অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

মাছৰ বেমাৰ আৰু প্ৰতিকাৰৰ উপায়

মাছ এবিধ শীতলৰক্তী মেৰুদণ্ডী প্ৰাণী । যিয়ে ফুলৰ দ্বাৰা উশাহ-নিশাহ লয় । জলক্লোম বা ফুলেৰে উশাহ-নিশাহ লওঁতে দূষিত পানীৰ দ্বাৰা ই সহজে আক্ৰান্ত হ’ব পাৰে । মাছৰ বেমাৰ লক্ষণ অনুযায়ী বিভিন্ন প্ৰকাৰৰ হ’ব পাৰে-

  • পৰিৱেশজনিত বেমাৰ
  • সংক্ৰমণজনিত বেমাৰ
  • পুষ্টিজনিত বেমাৰ
  • পুখুৰীৰ দুৰ্বল প্ৰস্তুতকৰণ আৰু ব্যৱস্থাপনাৰ বাবে হোৱা বেমাৰ
  • ই ইউ এছ বেমাৰ

পৰিৱেশজনিত বেমাৰ -

পুখুৰীৰ পানীৰ পৰিৱেশ নষ্ট হ’লে এই বেমাৰ হয় । উদাহৰণস্বৰুপে পানীত থকা দ্ৰৱীভূত অম্লজান বেছি হ’লে ছালৰ তলত গেছৰ বুদবুদ হয় । এই বেমাৰ সাধাৰণতে ভ্ৰূণ পোনাৰ ক্ষেত্ৰতহে হয় । আনহাতে পানীৰ অম্লজান কমি গ’লে মাছৰ জলক্লোম শেঁতা পৰে আৰু মাছবোৰ ওপৰলৈ উঠি কাপ কাপ কৰে । তেনে অৱস্থাত পানীত নামি বাঁহেৰে পানীখিনি কোবাই দিব লাগে , তেনে কৰিলে বায়ুমণ্ডলৰ অম্লজান পানীত মিহলি হৈ পানীত অম্লজানৰ পৰিমাণ বঢ়ায় । Aerator ব্যৱহাৰ কৰি অম্লজানৰ পৰিমাণ বঢ়াব পাৰি ।

টান জালেৰে পুখুৰীটোৰ পানী তল-ওপৰ কৰি দিব লাগে । পুখুৰীৰ পানীত পি এইচৰ মান কমি গ’লেও পৰিৱেশজনিত ৰোগ হয় । শেলাইৰ আৱৰণ হ’লেও পুখুৰীৰ মাছ শ্বাসৰুদ্ধ বেমাৰত ভুগিব পাৰে । এইক্ষেত্ৰত ছিলভাৰ কাৰ্প মাছ ৫০০ টা ৫০০ গ্ৰাম ওজনৰ প্ৰতি হেক্টৰ পানীকালিত এৰিলে সুফল পোৱা যায় । ইয়াৰ উপৰি পানীৰ গভীৰতা, উষ্ণতা, অবিলতা আদিৰ কাৰনেও পৰিৱেশজনিত ৰোগ হ’ব পাৰে ।

সংক্ৰমিত বেমাৰ -

কেতিয়াবা কিছুমান মাছ কিছুমান ক্ষুদ্ৰাতিতম অনিষ্টকাৰী জীৱাণুৰ দ্বাৰা আক্ৰান্ত হয় আৰু তেতিয়াও সিহঁতৰ বেমাৰ হয় । উদাহৰণস্বৰুপে-

বেক্টেৰিয়া :- বেক্টেৰিয়াৰ দ্বাৰা আক্ৰান্ত হৈ মাছৰ ড্ৰপছী, ছেপটিচেমিয়া নামৰ বেমাৰ হয় । এই বেমাৰ হ’লে পটাছিয়াম পাৰমাংগানেট ১ পি পি এম পানীত প্ৰয়োগ কৰিব লাগে ।

কেতিয়াবা মাছৰ পাখি আৰু ফিছা পচা বেমাৰ হোৱা দেখা যায় । এই বেমাৰৰ ফলত পাখিত বগা আঁচ পৰে আৰু পাখি আৰু ফিছা ছিঙি পৰে । এই বেমাৰৰ প্ৰতিকাৰ হিচাপে ১:২০০০ কপাৰ ছালফেট দ্ৰৱত ১ ৰ পৰা ২ মিনিট সময় মাছটো ৰাখি আকৌ পুখুৰীত মেলিব লাগে ।

  • ভেঁকুৰ :- ভেঁকুৰৰ দ্বাৰা আক্ৰান্ত হৈ মাছৰ কেতবোৰ বেমাৰ হয় । এই বেমাৰত মাছৰ দেহ মটীয়া ৰঙৰ হয় আৰু কপাহৰ দৰে থোপা বান্ধে । এই লক্ষণত 0.1 ppm malachite green প্ৰয়োগ কৰা হয় । Branchiomycesis    বেমাৰত জলক্লোম পচে আৰু মুগা পৰে । এই বেমাৰত ০.১ পি পি এম কপাৰ ছালফেট প্ৰয়োগ কৰা হয় ।
  • আদ্যপ্ৰাণীৰ দ্বাৰা :- চকুৰে মনিব নোৱাৰা এককোষী জীৱানু কিছুমানৰ দ্বাৰা আক্ৰান্ত হৈ কেতিয়াবা মাছৰ বেমাৰ হয় । উদাহৰণস্বৰুপে Costiasis বেমাৰ, Costia  নামৰ আদ্যপ্ৰাণীৰ দ্বাৰা আক্ৰান্ত হৈ হয় । এই বেমাৰৰ লক্ষণ হ’ল জলক্লোম মুগা পৰে আৰু ছালত ৰঙা দাগ হয় । তেতিয়া এনে মাছ ৩% নিমখৰ দ্ৰৱণত ১৫ মিনিটমান থৈ আকৌ পানীত মেলি দিলে উপশম হয় ।
  • কৃমিৰ দ্বাৰা :- কৃমিৰ দ্বাৰা আক্ৰান্ত হৈ মাছৰ বেমাৰ হয় । বিশেষকৈ Gyrodactylus আৰু Dactylogyrus  নামৰ কৃমিৰ দ্বাৰা মাছৰ ক্ৰমে Gyrodactylosis আৰু Dactylogyrosis নামৰ বেমাৰ হয় । Gyrodactylosis    বেমাৰত মাছৰ শ্লেষ্মা বেছি হয়, বাকলি সৰে আৰু গাত ঘা হয় । এনেকুৱা লক্ষণ দেখিলে ৫-১০ পি পি এম পটাছিয়াম পাৰমাংগানেটৰ দ্ৰৱণ ত ১ ৰ পৰা ২ ঘণ্টা ৰাখি আকৌ মেলি দিব লাগে ।

দ্বিতীয় প্ৰকাৰৰ বেমাৰত মাছৰ জলক্লোম উখহে, ৰঙা পৰে আৰু তেজ ওলায় । এনেকুৱা হ’লে সেই মাছৰ ২০০-২৫০ পি পি এম ফৰ্মেল ডিহাইডৰ দ্ৰৱত ৩ ৰ পৰা ৫ মিনিট সময় ৰাখি আকৌ পুখুৰীত মেলি দিব লাগে ।

  • সন্ধিপদী প্ৰাণীৰ দ্বাৰা :-  Argulus  নামৰ প্ৰাণীৰ দ্বাৰা আক্ৰান্ত হৈ Argulosis বেমাৰ হয় । গাত ৰঙা দাগ আৰু ফোঁহা হয় আৰু Argulus  নামৰ ওকণি পোৱা যায় । এই বেমাৰৰ প্ৰতিষেধক হিচাপে ক্লিনাৰ ৩০ মি: লি: প্ৰতিবিঘাৰ পুখুৰীত বোকাৰ লগত মিহলি কৰি ঠায়ে ঠায়ে লাড়ু কৰি দিব লাগে । পুখুৰীত ঠায়ে ঠায়ে ডাল থকা বাঁহৰ আগ পুতি দিব লাগে ।
  • বলয়দেহী প্ৰাণীৰ দ্বাৰা :- এই বেমাৰত Piscicola   নামৰ এবিধ প্ৰাণীৰ দ্বাৰা আক্ৰান্ত হয় । এই বেমাৰত মাছৰ দেহ ৰক্তহীন আৰু অস্থিৰ হয় । দেহত জোক হয় । এই বেমাৰ নিবাৰণৰ বাবে আক্ৰান্ত মাছটো শতকৰা ২ ভাগ চূণৰ পানীত ডুবাই আকৌ এৰি দিব লাগে ।

পুষ্টিহীনতাজনিত বেমাৰ -

মাছৰ এই বেমাৰ প্ৰ’টিন, কাৰ্ব’হাইড্ৰেট, শৰ্কৰা, খনিজ পদাৰ্থ আৰু ভিটামিনৰ অভাৱত হয় । সেয়ে এই পুষ্টিজাতীয় দ্ৰব্যৰ অভাৱ পূৰণ কৰিব পাৰিলেই এই বেমাৰৰ দ্বাৰা প্ৰতিকাৰ পোৱা যায় ।

পুখুৰীত দুৰ্বল প্ৰস্তুতকৰণ আৰু ব্যৱস্থাপনা -

মাছ পুখুৰীত মেলাৰ আগতে অপতৃণ নিবাৰণ, মাংসভোজী আৰু অদৰকাৰী মাছ অপসাৰণ, নিৰিখ মতে সাৰ আৰু চূণ প্ৰয়োগ, অনিষ্টকাৰী কীট-পতংগ নিবাৰণ আদি আৰু মাছ পুখুৰীত মেলাৰ পাছত ব্যৱস্থাপনাৰ কামবিলাক পৰ্যায়ক্ৰমে সূচাৰুৰুপে কৰিলে মাছৰ কেতিয়াও বেমাৰ হ’ব নোৱাৰে ।

ই ইউ এছ বেমাৰ -

মাছৰ বেমাৰৰ ভিতৰত ই ইউ এছ বেমাৰেই অতি ভয়াৱহ, অনিষ্টকাৰী আৰু মহামাৰী । এই বেমাৰত আক্ৰান্ত মাছবোৰে অস্বাভাৱিক ধৰণে পানীত সাঁতুৰিব ধৰে । দেহৰ যিকোনো ঠাইতে ৰঙা দাগ হৈ সেই ঠাইতে ঘা হয় । আক্ৰান্ত বংশ পচে আৰু খহি পৰে । বিশেষকৈ অক্টোবৰ-নৱেম্বৰৰ পৰা মাৰ্চ-এপ্ৰিললৈকে এই বেমাৰৰ ব্যাপকতা বেছি । সেয়েহে মাছ খেতিয়ক ৰাইজ এই সময়ত বিশেষভাৱে সাৱধান তথা সতৰ্ক হ’ব লাগে ।

  • এই বেমাৰৰ প্ৰতিষেধক হিচাপে ২৫-৫০ গ্ৰাম পটাছিয়াম পাৰমাংগানেট ৫০ লিটাৰ পানীত মিহলাই আক্ৰান্ত মাছবোৰ ১-২ মিনিট ডুবাই আকৌ পানীত এৰি দিব লাগে ।
  • নিমখ ২-৩ কেজি ১০০ লিটাৰ পানীত মিহলি কৰি তাত মাছবোৰ ২-৩ মিনিট ডুবাই পুখুৰীত এৰি দিব লাগে । সম্ভৱ হ’লে আক্ৰান্ত ঠাইত সাধাৰণ নিমখ ঘঁহি পানীত পুনৰ এৰি দিব লাগে ।
  • CIFAX নামৰ ঔষধ পুখুৰীত প্ৰয়োগ কৰি সুফল পোৱা যায় । সাধাৰণতে ১ লিটাৰ পানীত ১০ মি: লি: চিফেক্স মিহলাই পুখুৰীৰ পানীত ছটিয়াই দিব লাগে ।
  • ছুক্ৰিনা ডব্লিউ এছ নামৰ ঔষধ ১০ লিটাৰ প্ৰতি হেক্টৰ প্ৰতি মিটাৰ গভীৰতা হিচাপত পুখুৰীত প্ৰয়োগ কৰিলেও সুফল পোৱা যায় ।

ৰাসায়নিক দৰব, কীটনাশক ঔষধ -

আমাৰ দেশত বৰ্তমান কীটনাশক ঔষধ যথেষ্ট পৰিমানে বজাৰত বিক্ৰী হোৱা দেখা যায় । বহু মীনপালকে আগ-পিছ নাভাবি ডি ডি টি, গেমাক্সিন, এল’ড্ৰিণ, ডি এল’ড্ৰিণ ইত্যাদি মাৰাত্মক কীটনাশক ঔষধ মাছৰ পুখুৰীত প্ৰয়োগ কৰি মাছ মৰা বা মাছ ধৰা দেখা যায় । কীটনাশক ঔষধ প্ৰয়োগ কৰি মাছ মাৰিলে বা ধৰিলে পুখুৰীটোৰ পানী নষ্ট হোৱাৰ লগতে তাৰ ওচৰৰ পৰিৱেশো নষ্ট হয় । পাছৰ বছৰত এনেবোৰ পুখুৰীৰ পৰা মাছৰ কোনো উৎপাদন আশা কৰিব নোৱাৰি । এনেবোৰ কীটনাশক দৰবৰ বেয়া গুণ থকা কাৰণে এইবোৰ ব্যৱহাৰৰ পৰা বিৰত থাকিব লাগে । আমাৰ দেশত এনেবোৰ কীটনাশক ঔষধ জধে-মধে ব্যৱহাৰ কৰাৰ ফলত বৰ্তমান বহু ভাল মাছৰ প্ৰজাতি প্ৰায় বিলুপ্ত হ’ব ধৰিছে । সেয়েহে কীটনাশক ঔষধ পুখুৰীত প্ৰয়োগৰ পৰা বিৰত থাকক ।

উৎস : অসমীয়া খবৰ

শেহতীয়া উন্নীতকৰণ: : 3/18/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate