অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

১৮. উৎপাদন বৃদ্ধিৰ বাবে তথ্য বিনিময় ব্যৱস্থা

১৮. উৎপাদন বৃদ্ধিৰ বাবে তথ্য বিনিময় ব্যৱস্থা

পশুৰ চিনাক্তকৰণ

  • প্ৰতিটো পশুক একোটা নিৰ্দ্দিষ্ট চিন দি চিনাক্ত কৰাকে পশুৰ চিনাক্তকৰণ বোলে।
  • পশু একোটাৰ ক্ষেত্ৰত ব্যৱহাৰ কৰা যিকোনো পশুপালনৰ ব্যৱস্থা সম্পৰ্কীয় তথ্য সঠিকৰুপে তথ্যভাণ্ডাৰত মজুত ৰাখিবলৈ পশুৰ চিনাক্তকৰণ অতি গুৰুত্বপূৰ্ণ।
  • ভাৰত চৰকাৰে ইতিমধ্যে পশুৰ অনুজীৱজনিত আৰু সোঁচৰা ৰোগৰ প্ৰতিষেধন আৰু নিয়ন্ত্ৰণ আইন, ২০০৯ প্ৰণয়ন কৰিছে, যাৰ অধীনত পশুৰ চিনাক্তকৰণ বাধ্যতামূলক কৰা হৈছে।
  • ভাৰত চৰকাৰে এই আইন কাৰ্য্যকৰী কৰিছে যাতে আন্ত:ৰাষ্ট্ৰীয় বিধি অনুসৰি যথোপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিব পৰা যায় ।
  • চিনাক্তকৰনৰ বিভিন্ন পদ্ধতি আছে, যেনে- টেট’ কৰা, ব্ৰেণ্ডিং নাম লিখা পদ্ধতি, কৰ্ণফলক আদি।
  • কৰ্ণফলকেই হ’ল আটাইতকৈ বেছিকৈ প্ৰয়োগ কৰা পদ্ধতি আৰু ইয়াত প্ৰতিটো পশুক একোটা নিৰ্দ্দিষ্ট সংখ্যাযুক্ত নম্বৰ দিয়া হয় । সেই নম্বৰটোৰ কেতিয়াও দ্বিত প্ৰয়োগ কৰা নহয়।
  • যদিহে শুদ্ধকৈ প্ৰয়োগ কৰা হয়, ই একো অসুবিধাৰ সৃষ্টি নকৰে আৰু পশুটোৰ কাণত বহু বছৰলৈকে থাকি যায় ।
  • INPAH-এ পঞ্জীকৃত প্ৰতিটো পশুৰ কৰ্ণফলকৰ নম্বৰ আৰু পশুটোৰ বিষয়ে সকলো তথ্য (যেনে-জাত, বয়স, গৰ্ভধাৰণ, দুগ্ধ উৎপাদন, মালিকৰ বিষয়ে, গাঁৱৰ নাম, আদি) তথ্যভাণ্ডাৰত মজুত কৰি ৰাখে, যাতে পশুটোৰ এক স্থায়ী পাৰপত্ৰ তৈয়াৰ কৰিব পাৰি, যিটো পাছত দেশৰ যিকোনো ঠাইলৈ স্থানান্তৰিত কৰিব পৰা যায়।
  • ভাৰত চৰকাৰৰ অধীনস্থ পশু পালন আৰু দুগ্ধ উন্নয়ন বিভাগে ৰাষ্ট্ৰীয় দুগ্ধ উন্নয়ন পৰিষদক সমগ্ৰ ভাৰততে একক পশু চিনাক্তকৰণ প্ৰক্ৰিয়া পৰিচালনা কৰিবলৈ অনুমতি প্ৰদান কৰিছে।
  • ৰাষ্ট্ৰীয় দুগ্ধ উন্নয়ন পৰিষদে সমগ্ৰ দেশজুৰি একক কৰ্ণফলক ক্ৰয় নিৰ্দেশসহ ৰাষ্ট্ৰীয় দুগ্ধ উন্নয়ন পৰিষদলৈ আবেদন কৰিব পাৰে।

INAPH আৰু পশু স্বাস্থ্য

  • পশু স্বাস্থ্য সম্পৰ্কীয় তথ্য ব্যৱস্থাটোৱে পশু স্বাস্থ্য বিষয়ক যিকোনো প্ৰক্ৰিয়া, যেনে- পেলুৰ ঔষধ খুওৱা, টিকাকৰণ, চিকিৎসা, ৰোগ চিনাক্তকৰণ, মহামাৰী নিয়ন্ত্ৰণ, চিকিৎসা শিৱিৰ আদিৰ বিষয়ে সবিশেষ তথ্য সংগ্ৰহ আৰু তেন্তে তথ্য তথ্যভাণ্ডাৰত মজুত ৰখাত সহায় কৰে ।
  • এনে ধৰণৰ তথ্যসমূহ প্ৰতিটো পশুৰ ক্ষেত্ৰত গাইগুটীয়াকৈ ৰাখিব পাৰি, যাৰ বাবে এটা চিনাক্তকৰণ নম্বৰৰ প্ৰয়োজন, অথবা সকলো পশুৰ ক্ষেত্ৰত সমূহীয়াকৈ (যেনে: সামূহিক টিকাকৰণ, পেলুৰ ঔষধ থুওৱা অথবা চিকিৎসা শিৱিৰ আদি) ৰাখিব পৰা যায়, য’ত কেৱল প্ৰতিটো পশুৰ নম্বৰ টুকি ৰখাৰ সলনি গাঁওখনৰ নম্বৰ ৰাখিলেই হয় ।
  • কৃষকসকল তলত উল্লেখ কৰা ধৰণে উপকৃত হয় :

১) কম্পিউটাৰত কেৱল একোটা পশুৰ ক্ৰমিক নম্বৰটো ভৰাই দিলেই পশুটোৰ সবিশেষ তথ্য পাব পাৰি ।

২) কৃষক এজনে তেওঁৰ পশুটিৰ ক্ষেত্ৰত ল’বলগীয়া ব্যৱস্থা, যেনে- পেলুৰ ঔষধ খুওৱা, টিকাকৰণ (প্ৰতিটো ৰোগৰ বাবে), ৰোগৰ পৰীক্ষা আদি বিষয়ক যাৱতীয় সেৱাসমূহৰ বিষয়ে ম’বাইল ফোনৰ বাৰ্তাৰ জৰিয়তে সময়মতে জাননী লাভ কৰে ।

৩) কেৱল মাত্ৰ চিনাক্তকৰণ নম্বৰ ব্যৱহাৰ কৰি পশুটিৰ ক্ষেত্ৰত লোৱা সকলো ধৰণৰ স্বাস্থ্য সম্বন্ধীয় ব্যৱস্থালীৰ বিষয়ে সবিশেষ তথ্য মুহূৰ্ততে পাব পাৰি ।

৪) যদিহে চুবুৰীয়া অঞ্চলত কোনো ৰোগ মহামাৰী ৰুপত দেখা দিয়ে, তেন্তে তুৰন্তে কৃষকক ম’বাইল ফোনৰ বাৰ্তাৰ জৰিয়তে সেই বিষয়ে জাননী দিয়া হয়, যাতে সময়মতে প্ৰতিষেধক ব্যৱস্থা গ্ৰহণ কৰিব পৰা যায় ।

INAPH আৰু পশু প্ৰজনন

  • এই তথ্য ব্যৱস্থাই পশু প্ৰজননৰ ক্ষেত্ৰত লোৱা সকলো যাৱতীয় কাৰ্য্য-ব্যৱস্থা, যেনে- কৃত্ৰিম প্ৰজনন, গৰ্ভধাৰণ, প্ৰসৱ, দুগ্ধ উৎপাদন আদি বিষয়ক সবিশেষ তথ্য মজুত ৰাখিব পাৰে ।
  • এনে ধৰণৰ তথ্যসমূহ প্ৰতিটো পশুৰ ক্ষেত্ৰত গাইগুটীয়াকৈ ৰাখিব পাৰি, যাৰ বাবে এটা চিনাক্তকৰণ নম্বৰৰ প্ৰয়োজন ।
  • অধিক উৎপাদনৰ সামৰ্থ্য থকা গুণী গাইবোৰ বাচনি কৰা অথবা পৰৱৰ্ত্তী প্ৰজন্মৰ উৎপাদিকা শক্তিৰ ওপৰত নিৰ্ভৰ কৰি বংশগত গুণ থকা ষাঁড় উৎপাদন কৰাৰ বাবে এই তথ্য ব্যৱহাৰ কৰা হয় ।
  • তলত উল্লেখ কৰা ধৰণে কৃষকসকল উপকৃত হয় :

১) বিভিন্ন দুগ্ধ চক্ৰত একোজনী গাইয়ে উৎপাদন কৰা গাখীৰৰ পৰিমাণ সম্পৰ্কে সকলো তথ্য এই ব্যৱস্থাটোত সঞ্চিত থাকে ।

২) কৰ্ণফলকে প্ৰতিটো পশুক এককভাৱে চিনাক্ত কৰে । সেয়েহে কৃষকসকলে প্ৰতিটো চিনাক্ত পশুৰ বাবে চৰকাৰী বা বেচৰকাৰীভাৱে আগবঢ়োৱা পশুবীমা, টিকাকৰণ, চিকিৎসা আদিৰ সকলো সা-সুবিধা লাভ কৰিবলৈ সক্ষম হয় ।

৩) কৃষক এজনে তেওঁৰ পশুটিৰ প্ৰজননৰ ক্ষেত্ৰত ল’বলগীয়া ব্যৱস্থা, যেনে- পৰৱৰ্ত্তী গৰম হোৱাৰ দিন, গৰ্ভধাৰণৰ পৰীক্ষা কৰিবলগীয়া দিন, প্ৰসৱৰ দিন আদিৰ বিষয়ে ম’বাইল ফোনৰ বাৰ্তাৰ জৰিয়তে সময়মতে জাননী লাভ কৰে ।

৪) এনে তথ্যসমূহে দেশৰ সৰ্বাধিক দুগ্ধ উৎপাদনৰ ক্ষমতা থকা গাই আৰু ষাঁড় চিনাক্ত কৰাত সহায় কৰে, যাক ব্যৱহাৰ কৰি ভৱিষ্যতে প্ৰজন্মৰ গৰু-ম’হৰ পৰা অধিক উৎপাদন পোৱাটো নিশ্চিত কৰিব পৰা যায় ।

৫) কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰসমূহে এই INAPH তথ্য ব্যৱহাৰ কৰি বিভিন্ন নীতি নিৰ্ধাৰণ আৰু আঁচলি তৈয়াৰ কৰে ।

INAPH আৰু পশুৰ পৰিপুষ্টি

পশুৰ পৰিপুষ্টিৰ বাবে সুষম খাদ্য প্ৰস্তুত কৰাত সহায় কৰাটোও INAPH- ৰ এটা অন্যতম উদ্দেশ্য । বিভিন্ন শ্ৰেণীৰ পশুৰ বাবে প্ৰয়োজনীয় পুষ্টি যোগান ধৰিব পৰা সুষম খাদ্য প্ৰস্তুত কৰাত সহায় কৰাৰ বাবে ইয়াত এটা কম্পিউটাৰ প্ৰণালী (চফটৱেৰ) সন্নিৱিষ্ট কৰা হৈছে । লগতে দেশৰ ভিন-ভিন- অঞ্চলত উপলব্ধ আৰু গৰু-ম’হৰ দানাত ব্যৱহৃত বিভিন্ন উপাদানৰ পুষ্টিগত গুণাগুণো এই ব্যৱস্থাত অন্তৰ্ভুক্ত কৰা হৈছে ।

এই চফটৱেৰ ব্যৱহাৰ কৰি কোনো এটি পশুৰ বাবে তাৰ উৎপাদন আৰু আন শাৰীৰিক প্ৰয়োজনীয়তা অনুসৰি সহজলভ্য উপাদানেৰে অতি কম খৰচতে সুষম খাদ্য প্ৰস্তুত কৰিব পাৰি ।

সুষম খাদ্য প্ৰতিটো পশুৰ বাবে গাইগুটীয়াকৈ অথবা একে শাৰীৰিক অৱস্থা আৰু উৎপাদন ক্ষমতা থকা গাইৰ একোটা জাকৰ বাবে সামূহিকভাৱে প্ৰস্তুত কৰিব পৰা যায় ।

পশুক সুষম খাদ্য যোগান ধৰি কৃষকে তলত উল্লেখ কৰা ধৰণে উপকৃত হয় :

১) প্ৰতি লিটাৰ গাখীৰৰ উৎপাদন ব্যয় সম্পৰ্ক কৃষকে সঠিকভাৱে জানিব পাৰে ।

২) কৃষকসকলে বৰ্ত্তমানে ব্যৱহাৰ কৰি থকা পশুখাদ্যৰ পুষ্টিগত গুণ আগুণ, বিশেষকৈ প্ৰ’টিন, হজম কৰিব পৰা পুষ্টিগত উপাদানৰ মুঠ পৰিমাণ, কেলছিয়াম আৰু ফছফৰাছ আদি সম্পৰ্কে সঠিক তথ্য লাভ কৰিব পাৰে ।

৩) উৎপাদন আৰু আন শাৰীৰিক প্ৰয়োজনীয়তা অনুসৰি একোটা পশুৰ বাবে প্ৰয়োজনীয় উপাদানেৰে প্ৰস্তুত কৰিব পৰা এক সুষম খাদ্যৰ এক সঠিক সূত্ৰ কৃষকক প্ৰদান কৰা হয়, যাতে দানাৰ বিভিন্ন উপাদানৰ মাত্ৰা সাল-সলনি কৰি আৰু/অথবা থলুৱাভাৱে উপলব্ধ অপৰম্পৰাগত খাদ্য সস্তাৰ ব্যৱহাৰ কৰি কৃষকে সুষম খাদ্য প্ৰস্তুত কৰিব পাৰে ।

৪) সাম্প্ৰতিক উৎপাদন ক্ষমতা অনুসৰি খাদ্যৰ বাবে হোৱা ব্যয় যথোচিতভাৱে নিয়ন্ত্ৰণ কৰিব পাৰি ।

৫) পশুৰ উৎপাদিকা শক্তি, প্ৰজনন ক্ষমতা আৰু সাধাৰণ স্বাস্থ্য বৃদ্ধি কৰিব পাৰি, যাৰ বাবে কৃষকসকল আৰ্থিকভাৱে অধিক লাভান্বিত হয় ।

শেহতীয়া উন্নীতকৰণ: : 6/22/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate