অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

অন্নদাতা সুখী ভৱ

সবলীকৰণ

উৎপাদন আৰু উৎপাদনশীলতা বৃদ্ধিৰ হেতু ক্ষমতাৰ উৎকৰ্ষ সাধন

  • প্ৰধানমন্ত্ৰীৰ কৃষি সিঞ্চন যোজনাৰ জৰিয়তে অগভীৰ নলী-নাদ আৰু অন্যান্য জলসিঞ্চন তথা জল বিভাজন ব্যৱস্থাৰে প্ৰতিখন খেতিপথাৰলৈ পানীৰ যোগান।
  • দীন দয়াল উপাধ্যায় গ্ৰাম্য জ্যোতি যোজনাৰ জৰিয়তে গাঁওসমূহৰ বিদ্যুতীকৰণ। এক লাখ ‘ছলাৰ পাম্প’ সংস্থাপনৰ বাবে অনুমোদন।
  • ভূমিৰ উৰ্বৰতা বৃদ্ধিত সহায়ক হোৱাকৈ ‘ছইল হেলথ কাৰ্ড’।
  • নীমৰ প্ৰলেপযুক্ত ইউৰিয়াৰ ব্যৱহাৰ- ‘নতুন ইউৰিয়া নীতি’ আৰু উৎপাদন বৃদ্ধিৰ লক্ষ্যৰে পূব-ভাৰতত সাৰ কাৰখানাসমূহৰ পুন:জীৱিতকৰণ।
  • ঋণ প্ৰাপ্তিৰ সুবিধা নিশ্চিত কৰাৰ বাবে কৃষি ঋণৰ লক্ষ্য ৮.৫ লাখ কোটি টকালৈ বৃদ্ধি।
  • ম’বাইল সেৱাৰ মাধ্যমত ৫৫০ কোটিতকৈ অধিক এছ এম এছৰ জৰিয়তে প্ৰায় ১ কোটি কৃষকক পৰামৰ্শ প্ৰদান।
  • ‘কিষাণ টিভি’-বতৰৰ তৎকালীন বতৰা তথা কৃষি সন্দৰ্ভীয় বিভিন্ন শেহতীয়া তথ্য, সফলতাৰ কাহিনী ইত্যাদিৰে কৃষকৰ বাবে সমৰ্পিত ২৪×৭ টিভি চেনেল

সমৃদ্ধি

কৃষি প্ৰণালীক উজ্জীবিত আৰু ফলপ্ৰসূ কৰি সমৃদ্ধি সুনিশ্চিত কৰাৰ লক্ষ্য

  • পৰম্পৰাগত কৃষি বিকাশ যোজনাৰ জৰিয়তে জৈৱিক কৃষি প্ৰণালীৰ প্ৰতি উদগণি।
  • ৰাজ্যসমূহৰ সৈতে মিলি ৰাষ্ট্ৰীয় কৃষি বজাৰৰ স্থাপন।
  • কুঁহিয়াৰ খেতিয়কসকলৰ সুবিধাৰ বাবে ইথানল ব্লেণ্ডিং ২৫% বৃদ্ধি কৰাৰ লগতে আমদানি শুল্কৰ হাৰ বৃদ্ধি।
  • কৃষকৰ স্বাৰ্থ আৰু হিত সুনিশ্চিত কৰাৰ বাবে ‘বিশ্ব বাণিজ্য সংস্থা’ত দৃঢ় স্থিতি গ্ৰহণ

সাহাৰ্য্য

বিপদৰ সময়ত সহায়ৰ হাত

  • নষ্ট হোৱা শস্যৰ বাবদ ক্ষতিপূৰণ ডেৰ গুণে বৃদ্ধি
  • সাহাৰ্য্য লাভৰ বাবে নিৰ্ধাৰিত ক্ষতিৰ পৰিমাণ ৫০% ৰ পৰা ৩৩% লৈ হ্ৰাস।
  • শস্য আহৰণৰ বাবে নিৰ্ধাৰিত নীতি-নিৰ্দেশনাৰ শিথিলকৰণ
  • ঋণ ব্যৱস্থাৰ পুন:বিন্যাস আৰু নতুন সময়সীমা নিৰ্ধাৰণ
  • ডিজেলৰ ছাবছিডিৰ লগতে বীজৰ ছাবছিডি ৫০% বৃদ্ধি।

উৎস: দৈনিক অসম।

শেহতীয়া উন্নীতকৰণ: : 3/16/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate