অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

শূন্য সুতত শস্য ঋণ আঁচনি :

শূন্য সুতত শস্য ঋণ আঁচনি :

 

অসম কৃষিপ্ৰধান ৰাজ্য। অসমৰ অৰ্থনীতি মূলতঃ কৃষিৰ ওপৰত নিৰ্ভৰশীল। ৰাজ্যৰ অৰ্থনীতিলৈ কৃষকসকলৰ বৰঙনি অপৰিসীম। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন চৰকাৰখনে শাসনলৈ অহাৰ পিছৰ পৰাই কৃষকসকলৰ আৱশ্যকতাসমূহ দূৰ কৰিবলৈ বিশেষ দৃষ্টি প্ৰদান কৰিছে। কৃষকসকলৰ সামগ্ৰিক উন্নয়নৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰখনে কৃষি তথা কৃষক উন্নয়নৰ বাবে ভালেমান পদক্ষেপ গ্ৰহণ কৰিছে। শেহতীয়াকৈ ৰাজ্যৰ কৃষকসকললৈ সহায়ৰ হাত আগবঢ়োৱাৰ উদ্দেশ্য আগত ৰাখি ৰাজ্য চৰকাৰে শূন্য সুতত শস্য ঋণ আঁচনি ৰূপায়ণ কৰিছে। মূলতঃ কৃষিকৰ্মৰ বাবে কৃষকসকলৰ ঋণৰ ক্ষেত্ৰত সকাহ প্ৰদানৰ উদ্দেশ্য আগত লৈ ৰাজ্য চৰকাৰে উক্ত আঁচনিখন ৰূপায়ণ কৰিছে। উক্ত শূন্য সুতত শস্য ঋণ আঁচনিৰ অধীনত কৃষকসকলক ০ শতাংশ সুতৰ হাৰত এক লাভ টকা পৰ্যন্ত শস্য ঋণ আগবঢ়োৱা হয়। এই আঁচনিৰ অধীনত কৃষকসকলে ঋণ লোৱা মুঠ ধনখিনিহে পৰিশোধ কৰিব লাগে। এই আঁচনিখন ৰাজ্যৰ কৃষিখণ্ডত ব্যাপক পৰিৱৰ্তন অনাৰ লগতে কৃষকসকলে সহায়ক হ’ব। আঁচনিখনৰ বিষয়ে বিতংভাৱে জানিবলৈ কৃষি বিভাগৰ কাৰ্যালয়ৰ সৈতে যোগাযোগ কৰক।

উৎস: ৰাইজৰ বাতৰি

শেহতীয়া উন্নীতকৰণ: : 4/23/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate