অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

অসমত ঘাঁহশস্যৰ প্ৰয়োজনীয়তা আৰু সম্ভাৱনীয়তা

অসমত ঘাঁহশস্যৰ প্ৰয়োজনীয়তা আৰু সম্ভাৱনীয়তা

ভাৰতবৰ্ষত ঘাঁহ শস্যৰ উৎপাদন ক্ষমতা বৃদ্ধি কৰাৰ সময় আহি পৰিছে। খাদ্যশস্য উৎপাদনৰ লগে লগে পশুধনৰ আহাৰ হিচাপে ঘাঁহ শস্যৰ উৎপাদনৰ লক্ষ্য স্থিৰ কৰি ল’ব নোৱাৰিলে অদূৰ ভৱিষ্যতে জনসংখ্যাৰ অনুপাতে খাদ্যদ্ৰৱ্যৰ যোগান ধৰা কঠিন কৈ পৰিব। ভাৰতবৰ্ষত মুঠ ৮.৩ নিযুত হেক্টৰ মাটিত ঘাঁহ শস্য আছে বা খেতি কৰা হয়। এই মাটিৰ পৰিমাণ যোৱা ৩-৪ দশকত প্ৰায় একে আছে। পশুধনৰ খাদ্য শস্য শতকৰা ৪৭ ভাগহে সহজলভ্য হৈ আছে। সেউজীয়া ঘাঁহ শস্য শতকৰা ৩৯.৫ ভাগহে যোগান ধৰিব পৰা হয়। দানাযুক্ত আহাৰৰ ক্ষেত্ৰত শতকৰা ৫২.৯ ভাগহে সহজলভ্য। পশুধন আছে প্ৰায় ৯৪১.৩ নিযুত। এই পশুধনৰ পৰা আমাৰ দেশে আহৰণ কৰে প্ৰায় ১৪৩০.০০০ টকা, যি খিনি কৃষি সামগ্ৰীৰ শতকৰা ৩২ ভাগৰ সমান, দেশৰ সৰ্ব্বমুঠ ঘৰুৱা উৎপাদনৰ শতকৰা ২৭ ভাগৰ সমান।

খেতিয়কৰ কাৰণে পশুধন নগদ ধন আহৰণৰ এটা মূল সমল। শ্ৰমদানৰ ক্ষেত্ৰত পশুধনৰ অৰিহণা আছে প্ৰায় শতকৰা ৭০ ভাগ। সেয়ে খেতিয়কৰ পশুধন নহ’লে লচলে। প্ৰয়োজন হয় মাটি চহাবলৈ, জৈৱিক সাৰৰ কাৰণে, জুই ধৰিবৰ কাৰণে আৰু প্ৰধানকৈ গাখীৰ আৰু মাংস উৎপাদন কৰিবৰ কাৰণে। বৰ্তমানে গাখীৰ গড়ে ১৭৮ গ্ৰামকৈ প্ৰতিজনে প্ৰতি দিনে খাব পৰাকৈ উৎপাদন হৈ আছে। কিন্ত খাব লাগে প্ৰতিদিনে ২৫০ গ্ৰাম কৈ।

ঠিক সেইদৰে মাংসৰ ক্ষেত্ৰত জনমুৰি হিচাপে প্ৰায় ৮০০ গ্ৰামহে প্ৰতি বছৰত সহজলভ্য হৈ আছে। প্ৰয়োজন হয় প্ৰতি বছৰত ১১ কিলোগ্ৰামকৈ প্ৰতিজন মানুহৰ কাৰণে। এই অভাৱখিনিৰ প্ৰতি লক্ষ্য ৰাখি পশুধনৰ স্বাস্থ্যৰ উন্নতি আৰু উৎপাদন বৃদ্ধি কৰাৰ ওপৰত খেতিয়কসকলে গুৰুত্ব দিয়াতো অতি প্ৰয়োজনীয়। পশুধনক ভালকৈ পুষ্টিকৰ আহাৰ বা ঘাঁহ শস্যৰ যোগান ধৰিব পাৰিলে পশুধনৰ উৎপাদনক্ষমতা শতকৰা ২০-৩০ ভাগলৈ বৃদ্ধি কৰিব পৰা হয়। বৰ্তমানে গাখীৰ উৎপাদনৰ কাৰণে পশুধনৰ ওপৰত অধিক গুৰুত্ব দিয়া হৈছে। অদিক গাখীৰ উৎপাদন কৰিবলৈ হ;লে কেইটামান বিশেষ কথালৈ মন কৰিব লাগে।

১) এজনী গাই গৰুক কিমান বা কেনেকৈ খোৱাব লাগে? সাধাৰণতে প্ৰতিদিনে গাই গৰুক ৭.৫ কিলোগ্ৰাম সেউজীয়া ঘাঁহশস্যৰ লগতে ৯০ গ্ৰামকৈ দানাযুক্ত আহাৰৰ প্ৰয়োজন হয় প্ৰতি লিটাৰ গাখীৰ উৎপাদনৰ কাৰণে।

২) প্ৰতিজনী গাই গৰুক দৈনিক ১ কিলোগ্ৰাম দানাযুক্ত আহাৰ খোৱাব পাৰিলে ভাল।

৩) গাই গৰুৰ ওজনৰ হিচাপত সেউজীয়া ঘাঁহ শস্যৰ যোগান ধৰা হয়। ৪০০ কিলোগ্ৰাম ওজনৰ এজনী গাই গৰুক প্ৰতিদিনে ৩৫-৪০ কিলোগ্ৰাম সেউজীয়া ঘাঁহ শস্যৰ যোগান ধৰিব লাগে আৰু এই ঘাঁহশস্য বিলাক যাতে শতকৰা ৮-১০ ভাগ প্ৰ’টিনযুক্ত হয় তাৰ প্ৰতি লক্ষ্য ৰাখিব লাগে।

৩) ঘাঁহ শস্যৰ লগতে মাহ জাতীয় ঘাঁহ শস্য মিহলি কৰি (৩:১ অনুপাতত) খোৱাব পাৰিলে ভাল হয়। অসমৰ খেতিয়কৰ কাৰণে উপযোগী অধিক উৎপাদনক্ষম ঘাঁহ শস্য সমুহ হৈছে :

বহুবৰ্ষী ঘাঁহ শস্য হিচাপে         একবৰ্ষী ঘাঁহ শস্য হিচাপে

১)নেপিয়েৰ ঘাঁহ(Hybrid Napier)  খাৰিফৰ বতৰত             ৰাবি বতৰত

২)গিনি ঘাঁহ (Guinea)        ১)গোম ধান (Maize)        ১)ওটচ্‌ (Oats)

৩)পাৰা ঘাঁহ (Para)         ২)টিয়চিণ্টে(Teosintte)        ২)মটৰমাহ (Pea)

৪)চেতেৰিয়া ঘাঁহ(Setarea)     ৩)লেচেৰা মাহ(Cowpea)      ৩)খেচাৰি মাহ(Lathyrus)

৪) বেজীয়া মাহ (Ricebean)

লিখক: ড বৰুণ বৰগোঁহাই

শেহতীয়া উন্নীতকৰণ: : 7/13/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate