খেতিত সঠিক পৰিমাণত আৰু সঠিক ব্যৱহাৰৰ বাবে কেন্দ্ৰীয় চৰকাৰে ক্ষুদ্ৰ জলসিঞ্চনৰ বাবে এই আঁচনি প্ৰৱৰ্ত্তন কৰিছে। এই আঁচনিৰ অধীনত গছে প্ৰতি টোপাল হিচাবত (Drip)আৰু সিচঁৰিত (Sprinkler) জলসিঞ্চনৰ কৌশল ব্যৱহাৰ কৰা হয়। এই আঁচনি ১ এপ্ৰিল ২০১৫ ইং চনৰ পৰা কাৰ্য্যকৰী কৰা হৈছে। অসমত এই আঁচনি ২০১৪-১৫ চনৰ পৰা ৰুপায়ণ কৰা হৈছে। এই আঁচনিৰ ৫৫% ধন চৰকাৰে বহন কৰাৰ বিপৰীতে ৪৫% ধন কৃষকে বহন কৰিব লাগে।
হিতাধিকাৰীয়ে কেনেকৈ সুবিধা পাব: আগ্ৰহী কৃষকে এই আঁচনিৰ সুবিধা ল’বৰ বাবে স্থানীয় কৃষি বিষয়াৰ জৰিয়তে জিলা কৃষি বিষয়ালৈ আবেদন কৰিব লাগিব। এই আঁচনিৰ সবিশেষ জানিবৰ বাবে-www.pmksy.gov.in website চাব পাৰে।
উৎস: ৰাইজৰ বাতৰি
শেহতীয়া উন্নীতকৰণ: : 2/20/2024