অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

কৃষি খণ্ডত সহায়ক কৃষি ঋণপত্ৰ:

কৃষি খণ্ডত সহায়ক কৃষি ঋণপত্ৰ কি

 

অসম এখন কৃষি প্ৰধান ৰাজ্য। অসমৰ মুঠ জনসংখ্যা ৮০-৯০ শতাংশ লোক গ্ৰামাঞ্চলত বসবাস কৰে। অসমৰ জনসংখ্যাৰ প্ৰায় ৭০-৭৫ শতাংশ লোক কৃষিজীৱী। অসমৰ অৰ্থনৈতিক পৰিকল্পনাৰ মাপকাঠী কৃষিভিত্তিক বুলি ক’লেও ভুল কোৱা নহ’ব। কৃষিখণ্ডক এৰি পৰিকল্পনা কৰিলে অসমৰ অৰ্থনৈতিক ভেটি টনকিয়াল নহ’ব। সেয়েহে কৃষিখণ্ডক উদ্যোগৰ মূল বুলি কোৱা হয়। বৰ্তমান চাহ খেতিৰ উপৰি অসমে ধান উৎপাদনৰ লগতে মাহজাতীয় তেলজাতীয় শস্য, উদ্যান শস্য উৎপাদনত সন্তোষজনক সাফল্য দেখুৱাবলৈ সক্ষম হৈছে। কৃষিকৰ্মৰ যোগেদি এজন নিবনুৱা যুৱক স্বাৱলম্বীও হ’ব পাৰে। নিজৰ যদি খেতি আছে তেন্তে অকণো পলম নকৰি ঘৰৰ খেতিদৰাত বিভিন্ন ধৰণৰ শাক-পাচলিৰ খেতি কৰি কৰ্মমুখী হ’ব পৰা যায়। ৰাজ্য চৰকাৰৰ কৃষি বিভাগে কৃষিকৰ্মৰ প্ৰতি আগ্ৰহী যুৱক-যুৱতীসকলক সহায়ৰ হাত আগবঢ়ায়। কৃষি ঋণপত্ৰৰ যোগেদিও কৃষকসকলৰ যথেষ্ট সুবিধা হয়। ৰাজ্য চৰকাৰেও বৰ্তমান কৃষি ঋণপত্ৰ() বাধ্যতামূলক কৰিছে। কৃষকসকল কৃষি ঋণপত্ৰৰ দ্বাৰা উপকৃত হ’ব পাৰে।

কৃষি ঋণপত্ৰ বা কে চি চি হ’ল কৃষি উৎপাদনৰ বাবে প্ৰয়োজনীয় আৰ্থিক সুবিধা থকা সহজলভ্য আৰু সময়োচিতভাৱে কৃষকলৈ আগবঢ়োৱা এবিধ অতি ফলদায়ক আঁচনি।

এই কৃষি ঋণপত্ৰ(কে চি চি)ৰ লক্ষ্য ইআৰু উদ্দেশ্যসমূহ হ’ল-

 

  • যিকোনো কৃষকক খেতি কৰাৰ উদ্দেশ্য আৰ্থিক প্ৰয়োজনীয়তা পূৰাবৰ বাবে হ্ৰস্বকালীন ঋণ প্ৰদান।
  • শস্য চপোৱাৰ পৰৱৰ্তী খৰচৰ যোগান ধৰা।
  • উৎপাদন কৰা শস্যসমূহ বাণিজ্যিকীকৰণৰ বাবে প্ৰয়োজনীয় দিহা-পৰামৰ্শ প্ৰদান কৰা আৰু অৰ্থ-সাহায্য প্ৰদান কৰা।
  • কৃষকৰ ঘৰুৱা ব্যয় মোকাবিলা।
  • কৃষি পামৰ সম্পদৰ ৰক্ষণাবেক্ষণ, কৃষিৰ আনুষংগিক কাৰ্য তথা মীনপালন, পশুপালন আদিৰ বাবে প্ৰয়োজনীয় কাৰ্যকৰী পুঁজিৰ যোগান ধৰা।
  • কৃষি আৰু কৃষিকৰ্মৰ লগত জড়িত আনুষংগিক পাম্পছেট, স্প্ৰেয়াৰ, দুগ্ধপাম আদিক বিনিয়োগৰ বাবে অৰ্থসাহায্য যোগান ধৰা।

কৃষিঋণপত্ৰ পোৱাৰ যোগ্যতাসমূহ আৰু কোনে কোনে এই সুবিধা লাভ কৰিব-

  • সাধাৰণতে কৃষি ভূমিৰ গৰাকী সকলো কৃষক একক অথবা যৌথ হিতাধিকাৰীসকলে এই ঋণপত্ৰ পাব পাৰে।
  • ৰায়ত কৃষক, মৌখিক চুক্তিকাৰী আৰু আধিয়াৰ অথবা অংশীদাৰী কৃষকসকলেও সুবিধা পাব।
  • আত্মসহায়ক গোট, যৌথ দায়বদ্ধ কৃষক দলৰ লগতে মৌখিক চুক্তিকাৰী আৰু আধিয়াৰ অথবা অংশীদাৰী কৃষক।

উক্ত কৃষি ঋণপত্ৰ(কে চি চি)ৰ সুবিধাসমূহ-

 

  • সহজ বিতৰণ প্ৰণালী।
  • নগদ আৰু দ্ৰব্যৰ ক্ষেত্ৰত শিথিল নিয়মাৱলী।
  • প্ৰতিবিধ শস্যৰ বাবদ প্ৰতিবাৰে ঋণৰ বাবে আবেদন প্ৰয়োজন নাই।
  • ন্যূনতম সূদৰ হাৰত যিকোনো বতৰৰ বাবে কৃষকসকললৈ উক্ত ঋণ প্ৰদানৰ মঞ্জুৰি দিয়া হয়।
  • কৃষকসকলৰ পছন্দ আৰু সুবিধা অনুযায়ী বীজ, সাৰ আদি ক্ৰয়ৰ ক্ষেত্ৰত সহায়ক হয়।
  • এই ঋণৰ ম্যাদ পাঁচ বছৰ। প্ৰতিটো বছৰৰ বাবে ঋণ আবেদন কৰাৰ প্ৰয়োজন নাই।
  • কৃষি আয়ৰ ওপৰত নিৰ্ভৰ কৰি বৰ্ধিত ঋণৰ সীমা নিৰ্দ্ধাৰন হয়।
  • কৃষি ঋণৰ সুদৰ ক্ষেত্ৰত ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰৰ সাহায্য।
  • প্ৰাকৃতিক দুৰ্যোগৰ বাবে শস্য বীমাৰ আঁচনি।
  • ক্ষুদ্ৰ আৰু উপান্ত কৃষকৰ শস্য বীমাৰ ক্ষেত্ৰত দহ শতাংশ ৰেহাই।

উল্লেখযোগ্য যে কৃষি ঋণপত্ৰ ধাৰীৰ বাবে(কে চি চি) দুৰ্ঘটনা বীমা আঁচনিৰ সুবিধা প্ৰদান কৰা হয়। সাধাৰণতে কৃষি ঋণপত্ৰধাৰীৰ মৃত্যু বা দুৰ্ঘটনাৰ ফলত অক্ষম ব্যক্তিক নিন্মোক্ত সুবিধা প্ৰদান কৰা হয়-

  • দুৰ্ঘটনাজনিত মৃত্যুত(দুৰ্ঘটনাৰ ১২ মাহৰ ভিতৰত) বীমাৰ ধন প্ৰাপ্তি।
  • স্থায়ীভাৱে অক্ষম হোৱা লোকৰ বাবে নগদ ৫০ হাজাৰ টকা সাহায্য প্ৰদান।
  • দুটা অংগ বা দুটা চকু নাইবা এটা অংগ বা এটা চকু হ’লে নগদ ৫০ হাজাৰ টকা সাহায্য।
  • এটা অংগ বা এটা চকু হেৰুৱালে নগদ ২৫ হাজাৰ টকা সাহায্য।
  • এই আঁচনিৰ বীমা কিস্তি বছৰি ১৫ টকা আৰু পাঁচ বছৰৰ বাবে মুঠ ৭৫ টকা আদায় দিব লাগে।

কেনেকৈ পৰিশোধ কৰিব পাৰি এই ঋণ-

  • হ্ৰস্বম্যাদী ঋণৰ ক্ষেত্ৰত প্ৰতিবাৰ উঠোৱা ধন এবছৰৰ ভিতৰত পৰিশোধ কৰিব লাগে।
  • বিনিয়োগ ঋণৰ বাবে বাহাল থকা নীতি-নিৰ্দেশনাৰ ওপৰত ভিত্তি কৰি ম্যাদী আৰু অংশ ৫ বছৰৰ ভিতৰত পৰিশোধ কৰিব লাগে।
  • বিবিয়োগৰ ধনৰ ওপৰত নিৰ্ভৰ কৰি পৰিশোধৰ সময়সীমা দীঘলীয়া হ’ব পাৰে।

উল্লেখযোগ্য যে এই কে চি চি ঋণৰ পৰিমাণ ৫০ হাজাৰ টকাৰ অধিক হ’লে মাটি অথবা স্থাৱৰ/অস্থাৱৰ সম্পত্তি বন্ধকী ৰাখিব লাগে।

এই আঁচনিৰ অধীনত ঋণৰ সুবিধা গ্ৰহণ কৰিবৰ বাবে নিকটৱৰ্তী সমৱায় সমিতি অথবা বেংকৰ শাখা পৰিচালকক লগ ধৰি নিৰ্দিষ্ট আবেদন পত্ৰ পূৰণ কৰাৰ পিছত অতি সহজে ঋণ লাভ কৰিব পৰা যায়। ৰাজ্য চৰকাৰৰ কৃষি বিভাগৰ শাখা বিষয়াসকলৰ লগতো যোগাযোগ কৰি পাৰে।

 

উৎস-ৰাইজৰ বাতৰি

শেহতীয়া উন্নীতকৰণ: : 1/23/2023



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate