অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

মাছ পালন:

মাছ পালন:

 

মোৱা মাছ পালন:

 

আমাৰ পুখুৰীত জন্ম হোৱা সৰু সৰু মাছবোৰৰ পুষ্টিগত গুণ যথেষ্ট বেছি। সংমিশ্ৰিত মাছ খেতিৰ সময়ত প্ৰায়ে অলাগতিয়াল বুলি ভবা এই সৰু সৰু মাছ মোৱা, পুঠি, খলিহনা আদি মাছৰ পুষ্টিগত গুণ যথেষ্ট বেছি। আমাৰ গাঁৱত বাস কৰা দৰিদ্ৰ জনসাধাৰণক এই মাছবোৰে প্ৰ’টিন যোগান ধৰাত উল্লেখযোগ্য বৰঙণি যোগায়। এই সৰু সৰু মাছবোৰৰ ভিতৰত মোৱা মাছ(বৈজ্ঞানিক নাম) এক অতি গুৰুত্বপূৰ্ণ মাছ। ইয়াৰ দেহত কেলচিয়াম, জিংক, আইৰণ আৰু ফেটি এচিড থাকে। এই মাছ গৰ্ভৱতী মহিলা আৰু কেঁচুৱাৰ মাতৃৰ বাবে অতি গুৰুত্বপূৰ্ণ খাদ্য হিচাপে বিবেচিত হৈ আহিছে। এইধৰণৰ মাছৰপৰা পোৱা কেলচিয়ামৰ পৰিমাণ গাখীৰৰপৰা পোৱা কেলচিয়ামৰ সমপৰ্যায়ৰ হয়।

মীন বিজ্ঞানত মাছৰ পোনা উৎপাদনৰ বাবে হেচ্চাৰীৰ ব্যৱহাৰৰ পিছত এই সৰু সৰু মাছবোৰ আমাৰ পুখুৰীত অলাগতিয়াল মাছ হিচাপে ধৰি লোৱা আৰম্ভ হ’ল। ফলত পুখুৰীত এই মাছবোৰৰ সংখ্যা দিনক দিনে কমি আহিবলৈ ধৰিলে। এটা সময়ত আমাৰ পুখুৰীত উভৈনদী হৈ থকা এই মাছবোৰ ৰৌ, বাহু, মিৰিকা মাছ আদিৰ উৎপাদনে নগন্য কৰি তুলিলে। ইয়ে আমাৰ পুখুৰীৰ জৈৱ-বৈচিত্ৰ্যতো সুদূৰ প্ৰসাৰী প্ৰভাৱ পেলালে।

বৰ্তমান অৱশ্যে বিজ্ঞানীসকলে এইক্ষেত্ৰত পুনৰ বিবেচনা কৰিবলৈ লৈছে। বাংলাদেশত এইক্ষেত্ৰত বিভিন্ন পৰীক্ষা-নিৰীক্ষা চলাইছে। বাংলাদেশত কাৰ্প মাছৰ লগত মোৱা মাছৰ সংমিশ্ৰিত পদ্ধতিত পালন কৰি ভাল ফলাফল পোৱা গৈছে। মোৱা মাছৰ কাৰ্প মাছৰ লগত পালনৰ জৰিয়তে পুখুৰীৰ উৎপাদন যথেষ্ট বৃদ্ধি পায়। তদুপৰি মোৱা মাছে পুখুৰীত কেইবাবাৰো কণী দিয়ে গতিকে ইয়াৰ সংখ্যাও যথেষ্ট বৃদ্ধি হয়। এই মাছবিধ আমাৰ মানুহৰ প্ৰিয় আৰু ইয়াৰ বজাৰত চাহিদা যথেষ্ট বেছি। ইয়াৰ মূল্য বজাৰত্ ৰৌ, বাহুতকৈ বেছি। গতিকে এই মাছবিধৰ উৎপাদনক আমাৰ দৰিদ্ৰ জনসাধাৰণৰ বাবে অতিৰিক্ত আয় হিচাপে গণ্য কৰিব পাৰি। কাৰণ ইয়াৰ উৎপাদন আমাৰ পুখুৰীতেই হয়। বিজ্ঞানীসকলে পৰীক্ষা কৰি মত প্ৰকাশ কৰিছে যে যদি আমি কাৰ্প মাছৰ লগত মোৱা মাছ পালন কৰো, তেনেহ’লে পুখুৰীৰ উৎপাদন প্ৰায় দুগুণ হয়। অৰ্থাৎ এটা পুখুৰীত অকলে কাৰ্প মাছ পালন কৰি যদি ৩০০০ কিলোগ্ৰাম মাছ পোৱা হয়, তেনেহ’লে সেই পুখুৰীত মোৱা মাছৰ সৈতে পালন কৰিলে ৫,৫০০ কিলোগ্ৰাম উৎপাদন পাবলৈ সক্ষম হোৱা যায়। ইয়াৰে ভিতৰত প্ৰায় ১০০০ কিলোগ্ৰাম মোৱা মাছ উৎপাদন হ’ব।

বিজ্ঞানৰ ভাষাত চাইপ্ৰিণিফৰমিছ বৰ্গৰ চাইপ্ৰিনিডে পৰিয়ালৰ অন্তৰ্গত এই স্বদেশী সৰু জাতৰ মোৱা মাছবিধ ব্যৱসায়িক দিশৰপৰা যথেষ্ট লাভদায়ক হয়। মোৱা মাছে পুখুৰীত কণী পাৰি বছৰেকত কেইবাবাৰো পোৱালী দিয়ে বাবে উৎপাদনৰ হাৰ যথেষ্ট বৃদ্ধি হয়। অন্য কাৰ্পজাতীয় মাছৰ লগত এই মাছবিধৰ সংমিশ্ৰণ কৰিলে আমি ইয়াক বছৰেকত ৩-৪ বাৰ বিক্ৰী কৰিব পাৰোঁ। ৰৌ বা বাহূ মাছক বছৰেকত এবাৰ বিক্ৰী কৰাৰ পৰিৱৰ্তে এই মাছবিধক মাজে মাজে বিক্ৰী কৰি থাকি পুখুৰীৰ বাবে লগা খৰচ উলিয়াব পৰা যায়। যিহেতু বছৰেকত যিকোনো সময়তে এইবিধ মাছৰ চাহিদা বজাৰত থাকে, সেয়েহে আমাৰ মীনপালকসকলে ইয়াৰপৰা যথেষ্ট লাভ পাবলৈ সক্ষম হয়। এইবিধ মাছৰ আন এক সুবিধা হ’ল- এই মাছবিধ জীৱিত বা সতেজ অৱস্থাত খোৱাৰ উপৰি শুকান মাছ প্ৰস্তুত কৰি খাব পাৰি। তদুপৰি এই মাছবিধৰ আলংকাৰিক মাছ হিচাপেও চাহিদা আছে। এই মাছবিধ নৈ, বিল, পুখুৰী, নলা, ধাননিপথাৰ আদিত বহুলভাৱে বসতি কৰে।

কাৰ্প মাছৰ লগত এই মোৱা মাছ পালন কৰিলে মুঠ মাছৰ ওজনৰ ৩ শতাংশ হাৰত খাদ্য যোগান ধৰিব লাগে। পৰিচালনাৰ দিশত সংমিশ্ৰিত পদ্ধতিত ব্যৱহাৰ কৰাৰ দৰে চূণ, সাৰ আদি প্ৰয়োগ কৰিব লাগে। সাৰ হিচাপে কেঁচা গোবৰ(জৈৱিক সাৰ) আৰু অজৈৱিক সাৰ হিচাপে ইউৰিয়া, ছিংগল ছুপাৰ ফচফেট ব্যৱহাৰ কৰা হয়। মোৱা মাছ থকা পুখুৰীত চাউলৰ মল খাদ্য হিচাপে ব্যৱহাৰ কৰা হয়। মোৱা মাছ থকা পুখুৰীত চাউলৰ মল খাদ্য হিচাপে ব্যৱহাৰ কৰা হয়। এই পুখুৰীত থকা গ্ৰাছকাৰ্পৰ বাবে বেলেগকৈ ঘাঁ-বন, গছৰ পাত ব্যৱহাৰ কৰিব লাগে। যিহেতু এই মাছবিধে পুখুৰীতে কণী পাৰি পোৱালি যোগায়, সেয়ে পুখুৰীত মাছৰ ঘনত্ব বৃদ্ধিয়ে বিৰূপ প্ৰভাৱ যাতে পেলাব নোৱাৰে, তাৰ বাবে মাজে মাজে জাল মাৰি এই মাছৰ সংখ্যা কমাব লাগে। গাভিনী মাছবোৰ বিক্ৰী কৰাৰ ব্যৱস্থা কৰিব লাগে। পুখুৰীৰপৰা ছিলভাৰ কাৰ্প মাছ বিক্ৰী কৰাৰ ব্যৱস্থাও কৰিব লাগে। কিয়নো ৫-৭ মাহত ছিলভাৰ কাৰ্প মাছ মাছবিধো ৭০০ গ্ৰামৰপৰা এক কিলোগ্ৰাম পৰ্যন্ত হ’ব। গতিকে কিছুসংখ্যক মাছ কমাই দিলে অইন প্ৰজাতিৰ মাছৰ বৃদ্ধি খৰতকীয়া হ’ব আৰু অক্সিজেন নাটনিও নহ’ব।

অসমৰ মানুহৰ প্ৰায় ৯৫ শতাংশই মাছ খাই ভাল পায়। ইয়াৰ ভিতৰত সৰহসংখ্যক মানুহে সৰু সৰু প্ৰজাতিৰ স্বদেশী মাছ খায়। আমাৰ ৰাজ্যৰ প্ৰতিঘৰ মানুহৰ ঘৰত থকা পুখুৰীত যদি ডাঙৰ মাছৰ লগে লগে সৰু মাছৰ উৎপাদন হয়, তেনেহ’লে ইয়ে আমাৰ চাহিদা পূৰণত যথেষ্ট বৰঙণি যোগাব। গাঁৱৰ দুখীয়া লোকসকলেও অতি সহজে পুষ্টিদায়ক খাদ্য খাবলৈ সক্ষম হ’ব। কিয়নো এই সৰু সৰু মাছবোৰত থকা ভিটামিন-এৰ পৰিমাণ অন্য ডাঙৰ ৰৌ, বাহু মাছৰ তুলনাত যথেষ্ট বেছি হয়। উত্তৰ-পূৰ্বাঞ্চল তথা অতীজৰেপৰা এই মাছৰ ভঁৰাল আছিল, কিন্তু দিন বাগৰাৰ লগে লগে আমাৰ মানুহৰ মানুহৰ কিছু ভূল পদক্ষেপে তাৰ পৰিমাণ কমাই আনিছে। গতিকে বৰ্তমান আকৌ এইক্ষেত্ৰত মনোনিৱেশ কৰিবৰ সময় হয়। আমাৰ আশা, আমি এইক্ষেত্ৰত কৃতকাৰ্য হ’ব পাৰিম।

 

তুল্যকালীন পদ্ধতিৰে ধানৰ লগত মাছ পালন:

 

বৰ্ষকালীন পদ্ধতিৰে ধানৰ লগত মাছ খেতি কৰা সম্পৰ্কে ইয়াৰ আগেয়ে আলোচনা কৰা হৈছে। বৰ্ষকালীন পদ্ধতিত আহু আৰু শালি দুইটা খেতি কৰিব পৰা যায়। আমি এই নিবন্ধত অকল শালি খেতিৰ সমন্বয়ত মাছ পালন সম্পৰ্কে আলোচনা কৰিম। যদি আপোনাৰ ঘৰত থকা মাটিডৰাৰ গভীৰতা কম অৰ্থাৎ মজলীয়া হয় আৰু পানী অৱধাৰণ ক্ষমতা থকা মাটি হয়, তেনেহ’লে সেই মাটিডৰাত ধানৰ লগত মাছ খেতি কৰিব পাৰি। শালি খেতিৰ ক্ষেত্ৰত প্ৰযোজ্য এই পদ্ধতিটোক তুল্য৭কালীন(Sychronous system) পদ্ধতিৰে মাছ পলন বুলি নামকৰণ কৰা হৈছে। এই সমন্বিত পদ্ধতিৰ বাবে ৪ কঠা মাটি হ’লেই যথেষ্ট হ’ব। এই পদ্ধতিৰ বাবে মাছৰ কাৰণে খাৱৈ অথবা পুখুৰী খন্দা হয়। এই খাৱৈ বা পুখুৰী খান্দোতে যিখিনি মাটি পোৱা হয়, সেইখিনি খেতিডৰাৰ চাৰিওফালে দি বান্ধ প্ৰস্তুত কৰা হয়। বান্ধটোৰ উচ্চতা মুঠ পানীৰ উচ্চতাতকৈ ৬০ ছেন্টিমিটাৰ ওপৰত হ’ব লাগে। মাছৰ জিৰণিৰ বাবে খন্দা খাৱৈৰ গভীৰতা ৫০ ছেন্টিমিটাৰ আৰু প্ৰস্থ ৬০ ছেন্টিমিটাৰ হ’লেই যথেষ্ট। যদি আপোনাৰ খেতি কৰা মাটিডৰা ৪ কঠাৰ হয়, তেনেহ’লে তাক সমানে চাৰিভাগ কৰিব লাগে। অৰ্থাৎ মাটিডৰাৰ মাজত খাৱৈ খান্দিব লাগে আৰু চাৰিওফালে খাৱৈৰ ব্যৱস্থা কৰিব লাগে। এই খাৱৈৰ প্ৰস্থ ৩০ ছেন্টিমিটাৰ আৰু গভীৰতা ৩০ ছেন্টিমিটাৰ হ’ব লাগে। দুকঠা মাটিৰ বাবে দীঘে বা পথালিয়ে এটা খাৱৈ হ’লেই হয়। তাতকৈ কম মাটিত মাজৰ খাৱৈ নালাগে।

মাটিডৰাৰ অৱস্থান অনুসৰি খাৱৈৰ সলনি খাল বা পুখুৰী খান্দিও তুল্যকালীন পদ্ধতিত শালিখেতিৰ লগত মাছ পালন কৰিব পাৰি। মাছৰ জিৰণিৰ বাবে ব্যৱহাৰ কৰা এই পুখুৰী বা খাল পদ্ধতিটোক তুল্যকালীন আশ্ৰয় পুখুৰী পদ্ধতি বুলি কোৱা হয়। আশ্ৰয় পুখুৰীৰ গভীৰতা ১.৫ মিটাৰ হ’ব লাগে। পুখুৰীটোৰ পাৰ ৰাখিব নালাগে। মাটিডৰাৰ দুই কাষে ৯০ ছেন্টিমিটাৰ বহল আৰু ৯০ ছেন্টিমিটাৰ দ এটা খাৱৈ খনন কৰি পুখুৰীটোৰ সম্প্ৰসাৰণ কৰা হয়।

তুল্যকালীন পদ্ধতিত ৪ কঠা মাটিৰ প্ৰায় ৬৫ বৰ্গমিটাৰ ঠাই খেতিৰ বাবে ব্যৱহৃত হয়। ধান খেতিৰ বাবে পথাৰ প্ৰস্তুতিৰ লগে লগে খাৱৈ/পুখুৰী মাছ পালনৰ বাবে উপযুক্ত কৰি ল’ব লাগে। খাৱৈ বা পুখুৰীত সংমিশ্ৰিত পদ্ধতিত ব্যৱহাৰৰ লেখীয়াকৈ চূণ, গোবৰ, সাৰ আদি নিৰ্দিষ্ট সময়ৰ ব্যৱধানত প্ৰয়োঘ কৰিব লাগে। মাছৰ লগত ধান খেতি কৰিলে ধানৰ জাত ভাল হোৱা উচিত, অৰ্থাৎ অতি ওখ, উচ্চ উৎপাদনক্ষম, শকত গা-গছযুক্ত শালিধানৰ বিভিন্ন প্ৰকাৰৰ সঁচ ব্যৱহাৰ কৰিব পাৰিলে ভাল। ধান সিঁচাৰ ১৫ দিন পিছত খাৱৈ/পুখুৰীত মাছ মেলিব লাগে। কিয়নো ধানে সজালো ধৰাৰ পিছত মাছ মেলিলে ধাননি ডৰাৰ গুৰি মাছে খুচৰি দি্যাৰ ফলত সি বাহিৰৰপৰা খনিজ লৱন আদি লোৱাত সহায়ক হয়। তুল্যকালীন পদ্ধতিৰে ধানৰ লগত মাছ পালন কৰিলে মন কৰিবলগীয়া কথাটো হ’ল- মাছ পোনাসমূহ উচ্চ উষ্ণতা, ঘোলা, বাম পানীত বাঢ়িব পৰা প্ৰজাতিৰ হ’ব লাগে। পানীৰ নিম্নস্তৰত বাস কৰা কমন কাৰ্প, ভাঙোন, মিৰিকা মাছৰ উপৰি মাগুৰ, শিঙি, কাৱৈ আদি বায়ুশ্বাসী মাছ এই পদ্ধতিৰ বাবে উপযোগী। বায়ুশ্বাসী মাছ ব্যৱহাৰ কৰিলে মাটিডৰাৰ চাৰিওফাল প্ৰয়োগ কৰা বান্ধৰ ওপৰত বাঁহৰ বান বা নাইলনৰ জাল ব্যৱহাৰ কৰিব লাগে। কাৰণ এই মাছবোৰে মাটিত বগাই যাব পাৰে। প্ৰতি হেক্টৰত ১০,০০০টা(১৩৩০টা/বিঘা) বিভিন্ন প্ৰজাতিৰ মাছ মেলিব লাগে। মাছৰ খাদ্য হিচাপে চাউলৰ মল আৰু খেলিহৈ ১:১ অনুপাতত মিহলাই লাডু কৰি মাছৰ সম্ভাব্য ওজনৰ ৩ শতাংশ হাৰত মাছক যোগান ধৰিব লাগে। পানীৰ গুণাগুণ নিয়ন্ত্ৰিত ৰাখিবলৈ ০.১ হেক্টৰৰ জ্বাবে প্ৰতি মাহত ১.৫ কিলোগ্ৰাম চূণ পানীত পাতলকৈ মিহলি কৰি তাক চাৰিওফালে ছটিয়ায় দিব লাগে। ধানৰ কিবা বেমাৰ হ’লে ধানত কীটনাশক দৰব প্ৰয়োগ কৰাৰ সময়ত বিশেষজ্ঞৰ পৰামৰ্শ ল’ব লাগে।

যদি ধান কটাৰ আগেয়ে বাপিছত পথাৰত পানী কমি যায় তেনেহ’লে খাৱৈ/পুখুৰীৰপৰা মাছবোৰ উঠাই দিয়াৰ ব্যৱস্থা কৰিব লাগে। মাছৰ ওজন ৭৫০ গ্ৰাম হ’লে তাক বিক্ৰীৰ ব্যৱস্থা কৰিব লাগে। বিক্ৰীৰ উপযুক্ত নোহোৱা মাছখিনি অন্য পুখুৰীত মেলাৰ ব্যৱস্থা কৰিব লাগে। এই পদ্ধতিত পানী কমি যোৱাৰ পিছত মাছত ই ইউ এছ(মাছৰ ঘাঁ মহামাৰী) হ’ব পাৰে। সেয়েহে সময় থাকোতে উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিব লাগে।

তুল্যকালীঞ্জ পদ্ধতিত ০.১ হেক্টৰ একোটা গোটৰপৰা বছৰি প্ৰায় ৩২০ কিলোগ্ৰাম ধান,ক ৪০০ কিলোগ্ৰাম খেৰ আৰু ৯০-১০০ কিলোগ্ৰাম মাছহ পোৱা যায়। ইয়াৰ সঞ্চালন ব্যয়ৰ ওপৰত ১০৫ শতাংশ লাভ হয়।

আমাৰ অসমত এনেদৰে ধানখেতি কৰিব পৰা মাটি যথেষ্ট আছে। ধাননিডৰা যদি পানী থকা হয়, তেনেহ’লে তুল্যকালীন পদ্ধতিৰে আশ্ৰয় পুখুৰী খান্দি মাছ পালন কৰিলে আমি লাভাম্বিত হ’ব পাৰিব।

অলপ কষ্ট কৰি আমি শালখেতিৰ লগত মাছ পালন কৰিলে আমাৰ মাছৰ উৎপাদন বৃদ্ধিৰ লগে লগে ধানৰ উৎপাদনো বাঢ়িব। গতিকে একেডৰা মাটিৰপৰা একে সময়তে আমি ধান আৰু মাছ দুয়োটাই পাবলৈ সক্ষম হ’ম। মাছৰ উৎপাদনত অলপ হ’লেও বৰঙণি যোগাব।

লেখক:প্ৰতুল ডেকা(দৈনিক অসম)

শেহতীয়া উন্নীতকৰণ: : 12/27/2021



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate