অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

কৃষি

কৃষি

ক্ষুদ্ৰ জলসিঞ্চনৰ বাবে ৰাষ্ট্ৰীয় অভিযান

২০১০ চনৰ জুন মাহৰ পৰা অভিযান হিচাপে এন.এম.এম. আই. প্ৰৱৰ্ত্তিত কৰা হৈছে। পানীৰ ব্যৱহাৰৰ দক্ষতা বৃদ্ধি কৰিবলৈ, শস্যৰ উৎপাদনশীলতাৰ বৃদ্ধি কৰিবলৈ আৰু কৃষকৰ আয় বৃদ্ধি কৰিবলৈ চৰকাৰৰ মূখ্য আঁচনিসমূহ যেনে নেচনেল ফুড চিকিউৰিটি মিছন (এন.এফ.এছ.এম), ইনট্ৰিগেটেড স্কীম অফ অইল চীড, পালচেছ, অইল পাম এণ্ড মেইজ (আই.এছ.অ.পি.অ.এম), টেকন’লজি মিছন অন কটন (টি.এম.চি.) আদিত থকা ক্ষুদ্ৰ জলসিঞ্চনৰ কাৰ্য্যকলাপসমূহ এন.এম.এম.আই.ৰ ক্ষুদ্ৰ জলসিঞ্চনৰ লগত লগ লগাই সমৃদ্ধ কৰা হৈছে। নতুন নীতি নিৰ্দ্দেশনাই পানী ব্যৱহাৰৰ দক্ষতা বঢ়াব, শস্যৰ উৎপাদনশীলতা বঢ়াব আৰু মাটিৰ খাৰীয়তা আৰু পানী জমা হৈ থকা বিষয়সমূহৰ প্ৰত্যুত্তৰ দিব।

আঁচনিখনৰ মূখ্য বিষয়সমূহ:

  • ভাৰত চৰকাৰৰ অংশীদাৰীত ক্ষুদ্ৰ আৰু উপান্ত কৃষকসকলে ৬০ শতাংশ আৰু আন হিতাধিকাৰীসকলে ৫ হেক্টৰ মাটিলৈকে ৫০ শতাংশ ৰাজসাহাৰ্য্য পাব।
  • ক্ষুদ্ৰ জলসিঞ্চনৰ অগ্ৰগামী প্ৰযুক্তিবিদ্যাৰ নতুন নতুন বিষয় যেনে আংশিক স্থায়ী স্প্ৰীংলাৰ চিষ্টেম, ফাৰটিগেচন চিষ্টেম, চেণ্ড ফিল্টাৰ, বিভিন্নধৰনৰ ভাল্ব আদিৰ অৱতাৰনা কৰা।
  • জিলাৰ সলনি ৰাজ্যিক ৰূপায়নকাৰী সংস্থাসমূহলৈ কেন্দ্ৰৰ অংশ মূকলাই দিয়া।

বহু ঠাই জুৰি অধিক খেতি কৰাৰ বাবে আঁচনিখনত দক্ষতা সম্পন্ন বিলিকৰণ ব্যৱস্থাপনা আছে যিটোৱে হিতাধিকাৰীসকলক, পঞ্চায়ত, ৰাজ্যিক ৰূপায়নকাৰী সংস্থা, পঞ্জীয়নকৃত যোগান ধৰা ব্যৱস্থা আদিৰ মাজত সমন্বয় ৰক্ষা কৰে।

দেশখনত এন.এম. এম.আই দক্ষতাপূৰ্ণভাৱে প্ৰয়োগ কৰিবলৈ নেচনেল কমিটি অন প্লাষ্টিকালচাৰ এপ্লিকেচন অন হৰটিকালচাৰ (এন.চি.পি.এ.এইচ) এ নডেল এজেঞ্চি হিচাপে প্ৰয়োজনীয় নীতিৰ সুবিধা কৰি দিয়ে। এন.চি.পি.এ.এইচ এ ২২ খন প্ৰিচিছন ফাৰ্মিং ডেভেপমেন্ট চেন্টাৰসমূহ (পি.এফ.ডি.চি)ৰ প্ৰদৰ্শন আৰু প্ৰিচিছন ফাৰ্মিং পদ্ধতিৰ সৰ্বমুঠ উন্নতি অৰু দেশখনত উচ্চমানৰ প্ৰযুক্তিৰ সাধাৰণ প্ৰয়োগ পাৰদৰ্শিতাৰে পৰ্য্যাবেক্ষণ কৰে।

ৰাষ্ট্ৰীয় কৃষি বিকাশ যোজনা

ৰাষ্ট্ৰীয় কৃষি বিকাশ যোজনা একাদশ পৰিকল্পনাৰ সময়চোৱাত কৃষি ক্ষেত্রত বার্ষিক ৪ শতাংশ বৃদ্ধিৰ আশা কৰে, ফলত কৃষি আৰু আনুসংগিক বিভাগবোৰৰ উন্নতি সাধন কৰে।

পৰিকল্পনাটোৰ উদ্দেশ্য

  • কৃষি আৰু আনুসংগিক ক্ষেত্রত ৰাজ্যৰ বিনিয়োগক উত্সাহ দিয়া।
  • কৃষি পৰিকল্পনাৰ লগতে তাৰ বাস্তবায়নৰ ক্ষেত্রত স্বায়ত্ব শাসন আৰু নমনীয়তা প্রদান কৰা।
  • ৰাজ্য আৰু জিলাৰ ক্ষেত্রত কৃষি পৰিকল্পনাক তৈয়াৰ কৰা আৰু নিশ্চয়তা প্রদান কৰা।
  • গুৰূত্বপূর্ণ শষ্যৰ ক্ষেত্রত একাধিক উত্পাদিত শষ্যৰ মাজত দুৰত্ব কমাই লক্ষ্য পাবগৈ লাগে।
  • খেতিয়কসকলক সর্বাধিক লাভ দিব লাগে।
  • কৃষি আৰু তাৰ লগত সম্পর্কীয় আন আন ভাগবিলাগক একেটা সুত্রত সদায় বান্ধিলৈহে আলোচনা কৰিব লাগে।

ৰাষ্ট্ৰীয় কৃষি বিকাশ যোজনাৰ প্রাথমিক বিষয়সমূহ

  • এইটো ৰাজ্যৰ এটা আঁচনি
  • ৰাষ্ট্ৰীয় কৃষি বিকাশ যোজনাত অর্ন্তভূক্তি হবলৈ হ’লে ৰাজ্যক পৰিকল্পনাৰ খৰচ যেনে কৃষি তাৰ লগত যুক্ত থকা আন আন খৰচ জাৰি ৰাখিব লাগিব বা আগবঢ়াব লাগিব।
  • বুনিয়াদী খৰচৰ সীমাটো ঠিক কৰা হয় তিনি বছৰত ৰাজ্য চৰকাৰৰ গঢ় খৰচৰ ঠিক আগৰ বছৰৰ ওপৰত নির্ভৰ কৰি।
  • জিলা আৰু ৰাজ্য কৃষি পৰিকল্পনা তৈয়াৰী কৰাটো বাধ্যতামূলক।
  • এই আঁচনিখন অন্যান্য পৰিকল্পনা সৈতে যেনে NREGS ৰ সৈতে অভিসৰণক উত্সাহিত কৰে।
  • ধনৰাশি দিয়াৰ ধৰণটো হ’ল ১০০ শতাংশ চৰকাৰী সাহায্য প্রাপ্ত৷
  • যদিহে ৰাজ্যখনে মিতব্যায়িতাৰ অর্ন্তভুক্তিহৈ পৰৱর্তী বছৰ কেইটাত তাৰ খৰচ কমাই দিয়ে, আৰু ৰাষ্ট্ৰীয় কৃষি বিকাশ যোজনাৰ পৰা বাহিৰ হৈ যায়, তেতিয়া প্রজেক্টটো সম্পূর্ণ কৰিবলৈ বাকী থকা কামখিনিৰ বাবে ৰাজ্যক দায়িত্ব দিব লাগিব।
  • এইটো এটা উদ্দীপনামূলক আঁচনি, গতিকে বন্টনব্যৱস্থা খিনি নিজাকৈ নহয়।
  • এইটো কৃষি আৰু লগতে আন আন বিভাগবিলাকক বৃহত্‍ভাবে সম্পূর্ণ ৰূপ দিয়ে।
  • এইটোৱে ৰাজ্যটোক অধিক মাত্রাৰ নমনীয়তা প্রদান কৰে।
  • সঠিক সময় মানি কাম কৰা প্রজেক্টবিলাকক উত্সাহ প্রদান কৰা হয়।

বাজেটৰ বন্টনব্যৱস্থা

  • একাদশ পঞ্চম বার্ষিক পৰিকল্পনাত ২৫,০০০ কোটি টকাৰ সম্পূর্ণ বিনিয়োগ

ৰাষ্ট্ৰীয় খাদ্য নিৰাপত্তা অভিযান

উদ্দেশ্য

প্রায় ৰৈ যোৱা খাদ্য পণ্য উত্পাদন আৰু বৃহত্‍ জনসংখ্যাৰ বাবে বাঢ়িব ধৰা খাদ্য শস্যৰ চাহিদাটোক বঢ়োৱাৰ বাবে, ভাৰত চৰকাৰে সম্পূর্ণৰূপে কেন্দ্রৰ দ্বাৰা পৰিচালিত “নেচনেল ফুড চিকিউৰিটি মিচন” নামৰ এই পৰিকল্পনাটো উত্থাপন কৰে৷

পৰিকল্পনাটোৰ প্রধান বৈশিষ্টটো হ’ল অধিক মাত্রাত ঘেহুঁ, চাউল আৰু দাইলৰ ফলন কৰি আৰু তাৰ উত্পাদন ইমানভাবে বঢ়াব লাভে যাতে দেশৰ সম্পূর্ণ চাহিদা পূৰণ হয়। এই বিষয়টোৰ গুৰূত্ব এই কাৰণেই বেছি যাতে উন্নতমানৰ প্রযুক্তিৰ মাধ্যমেৰে আৰু পৰিচালনাৰ অভ্যাসৰ জৰিয়তে ফলন আৰু উত্পাদনৰ মাজৰ এই ব্যৱধানটো মছি পেলাব পৰা যায়।

ৰাষ্ট্ৰীয় খাদ্য নিৰাপত্তা অভিযানৰ ক্ষেত্রত প্রধান প্রযুক্তি

  • ৰাষ্ট্ৰীয় খাদ্য নিৰাপত্তা অভিযান - চাউল
  • ৰাষ্ট্ৰীয় খাদ্য নিৰাপত্তা অভিযান - ঘেঁহু
  • ৰাষ্ট্ৰীয় খাদ্য নিৰাপত্তা অভিযান - দাইল
  • দ্বাদশ পৰিকল্পনাত ৰাষ্ট্ৰীয় খাদ্য নিৰাপত্তা অভিযানৰ বাবে সম্পূর্ণ আর্থিক খৰচ হ’বগৈ ৪৮৮২.৪৮ কোটি টকা (২০০৭-০৮ - ২০১১-১২)। লাভবান হোৱা খেতিয়কসকলে নিজা নিজা ক্ষেত্রত কামৰবাবে/ব্যক্তিগত খেতিৰ বাবে খৰচৰ ৫০ শতাংশ ভাগ দিব।
  • উপকৃত খেতিয়কসকলে বেঙ্কৰপৰা ইচ্ছা হ’লে ধাৰ লব পাৰে। এই ক্ষেত্রত কোনো এটা বিশেষ বিষয়ত টকা ধাৰ ল’লে ধন ৰাশি ৰেহাইৰ পৰিমাণ বেঙ্কে ঠিক কৰি দিব।
  • ৰাষ্ট্ৰীয় খাদ্য নিৰাপত্তা অভিযান জাৰী কৰাৰ ফলস্বৰূপে চাউলৰ উত্পাদন ক্ষমতা বাঢ়ি গৈ ১ কোটি টন হয়গৈ, ঘেঁহু ৮০ লাখ টন, দাইল হয়গৈ ২০ লাখ টন। ইয়াৰ ফলত অতিৰিক্ত কর্মসংস্থানৰো সৃষ্টি হয়।

ৰাষ্ট্ৰীয় খাদ্য নিৰাপত্তা অভিযানৰ অধীনত থকা ৰাজ্যসমূহ

  • 15 খন ৰাজ্যৰ 142 খন জিলা (অন্ধ্র প্রদেশ, তামিলনাডু, অসম্, ছত্তিচগড়, কর্ণাটক, উত্তৰ প্রদেশ, বিহাৰ, ৰাজস্থান, মধ্যপ্রদেশ, আৰু পশ্চিমবঙ্গ, উৰিষ্যা, ঝাৰখণ্ড) ৰাষ্ট্ৰীয় খাদ্য নিৰাপত্তা অভিযান-চাউলৰ আঁচনিৰ ভিতৰত পৰিব।
  • 9 খন ৰাজ্যৰ 142 খন জিলা (পাঞ্জাব, হৰিয়ানা, উত্তৰ প্রদেশ, বিহাৰ, ৰাজস্থান, মধ্যপ্রদেশ, গুজৰাট, মহাৰাষ্ট্ৰ, আৰু পশ্চিমবঙ্গ) ৰাষ্ট্ৰীয় খাদ্য নিৰাপত্তা অভিযান - ঘেহুঁৰ আঁচনিৰ ভিতৰত পৰিব।
  • 16 খন ৰাজ্যৰ 468 খন জিলা (অন্ধ্রপ্রদেশ, বিহাৰ, ছত্তিচগড়, গুজৰাট, কর্ণাটক, মধ্যপ্রদেশ, মহাৰাষ্ট্র, উৰিষ্যা, ৰাজস্থান, তামিলনাডু, পঞ্জাব, হৰিয়ানা, উত্তৰপ্রদেশ আৰু পশ্চিমবঙ্গ) ৰাষ্ট্ৰীয় খাদ্য নিৰাপত্তা অভিযান- দাইলৰ আঁচনিৰ ভিতৰত পৰিব।
  • ২ কোটি হেক্টৰ চাউল, ১ কোটি ৩০ লাখ হেক্টৰ ঘেঁহু আৰু ৪৫ লাখ হেক্টৰ দাইল এই কেইখন জিলাৰ ভিতৰত ধৰা হৈছে যিটো চাউল আৰু ঘেঁহুৰ আনুমানিক প্রায় ৫০ শতাংশ উত্পন্ন কৰে। দাইলৰ বাবে অতিৰিক্ত ২০ শতাংশ শস্যৰ খেতি কৰিব পৰা মাটি উলিওৱা হব।
উত্স; আইএনডিজি গোট।

শেহতীয়া উন্নীতকৰণ: : 3/16/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate