰিলে ভাল হয়৷ গোবৰ বা পচন সাৰ আলুখেতিৰ বাবে অতি প্ৰয়োজনীয়৷ প্ৰায় ১০ টন ওজনৰ শুকান গোবৰ সীৰলু তৈয়াৰ কৰাৰ পাচত শাৰী শাৰীকৈ দিব পাৰিলে ভাল ৷ তলত দিয়া ধৰণেৰে সাৰৰ সাধাৰণ মাত্ৰা আলু খেতিৰ বাবে অনুমোদন কৰা আছে ৷
সাৰৰ পৰিমান আৰু নামকেইটা হ’ল : -
পুষ্টিকৰ মৌল (কি:গ্ৰাম প্ৰতি হেক্টৰত) |
সাৰৰ নাম |
সাৰৰ মাত্ৰা |
|
কি:গ্ৰা:/হেক্টৰ |
কি:গ্ৰা:/বিঘা |
||
১) বৰষুণৰ ওপৰত নিৰ্ভৰশীল |
|||
নাইট্ৰোজেন ৬০ |
ইউৰীয়া |
১৩৩ |
১৯ |
ফচ্ফৰাচ্ ৫০ |
একক চুপাৰ ফচ্ফেট |
৩১২ |
৪৫ |
পটাছ ৫০ |
মিউৰেট অৱ পটাচ |
৮৩ |
১২ |
২) জলসিঞ্চন কৰা ঠাইত |
|||
নাইট্ৰোজেন ১২০ |
ইউৰীয়া |
২৬৬ |
৩৮ |
ফচ্ফৰাচ্ ১০০ |
একক চুপাৰ ফচ্ফেট |
৩২৪ |
৯০ |
পটাছ ১০০ |
মিউৰেট অৱ পটাচ |
১৬৮ |
২৪ |
সাৰ প্ৰয়োগৰ সময়ত আধা মাত্ৰাৰ ইউৰীয়া সাৰ (৯.৫ কি:গ্ৰা:) আৰু সমুদায় একক চুপাৰ ফচ্ফেট আৰু মিউৰেট অৱ পটাছ মাটি প্ৰস্তুতকৰণৰ সময়ত প্ৰয়োগ কৰি বাকী থকা ইউৰীয়া সাৰ ভাগ (৯.৫ কি:গ্ৰা:) প্ৰথমবাৰ মাটি চপাবৰ সময়ত প্ৰয়োগ কৰিব লাগে৷ সীৰলুৰ কাষে কাষে সাৰখিনি প্ৰয়োগ কৰি মাটিৰ লগত ভালদৰে মিহলাই দিব লাগে৷ ইয়াৰ পাচত ভালদৰে মাটি চপাই দিব লাহে৷
বীজ সিচাঁৰ পদ্ধতি
দুটা সীৰলুৰ মাজৰ ঠইত বীজবোৰ শাৰীবদ্ধ ভাৱে ৰাখিব লাগে আৰু দুটা বীজৰ ব্যৱধান বীজৰ আকাৰ বা গড় ওজনৰ ওপৰত নিৰ্ভৰ কৰি ৰাখিব লাগে ৷ সাধাৰণতে দুটা শাৰীৰ মাজত ৫০ চে:মি: ব্যৱধান আৰু দুটা গুটিৰ মাজত ২০ চে: মি: ব্যৱধান ৰখা উচিত৷ গুটি বিলাক ভালদৰে মাটিৰে ঢাকিব লাগে, যাতে ওপৰৰ পৰা বাকলিৰ অকণো অংশ ওলাই নাথাকে ৷ আজি কালি ট্ৰেক্টৰৰ সহায়ত আলুগুটি সিচাঁ যন্ত্ৰও পথাৰত ব্যৱহাৰ কৰা দেখা যায় ৷ ইয়াৰ সহায়ত কম সময়ত বেছি মাটিত আলুৰ বীজ সিচিঁব পাৰি৷
জলসিঞ্চন ব্যৱস্থা
আলুখেতিত জলসিঞ্চনৰ যথেষ্ট প্ৰয়োজন আছে ৷ জলসিঞ্চনৰ সুবিধা থকা ঠাইত এই খেতিত উপযুক্ত পৰিমানৰ পানী প্ৰয়োগ কৰিলে অধিক উৎপাদন পাব পাৰি ৷ অসমৰ সৰহ সংখ্যক অঞ্চলৰ আলু খেতি বৰষুণৰ ওপৰত নিৰ্ভৰশীল আৰু কম উৎপাদন পোৱাৰ ইও এটা কাৰণ ৷ জলসিঞ্চনৰ বাবে সাধাৰণতে সীৰলু পদ্ধতিৰে (Furrow irrigation) পানী যোগান ধৰা হয় ৷ কেতিয়াও সীৰলু বিলাক পানী বুৰ যাব নালাগে ৷ পানী প্ৰয়োজনীয়তাৰ ফালৰ পৰা তলত দিয়া অৱস্থা কেইটা অতি প্ৰয়োজনীয় ৷
শস্য অৱস্থা |
ৰোৱাৰ পাচত দিন |
১) শিপাৰ পৰা ওলোৱা গজালি ধৰা অৱস্থা |
২৫-৩০ দিন |
২) আলুধৰা অৱস্থা |
৫৫-৬০ দিন |
৩) আলু বঢ়া অৱস্থা |
৭০-৮০ দিন |
উপৰোক্ত তিনিওটা অৱস্থাতে গছত যথেষ্ট পানীৰ প্ৰয়োজন হয় আৰু মাটিও জীপাল হৈ থকা উচিত ৷ বৰষুণ নহলে এই সময় কেইটাত জলসিঞ্চন কৰি অধিক উৎপাদন পাব পাৰি ৷ বৰষুণৰ ওপৰত নিৰ্ভৰশীল খেতিত পানী মেটেকাৰ ব্যৱহাৰ কৃষক সকলে কৰি আহিছে ৷ যথেষ্ট পৰিমানৰ পানী মেটেকা নাপালে অন্য কোনো খেৰ জাতীয় পদাৰ্থৰ দ্বাৰা সীৰলুবিলাক ঢাকি ৰাখিব পাৰি ৷ এনে কৰিলে মাটিত থকা পানী ভাগ বাষ্প হৈ উৰি যাব নোৱাৰে ৷ অৱশ্যে, আলু গছ পৈণত হোৱা অৱস্থাত বেছি পানী থকাটো মাটিৰ তলত থকা আলুৰ বাবে ক্ষতিকাৰক৷
অপতৃণ নিয়ন্ত্ৰণ
আলুখেতিত সাধাৰণতে অপতৃণ নিয়ন্ত্ৰণত বেছি গুৰুত্ব আৰোপ কৰা নহয়, কাৰণ এই সময়ছোৱাত বৰ বেছি অপতৃণ দেখা নাযায়৷ অন্যহাতেদি যিহেতু দুবাৰকৈ খেতি ডৰাত গছৰ গুৰিলৈকে মাটি চপোৱা হয়, দুটা শাৰীৰ মাজত থকা বনবাত সাধাৰণতে উঠি যায়৷ পানী মেটেকা বা ধানৰ নৰা ব্যৱহাৰ কৰা খেতিডৰাত সাধাৰণতে অপতৃণ কম হোৱা দেখা যায়৷ জলসিঞ্চন কৰা খেতিত যদি কেতিয়াবা বনবাত বেছি হয় ইয়াক প্ৰতিৰোধ কৰিবৰ বাবে হাতেৰে উঠাব পাৰিলে ভাল৷ অপতৃণ নিয়ন্ত্ৰণৰ কাৰণে ৰাসায়নিক দ্ৰব্য ব্যৱহাৰ কৰিবলৈ হ’লে ‘পেৰাকোৱাট’ নামৰ ঔষধ প্ৰতি হেক্টৰত ২.৫ লিটাৰ হাৰত প্ৰায় ৫ শতাংশ গছ ওলোৱাৰ সময়ত প্ৰয়োগ কৰিব লাগে৷ বাকী থকা ইউৰীয়া সাৰভাগ বনবাত নিৰোৱাৰ পাছত ব্যৱহাৰ কৰি গছৰ গুৰিলৈকে ভালদৰে মাটি চপায় দিব লাগে৷ মাটি চপোৱাৰ কাম ২৫-৩০ দিনৰ ভিতৰত সম্পন্ন কৰিলে ভাল হয়৷
শস্য ৰক্ষা
আলুখেতিত পোক – পতঙ্গ আৰু ৰোগ নিবাৰণৰ বাবে যথেষ্ট সৰ্তকতা লব লাগে৷ অন্যথাই শস্যডৰা নষ্ট হ’বলৈ বেছি সময় নালাগে৷
আলুৰ বাবে ৰঙা পৰুৱা আৰু মাটিত থকা উঁই জাতীয় পোক প্ৰধান শক্ৰ ৷ এনে পোকৰ আক্ৰমণৰ পৰা হাত সাৰিবলৈ ‘ফোৰেট’ নামৰ ঔষধ (১০%) প্ৰতি হেক্টৰত ১৫ কি:গ্ৰা: হাৰত মাটি চপোৱাৰ সময়ত প্ৰয়োগ কৰিব লাগে ৷ অৱশ্যে ‘খলিহৈ’ প্ৰয়োগ কৰিও ৰঙা পৰুৱা বা উঁই পোক বহুখিনি নিয়ন্ত্ৰণ কৰিব পাৰি৷
ছৰহাপোক বা এফিদ ভাইৰাচ্ জাতীয় ৰোগ বিয়পোৱাৰ প্ৰধান উৎস৷ সাধাৰণতে অসমৰ জলবায়ুত জানুৱাৰী মাহত আলুখেতিত চৰহা পোক আৰ্বিভাৱ হয়৷ চৰহা পোক নিবাৰণ কৰিবলৈ মালাথিয়ন ২০০ মি:লি: ৭০-৮০ লিটাৰ পানীত এক হেক্টৰৰ বাবে আৰু ডাইমেক্ৰণ ০.৫ লিটাৰ সমপৰিমানৰ পানীত মিশ্ৰণ কৰি প্ৰয়োগ কৰিব লাগে৷
আলুখেতিত কেইবা প্ৰকাৰৰ ৰোগ দেখা যায় ৷ তথাপি লেট ব্লাইট ৰোগ প্ৰধান, কিয়নো এই ৰোগ এবাৰ হ’লে গোটেই খেতিডৰা সম্পূৰ্ণৰূপে ধ্বংস কৰে ৷ বায়ুমণ্ডলত জলীয় বাষ্প বেছি হ’লে বা বৰষুণ হ’লে এই ৰোগৰ বীজাণু বিয়পি পৰে ৷ লেট ব্লাইট ৰোগৰ বাবে সাধাৰণতে ৬ টা স্প্ৰে ডাইথেন্ এম-৪৫ (এক লিটাৰ পানীত ২.৫ গ্ৰাম ঔষধ) ৰ দ্বাৰা ১২ দিনৰ অন্তৰত স্প্ৰে কৰিব লাগে ৷ ৰিডমিল এম জেদ-৭২ (প্ৰতি লিটাৰত ২ গ্ৰাম ঔষধ) এই ৰোগ নিবাৰণৰ বাবে অতি শক্তিশালী আৰু ইয়াৰ পৰা অধিক সুফল পাব পাৰি৷ আকাশ ডাৱৰীয়া হৈ থাকিলে এই ৰোগৰ লক্ষণ দেখা পোৱাৰ আগতে স্প্ৰে কৰা ভাল ৷ ঔষধ প্ৰয়োগ কৰাৰ সময়ত গছজোপাৰ তলৰ অংশ আৰু পাতৰ দুয়োটা ফাল তিয়াই দিব লাগে ৷ ‘কুফ্ৰী মেঘা’ সঁচৰ ৰোগ প্ৰতিৰোধ ক্ষমতা অধিক, গতিকে ইয়াৰ ব্যৱহাৰ অতি প্ৰয়োজনীয়৷
আলু গছ মৰহি যোৱা ৰোগ বহুত সময়ত দেখা যায়৷ এই ৰোগ নিয়ন্ত্ৰণ কৰিবলৈ কঠিন, কাৰণ এই ৰোগৰ বীজাণু মাটিৰ তলত থাকে৷ তথাপি ৰোগ কমাবৰ বাবে ব্লিচিং পাউদাৰ (প্ৰতি হেক্টৰত ১২ কি:গ্ৰাম) বীজ সিঁচাৰ সময়ত মাটিত প্ৰয়োগ কৰিব লাগে৷ ধানখেতি কৰা মাটিত সাধাৰণতে এই ৰোগ কম হোৱা দেখা যায়৷
আলুভিত্তিক শস্যক্ৰম
আধুনিক কৃষি পদ্ধতিত যি কোনো শস্যক্ৰমক অধিক গুৰুত্ব দিয়া হয়৷ একে ডোখৰ মাটিত এটাতকৈ অধিক শস্য কৰিবৰ যথেষ্ট দৰকাৰ আহি পৰিছে৷ অসমৰ বাবে আলুখেতিৰ লগত কেইবাটাও শস্যক্ৰম সুবিধা অনুযায়ী গ্ৰহণ কৰিব পাৰি৷ উদাহৰণস্বৰূপে, আলু–গ্ৰীষ্মকালীন মগুমাহ – শালিধান, আলু – আহুধান –শালিধান, মৰাপাট – আলু৷ এই কেইবিধ শস্যক্ৰমৰ ভিতৰত প্ৰথমবিধ বেছি লাভজনক৷ অন্যহাতেদি মাহজাতীয় শস্য থকা বাবে এই শস্যক্ৰমৰ দ্বাৰা মাটিৰ উৰ্বৰতা অটুট ৰখাত সহায় হয়৷ ইয়াৰ উপৰি, আলুৰ লগতে অন্য কিছুমান শস্য, যেনে – আলু+ঘেহুঁ; আলু+সৰিয়হ; আলু+সূৰ্য্যমূখী ফুল; আলু+গোমধান(ৰবি) ইত্যাদি একে সময়তে কৰি অধিক লাভজনক হব পাৰি৷ মুঠতে, পৰিস্থিতি সাপেক্ষে একে ডোখৰ মাটিৰ পৰা অধিক লাভৱান হ’বৰ বাবে যি কোনো ধৰণৰ শস্যক্ৰম বাছি লৈ খেতি কৰা উচিত৷ অসমৰ জলবায়ুত এটা কম দিনত পৈণত হোৱা সঁচ আৰু কুফ্ৰী মেঘাৰ দৰে দীৰ্ঘম্যাদী সঁচৰ ব্যৱহাৰ কৰি একেডোখৰ মাটিতে দুটা আলুখেতি কৰিব পৰা যায়৷ কুফ্ৰী চন্দ্ৰমুখী বা কুফ্ৰী অশোকাৰ দৰে সঁচ লৈ কৰিলে অধিক উৎপাদন আশা কৰিব পাৰি৷
এবছৰত দুটাকৈ আলুখেতি কৰিবলৈ হ’লে উন্নত জাতৰ বীজ সোনকালে বজাৰত ওলাব লাগিব ৷ ইয়াৰ বাবে ৰাজ্যিক বীজ নিগম আৰু কৃষি বিভাগৰ দায়িত্ব বহুত আচে৷
শস্য চপোৱাৰ সময়ত ল’ব লগা সাৱধানতাৰ ভিতৰত আলুৰ বাকলি টান হোৱাৰ সময় নিৰূপণ কৰাটো প্ৰয়োজনীয় ৷ ইয়াৰ বাবে শস্য চপোৱাৰ প্ৰায় ১০ দিন মানৰ আগতে শস্যডৰা কাটি পেলাব লাগে ৷ উপযুক্ত সময়ত আলু খান্দি প্ৰতিটো আলুৰ ওজন অনুপাতে ভাগ কৰিব লাগে৷ অন্তত: ৭ - ১০ দিনৰ বাবে উঠাই লোৱা আলুখিনি দ’মকৈ ৰাখিব লাগে, যাতে আলুৰ বাকলি টান হয় আৰু বস্তাত ভৰাবলৈ সুবিধা হয়৷ ইয়াৰ পাছত বজাৰত বিক্ৰি কৰিবলৈ বা ভবিষ্যতৰ বাবে ৰাখিবলৈ হ’লে শীতল ঘৰত থোৱাৰ ব্যৱস্থা কৰিব লাগে৷
ভাৰতবৰ্ষত আলুৰ উৎপাদন বৃদ্ধি হোৱাৰ যথেষ্ট স্থল আছে৷ উন্নত পদ্ধতিৰে আলুখেতি কৰি প্ৰতি হেক্টৰ খেতিৰ পৰা প্ৰায় ৩০০ কুইন্টল আলু পাব পাৰি৷ মাত্ৰ অধিক উৎপাদনক্ষম উন্নত মানৰ বীজ, সাৰ প্ৰয়োগ, জলসিঞ্চন, যথা সময়ত ৰোগ আৰু পোক – পতঙ্গ নিবাৰণ ইত্যাদি কামবোৰ হাতত ল’ব পাৰিলে অধিক উৎপাদন কৰিবলৈ সুবিধা হয়৷
লিখক: ড০ মৃণাল শইকীয়া, অসম কৃষি বিশ্ববিদ্যালয়।
শেহতীয়া উন্নীতকৰণ: : 6/21/2020
দক্ষিণ নলবাৰীৰ ২,৫০০ পৰিয়াল উপকৃত
অধিক গাখীৰ উৎপাদনৰ বাবে থলুৱা জাতৰ গৰুৰ উন্নতিকৰন
গুণগত মানৰ মাগুৰ আৰু শিঙি মাছৰ পোনা উৎপাদন
অসমত সমবায়ভিত্তিত দুগ্ধ উৎপাদন: সম্ভাৱনা আৰু প্ৰত্...