অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

ক্ষেত্ৰ পৰ্যায়ত পশু পালন আৰু পশু চিকিৎসাৰ কিছু বিপৰ্যয়

ক্ষেত্ৰ পৰ্যায়ত পশু পালন আৰু পশু চিকিৎসাৰ কিছু বিপৰ্যয়

সমগ্ৰ বিশ্বত প্ৰযুক্তি বিদ্যাৰ ন ন আৱিস্কাৰে মানৱ সভ্যতাৰ ক্ৰমবিকাশৰ মানুহৰ জীৱন ধাৰণৰ মানদণ্ড আৰু কৰ্ম-পদ্ধতিৰ আমুল পৰিৱৰ্ত্তন ঘটাইছে|শিক্ষা, সাহিত্য-সংস্কৃতি, স্বাস্থ্য সেৱা, যাতায়ত, বেপাৰ-বাণিজ্য আদি সকলো দিশতে অভাৱনীয় ৰুপান্তৰৰ সৃষ্টি কৰিছে|গোলকীকৰণ আৰু ইণ্টাৰনেট ব্যৱহাৰ,ই-বেংকিং,ই-গৱৰ্ণেনচ, হোৱা্টচআপ আদিৰ প্ৰাদুৰ্ভাৱে যেন সকলো সলনি কৰি দিছে যাৰ ফলত আমাৰ সমাজ ব্যৱস্থাত সঘনাই দৃশ্যপট সলনি হৈছে|পশু পালন আৰু চিকিৎসা ক্ষেত্ৰতো দেশৰ বিভিন্ন ৰাজ্যত প্ৰযুক্তি বিদ্যাৰ প্ৰয়োগৰ ফলত ভালেমান পৰিবৰ্তনৰ সূচনা হৈছে আৰু পশু চিকিৎসা আৰু পশুপালনৰ মানদণ্ড উন্নত হৈছে|এখন কাৰিকৰী আলোচনী অৰ্থাৎ টেকনিকেল জাৰ্ণেলৰ সম্পাদকীয়ত লিখিছে যে প্ৰযুক্তি বিদ্যাই পশু চিকিৎসক সকলৰ ৰোগ নিৰ্ণয়ৰ মানদণ্ড আৰু চিকিৎসাৰ মানদণ্ড যথেষ্ট উন্নত কৰি তুলিছে| সম্পাদকীয়টোত পশু চিকিৎসা বিজ্ঞান প্ৰযুক্তিৰ কৌশলেৰে ৰোগ নিৰ্ণয় অৰ্থাৎ ডিজিজ ডায়েগ’নচিচৰ বিভিন্ন অত্যাধুনিক যন্ত্ৰ পাতিৰ প্ৰয়োগ সম্পৰ্কেও বৰ্ণনা কৰিছে|পশু চিকিৎসাৰ ক্ষেত্ৰত ৰোগ নিৰ্ণয়ৰ বাবে অত্যাধুনিক যন্ত্ৰপাতি যেনে-আলট্ৰাচাউণ্ড, এম-আৰ-আই, চি-টি-স্কেন, প্যাট স্কেন, ৰেদিয়েচন, ষ্টেৰেঅ’টেকনিক ৰেডিয়েচন, লেজাৰ ব্যৱহাৰ আদিৰ জৰিয়তে পশু-পক্ষীৰ জটিল ৰোগ নিৰ্ণয় সম্ভৱ হৈ পৰিছে|ইয়াৰ উপৰিও জইণ্ট ৰিপ্লেচমেণ্ট, চাল আৰু হাড়ৰ গ্ৰাফটিং, লিগামেণ্ট, ৰিপেয়াৰিং আদি অত্যাধুনিক চিকিৎসা পদ্ধতিও পশু চিকিৎসাৰ ক্ষেত্ৰত সম্ভৱ হৈ উঠিছে|সম্পাদকীয়টো পঢ়িলে আমাৰ নিচিনা গাঁৱে-ভূঞে পশু চিকিৎসাৰ সৈতে জৰিত সকল নিশ্চয় ৰোমাঞ্চিত হৈ উঠিব|সম্পাদকীয়টো পঢ়ি আমিও বৰ আনন্দিত হ’লো এই কাৰণে যে আমাৰ জীৱনত অথবা চাকৰি কালত এইবোৰ যন্ত্ৰ-পাতিৰ ব্যৱহাৰ কৰিব নাপালেও অন্তত: আমাৰ বিশ্বাস পঞ্চাশ বছৰ পিছত হ’লেও নৱ-প্ৰজন্মৰ গ্ৰাম্যাঞ্চলত কাম কৰা পশু চিকিৎসক সকলে হয়তো এইবোৰ যন্ত্ৰ পাতি ব্যৱহাৰ কৰিব পাৰিব|তেতিয়া গাৱে-ভূঞে পশু চিকিৎসাৰ মানদণ্ড অভাৱনীয়ভাৱে উন্নত হ’ব আৰু পশু চিকিৎসক সকলৰো মৰ্যাদা বহু গুণে বৃদ্ধি পাব|ভাবিলেই মনটো আনন্দত নাচি উঠে|কিন্তু সম্পাদকীয়টো যুগুত কৰোতে সম্পাদক মহাশয়ে হয়তো কোনোবা স্মাৰ্ট চিটি অথবা হাই প্ৰফাইল নগৰৰ চিকিৎসালয় বা ক্লিনিকচৰ পৰা তথ্য সংগ্ৰহ কৰি সম্পাদকীয়টো লিখিছে|ভাৰতবৰ্ষৰে অসম মুলুকৰ গ্ৰাম্যাঞ্চলৰ আনকি চহৰৰ পশু চিকিৎসালয়বোৰৰ তথ্য আহৰণ কৰাৰ সুযোগ বা সুবিধা হয়তো তেখেতে নাপালে|অসমৰ গ্ৰাম্যাঞ্চলৰ আনকি দুই এখন চহৰৰ পশু চিকিৎসালয়ৰ ৰোগ নিৰ্ণয়ৰ দুৰাৱস্থাৰ তথ্য লাভ কৰিলে হয়তো তেখেতৰ সম্পদকীয়টোৰ ৰুপ সলনি হৈ গ’লহেতেন|সঁচাকৈয়ে এই সম্পাদকীয়টোত লিখাৰ নিচিনাকৈ আমাৰ প্ৰতিখন পশু-চিকিৎসালয়ত অথবা প্ৰতিখন জিলাৰ সদৰত যদি অত্যাধুনিক ডায়েগ’নেষ্টি লেবৰেটৰী থাকিলেহেতেন, য’ত ওপৰত বৰ্ণনা কৰা অত্যাধুনিক যন্ত্ৰ-পাতিবোৰৰ ব্যৱহাৰ হ’লহেতেন, তেতিয়া হয়তো অসমৰ পশু চিকিৎসাৰ প্ৰতিচ্ছবিখনৰ ৰুপেই সলনি হৈ গ’লহেতেন|বৰ্তমান সময়ত আধুনিক চিকিৎসা পদ্ধতিত ৰোগ নিৰ্ণায়ক যন্ত্ৰৰ ব্যৱহাৰ অবিহনে কোনো চিকিৎসাই কৰা নহয়| সাধাৰণ ৰোগ এটা হ’লেও তেজ,শৌচ-পেচাব আদি পৰীক্ষা নকৰাকৈ সধাৰণ টেবলেট এটাও খাবলৈ দিয়া নহয়|কিন্তু আমাৰ গ্ৰাম্যাঞ্চলৰ পশু চিকিৎসক সকলে ৰোগীৰ লক্ষণ চায়েই ৰোগ নিৰ্ণয় কৰিব লাগিব|মেডিচিন, চাৰ্জাৰী, গাইনক’লজি আদি সকলো বিধৰ ৰোগীক চিকিৎসা কৰিব লাগিব অত্যাধুনিক যন্ত্ৰ পাতি অবিহনে|আজিৰ পৰা ত্ৰিশ-চল্লিশ বছৰ পূৰ্বৰে পৰা যি নুন্যতম আহিলা পাতিৰে চিকিৎসা চলাই থকা হৈছে আজিও তাৰ বিশেষ অগ্ৰগতি হোৱা নাই|আজিও সেই পুৰণি পদ্ধতি তথা যন্ত্ৰ-পাতিৰে সমান্য সা-সুবিধাৰে ক্ষেত্ৰ পৰ্যায়ত পশু চিকিৎসক সকলে পাৰ্যমানে চিকিৎসা সেৱা আগবঢ়াই আছে|জিলা ডায়গ’নেষ্টিক চেণ্টাৰবোৰ কাৰ্যক্ষম হৈ উঠিলে হয়তো ৰোগ নিৰ্ণয়ৰ সমস্যাৰ কিছু লাঘৱ হ’লহেতেন|সকলো জিলাত সিও সম্ভৱ হৈ উঠা নাই|গৰ্ভধাৰণ নিৰ্ণয়ৰ বাবে ক্ষেত্ৰ পৰ্যায়ত কোনো নতুন পদ্ধতি অথবা যন্ত্ৰ-পাতি ব্যৱহাৰ হোৱা দেখা নাযায়|ক্ষেত্ৰ পৰ্যায়ৰ চিকিৎসালয়বোৰত কটা-চিঙা কৰা,চিলাই কৰা আদিৰ বাবে আৱশ্যকীয় আহিলা পাতিখিনিৰে অভাৱ| যি সময়ত অত্যাধুনিক যন্ত্ৰ-পাতিৰ ব্যৱহাৰে আৰু ন-ন প্ৰযুক্তি বিদ্যাৰ উদ্ভাৱনে পশু চিকিৎসা ক্ষেত্ৰত অভূতপূৰ্ব পৰিবৰ্তনৰ সৃষ্টি কৰিছে, সেই সময়ত আমি যেন একে ঠাইতে ৰৈ আছোঁ অৰ্থাৎ “যেইচে থে”|অন্ত:ত জিলা পৰ্যায়ত ৰোগ নিৰুপক গৱেষণাগাৰ কেইটা সকলো সা-সুবিধা, অত্যাধুনিক যন্ত্ৰ-পাতিৰে নিৰ্মাণ হৈ উঠিলে এই সমস্যা বহুখিনি লাঘৱ হ’ব বুলি আমি আশাৰে বাট চাই আছোঁ| সম্প্ৰতি সংগঠিত গো-পামবোৰৰ গো-পালকসকল পশুৰ স্বাস্থ্য ৰক্ষাৰ প্ৰতি যথেষ্ট সচেতন হোৱা দেখা যায়| কিয়নো একোজনী উন্নত জাতৰ বৰ্ণ-সংকৰ খীৰতি গাই গৰুৰ মূল্য বৰ্তমান বজাৰত ৬০-৭০ হাজাৰ টকা|ক্ষুদ্ৰ গো-পালক এজনৰ এজনী গাইৰ মৃত্যুৱে তেওঁৰ জীৱিকালৈ আৰ্থিক জটিলতা কঢ়িয়াই আনিব পাৰে|সেয়েহে, ক্ষেত্ৰ পৰ্যায়ত কাম কৰা পশু চিকিৎসকসকল ৰোগ নিৰ্ণয় আৰু প্ৰতিৰোধৰ ক্ষেত্ৰত যথেষ্ট জ্ঞানপুষ্ট আৰু অভিজ্ঞতাপুষ্ট হ’ব লাগিব| ৰোগ নিৰ্ণয় এটা জটিল প্ৰক্ৰিয়া|পশু চিকিৎসকসকলক ৰোগ নিৰ্ণয়ৰ বাবে বিশ্বৰ অতি সাম্প্ৰতিক ব্যৱস্থা সমূহ আৰু নতুন নতুন ৰোগৰ তথ্য সমুহ সময়ে সময়ে যোগান ধৰাৰ ব্যৱস্থা কৰিব লাগে|পশু চিকিৎসক সকলে নিজেও ইণ্টাৰনেট আদি ব্যৱস্থাৰ জৰিয়তে তথ্য সমূহ আহৰণ কৰিব লাগিব|এই দিশত প্ৰতিজন পশু চিকিৎসকক প্ৰশিক্ষণ দিয়াৰ বিভাগীয় ব্যৱস্থা কৰিব লাগিব|প্ৰশাসনীক দুৰ্বলতাৰ সুযোগ লৈ তথা কিছু পশু চিকিৎসকৰ অৱহেলাৰ সুযোগ লৈ গ্ৰাম্যাঞ্চলত পশু চিকিৎসাৰ মানদণ্ড কিছু লোকে যথেষ্ট অৱনমিত কৰিছে বুলি শুনা যায়|সংশ্লিষ্ট কতৃপক্ষই এই দিশতো নজৰ দি কঠোৰ পশু চিকিৎসকৰ অৱহেলাৰ সুযোগ লৈ গ্ৰাম্যাঞ্চলত পশু চিকিৎসাৰ মানদণ্ড কিছু লোকে যথেষ্ট অৱনমিত কৰিছে বুলি শুনা যায়| সংশ্লিষ্ট কতৃপক্ষই এই দিশতো নজৰ দি কঠোৰ ব্যৱস্থা লোৱা উচিত বুলি আমি ভাৱোঁ| অসমৰ গ্ৰাম্যাঞ্চলৰ ক্ষুদ্ৰ গো-পালক সকলৰ উন্নয়ন সম্ভৱ হ’লেহে গ্ৰাম্য অৰ্থনীতিৰ উন্নয়ন সম্ভৱ হ’ব|গ্ৰাম্যাঞ্চলৰ ক্ষুদ্ৰ গো-পালক সকললৈ ঋণৰ লগতে চাবচিদি আদি দিয়াৰ ব্যৱস্থা বিভিন্ন বেংক বা সংস্থাত আছে যদিও গো-পালকৰ সৰহ সংখ্যকে ইয়াৰ ভূ-নাপায়|পশু চিকিৎক তথা পশু চিকিৎসা সম্প্ৰসাৰণ বিষয়া সকলে সজাগতা সভা,গো-পালনৰ প্ৰশিক্ষণ আদিত এই ব্যৱস্থাসমুহৰ কথা ক’লেও ঋণ প্ৰদান বা চাবচিদি প্ৰদানৰ ক্ষেত্ৰত বেংক বা সংস্থা সমুহে পশু চিকিৎসক সকলক বিশ্বাসত নলয়|ফলত ঋণ প্ৰদানকাৰী বেংক বা সংস্থা,পশু চিকিৎসক আৰু গো-পালকৰ মাজত সংযোগহীনতাৰ সৃষ্টি হয়|বিভাগীয় কিছু বিষয়াইও এই দিশত ক্ষেত্ৰ পৰ্যায়ৰ পশু চিকিৎসকসকলক আন্ধ্বাৰত ৰাখি বেংক বা সংস্থাৰ বিষয়াসকলৰ লগত সংযোগ স্থাপন কৰে|যাৰ ফলত ক্ষেত্ৰ পৰ্যায়ত প্ৰকৃত গো-পালকে প্ৰকৃততে ঋণৰ দ্বাৰা উপকৃত হ’ল নে নাই,সেই দিশত চোৱা চিতা কৰাৰ সুযোগ আৰু সুবিধা কেতিয়াবা পশু চিকিৎসক সকলে নাপায়|

কৃত্ৰিম প্ৰজনন

কৃত্ৰিম প্ৰজনন পদ্ধতিৰ দ্বাৰা দেশৰ পশু পালন আৰু পশু চিকিৎসা ক্ষেত্ৰত ইতিমধ্যে অভূতপুৰ্ব পৰিবৰ্তনৰ সূচনা হৈছে| ১৭৮০ চনত ইটালীয়ান বিজ্ঞানী লেজানো স্পালবেনজানীয়ে উদ্ভাৱন কৰা কৃত্ৰিম প্ৰজনন পদ্ধতিৰে ১৯৪০ চনৰ পৰা ভাৰতবৰ্ষতো গো-উন্নয়নত ভালেমান পৰিৱৰ্তন হৈছে| কৃত্ৰিম প্ৰজননৰ ফলত দেশত বৰ্ণ-সংকৰ গৰুৰ সংখ্যা ১৯৯৭ চনত ২০.১ মিলিয়নৰ পৰা ২০১২ চনত ৩৯.৭৩ মিলিয়নলৈ বৃদ্ধি পাইছে| তথাপিও সৰ্বভাৰতীয় পৰ্যায়ত মাত্ৰ ১৯-২০% গো-ধনকহে কৃত্ৰিম প্ৰজননে সামৰি ল’ব পাৰিছে আৰু বাকী ৭০-৭৫% গো-ধনক এতিয়াও কৃত্ৰিম প্ৰজননৰ আওতালৈ আনিব পৰা হোৱা নাই| ২৫-২৮% ৰ বেছি অংশ কৃত্ৰিম প্ৰজননো সংগঠিত গো-পামত হোৱা কৃত্ৰিম প্ৰজননৰ সংখ্যা| আনহাতে, এই তথ্যৰ মাজত অৰ্থাৎ কৃত্ৰিম প্ৰজননৰ সংখ্যাৰ মাজত ৰিপিট ব্ৰিডাৰচৰ কিছু সংখ্যা অন্তৰ্ভুক্ত হৈ আছে| মুঠতে অসমত বৰ্তমানলৈকে প্ৰায় ৮০% গো-ধন কৃত্ৰিম প্ৰজননৰ আওতাৰ বাহিৰত| ক্ষেত্ৰ পৰ্যায়ত পশু চিকিৎসক, কৃত্ৰিম প্ৰজনন কৰ্মী সকলে জন সচেতনা অবিহনে এই ক্ষেত্ৰত সফল হোৱা কঠিন| গ্ৰ্যাম্যাঞ্চলত এতিয়াও কিছুমান জন বিশ্বাস অৰ্থাৎ অন্ধ বিশ্বাসে এই ক্ষেত্ৰত হেঙাৰ হিচাপে থিয় দি আছে| কৃত্ৰিম প্ৰজনন কৰ্মী সকলে কেৱল কৃত্ৰিম প্ৰজননতে সীমাবদ্ধ হৈ নাথাকি কৃত্ৰিম প্ৰজনন কৰা গাইজনীৰ অৰ্থাৎ গৰ্ভধাৰণ কৰা গাইজনীক কেনেদৰে যতন ল’ব লাগিব, উপযুক্ত পৰিমাণৰ খাদ্য, কেচা ঘাঁহ, খনিজ পদাৰ্থ, ভিটামিন, পেলু নিৰ্মূলৰ দৰৱ আদি কেতিয়া, কেনেকৈ দিব লাগিব এইবোৰৰ বিষয়ে গাঁৱৰ গো-পালক সকলক বুজাই দিব লাগিব| পোৱালী দিয়াৰ সময়ত কি কি সৱধানতা অৱলম্বন কৰিব লাগিব আৰু পোৱালী দিয়াৰ পিছত গাই-জনী তথা পোৱালীৰ কি যতন ল’ব লাগিব এইবোৰৰ বিষয়ে গো-পালক সকলক জনাব লাগিব| বৰ্ণ-সংকৰ পোৱালীৰ যতন সম্পৰ্কেও গো-পালক সকলক বুজাই দিব লাগিব| সংগঠিত গো-পালক সকল এই ক্ষেত্ৰত অভিজ্ঞ যদিও থলুৱা গাই গৰু প্ৰতিপালন কৰা অথবা দুই-এটা বৰ্ণ-সংকৰ গাই গৰু প্ৰতিপালন কৰা গো-পালক সকল এইক্ষেত্ৰত কিছু অনভিজ্ঞ| বৰ্ণ-সংকৰ পোৱালীৰ শতকৰা ৭০ ভাগেই ডায়েৰীয়া, পেলুজনিত ৰোগ, তেজহীনতা আৰু পুষ্টিহীনতাত পৰি মৃত্যু মুখত পৰে| গতিকে কেৱল গাইজনীক কৃত্ৰিম প্ৰজনন কৰি কৃত্ৰিম প্ৰজননৰ পৰিসংখ্যা বঢ়ালেই গো-উন্নয়ন অথবা দুগ্ধ উৎপাদন বৃদ্ধি সম্ভৱ নহয়| বৰ্ণ-সংকৰ পোৱালী নাবাচে বুলি, বেমাৰী বুলি আমাৰ গাওঁ অঞ্চলত এতিয়াও জন বিশ্বাস আছে| এই অৰ্থহীন বিশ্বাসবোৰ দূৰ কৰিব লাগিব যি বিশ্বাসে এতিয়াও গাওঁ অঞ্চলত বেয়া প্ৰভাৱ পেলাই আছে| বৰ্ণ-সংকৰ গাই গৰুৰ উপযুক্ত প্ৰতিপালনৰ অভাৱ বিশেষকৈ উপযুক্ত খাদ্য, কেচা ঘাঁহ আদিৰ অভাৱত আশা কৰা ধৰণে দুগ্ধ উৎপাদন নহয়| কৃত্ৰিম প্ৰজনন কৰাৰ পিছত কৃত্ৰিম প্ৰজননৰ দ্বাৰা কিমানটা পোৱালীৰ জন্ম হ’ল, কিমান পোৱালীৰ মৃত্যু হ’ল, কি কি কাৰণত মৃত্যু হ’ল ক্ষেত্ৰ পৰ্যায়ৰ কৰ্মীসকলে তথ্য সংগ্ৰহ কৰি উৰ্দ্ধতন কৰ্ত্তৃপক্ষক জনাব লাগিব যাতে মৃত্যুৰ কাৰণবোৰ দূৰ কৰাৰ ব্যৱস্থা ল’ব পৰা যায়| কিন্তু ক্ষেত্ৰ পৰ্যায়ত কৃত্ৰিম প্ৰজনন কৰ্মী সকলে কেৱল কৃত্ৰিম প্ৰজনন কৰোতে কৰ্তব্য শেষ বুলি ধৰি লোৱা দেখা যায়| কৃত্ৰিম প্ৰজননৰ আন এটি সঘনাই ঘটি থকা সমস্যা হ’ল জুলীয়া নাইট্ৰ’জেন আৰু শুক্ৰবাহকৰ অনিয়মীয়া যোগান ব্যৱস্থা| যাৰ ফলত গো-পালক সকল প্ৰায়ে সমস্যাত পৰে| শুক্ৰবাহক বা জুলীয়া নাইট্ৰ’জেনৰ অভাৱত এজনী গাই গৰুক দুবাৰ তিনিবাৰ কৃত্ৰিম প্ৰজনন কৰিব লগীয়া হোৱাৰ ফলত গাখীৰ উৎপাদন কমি যায় অথবা পোৱালী দিয়াৰ সময়ৰ ব্যৱধান বৃদ্ধি পায়| আনহাতে একোটা কেন্দ্ৰত একেটা ষাড়ৰে শুক্ৰবাহক যোগান ধৰাৰ ফলত অথবা কেন্দ্ৰ সমুহত সঠিক ভাৱে ষাড়ৰ তথ্য বা নম্বৰ আদিৰ তথ্য নৰখাৰ ফলত পৰোক্ষভাৱে ইন্‌ব্ৰিডিং সমস্যাই ক্ষেত্ৰ পৰ্যায়ত গা কৰি উঠিছে| এইবোৰ দিশত নজৰ দিলে নিশ্চয় সুফল পোৱা যাব|

গৱেষণাগাৰৰ পৰা পথাৰলৈ

পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ত পঢ়ি থাকোতে এটা ভাল লগা শ্লোগান আছিল “গৱেষণাগাৰৰ পৰা পথাৰলৈ”| ১৯৮০-৮১ চনত আমি ‘ভেটকল’ সম্পাদনা কৰোতে ‘বিজ্ঞানাগাৰৰ পৰা পথাৰলৈ’ বুলি শিতান এটা প্ৰকাশ কৰিছিলোঁ| গৱেষণাগাৰত উদ্ভাৱন কৰা নিত্য নতুন আৱিস্কাৰ সমুহ পথাৰলৈ অৰ্থাৎ ক্ষেত্ৰ পৰ্যায়ৰ গো-পালকৰ কাষলৈ লৈ যোৱাৰ যি ব্যৱস্থা সি অতি আদৰণীয়| কিন্তু ক্ষেত্ৰ পৰ্যায়ত কাৰ্যক্ষেত্ৰত গো-পালক সকলে যেন ইয়াৰ দ্বাৰা বিশেষভাৱে লাভৱান হ’ব পৰা নাই| ক’ৰবাত যেন সংযোগহীনতাৰ সৃষ্টি হৈছে| আনকি ক্ষেত্ৰ পৰ্যায়ৰ পশু চিকিৎসক, ক্ষেত্ৰ কৰ্মী সকলেই গৱেষণাগাৰৰ উদ্ভাৱন সমুহৰ বিষয়ে সঠিক ভাৱে অৱগত নহ’য়| পশু চিকিৎসাৰ ক্ষেত্ৰত গৱেষণাগাৰত যথেষ্ট অগ্ৰগতি হৈছে সঁচা, কিন্তু ক্ষেত্ৰ পৰ্যায়ত ইয়াৰ প্ৰভাৱ বিশেষ পৰা নাযায়| পশু  চিকিৎসক তথা ক্ষেত্ৰ পৰ্যায়ৰ কৰ্মী সকলৰ মাধ্যমেৰে গৱেষণাগাৰৰ নিত্য নতুন উদ্ভাৱন সমুহৰ তথ্য গো-পালক সকলৰ মাজলৈ সঠিক ভাৱে লৈ যাবলৈ আমি আটায়ে যত্ন কৰা বাঞ্চনীয়|

পৰিশিষ্ট

ওপৰৰ আটাইবোৰ নিৰাশাজনক কথা লিখিলেও আমি নিৰাশাবাদী নহয়| সমূহীয়া প্ৰচেষ্টাৰে ক্ষেত্ৰ পৰ্যায়ত কাম-কাজবোৰ শৃংখলাবদ্ধভাৱে আৰু আন্তৰিকতাৰে সম্পাদন কৰিলে তথা পশু চিকিৎসক বা ক্ষেত্ৰ কৰ্মীক সা-সুবিধা খিনি প্ৰদান কৰিলে পশুপালন আৰু পশু চিকিৎসা বিভাগৰ তথা কৰ্মী সকলৰ সামাজিক মৰ্যাদা বহু ওপৰলৈ গতি কৰিব বুলি আমি নিশ্চিত| আমি আশা কৰোঁ আহক অদূৰ ভৱিষ্যতে অসমৰ প্ৰতিখন গাওঁৰ প্ৰতিটো পৰিয়ালত অন্তত: দুজনী বা তিনিজনী বৰ্ণ-সংকৰ গাই গৰু, গাওঁত উন্নত জাতৰ ছাগলীৰ পাম, উন্নত জাতৰ হাঁহ-কুকুৰা, গাহৰিৰ পাম গঢ়ি উঠক| গাঁওৰ মাজত উন্নত জাতৰ সেউজীয়া ঘাঁহনিৰ সৃষ্টি হওঁক| গাওঁখনতে গাখীৰ, কণী, মাংস পোৱাৰ ব্যৱস্থা হওঁক| দুগ্ধ উৎপাদন সমবায় সমিতি গঠন হওঁক| দুই তিনিখন গাওঁৰ মাজত দুগ্ধ শীতলীকৰণ ভৰাল প্ৰতিষ্ঠা হওঁক| গাখীৰৰ পৰা উৎপাদিত সামগ্ৰী গাঁৱতে উপলব্ধ হওঁক| SMS বা e-mail ৰ জৰিয়তে চিকিৎসা বিষয়ক দিহা-পৰামৰ্শ গো-পালক সকলে লাভ কৰক| প্ৰতিখন পশু চিকিৎসালয়তে ইয়াৰ অন্তৰ্ভুক্ত প্ৰতিখন গাঁৱৰ প্ৰতিজন গো-পালকৰ সম্পুৰ্ণ তথ্য কম্পিউটাৰত সংগৃহীত হৈ থাকক| চিকিৎসালয় অথবা কেন্দ্ৰ সমুহত থকা যোগাযোগ নম্বৰত ফোন কৰিলেই যেন গো-পালক সকলে কৃত্ৰিম প্ৰজনন, চিকিৎসা আদি লাভ কৰে তাৰ ব্যৱস্থা হওঁক| মুঠতে অসমত অঞ্চলে অঞ্চলে পশুপালন আৰু পশু চিকিৎসাৰ স্মাৰ্ট ভিলেজ গঢ়ি উঠক| তেতিয়া আমি সম্পাদকীয়টোত লিখাৰ নিচিনাকৈ সমাজত পশু চিকিৎসক হিচাপে আজিতকৈও উচ্চ স্থান লাভ কৰিব পাৰিম আৰু পশু চিকিৎসা বিষয়া হিচাপে গৰ্ববোধ কৰিব পাৰিম|

ডা° বিপিন চন্দ্ৰ কলিতা।

শেহতীয়া উন্নীতকৰণ: : 3/31/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate