অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

উপযুক্ত আকাৰৰ মাছ পোনা : পৰৱৰ্তী বছৰৰ বাবে এই বছৰতে পালন কৰক

উপযুক্ত আকাৰৰ মাছ পোনা : পৰৱৰ্তী বছৰৰ বাবে এই বছৰতে পালন কৰক

পালন কৰা মাছৰ দৈহিক বৃদ্ধিৰ হাৰ পুখুৰী পানীৰ বিভিন্ন ভৌত ৰাসায়নিক গুণৰ ওপৰত নিৰ্ভলশীল। এনে গুণাগুণৰ ভিতৰত পানীৰ উষ্ণতাৰ তাৰতম্যই মাছৰ উৎপাদনত প্ৰত্যক্ষ প্ৰভাৱ পেলায়। পুখুৰীৰ অৱস্থান, জলবায়ু, ঋতু, বতৰ আৰু অন্যান্য গুণাগুণ অনুযায়ী পানীৰ উষ্ণতাৰ তাৰতম্য ঘটে। এই তাৰতম্য এক অনুকূল পৰিসীমাৰ মাজত থাকিলেহে মাছৰ দৈহিক বৃদ্ধি তথা স্বাভাৱিক জৈৱিক প্ৰক্ৰিয়াসমূহ সূচাৰুৰূপে সম্পন্ন হ’ব পাৰে। বিভিন্ন প্ৰজাতিৰ মাছৰ বাবে প্ৰয়োজনীয় পানীৰ অনুকূল উষ্ণতা বিভিন্ন হয়।

ৰৌ, বাহু, মিৰিকা, গ্ৰাছকাৰ্প, চিলভাৰকাৰ্প, কমনকাৰ্প আদি কাৰ্পসমমুহৰ বাবে অনুকূল পানীৰ উষ্ণতা হ’ল ২৬-৩২ ডিগ্ৰী চেলচিয়াচ। এই উষ্ণতাত কাৰ্পসমূহৰ দৈহিক বৃদ্ধি ক্ষিপ্ৰতম হয়। অসমত মাৰ্চ মাহৰ পৰা চেপ্তেম্বৰ মাহলৈকে বছৰটোৰ ৭ মাহ কালহে পানীৰ উষ্ণতা এই অনুকূল পৰিসীমাৰ ভিতৰত থাকে। সেয়ে, উচ্চ উৎপাদন পাবৰ বাবে বছৰটোৰ এই সময়চোৱাকে এইবোৰ মাছৰ উপযুক্ত পালন কাল বুলি ক’ব পৰা যায়। এই অনুসৰি অসমৰ পুখুৰীত মাৰ্চ-এপ্ৰিল মাহতে মাছৰ পোনা মেলিব পাৰিলেহে উপযুক্ত পালন কালৰ লাভ উঠাব পৰা যায়। কিন্তু প্ৰায়োগিক দিশত এইটো কৰিবলৈ যাওঁতে মীন পালকসকলে সন্মুখীন হোৱা প্ৰধান সমস্যা হ’ল অসমত মাৰ্চ-এপ্ৰিল মাহত এইবোৰ মাছৰ উপযুক্ত আকাৰৰ (১০-১৫ ছে:মি: দৈৰ্ঘৰ) মাছৰ পোনা উপলব্ধ নহয়। অসমত পৰিৱেশজনিত কাৰণত কাৰ্পসমূহৰ প্ৰজনন কাল মে’ মাহৰ পৰাহে আৰম্ভ হয়। সেয়ে পুখুৰীত মেলিবৰ বাবে উপযুক্ত আকাৰৰ পোনা জুন-জুলাই মাহৰ পৰাহে পোৱাটো সম্ভৱ হয়।
এই সমস্যাৰ সামাধানৰ বাবে বিজ্ঞানীসকলে এক বিজ্ঞানসন্মত কৌশল প্ৰস্তুত কৰি উলিয়াইছে। কৌশলটো হ’ল অহা বছৰ পালনৰ বাবে এই বছৰৰ পোনাৰ মজুতকৰণ। ইয়াৰ মূল বিষয়বস্তু হৈছে, অহা বছৰৰ মাৰ্চ-এপ্ৰিল মাহত পুখুৰীত মেলিবৰ বাবে চলিত বছৰৰ শেহতীয়া মাছৰ পোনা সৰু পুখুৰীত উচ্চ হাৰত পৰিপূৰক আহাৰৰ যোগান ধৰি প্ৰতিপালন কৰি ৰখা। ব্যৱসায়িকভিত্তিক মীন পালনত উচ্চ উৎপাদন পাবৰ বাবে এই কৌশল অনুকৰণ কৰাটো অতি উপযোগী বুলি বিবেচিত হৈছে। 
এই কৌশল প্ৰয়োগৰ বাবে মীন পামৰ মাছ উৎপাদনৰ মূল পুখুৰীৰ লগতে পোনা প্ৰতিপালনৰ বাবে সৰু পুখুৰী বা নাৰ্চাৰী নিৰ্মান কৰা প্ৰয়োজন। প্ৰতি দুবিঘা (০.২৮ হেক্টৰ) পানী কালিৰ এটা মূল পুখুৰীৰ বাবে প্ৰায় আধা কঠা (০.০১ হেক্টৰ) পানীকালিৰ এটা প্ৰতিপালন পুখুৰীৰ আৱশ্যক হয়। মূল পুখুৰীৰ দৰেই এই পুখুৰীটোও উপযুক্ত ঢাল ৰাখি প্ৰায় ১ মিটাৰ গভীৰ কৰি খান্দিব লাগে। পুখুৰীৰ প্ৰস্তুতিৰ অন্যান্য পদক্ষেপসমূহ যেনে, অপ্ৰয়োজনীয় উদ্ভিদ, মাছ আদি আঁতৰাই পুখুৰীটো পৰিষ্কাৰ কৰি লোৱা; উপযুক্ত নিৰিখত চূণ আৰু সাৰ প্ৰয়োগ আদি সংমিশ্ৰিত পালন পদ্ধতিত অনুমোদিত বিধি মতে যথাযথভাৱে কৰি ল’ব লাগে। প্ৰস্তুত কৰি লোৱা পুখুৰীটোত চলিত বছৰ আগষ্ট-চেপ্তম্বৰ মাহত উৎপাদিত মাছৰ পোনা প্ৰতি হেক্টৰ পানী কালিত ১,০০,০০০ (এক লাখ) টা নিৰিখত মেলা উচিত। অৰ্থাৎ প্ৰতি ০.০১ হেক্টৰ পানী কালিত ১০,০০০ টা পোনা মেলিব পৰা হয়। ইয়াৰে ২৫% ৰৌ, ২৫% বাহু, ৩৩% মিৰিকা আৰু ১৭% গ্ৰাচ কাৰ্পৰ পোনা মেলিব লাগে, যাতে মূল পুখুৰীত মেলিবৰ সময়ত উপযুক্ত হাৰত সংমিশ্ৰণ কৰিব পৰা যায়। পৰিপূৰক আহাৰ হিচাপে মাছৰ পোনাখিনিৰ মুঠ দৈহিক ওজনৰ ০.৫% ৰ সম পৰিমাণৰ চাউলৰ মল প্ৰতি দুদিনৰ মূৰে মূৰে পুখুৰীত প্ৰয়োগ কৰিব লাগে। উপযুক্ত প্ৰতিপালনেৰে হানি-বিঘিনি নোহোৱাকৈ ৰাখিলে, এটা ০.০১ হেক্টৰ কালিৰ পুখুৰীত মজুত কৰি ৰখা পোনা, এটা দুবিঘা কালিৰ পুখুৰীত মেলিবৰ বাবে যথেষ্ট হয়।

সংমিশ্ৰিত কাৰ্প পালনৰ অনুমোদিত পদ্ধতি অনুযায়ী চিলভাৰ কাৰ্পৰ পোনা আনবোৰ প্ৰজাতিৰ পোনা মেলাৰ দুমাহ পিছতহে মেলা হয়। অৰ্থাৎ এই প্ৰজাতিৰ পোনা মাৰ্চ-এপ্ৰিল মাহত নেমেলি জুন-জুলাই মাহতহে মেলিব লাগে। মেলাৰ সময়ত একে বছৰতে উৎপাদিত উপযুক্ত আকাৰৰ পোনা সহজে পোৱা যায় বাবে এই প্ৰজাতিৰ মাছৰ পোনা আগৰ বছৰৰ পৰা মজুত কৰি ৰখাৰ আৱশ্যক নাই। 
কমন কাৰ্প প্ৰজাতিৰ মাছে জানুৱাৰী-ফেব্ৰুৱাৰী মাহত প্ৰজনন কৰে। সেয়ে মাৰ্চ-এপ্ৰিল মাহত মেলিবৰ বাবে একে বছৰত উৎপাদিত পোনাই উপযুক্ত হৈ উঠে। গতিকে এই প্ৰজাতিৰ পোনাও আগৰ বছৰৰ পৰা মজুত কৰি ৰখাৰ প্ৰয়োজন নাই।

সুস্থ সৱল সঠিক আকাৰৰ পোনাই হ’ল মীনপামৰ উচ্চ উৎপাদনৰ বাবে মূল উপাদান। উদ্যোগী মীনপালকসকলে উল্লিখিত পদ্ধতিৰে নিজৰ পামতে সঠিক সময়ত মেলিব পৰাকৈ উপযুক্ত পোনা উৎপাদন কৰি, উপযুক্ত সময়জুৰি পালন কৰি অতি কম মূলধনৰ বিনিয়োগেৰে দুগুণ উৎপাদন লাভ কৰিব পাৰে।

লেখিকা: ড° বিভা চেতীয়া বৰা

উৎস: সেউজ চিন্তা

শেহতীয়া উন্নীতকৰণ: : 3/16/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate