অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

গুণগত মানৰ মাগুৰ আৰু শিঙি মাছৰ পোনা উৎপাদন

গুণগত মানৰ মাগুৰ আৰু শিঙি মাছৰ পোনা উৎপাদন

আমৰংগা মীন পামৰ সফলতা

স্বাদ, পৰিপুষ্টি, বজাৰ দৰ, চাহিদা আৰু গ্ৰহণযোগ্যতাৰ দিশৰপৰা মাগুৰ আৰু শিঙি মাছ তুলনাবিহীন। অসমৰ জনসাধাৰণৰ অতিকৈ প্ৰিয় এই মাছ দুবিধ সম্পৰ্কে বিতং ব্যাখ্যা আগবঢ়োৱাটো নিশ্চয় নিষ্প্ৰয়োজন। বায়ুশ্বাসী এই দুবিধ মাছে অতিৰিক্ত শ্বসনাংগৰ সহায়ত পানীৰ বাহিৰতো বহু সময় জীয়াই থাকিব পাৰে। পৰ্যাপ্ত পৰিপুষ্টি আৰু লো, তাম আদি মৌলৰ প্ৰাচুৰ্যতাৰ বাবে মাছবিধ ৰোগীৰ উৎকৃষ্ট পথ্য। সততে খাল, বিল, তৰাং জলাশয় আদি প্ৰাকৃতিক জলভাণ্ডাৰত উপলভ্য এই দুবিধ মাছ প্ৰাকৃতিক জলাশয়ত ক্ৰমাৎ কমি অহাটো পৰিলক্ষিত হৈছে। মাছ দুবিধৰ পালন প্ৰযুক্তি সৰলীকৃত আৰু মানকৃত হৈ উপস্থাপিত হৈছে যদিও মাছ দুবিধৰ পোনা ঠাওকতে উপলব্ধ নহয়। কেইবাজনো প্ৰগতিশীল মীন পোনা উৎপাদকে মাগুৰ মাছৰ পোনা উৎপাদন কৰিবলৈ সক্ষম হৈছে যদিও ভ্ৰূণ পোনাৰপৰা আঙুলি জোখৰ পৰ্যায়লৈ পৰ্যবসিত কৰোতে মধ্যৱৰ্তী সময়ত প্ৰায় ৮০-৯০ শতাংশ পোনাই মৃত্যুমুখত পৰে। গতিকে স্বাভাৱিকতে এই মাছ দুবিধ পালনৰ বাবে পোনা উপলভ্যত আহি পৰে এক অবাঞ্ছিত সমস্যা। তদুপৰি এতিয়ালৈ যিকেইজন পোনা উৎপাদকে মাগুৰ পোনা উৎপাদন কৰিছে তেওঁলোকে কৃত্ৰিম প্ৰজনন পদ্ধতিত পৈণত মতা মাছটোৰ শুক্ৰকীটথলীটো কাটি আনি গাভিনী মাইকীজনীৰপৰা পেট চেপা পদ্ধতিৰে কণীখিনি উলিয়াই শুক্ৰাণুখিনিৰ লগত নিষেচিত কৰে। অৰ্থাৎ এই পদ্ধতিত মতা মাছটোৰ মৃত্যু অৱশ্যম্ভাৱী। মানৱীয় দৃষ্টিকোণেৰে এইটো কিমান সমীচীন সেয়া এক বিচাৰ্যৰ বিষয়। এনে এক পটভূমিত সম্পূৰ্ণ নিজৰ উদ্ভাৱনী চিন্তা আৰু অভিজ্ঞতাৰ সমাহাৰেৰে মতা মাছটিৰ কোনো ক্ষতি নকৰাকৈ পোনা উৎপাদন কৰি আশাৰ সঞ্চাৰ কৰিছে মীন বিভাগৰ আমৰংগা মীন পোনা পামৰ কাৰিকৰী তত্ত্বাৱধায়ক ৰবেন দাস (৯৮৬৪৯৩০৮০২) আৰু সহকাৰী দীনেশ দাসৰ নেতৃত্বত এদল কৰ্মঠ বিষয়া-কৰ্মচাৰীয়ে। বিগত দুবছৰ ধৰি বিভিন্ন পৰীক্ষা-নিৰীক্ষাৰ অন্তত পদ্ধতিটো সৰলীকৃত আৰু মানকৃত কৰা হৈছে। অত্যন্ত ফলপ্ৰসূ এই পদ্ধতিত ভ্ৰূণ পোনাৰপৰা ফ্ৰাই বা আঙুলি জোখলৈ পোনা পৰ্যবসিত কৰোতে মৃত্যুৰ সংখ্যা তেনেই নগণ্য হয়। তদুপৰি পোনাখিনিৰ গুণগত মান বহু ওপৰত। এই পদ্ধতিত এপ্ৰিল-মে’ মাহত ১৫০-২০০ গ্ৰাম ওজনৰ প্ৰজননক্ষম মাছখিনি নিৰ্দ্দিষ্ট হিচাপত ৰাখি সমতুল্য পৰিপুষ্ট আহাৰ যোগান আৰু অন্যান্য পানীৰ গুণাগুণ পৰিমিত হিচাপত নিয়ন্ত্ৰণ কৰি মাছখিনিৰ পৰিচৰ্যা কৰা হয়। তাৰ পিছত জুন-জুলাই মাহত এযোৰ প্ৰজনন উপযোগী মতা আৰু মাইকী মাছ সংগ্ৰহ কৰি এটা অপেক্ষাকৃতভাৱে বহল মুখৰ পাত্ৰত কিছু সময় থোৱা হয়। আন এটা প্লাষ্টিকৰ পাত্ৰত তিনি লিটাৰ পানী লৈ তাত দুই মিলিলিটাৰ ইথাইল এলক’হল নাৰ চেতনানাশক দৰৱ মিহলাই মাছ দুটি তালৈ স্থানান্তৰ কৰা হয়। ৩-৫ মিনিটমান পিছত মাছ দুটা চেতনাহীন হৈ পৰিলে ০.৪ মিলিলিটাৰ/১০০ গ্ৰাম নিৰিখত অভাপ্ৰিম হৰমন বেজী দি ৩×২×২ ঘন ফুট আকাৰৰ পকী চৌবাচ্ছা এটাত ১ফুট গভীৰলৈ পানী ৰাখি মাছ দুটি এৰি দিয়া হয়। কিছু সময়ৰ অন্তত চেতনাপ্ৰাপ্ত হোৱাৰ পিছত মাছ দুটাই যোৰ বান্ধি খেলিবলৈ আৰম্ভ কৰে আৰু প্ৰায় ২৪ ঘণ্টা মানৰ ব্যৱধানত মাইকীজনীয়ে কণী এৰিবলৈ আৰম্ভ কৰে; যিবোৰ মতাটোৱে শুক্ৰাণু এৰি নিষিক্ত কৰে। এইখিনি সময়ত কণীবোৰ সন্তোষজনকভাৱে নিষেচিত হ’বলৈ নিৰৱিচ্ছিন্নভাৱে কমকৈ কৃত্ৰিম পানীৰ সোঁত আৰু বাতন যন্ত্ৰৰ সহায়ত অম্লজানৰ যোগান সুনিশ্চিত কৰা হয়। এইদৰে ২৪ ঘণ্টা মান থকাৰ পিছত কমলাৰঙৰ কণীবোৰ ফাটি পোৱালি হয় আৰু ৪৮-৭২ ঘণ্টাৰ পিছত ভ্ৰূণ পোনাবোৰৰ চলাচল আৰম্ভ হয়। প্ৰথম তিনিদিনমান ভ্ৰূণ পোনাবোৰক বজাৰত পোনা জীয়ন খাদ্য ‘আটিমিয়া’ বা সিজোৱা কণীৰ কুহুম ২-৩ বাৰ প্ৰদান কৰা হয়। পৰৱৰ্তী ৪ দিনৰপৰা ১৫ দিনলৈ প্ৰাণীপ্লৱক খুৱাই ভ্ৰূণখিনি ২-২.৫ ছে.মি. দৈৰ্ঘ্যলৈ পৰ্যবসিত কৰি ফ্ৰাই পোনা প্ৰস্তুত কৰা হয়। এইখিনি কাম কৰা হয় সৰু সৰু নাৰ্চাৰী পুখুৰীত। নাৰ্ছাৰী পুখুৰীবোৰত ২-৩ ফুট পানী থাকে আৰু পোনাবোৰক ইয়াত প্ৰাণীপ্লৱক, আটা, শুকান মাছৰ গুৰি, বাদামগুৰি আদি লাড়ু কৰি যোগান ধৰা হয়। এইখিনিক ১৫ দিন পাছত উঠাই আকৌ ন-পুখুৰীত পৰৱৰ্তী ২০ দিনমানৰ বাবে পালন কৰি প্ৰায় আঙুলিজোপাৰ পৰ্যায়লৈ পৰ্যবসন কৰা হয়। এইখিনি সময়ত উল্লিখিত খাদ্যখিনিৰ উপৰি শামুকৰ কোমল অংশ, অলাগতিয়াল মাছৰ গুৰি আদি সিজাই দিয়া হয়। বৰ্তমান পামখনত পৰ্যাপ্ত পৰিমাণৰ মাগুৰ আৰু শিঙি মাছৰ পোনা মজুত আছে। আমৰংগা মীন পামৰ এই গতিশীল কাম-কাজক তত্ত্বাৱধানেৰে নেতৃত্ব প্ৰদান কৰিছে যুটীয়া মীন সঞ্চালক সত্যজিত শৰ্মা(৯৪৩৫১৬০৪১৪), কামৰূপৰ জিলা মীন উন্নয়ন বিষয়া সুভাষ দত্ত(৯৪৩৫৪২৪২৫৪), কামৰূপৰ মহকুমা মীন উন্নয়ন বিষয়া পজিৰউদ্দিন আহমেদ (৯৪৩৫৩০৬৫১৫) আদি বিষয়াই। আমৰংগা মীন পামৰ কাৰিকৰী বিষয়া ৰবেন দাস আৰু সহকাৰী দীনেশ দাসৰ এই সাফল্যই ৰাজ্যৰ মীন খণ্ডলৈ কঢ়িয়াই আনিছে ন দিগন্তৰ বতৰা। অলপতে মীন পামখনৰ প্ৰাংগনত যুটীয়া মীন সঞ্চালক সত্যজিৎ শৰ্মাই জনোৱা মৰ্মে আমৰংগা মীন পামৰ মাগুৰ/শিঙি মাছৰ পোনা উৎপাদনৰ এই সফলতা ৰাজ্যৰ চুকে-কোণে লৈ যাবলৈ তেওঁলোকে প্ৰয়াস অব্যাহত ৰাখিছে। তেওঁ ৰাজ্যৰ আগ্ৰহী মীনপালকসকলক পামখনৰপৰা উচিত মূল্যত মাগুৰ/শিঙি মাছৰ পোনা সংগ্ৰহ কৰি পালন কৰিবলৈ আহ্বান জনাইছে। তদুপৰি এই পামত ইচ্ছুকসকলৰ বাবে ব্যৱহাৰিক প্ৰশিক্ষণ প্ৰদানৰ ব্যৱস্থা আৰু মীনপালকৰ পুখুৰীৰ পানী বিনামূলীয়াকৈ পৰীক্ষা কৰি যাৱতীয় নিদান দিয়াৰো ব্যৱস্থা কৰা হৈছে। এই সকলোখিনিৰ সুবিধা গ্ৰহণ কৰিবলৈ যুটীয়া মীন সঞ্চালক সত্যজিত শৰ্মাই ৰাজ্যবাসীক অনুৰোধ জনাইছে। ৰাজ্যৰ মীন সঞ্চালক তথা অসম অসামৰিক সেৱাৰ জ্যেষ্ঠ বিষয়া স্বপন কুমাৰ দাসেও সততে আমৰংগা মীন পাম পৰিদৰ্শন কৰি বিষয়া-কৰ্মচাৰীসকলক উৎসাহিত কৰি আহিছে। তেও পামখনক ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত এক আদৰ্শ গৱেষণা-শিক্ষা-উৎপাদন আৰু সম্প্ৰসাৰণৰ উৎকৰ্ষ কেন্দ্ৰ হিচাপে গঢ়ি তুলিবলৈ প্ৰচেষ্টা লোৱা হ’ব বুলি জানিবলৈ দিয়ে। মাগুৰ/শিঙি মাছৰ পোনা উৎপাদনৰ লগতে আলংকৰিক মাছৰ পোনা উৎপাদনৰ ক্ষেত্ৰতো পামখনে বিশেষ সফলতা লাভ কৰাত তেওঁ সন্তোষ প্ৰকাশ কৰে। উল্লেখযোগ্য যে আমৰংগা মীন পামত অতি সফলভাৱে বিভিন্ন আলংকৰিক মাছৰ পোনা উৎপাদনো হয়। তেওঁ মীন বিভাগৰ তৰফৰপৰা বিভিন্ন সুবিধা গ্ৰহণ কৰিবলৈ সংশ্লিষ্ট সকলোকে অনুৰোধ জনাইছে। আপুনিও আমৰংগা মীন পামৰপৰা মাগুৰ/শিঙি মাছৰ পোনা সংগ্ৰহ কৰি লাভৱান হ’ব পাৰে।

লিখক: ড° ধ্ৰুৱজ্যোতি শৰ্মা, দৈনিক অসম।

শেহতীয়া উন্নীতকৰণ: : 3/11/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate