শস্যবীমা নামৰ আঁচনিখন হ’ল কিছুমান নিৰ্দিষ্ট প্ৰাকৃতিক দুৰ্যোগে শস্যক্ষেত্ৰত কৰা ক্ষতিৰ বিপৰীতে স্ংশ্লিষ্ট কৃষকগৰাকীক বীমাকৃত ৰাশিৰ ধন আদায় দিয়া এখন আঁচনি। উদাহৰণস্বৰুপে সম্ভাব্য দুৰ্ঘটনাত মৃত্যুবৰণ কৰা বা ঘুণীয়া হোৱাৰ আশ্ংকাত যিদৰে জীৱন বীমা কৰা ব্যক্তি এজনে পৰীয়ালটোলৈ আৰ্থিক সকাহ দিব পাৰে, তেনেদৰে শস্যৰ বীমা কৰিও প্ৰাকৃতিক দুৰ্যোগত শস্যৰ ক্ষতি হলে বীমাৰ ধন লাভ কৰি এই ক্ষতিৰ পৰা সকাহ পাব পৰি।
অসমত কৃষি বীমা আঁচনিৰ অধীনত বৰ্তমান দুখন আঁচনি ৰুপায়ণ কৰা হয় আছে। ইয়াৰে এখন হ’ল ৰাষ্ট্ৰীয় কৃষি বীমা আঁচনি। এই আঁচনিখন ১৯৯০-২০০০ চনৰ ৰবি বতৰৰ পৰা অসমৰ প্ৰতিখন জিলাতে ৰুপায়ণ কৰা হৈ আহিছে। দ্বিতীয় আঁচনিখন হ’ল স্ংশোধিত ৰাষ্ট্ৰীয় কৃষি বীমা আঁচনি। এই স্ংশোধিত আঁচনিখন ২০১০-১১ চনৰ ৰবি বতৰৰ পৰা পৰীক্ষামূলক ভিত্তিত অকল কামৰুপ(গ্ৰাম্য) জিলা আৰু ধুবুৰী জিলাৰ গাওঁ পঞ্চায়তসমূহত ৰুপায়ণ কৰি অহা হৈছে।
কৃষি বীমা আঁচনিৰ অধীনত অন্তৰ্ভূক্ত প্ৰাকৃতিক দুৰ্যোগসমূহ এনেধৰণৰঃ
বানপানী, খৰাং, পোক-পৰুৱা, বেমাৰ আজাৰৰ অক্ৰমণ, শিলাবৃষ্টি, ভূমিস্খলন, বজ্ৰপাত, ঘূৰ্ণীবতাহ, বন্যপ্ৰাণীৰ দ্বাৰা হোৱা ক্ষতি আদি।
কৃষি বীমা আঁচনিয়ে ক্ষুদ্ৰ, উপান্ত, বৃহৎ, আধি বা ঠিকাভিত্তিক কাম কৰা কৃষকক সামৰি লৈছে।
ঋণী কৃষকঃ বিত্তীয় প্ৰতিষ্ঠানৰ পৰা ঋণ লৈ কৃষি বীমা আঁচনিৰ তালিকাভূক্ত শস্যৰ খেতি কৰা কৃষকসকলৰ বাবে কৃষি বীমা বাধ্যতামূলক।
অঋণী কৃষকঃ যিসকল কৃষকে নিজ ইচ্ছাৰে তালিকাভুক্ত শস্যৰ খেতি কৰিছে তেওঁলোকৰ বাবে স্বেচ্ছামূলক।
কৃষি বীমা আঁচনিৰ অন্তৰ্ভূক্ত ৰাষ্ট্ৰীয় কৃষি বীমা যোজনা আঁচনিয়ে খাৰিফ বতৰৰ আহুধান, শালিধান, আৰু মৰাপাট আৰু ৰবি শস্যৰ ভিতৰত বৰোধান, ঘেঁহু, সৰিয়হ, আলু আৰু কুঁহিয়াৰ খেতিক সামৰি লৈছে। আনহাতে, স্ংশোধিত ৰাষ্ট্ৰীয় কৃষি বীমা আঁচনিয়ে খাৰিফ বতৰত শালিধান, আৰু ৰবি বতৰত বৰোধানৰ খেতি সামৰি লৈছে।
আহুধান, শালিধান- বীমা ৰাশিৰ ২.৫ শতাংশ।
ঘেঁহু- বীমা ৰাশিৰ ১.৫ শতাংশ।
বৰোধান- বীমা ৰাশিৰ ২ শতাংশ।
আলু, কুঁহিয়াৰ, মৰাপাট- বাণিজ্যিক হাৰ।
ৰাষ্ট্ৰীয় কৃষি বীমা যোজনা আঁচনিৰ অধীনত ক্ষুদ্ৰ আৰু উপান্ত কৃষকৰ বাবে বীমা মূল্যৰ ওপৰত ১০ শতাংশ ৰেহাইদিয়া হৈছে। আনহাতে, সংশোধিত ৰাষ্ট্ৰীয় কৃষি বীমা আঁচনিৰ অধীনত ৪০ শতাংশ ৰেহাই আগবঢ়োৱা হৈছে।
ক) ঋণ লোৱা কৃষকৰ বাবেঃ
খ) ঋণ নোলোৱা কৃষকৰ বাবেঃ
খাৰিফ বতৰৰ বাবে প্ৰতিবছৰৰ ৩১ জুলাই আৰু ৰবি বতৰৰ ক্ষেত্ৰত ঘেঁহু, সৰিয়হ আৰু আলুৰ বাবে ৩১ ডিচেম্বৰ আৰু বৰো/ইৰি ধান আৰু কুঁহিয়াৰৰ বাবে ১৫ ফেব্ৰুৱাৰী।
উৎসঃ কৃষি বিভাগ, অসম
শেহতীয়া উন্নীতকৰণ: : 3/13/2020