ভাৰত এখন কৃষিপ্ৰধান দেশ। কৃষিক্ষেত্ৰত উন্নতিৰ জৰিয়তেহে দেশখনৰ অৰ্থনৈতিক অৱস্থাৰ উন্নতি হ’ব। ভাৰতৰ অৰ্থনীতিত কৃষিক্ষেত্ৰৰ ভূমিকা যেনেদৰে সুদূৰপ্ৰসাৰী, তেনেদৰে অসমৰ অৰ্থনৈতিক উন্নতিৰ বাবেও কৃষিক্ষেত্ৰৰ উন্নয়ন অতি দৰকাৰী। কৃষিক্ষেত্ৰৰ উন্নয়নত মীন ক্ষেত্ৰৰ ভূমিকা যথেষ্ট আছে। মীনক্ষেত্ৰত উন্নয়নৰ জৰিয়তে আমাৰ অৰ্থনৈতিক দিশ টনকিয়াল কৰিব পৰা যায়। আমাৰ দেশত মীন পালনৰ উন্নতিৰ হকে বিভিন্ন পন্থা হাতত লোৱা হৈছে। অসমতো বৰ্তমান বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰা হৈছে। অসমত বহু ঠাই আছে যিবিলাক ঠাই পানীৰে উপচি থাকে। প্ৰায়বিলাক ঠাইতে বানপানী হয়। বানপানীৰ সময়ত এই ঠাইবিলাকত ২-৩ মিটাৰ পৰ্যন্ত পানী হয়। বানপানীৰ সময়ত এনেদৰে পানীৰে ভৰা পৰা ঠাইসমূহতো আমি বাওধানৰ লগত মাছ পালন কৰিব পাৰোঁ। বিজ্ঞানীসকলে বাওধানৰ লগত মাছ পালনৰ এই সমন্বিত পদ্ধতিটোক আৱেষ্টনী পদ্ধতি(Enclosure system) বুলি কৈছে। এই পদ্ধতিত অতি দ ঠাই, য’ত পানী থাকে, তেনে ঠাইত চাৰিওফালে বাঁহৰ বান দি মাছ পালন কৰিব পৰা যায়। এই আৱেষ্টনী পদ্ধতিৰে ধানৰ লগত মাছ পালনৰ বাবে অতি কমেও ৪ কঠা মাটিৰ প্ৰয়োজন হয়। ইয়াৰ বাবে বাওখেতি হোৱা যথেষ্ট দ ঠাই উপযুক্ত। আৱেষ্টনী পদ্ধতিৰে বাওধানৰ লগত মাছ খেতি কৰিবৰ বাবে মাটিডৰাত কমেও ১-২ মিটাৰ পানী থকা উচিত। বানপানী হোৱা অঞ্চলত এই পদ্ধতি অৱলম্বন কৰিব পৰা যায় যদিও ৪-৫ মিটাৰলৈ পানী হোৱা মাটি উপযুক্ত নহয়। এই পদ্ধতিত খাৱৈ বা খাল খন্দাৰ প্ৰয়োজন নাথাকে। ধাননি পথাৰডৰাত চাৰিওফালে বাঁহৰ বান মজবুত গোজ আৰু কামিৰ সহায়ত হালি নপৰাকৈ স্থাপন কৰিব লাগে। বানখন মাটিত অতিকমেও ১০ ছেণ্টিমিটাৰ পোত খাই থাকিব লাগে। ইয়াত ধানৰ(বাওধান) বিভিন্ন জাতৰ ভিতৰত উচ্চ উৎপাদনক্ষম পি জে এন বি ৯৫-২, পি জে এন বি ৯৬-১০ আদি জাত উপযুক্ত। তদুপৰি নেঘেৰী বাও, পদ্মপাণি, পানী কেকোৱা, ৰূপহী, মাগুৰী, তৰাবাও আদি স্থানীয় জাতৰ খেতিও কৰিব পাৰি।
তালিকা-১
প্ৰজাতি |
শতকৰা হাৰ |
প্ৰতি হেক্টৰ |
প্ৰতি বিঘা |
বাহু |
১০ |
৬০০ |
৮০ |
ৰৌ |
৩০ |
১৮০০ |
২৪০ |
মিৰিকা |
২৫ |
১৫০০ |
২০০ |
কমন কাৰ্প |
৩৫ |
২১০০ |
২৮০ |
|
১০০ |
৬০০০ |
৮০০ |
তালিকা-২
প্ৰজাতি |
শতকৰা হাৰ |
প্ৰতি হেক্টৰ |
প্ৰতি বিঘা |
চিলভাৰকাৰ্প |
২০ |
১৬০০ |
২১৬ |
বাহু |
১০ |
৮০০ |
১০৮ |
ৰৌ |
২৫ |
২০০০ |
২৭০ |
মিৰিকা |
২০ |
১৬০০ |
২১৬ |
কমনকাৰ্প |
২৫ |
২০০০ |
২৭০ |
|
১০০ |
৮০০০ |
১০৮০০ |
খেতি মাটিডৰা ফেব্ৰুৱাৰী-মাৰ্চ মাহতে প্ৰস্তুতিৰ বাবে পথাৰত থকা বন-বাত পুৰি হালবাই ৰাখিব লাগে। মাৰ্চ-এপ্ৰিল মাহত প্ৰতি হেক্টৰত ৭৫ কিলোগ্ৰাম(১০.৫ কিলোগ্ৰাম/বিঘা) হাৰত বীজ সিঁচাৰ ৫-৭ দিন পিছত হেক্টৰে প্ৰতি ৩০ কিলোগ্ৰাম(৪ কিলোগ্ৰাম/বিঘা) হাৰত কাৰ্বফুৰাণ দৰব প্ৰয়োগ কৰিব লাগে। ধানে পোখা মেলাৰ সময়ত ৪ শতাংশ ইউৰিয়াৰ টপ ড্ৰেছিং কৰা হয়। সময়মতে নিৰণি কৰি থাকিলে ধাননিডৰা লহপহকৈ বাঢ়িবলৈ ধৰে।
পথাৰত/ ধাননিডৰাত ৫০ ছেণ্টিমিটাৰ পানী হ’লে পোনা মেলাৰ উপযুক্ত হয়। পোনাসমূহ ৫-৬ ইঞ্চি দৈৰ্ঘৰ হ’লে ভাল। আৱেষ্টনী পদ্ধতিত মাছৰ বাবে চূণ আৰু সাৰৰ প্ৰয়োজন নহয়। ইয়াত ৰৌ, বাহু, মিৰিকা আৰু কমনকাৰ্প এই চাৰি প্ৰজাতিৰ মাছৰ সংমিশ্ৰিত পদ্ধতি অৱলম্বন কৰা হয়। প্ৰতি হেক্টৰত ৬০০০টা(৮০০টা/বিঘা) মাছ বিভিন্ন হাৰত মেলিব লাগে। এই চাৰি প্ৰজাতিৰ লগত আমি ছিলভাৰ কাৰ্প মাছো মেলিব পাৰোঁ, যদি ধাননিডৰাত পানী বেছিকৈ থাকে অৰ্থাৎ দ হয়। আৱেষ্টনী পদ্ধতিত চাৰি প্ৰজাতিৰ পোনা সংমিশ্ৰণৰ হাৰ তালিকা-১ত দিয়া হ’ল।
আমি যদি ৫ প্ৰজাতিৰ মাছ সংমিশ্ৰণ কৰোঁ তেনেহ’লে প্ৰতি হেক্টৰত ৮০০০টা(১০৮০টা/বিঘা) মাছ পোনা দিব পৰা যায়। তালিকা-২ত ৫ প্ৰজাতিৰ মাছৰ সংমিশ্ৰণৰ নিৰিখ দিয়া হ’ল।
এই পদ্ধতিত মাছক প্ৰতিদিনে পৰিপূৰক খাদ্য যোগান ধৰিব লাগে। প্ৰতিদিনে চাউলৰ মল আৰু সৰিয়হৰ খলিহৈ ১:১ হিচাপত মিহলাই মাছৰ মুঠ ওজনৰ ৩ শতাংশ হাৰত যোগান ধৰিব লাগে।
এই পদ্ধতিত ধান কটাৰ পিছত যদি পথাৰত পানী কমি যায়, তেনেহ’লে চাৰিওফালে আলি বান্ধি পানী সিঁচি মাছ ধৰা হয়। মাছ ধৰি মাছসমূহ বিক্ৰীৰ ব্যৱস্থা কৰিব লাগে। ইয়াত প্ৰতি হেক্টৰ ধাননি পথাৰৰপৰা ৩,৫০০ কিলোগ্ৰাম ধান, ২,৫০০ কিলোগ্ৰাম খেৰ আৰু ৮০০ কিলোগ্ৰাম মাছ উৎপাদন কৰিব পৰা যায়। এই পদ্ধতিত শতকৰা হিচাপত আমি প্ৰায় ৩১ শতাংশ লাভ পাব পৰা যায়। এই পদ্ধতিত শতকৰা হিচাপত আমি প্ৰায় ৩১ শতাংশ লাভ পাব পাৰোঁ।
ধানৰ লগত মাছ খেতি অতি লাভজনক। আৱেষ্টনী পদ্ধতিত যিহেতু আমি মাছৰ বাবে বেলেগ চূণ, সাৰ আদি দিব নালাগে সেয়েহে আমাৰ ব্যয়ৰ মাত্ৰা কম হয়। লগতে আমি একেডৰা মাটিৰপৰা ধান, খেৰ পোৱাৰ উপৰি মাছ পাবলৈ সক্ষম হওঁ। অসমৰ যিহেতু বেছিভাগ ঠাই পানীৰেই পৰিপূৰ্ণ, সেয়েহে তেনে ঠাইবিলাকত বাওধানৰ লগত মাছ পালন কৰি লাভৰ হাৰ বৃদ্ধি কৰিব পৰা যায়। ইতিমধ্যে অসমৰ বিভিন্ন ঠাই- নগাঁও, কাছাৰ, হাজো আদি ঠাইত এই পদ্ধতিৰে মাছ পালন কৰি লাভাম্বিত হৈছে। আমাৰ আশা- আমাৰ মীনপালকসকলে এই পদ্ধতিৰে মাছ পালন কৰি ধানৰ লগতে মাছ উৎপাদন বৃদ্ধি কৰি অসমৰ অৰ্থনীতিত আমূল পৰিৱৰ্তন আনিবলৈ সক্ষম হ’ব।
লেখক: প্ৰতুল ডেকা(দৈনিক অসম)
শেহতীয়া উন্নীতকৰণ: : 3/5/2020