বৰ্তমান মৎস্যপালন অতি সম্ভাৱনাপূৰ্ণ এক ডাঙৰ ব্যৱসায়। কম কষ্ট কৰি উচিত লাভ অৰ্জনৰ ই এক সুন্দৰ পন্থা। আমাৰ ৰাজ্যখনৰ নিবনুৱা সমস্যা সমাধানৰ এক অতি সুদূৰ প্ৰসাৰী সম্ভাৱনা থকা ক্ষেত্ৰ হৈছে মৎস্য পালন। এই মৎস্যপালনত বিশ্বৰ অৰ্থনীতিত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব পৰা এবিধ মাছ হ’ল কুচিয়া। এই মাছবিধ দেখাত সাপৰ দৰে এবিধ মাছ হ’ল কুচিয়া। এই মাছবিধ দেখাত সাপৰ দৰে যদিও ই বৰ সোৱাদযুক্ত। বেমাৰী মানুহে এই মাছবিধ খালে যথেষ্ট শক্তি পায়। পুষ্টিৰ ফালৰ পৰা অন্য খাদ্যৰ তুলনাত কুচিয়াৰ ব্যঞ্জন যথেষ্ট ভাল। তালিকা-১ ত ১০০ গ্ৰাম বিভিন্ন ধৰণৰ পুষ্টিকৰ খাদ্য খোৱাৰ পিছত আমাৰ শৰীৰত পোৱা শক্তি তথা প্ৰ’টিনৰ পৰিমাণ দিয়া হ’ল।
তালিকা-১ |
||
বস্তুৰ নাম |
শক্তি (কেলৰি) |
প্ৰ’টিন |
কুচিয়া মাছ |
৩০৩ |
১৪ |
মাছ |
১২৫ |
১৮ |
মিছামাছ |
৯০ |
১৬ |
কুকুৰাৰ মাংস |
১১০ |
২০ |
কণী |
১৬০ |
১৩.৫ |
গাখীৰ |
৬২.৫ |
৩.৫ |
তালিকা-১ ত মন কৰিলে দেখা যায় যে কুচিয়া মাছ খালে অন্য বিভিন্ন বস্তুৰ তুলনাত শক্তি বেছি পোৱা যায়। সেয়েহে তেজ কম থকা মানুহে বহুক্ষেত্ৰত কুচিয়া মাছ খাই কম সময়ৰ ভিতৰতে সুস্থ হৈ উঠে। গতিকে পুষ্টিগত দিশৰ পৰাই ই অতি প্ৰয়োজনীয় খাদ্য।
পুৰণি কালত আমাৰ বিভিন্ন খাল, বিল আদি পৰি থকা জলাশয়ত কুচিয়া মাছ পোৱা হৈছিল। আজিকালি তাৰ পৰিমাণ কমি আহিছে। সেয়েহে এই মাছবিধ আমি খুব কম কষ্ট কৰি কৃত্ৰিমভাৱে উৎপাদন কৰিব পাৰো। এই নিবন্ধত কুচিয়া মাছৰ খেতি কেনেকৈ কৰিব পাৰি, সেই বিষয়ে আলোকপাত কৰিম।
কুচিয়া হৈছে এক দীঘল সাপজাতীয় মাছ, যাৰ বাকলি নাথাকে। মাগুৰ, শিঙী আদি মাছৰ দৰে ছাল থাকে। এই কুচিয়া মাছৰ প্ৰায় ১০০ বিধ প্ৰজাতি আছে। বিভিন্ন প্ৰজাতিৰ ভিতৰত মোনোপটেৰাছ নামৰ প্ৰজাতিৰ কুচিয়া মাছৰ খেতি ফিলিপাইন, ইণ্ডোনেছিয়া, চীন আদি দেশত বহুলভাৱে কৰে।
মোনোপটেৰাছ জেনাছৰ ছয় প্ৰজাতিৰ মাছ এছিয়া মহাদেশত পোৱা যায়। তাৰ ভিতৰত ধাননিত পোৱাবিধ হ’ল মোনোপটেৰাছ কুচিয়া। এইবিধ মাছ আমি চিমেন্টৰ টেংকীত কৰিব পাৰোঁ। এইবিধ মাছৰ খেতি কৰাৰ সুবিধাসমূহ হ’ল-
ক) ১০ ছেন্টিমিটাৰ ডাঠ বোকামাটিৰ এটা তৰপ (ধাননিৰ বোকা হ’লে ভাল) একেবাৰে তলত দিব লাগে।
খ) ১০ ছেন্টিমিটাৰ ডাঠ পচন সাৰৰ (খেৰৰ পৰা প্ৰস্তুত কৰা) এটা তৰপ থাকিব লাগে, প্ৰথম তৰপৰ ওপৰত।
গ) তৃতীয় তৰপত এসপ্তাহ আগেয়ে কাটি থোৱা কলগছৰ শিপাৰ গুৰি ১০ ছেন্টিমিটাৰ ডাঠকৈ দিব লাগে।
ঘ) ১০ ছেন্টিমিটাৰ ডাঠকৈ গৰুৰ গোবৰ তৃতীয় তৰপৰ ওপৰত দিব লাগে।
ঙ) একেবাৰে ওপৰৰ তৰপত এফালে এঢলীয়াকৈ বোকা মাটিৰ তৰপ দিব লাগে।
ক) মাছৰ আকাৰ,
খ) মাছৰ মুঠ ওজন,
গ) বতৰৰ অৱস্থা, উষ্ণতা আদি। উষ্ণতা ২৩ ডিগ্ৰীৰ পৰা ৩০ ডিগ্ৰী ছেন্টিগ্ৰেড হ’ল ভাল।
কুচিয়া মাছে শামুক জাতীয় বস্তু খাদ্য হিচাপে গ্ৰহণ কৰে। গতিকে ধাননিত কুচিয়া মাছ পালন কৰিলে ধাননিডৰা শামুকৰ পৰা ৰক্ষা পৰে। এই মাছে জলজ পোক-পতংগ আদি খায়, যাৰ বাবে ধাননিডৰা বিভিন্ন ৰোগৰ পৰা ৰক্ষা পৰে। ধাননিত কুচিয়া পালন কৰাৰ বাবে ধানৰ উৎপাদন বৃদ্ধি পায়। অৱশ্যে কুচিয়াৰ মাটিত গাঁত খন্দা স্বভাৱৰ বাবে পাৰত গাঁত কৰাৰ বাবে ধাননিডৰাত পানীৰ পৰিমাণ কমি যাব পাৰে। সেয়ে সেই কথাটোত অলপ গুৰুত্ব দিব লাগিব।
ওপৰত আলোচনা কৰা ধৰণে আমি কুচিয়া মাছ চিমেন্টৰ টেংকী বা ধাননিত কৰিব পাৰোঁ। কুচিয়াৰ চাহিদা বজাৰত যিহেতু যথেষ্ট বেছি, সেয়ে এই খেতি কৰি আমাৰ অৰ্থনৈতিক ভেটি সবল কৰাৰ যথেষ্ট থল আছে।
লিখক: প্ৰতুল ডেকা, মীন বিষয়া, পাম পৰিচালনা প্ৰশিক্ষণ কেন্দ্ৰ।
শেহতীয়া উন্নীতকৰণ: : 7/11/2020
নাচপতি
এটা জিমেইল একাউন্টৰ ভিতৰতে একাধিক ঠিকনা কেনেকৈ বনো...
কুচিয়া পালনেৰে স্বাৱলম্বী বিপুল-পুৱাৰাম
লোক-বিশ্বাসত সাপ