অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

প্ৰধানমন্ত্ৰী ফচল বীমা যোজনা

প্ৰধানমন্ত্ৰী ফচল বীমা যোজনা

শেহতীয়াকৈ পূৰ্বৰ ৰাষ্ট্ৰীয় কৃষি বীমা যোজনাখনৰে কিছু সাল-সলনি ঘটাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডিয়ে ঘোষণা কৰিছে ‘প্ৰধানমন্ত্ৰী ফচল বীমা যোজনা’।

এই বীমা যোজনা সকলো ৰাজ্য আৰু কেন্দ্ৰ শাসিত অঞ্চলৰ কাৰণেই প্ৰযোজ্য হ’ব। ৰাজ্য আৰু কেন্দ্ৰ শাসিত চৰকাৰৰ দ্বাৰা নিৰ্ধাৰিত অঞ্চলৰ যিসকল কৃষকে দানাশস্য, খাদ্যশস্য, তেলবীজ, বাৰ্ষিক উদ্যানজাত বা বাণিজ্যিক শস্যৰ খেতি কৰে সেইসকল কৃষকেও এই বীমা লাভ কৰিব। এই বীমাত কিষাণ ক্ৰেডিট কাৰ্ড থকা কৃষকসকলৰ পৰা বেংকে প্ৰিমিয়ামৰ ধন কাটি নি বীমা সংস্থাক প্ৰদান কৰিব। আৰু যিসকলৰ কিষাণ ক্ৰেডিট কাৰ্ড নাই সেইসকলে নিকটৱৰ্তী বেংক শাখা বা বীমা সংস্থাৰ এজেন্টৰ হাতত প্ৰিমিয়ামৰ ধনৰাশি প্ৰদান কৰাৰ সুবিধাও আছে।

এই নতুন আঁচনিৰ অধীনত বীমাকৃত শস্য ৰোপণ কৰাত কোনো ধৰণৰ সমস্যা হ’লে বেংক একান্টত বীমাকৃত ধনৰাশিৰ ২৫ শতাংশ আগতীয়াকৈ প্ৰদান কৰা হ’ব।

বৈশিষ্ট্যসমূহ

  • যিকোনো প্ৰাকৃতিক দুৰ্যোগৰ ফলত কোনো শস্যৰ অনিষ্ট হ’লে সংশ্লিষ্ট কৃষকক আৰ্থিক সকাহ তথা উপযুক্ত ক্ষতিপূৰণ এই বীমাই ইয়াৰ ক্ষতিপূৰণ প্ৰদান কৰিব।
  • বানপানী, খৰাং বা কোনো প্ৰাকৃতিক দুৰ্যোগত কৃষি বিনষ্ট হোৱাৰ লগে লগে সংশ্লিষ্ট বীমা কোম্পানীয়ে ক্ষতিপূৰণৰ সমুদায় ধন আদায় দিয়ে কৃষকসকলক। অৰ্থাৎ এনে বীমা কৰিলে প্ৰাকৃতিক দুৰ্যোগে খেতি বিনষ্ট কৰিলেও কোনো লোকচানৰ সন্মুখীন হ’বলগীয়া নহয় কৃষকসকল।
  • শস্য কঁটাৰ ১৪ দিনলৈ যদি শস্য পথাৰত থাকে আৰু সেই সময়তে কিবা প্ৰাকৃতিক দুৰ্যোগৰ ফলত কৃষকসকল কোনো অসুবিধাৰ সন্মুখীন হ’ব লগাত পৰে তেতিয়াও কৃষকসকলক ক্ষতিপূৰণ প্ৰদান কৰা হ’ব।
  • এই বীমাত নতুন প্ৰযুক্তিৰ ব্যৱহাৰ কৰা হৈছে। য’ত শস্য কটা আৰু লোকচানৰ সমস্যা সমাধান সোনকালেই হয় আৰু কৃষকসকলে ক্ষতিপূৰণো সময়মতে লাভ কৰে।

কৃষকে দিব লগা প্ৰিমিয়াম ৰাশি

প্ৰধানমন্ত্ৰী শস্য বীমাৰ অন্তৰ্গত শস্য অনুযায়ী কৃষকে পৰিশোধ কৰিব লগা প্ৰিমিয়াম ৰাশিৰ পৰিমাণ বহুত কম কৰি দিয়া হৈছে।

ক্ৰমিক নং

শস্য

কৃষকসকলে দিব লগা অধিকতম বীমা ৰাশি (শতাংশ হিচাপত)

খাৰিফ

২.০ শতাংশ

ৰবি

১.৫ শতাংশ

বাৰ্ষিক উদ্যানজাত/ বাণিজ্যিক ফচল

৫ শতাংশ

আঁচনিখনৰ বিষয়ে অধিক জানিবলৈ এই লিংকত ‘প্ৰধানমন্ত্ৰী ফচল বীমা যোজনা’ ক্লিক কৰক।

উৎস: কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰ্যালয়, ভাৰত চৰকাৰ।

শেহতীয়া উন্নীতকৰণ: : 5/27/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate