সামগ্ৰী:
এলোভেৰা |
২৫০ গ্ৰাম |
হালধি |
৫০ গ্ৰাম(গোটা বা গুৰি) |
চূণ |
১৫ গ্ৰাম |
গোলনেমু |
২ টা |
গুৰ |
১০০ গ্ৰাম |
তৈয়াৰ পদ্ধতি:
এটা মিক্সিত গোটেইখিনি(ওপৰত দিয়া সামগ্ৰীখিনি) ৰঙচুৱা বৰণৰ নোহোৱালৈকে পিছক।
নেমুটেঙা দুটা দুটুকুৰাকৈ কাটক।
প্ৰয়োগ পদ্ধতি:
১)একাজলি লেপ লওক আৰু তাত ১৫০-২০০ মি.লি. পানী মিহলাই পনীয়া কৰক।
২)পানীৰে ওহাৰখন পৰিস্কাৰ কৰক আৰু সমগ্ৰ ওহাৰতে পনীয়া লেপখিনি ভালকৈ লগাওক।
৩)দিনে ১০ বাৰকৈ ৫ দিন একেধৰণে লেপ লগাওক।
৪)দুটা নেমু দিনে দুবাৰকৈ ৩ দিন খুৱাওক।
বি.দ্ৰ.:
গাখীৰত তেজ আহিলে,ল ওপৰোক্ত প্ৰক্ৰিয়াৰ লগতে দুমুঠি নৰসিংহ পাত আৰু গুৰৰ পিচা দিনে দুবাৰকৈ খুৱাওক, আৰোগ্য নোহোৱালৈকে।
সামগ্ৰী:
নতুনকৈ চিঙি অনা পৰিস্কাৰ নিমপাতৰ ঠাৰি ১ ডাল, হালধি পাউডাৰ, মাখন বা ঘিউ।
তৈয়াৰ পদ্ধতি:
১)নিমপাতৰ ঠাৰিডালত হালধি আৰু মাখন/ঘিউৰ মিশ্ৰণ লগাওক।
২)এতিয়া এই নিমপাতৰ ঠাৰিডাল আক্ৰান্ত ওহাৰৰ বাতত ঘড়ীৰ বিপৰীত দিশত পকাই-পকাই সোমোৱাই দিয়ক।
৩)প্ৰতিবাৰ গাখীৰ খিৰোৱাৰ পাচত নতুন নিমপাতৰ ঠাৰি ব্যৱহাৰ কৰক।
সামগ্ৰী:
তিল বা সৰিয়হৰ তেল |
২০০ মি.লি. |
হালধি গুৰি |
এক মুঠি |
নহৰু |
দুফুটা |
তৈয়াৰ পদ্ধতি:
১)তেলখিনি গৰম কৰি লওক। তাত হালধিগুৰি আৰু চকলিয়াই লোৱা নহৰুখিনি দিয়ক।
২)ভালকৈ মিক্স কৰক আৰু সামান্য গোন্ধ ওলোৱাৰ লগে লগে জুইৰ পৰা নমাই আনক।
৩)মিশ্ৰণখিনি চেঁচা হ’বলৈ দিয়ক।
প্ৰয়োগ পদ্ধতি:
১)পানী জমা হোৱা ঠাইখিনি আৰু সম্পূৰ্ণ ওহাৰত মিশ্ৰণখিনি লগাওক।
২)দিনে চাৰিবাৰকৈ তিনিদিন মিশ্ৰণ লগাওক।
বি.দ্ৰ.:
চিকিৎসা আৰম্ভ কৰাৰ আগতে বেমাৰটো ওহাৰফুলা ৰোগ নহয় বুলি নিশ্চিত কৰক।
সামগ্ৰী
মূলা |
১ টা |
ভেন্দি |
১.৫ কেজি |
গুৰ |
প্ৰয়োজন মতে |
নিমখ |
প্ৰয়োজন মতে |
তৈয়াৰ:
১)ভেন্দিকেইটা দুটুকুৰাকৈ কাটক।
প্ৰয়োগ পদ্ধতি:
১)পোৱালি হোৱাৰ দুই ঘন্টাৰ ভিতৰত এটা মূলা খুৱাওক।
২)পোৱালি হোৱাৰ ৮ ঘন্টালৈকে জল নসৰিলে, ১.৫ কেজি ভেন্দি(টুকুৰা কৈ কটা) নিমখ আৰু গুৰৰ লগত খুওৱাক।
৩)পোৱালি হোৱাৰ ১২ ঘন্টালৈকে জল নসৰিলে, ওলাই থকাব অংশখিনিৰে এটা গাঁঠি মাৰক আৰু গাঁঠিৰ ২ ইঞ্চি তলৰ খিনি কাটি পেলাওক।
৪)হাতেৰে আজুৰি জল আঁতৰাবলৈ প্ৰয়াস নকৰিব।
৫)সপ্তাহত এটাকৈ মূলা খুৱাওক চাৰি সপ্তাহৰ বাবে।
প্ৰয়োগ পদ্ধতি:
১)গাই গৰমত অহাৰ প্ৰথমদিনা বা দ্বিতীয়দিনা চিকিৎসা আৰম্ভ কৰক।
২)দিনে এবাৰকৈ তলত দিয়া সামগ্ৰীখিনি গুৰ আৰু নিমখৰ লগত মিহলাই খুৱাওক(প্ৰতিদিন নতুনকৈ বনাওক)-
ক)দিনে এটাকৈ মূলা পাঁচ দিনৰ বাবে।
খ)দিনে এটাকৈ এলভেৰা পাত চাৰি দিনৰ বাবে।
গ)দিনে চাৰিমুঠিকৈ চজিনাপাত চাৰি দিনৰ বাবে।
ঘ)দিনে চাৰিমুঠিকৈ হাৰজোৰা লতাৰ গা-গছ চাৰি দিনৰ বাবে।
ঙ)দিনে চাৰিমুঠিকৈ নৰসিংহ পাত চাৰি দিনৰ বাবে(হালধিৰ লগত)।
সামগ্ৰী:
এলভেৰা জেল |
এটা পূৰঠ পাতৰ |
হালধি গুৰি |
এচিকুত |
লাজুকীলতা পাত |
২ মুঠি |
তৈয়াৰ পদ্ধতি:
১)এটা পাতৰ সম্পূৰ্ণ জেল লগাওক।
২)পিচল-পিতল ভাব নোযোৱালৈকে জেলখিনি পানীৰে ধোৱক।
৩)এচিকুত হালধিগুৰি দিয়ক আৰু এক লিটাৰ পানী আধা লিটাৰ হোৱাকৈ উতলাওক।
৪)লাজুকীলতা পাতখিনি লওক।
প্ৰয়োগ পদ্ধতি:
১)প্ৰলাপছ হোৱা অংশখিনি পৰিস্কাৰ কৰি লওক।
২)তাৰ ওপৰত জেলখিনি আঙুলিৰ আগেৰে চতিয়াওক।
৩)জেলখিনি শুকুওৱাৰ পাচত লাজুকীলতাৰ পিচাখিনি লগাওক।
৪)ভাল নোহোৱালৈকে ব্যৱহাৰ কৰক।
সামগ্ৰী:
জিৰা |
১০ গ্ৰাম |
মেথি গুটি |
১০ গ্ৰাম |
জালুক |
১০ গ্ৰাম |
হালধি |
১০ গ্ৰাম |
নহৰু |
৪ ফুটা |
নাৰিকল |
এটা |
গুৰ |
১২০ গ্ৰাম |
তৈয়াৰ পদ্ধতি:
১)জিৰা, মেথি গুটি আৰু জালুকখিনি ২০-৩০ মিনিট সময় পানীত তিয়াই ৰাখক।
২)তাৰ পিচত সকলোখিনি সামগ্ৰী লৈ মিক্সিত পিচক।
৩)মিশ্ৰণখিনিত নাৰিকলৰ গুৰিখিনি হাতেৰে মিহলাওক।
৪)প্ৰতিবাৰ নতুনকৈ মিশ্ৰণ তৈয়াৰ কৰক।
প্ৰয়োগ পদ্ধতি:
১)মুখ, জিভা আৰু তালুত ভালকৈ লগাওক।
২)দিনে তিনিবাৰকৈ তিনিৰ পৰা পাঁচদিন মিশ্ৰণ লগাওক।
সামগ্ৰী:
একালাইফা ইন্দিকা পাত |
এক মুঠি |
নহৰু |
১০ ফুটা |
নিমপাত |
১ মুঠি |
নাৰিকল বা তিলতেল |
২৫০ মি.লি. |
হালধিগুৰি |
২০ গ্ৰাম |
জেতুকা পাত |
১ মুঠি |
তুলসী পাত |
১ মুঠি |
তৈয়াৰ পদ্ধতি:
১)সকলোখিনি সামগ্ৰী লৈ মিক্সিত পিচক।
২)মিশ্ৰণখিনি ২৫০ মিঃলিঃ নাৰিকল বা তিলতেলত মিহলাই উতলাওক আৰু চেঁচা হ’বলৈ দিয়ক।
প্ৰয়োগ পদ্ধতি:
১)ঘাঁ টুকুৰা ভালকৈ চাফা কৰক আৰু মিশ্ৰণখিনি লগাওক। প্ৰয়োজন সাপেক্ষে কাপোৰৰ পতি লগাওক।
২)ঘাঁত পোক দিলে নাৰিকল তেলত এটুকুৰা কাফুৰ অথবা আতলচ পাতৰ পিচা লগাওক(প্ৰথম দিনা)।
সামগ্ৰী:
নহৰু |
২ ফুটা |
ধনিয়া |
১০ গ্ৰাম |
জিৰা |
১০ গ্ৰাম |
তুলসী |
১ মুঠি |
ডালচিলি পাত |
১০ গ্ৰাম |
জালুক |
১০ গ্ৰাম |
পান |
৫ খিলা |
অসমীয়া পিয়াঁজ |
২ ফুটা |
হালধি গুৰি |
১০ গ্ৰাম |
চিৰতা পাতৰ গুৰি |
২০ গ্ৰাম |
ওচিলাম বেসিলিকাম |
১ মুঠি |
নিমপাত |
১ মুঠি |
গুৰ |
১০০ গ্ৰাম |
তৈয়াৰ পদ্ধতি:
১)জিৰা, জালুক আৰু ধনিয়াগুৰি ১৫ মিনিট তিয়াই ৰাখক।
২)সকলোখিনি সামগ্ৰী লৈ মিক্সিত পিচক।
প্ৰয়োগ পদ্ধতি:
১)দিনে দুবাৰকৈ(পুৱা-গধুলি) অলপ-অলপ কৰি খুৱাওক।
পেটৰ অসুখ:
সামগ্ৰী:
মেথি গুটি |
১০ গ্ৰাম |
পিয়াঁজ |
এটা |
নহৰু |
১ ফুটা |
জিৰা গুটি |
১০ গ্ৰাম |
হালধি |
১০ গ্ৰাম |
নৰসিংহ পাত |
১ মুঠি |
আফু গুটি |
৫ গ্ৰাম |
জালুক |
১০ গ্ৰাম |
গুৰ |
১০০ গ্ৰাম |
হিঙ |
৫ গ্ৰাম |
তৈয়াৰ পদ্ধতি:
১)জিৰা গুটি, হিঙ, আফু গুটি আৰু মেথি গুটি কেইটা ধোঁৱা ওলোৱাকৈ গৰম কৰক।
২)চেঁচা হ’বলৈ দিয়ক আৰু তাৰ পিচত সকলোখিনি গুৰি কৰক।
৩)সকলোখিনি সামগ্ৰী লৈ মিক্সিত পিচক।
প্ৰয়োগ পদ্ধতি:
১)পিচাখিনিৰে সৰু-সৰু লাডু বনাওক।
২)অলপ-অলপকৈ দিনে এবাৰকৈ এদিনৰ পৰা-তিনিদিন পৰ্য্যন্ত খোৱাওক ভাল নোহোৱালৈকে।
সামগ্ৰী:
পিয়াঁজ |
১০০ গ্ৰাম |
নহৰু |
১০ ফুটা |
জলকীয়া |
২ টা |
জিৰা গুটি |
১০ গ্ৰাম |
হালধি |
১০ গ্ৰাম |
গুৰ |
১০০ গ্ৰাম |
জালুক |
১০ গ্ৰাম |
পান |
১ খিলা |
হিঙ |
৫ গ্ৰাম |
প্ৰস্তুতি:
১)জালুক আৰু জিৰা গুটি কেইটা ৩০ মিনিটমান সময় পানীত তিয়াই ৰাখক।
২)সকলোখিনি সামগ্ৰী লৈ মিক্সিত পিচক।
প্ৰয়োগ পদ্ধতি:
১)পিচাখিনিৰে সৰু সৰু লাডু বনাওক।
২)দিনে এবাৰকৈ তিনি-চাৰিদিন খুৱাওক(অলপ-অলপকৈ নিমখৰ লগত)।
পেটৰ পেলু:
সামগ্ৰী:
পিয়াঁজ |
এটা |
নহৰু |
৫ ফুটা |
সৰিয়হ গুটি |
১০ গ্ৰাম |
নিমপাত |
১ মুঠি |
জিৰা |
১০ গ্ৰাম |
তিতা কেৰেলা |
৫০ গ্ৰাম |
হালধি |
৫ গ্ৰাম |
জালুক |
৫ গ্ৰাম |
কলগছ |
১০০ গ্ৰাম |
দোৰোণ বন |
১ মুঠি |
গুৰ |
১০০ গ্ৰাম |
তৈয়াৰ পদ্ধতি:
১)জালুক, জিৰা আৰু সৰিয়হ গুটিকেইটা ৩০ মিনিটমান সময় পানীত তিয়াই ৰাখক।
২)সকলোখিনি সামগ্ৰী লৈ মিক্সিত পিচক।
প্ৰয়োগ পদ্ধতি:
১)পিচাখিনিৰে সৰু-সৰু লাডু বনাওক।
২)দিনে এবাৰকৈ তিনিদিন খোৱাওক(অলপ-অলপকৈ নিমখৰ লগত)।
সামগ্ৰী:
নহৰু |
১০ ফুটা |
নিম পাত |
১ মুঠি |
নিমৰ গুটি |
১ মুঠি |
‘একৰাছ কেলামাচ’ৰ শিপা |
১০ গ্ৰাম |
হালধি গুৰি |
২০ গ্ৰাম |
গো ফুলৰ পাত |
১ মুঠি |
তুলসী পাত |
১ মুঠি |
তৈয়াৰ পদ্ধতি:
১)সকলোখিনি সামগ্ৰী লৈ মিক্সিত পিচক।
২)১ লিটাৰ পানী মিহলাওক।
৩)মিহি চেকনিৰে মিশ্ৰণখিনি চেকক।
৪)স্প্ৰে কৰিব পৰাকৈ মিশ্ৰণখিনি এটা বটলত ৰাখক।
প্ৰয়োগ পদ্ধতি:
১)গাই জনীৰ সমগ্ৰী শৰীৰত মিশ্ৰণখিনি স্প্ৰে কৰক।
২)লগতে গোহালিৰ বেৰ-খুঁটা আদিতো মিশ্ৰণখিনি স্প্ৰে কৰক।
৩)স্প্ৰে কৰাৰ সলনি মিশ্ৰণ কাপোৰত ভিজাইও লগাব পাৰে।
৪)সম্পূৰ্ণ ভাল নোহোৱালৈকেৱ সপ্তাহত এবাৰকৈ স্প্ৰে কৰক।
৫)দিনৰ ৰ’দ থকা সময়খিনিৰ ভিতৰত স্প্ৰে কৰক।
সামগ্ৰী:
নহৰু |
৫ ফুটা |
হালধি গুৰি |
১০ গ্ৰাম |
জিৰা |
১৫ গ্ৰাম |
ওচিলাম বেসিলিকাম |
এক মুঠি |
নিম পাত |
এক মুঠি |
মাখন/ঘিঁউ |
৫০ গ্ৰাম |
প্ৰয়োগ পদ্ধতি:
১)বেমাৰ আক্ৰান্ত ঠাইত মিশ্ৰণখিনি যিমান বাৰ পাৰে লগাওক ভাল নোহোৱালৈকে।
২)ছালখন ভালকৈ শুকোৱাৰ পাচতহে মিশ্ৰণ লগোৱা উচিত।
উৎস: আইএনডিজি দল
শেহতীয়া উন্নীতকৰণ: : 5/16/2020