অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

অসমত জাকৰুৱা পোকৰ তাণ্ডৱ কাৰক আৰু প্ৰতিকাৰ

একাধিকপ্ৰজাতিৰ কীট-পতংগই এক নিৰ্দিষ্ট অনুকুল পৰিৱেশত উচ্চ হাৰত বংশ বৃদ্ধি কৰিব পাৰে-

ফলত ইহঁতে জাকৰুৱা(Swarming) ৰুপ লয় আৰু জাক পাতি খেতিৰ অনিষ্ট কৰে।শস্যভোজী এই পোকবোৰে ধান গছৰ উপৰি বাঁহগছ,বন্ধাকবি,এৰাগছ,কপাহ,মৰাপাট,মাকৈ,কুঁহিয়াৰ,মিঠা আলু,ধঁপাত,ঘেঁহু আদি শস্যৰ লগতে বিভিন্ন অপতৃণ,বিশেষকৈ ঘাঁহজাতীয় বনবোৰ খাব পাৰে।ধানৰ বৰ্ধনশীল অৱস্থাত ইহঁতে ধানগছবোৰ এফালৰ পৰা গৰুৱে খোৱাৰ দৰে খাই যায় আৰু উৎপাদনশীল অৱস্থাত ধানৰ থোকবোৰ (শীহবোৰ)কুটি পেলায়।ফলত কৃষকৰ পৰম ক্ষতি হয়।ধাননি পথাৰত সচৰাচৰ কম সংখ্যাত থকা এই পোকবোৰ খৰাং সদৃশ বতৰৰ পিছত অধিক বৰষুণ পালেই জাকৰুৱা ৰুপ লয়।জাক পাতি খাই বাবেই এই পোকক ভাৰতৰ বিভিন্ন ঠাইত “সৈনিক কীট”বুলি জনা যায়।

ফিলিপাইনস্থিত আন্ত:ৰাষ্ট্ৰীয় ধান গৱেষণা অনুষ্ঠানৰ তথ্য অনুসৰি এই জাকৰুৱা সৈনিক কীটৰ বংশ বৃদ্ধি তথা বিস্তাৰৰ অনুকুল পৰিৱেশবোৰ হ’ল-

(১)ধানখেতি নথকা সময়তো ধানৰ খেতিপথাৰৰ ওচৰ-পাঁজৰে ঘাঁহজাতীয় অপতৃণ বা বন-বাটৰ উপস্থিতি।

(২)খৰাং সদৃশ পৰিৱেশৰ পিছতে অধিক মাত্ৰাত হোৱা বৰষুণ।

(৩)ওচৰা- উচৰিকৈ থকা শুকান আৰু জলশক্তি পথাৰ।মন কৰিবলগীয়া যে এনে শুকান আৰু জলসিক্ত দুয়োবিধ পথাৰতে ই বংশ বৃদ্ধি প্ৰক্ৰিয়া বাধাহীনভাৱে চলাই যাব পাৰে।শুকান পথাৰত গছৰ গুৰি অংশত বা মাটিত আৰু পানী ভৰি থকা পথাৰত গা-গছৰ ওপৰৰ অংশত অথবা ধাননিৰ দাঁতিত থকা ঘাঁহনিত লেটা বান্ধে।

(৪)একেখন পথাৰতে যদিহে বিভিন্ন বয়সৰ (বা স্তৰৰ)ধানগছ থাকে।

অসমৰ কৃষি পৰিৱেশত উক্ত অনুকুল পৰিৱেশকেইটাৰ ২ নং পৰিৱেশটোৰ বাদে বাকী তিনিটা পৰিৱেশ সদা বৰ্তমান বুলিয়ে ক’ব পাৰি।জলবায়ু পৰিৱৰ্তনৰ প্ৰেক্ষাপটত ২ নং কাৰকটো ঘনাই হোৱা দেখা গৈছে আৰু জাকৰুৱা পলুৰ সঘন প্ৰাদুৰ্ভাৱ দেখা গৈছে।

উক্ত কাৰকবোৰৰ উপৰি কিছুমান স্থানীয় কাৰকেও পোকটোক জাকৰুৱা ৰুপ লোৱাত সহায় কৰিছে।

(১)কৃষক ৰাইজৰ সঠিক,সময়োচিত নিৰীক্ষণৰ অভাৱ।সেয়ে তেওঁলোকে পোকবিধৰ প্ৰাৰম্ভিক আক্ৰমণ দেখা নাপায়,পালেও গৰুৱে খোৱা বুলি উলাই কৰে।পোকবিধে জাকৰুৱা ৰুপ লোৱাৰ পিছতহে বেছিভাগ কৃষকে প্ৰত্যক্ষ কৰে।

(২)অসমতুল হাৰত সাৰ প্ৰয়োগ,বিশেষকৈ ইউৰিয়াৰ অধিক প্ৰয়োগ।

(৩)পৰম্পৰাগতভাৱে চলি অহা কিছুমান সৰু সৰু কৃষিকৰ্মক বাদ দিয়া ।উদাহৰণস্বৰুপে ধাননিৰ মাজৰ আলিবোৰ বোকাৰে লেপ (প্ৰলেপ)দিয়া,ফাগুণ-চ’ত মাহত পথাৰত দ’কৈ হাল বোৱা,চৰাই-চিৰিকটি পৰিবলৈ জেং পুতি দিয়া আদি কাম সৰহসংখ্যক কৃষকে বাদ দিয়া আমাৰ পৰিলক্ষিত হৈছে।

(৪)সামুহিক প্ৰচেষ্টাত গোটেই গাঁওখনৰ মানুহে কৰিবলগীয়া কামবোৰ (যেনে-দলনি ধ্বংস,বন-বাট নিৰণি আদি)নকৰাকৈ পৰি থাকে।উল্লেখ্য যে পথাৰৰ এমুৰে থকা ধানখেতি নকৰা ঠাই ,ঘাঁহ থকা জলাশয়,দলনি আদিৰ পৰাই আলোচ্য পোকটিয়ে বংশ বিস্তাৰৰ আৰম্ভণি কৰে।

(৫)শালিধানৰ বতৰত হোৱা আগতীয়া বানপানী।এনে বানপানীয়ে সাঁতুৰিব নজনা আলোচ্য পলুবোৰক উটুৱাই নি ন-ন অঞ্চলত খোপনি পোতাত সহায় কৰে।

জাকৰুৱা ৰুপ লোৱা এই পোকবোৰৰ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত কীটনাশক প্ৰয়োগৰ গত্যন্তৰ নাই যদিও সৰু সৰু কিছুমান কৃষিকৰ্মই এই কীট দমনত সহায় কৰে।এইক্ষেত্ৰত কৃষকসকল সজাগ হোৱা উচিত আৰু অনাগত দিনবোৰত কৃষিক্ষেত্ৰত প্ৰয়োগ কৰা উচিত।

মনত ৰখা উচিত যে কোনো এটা নিয়ন্ত্ৰণ ব্যৱস্থাৰে এই পোকটোৰ পৰা পৰিত্ৰাণ পাব নোৱাৰে।সেয়ে নিয়ন্ত্ৰণ ব্যৱস্থাসমুহ সঠিক ৰুপত,সময়োচিতভাৱে ,সমন্বিতভাৱে প্ৰয়োগ কৰা উচিত।এনে ব্যৱস্থাৰ বাবে পোকবিধ কণী,পলু,লেটা বা পখিলা অৱস্থাতো তথা খেতিপথাৰৰ চাৰিওফালে থকা বন-বাটবোৰ সুক্ষ্মভাৱে নিৰীক্ষণ কৰি থকাটো অতীৰ প্ৰয়োজন,কিয়নো জাকৰুৱা ৰুপ লৈ গোটেই খেতিডৰালৈ বিয়পি পৰাৰ আগতে খেতিডৰাৰ কোনোবা এক নিৰ্দিষ্ট ঠাইত ইহঁতৰ আক্ৰমণৰ আৰম্ভণি হয়।আৰম্ভণিতে এই ঠাইডোখৰ চিনাক্ত কৰি ৰাসায়নিক কীটনাশক দৰব প্ৰয়োগ কৰি থলীতে নিয়ন্ত্ৰণ কৰিব পাৰি।এনে নিয়ন্ত্ৰণ কম খৰচী আৰু অধিক ফলপ্ৰসু হয় আৰু কৃষি পৰিৱেশটোত দৰবৰ দ্বাৰা হোৱা প্ৰদুষণৰ মাত্ৰাও কম হয়।এপ্ৰিল মাহৰ পৰাই এই পোকবিধৰ উমান পাব পাৰি।

আলোচ্য পোকবিধৰ সমন্বিত নিয়ন্ত্ৰণৰ বাবে কৃষকসকলে তলত দিয়া কথাবিলাকত গুৰুত্ব দিয়া উচিত-

  • ফাগুন-চ’ত মাহত দ’কৈ হাল বাই দিব লাগে,যাতে লুকাই থকা লেটাবোৰ ওলাই পৰে আৰু প্ৰখৰ ৰ’দ তথা চৰাই-চিৰিকটিৰ চিকাৰ হয়।
  • সমতুল হাৰত সাৰ প্ৰয়োগ কৰা উচিত।নাইট্ৰ’জেনযুক্ত সাৰৰ (ইউৰিয়া,ডিএপি)অধিক প্ৰয়োগে এইবিধ পোকৰ সংখ্যা বৃদ্ধিত সহায় কৰে।
  • কঠীয়াতলী আৰু ধাননি পথাৰৰ ভিতৰত আলিবোৰত আৰু চৌপাশে থকা বন-বাট নিয়ন্ত্ৰণ কৰক।ওচৰত থকা দলনি ধ্বংস কৰক।
  • ঘনাই এনে পোকৰ উপদ্ৰৱ হোৱা ঠাইত শস্যাৱৰ্তন কৰিব লাগে।খেতি মাটিৰ উপযোগোতা অনুসৰি ধানখেতিৰ পিছতে একেডৰা মাটিত সৰিয়হ,মটৰ আদিৰ খেতি কৰক।ঠিক সেইদৰে ঘনাই আক্ৰান্ত হোৱা অঞ্চলত কৃষকসকলে অধিক পোখা দিব পৰা ধানৰ জাত ৰোপণ কৰক।
  • ফাগুন-চ’ত মাহত দ’কৈ হাল বাই দিব লাগে যাতে মাটিত লুকাই থকা লেটাবোৰ ওলাই পৰে আৰু প্ৰখৰ ৰ’দত মৰি যায় বা চৰাই চিৰিকটিৰ চিকাৰ হয়।
  • কঠীয়াতলী আৰু মুল খেতিডৰাত পানী নাথাকিলে ,ধানৰ গুৰিৰ ৪-৬ ইঞ্চিমান পানীৰে ওপচাই দিলে গুৰিত থকা পলুবোৰ ওলাই আহে আৰু চৰাইৰ চিকাৰ হয়।এনে অৱস্থাত খেতিডৰাত হাঁহ মেলি দিলে বাৰুকৈয়ে সুফল পোৱা যায়।
  • ধান খেতিত অনিষ্টকাৰী পোক-পৰুৱা নিয়ন্ত্ৰণ কৰিবলৈ চৰাই পৰিবলৈ বাঁহৰ জেং পুতি দিয়াটো নিতান্তই প্ৰয়োজন।জেঙৰ সলনি বাঁহৰ কামিৰে বন্ধা ইংৰাজী ‘টি’আখৰটোৰ দৰে হ’লে চৰাইবোৰে বহিবলৈ বেছি সুবিধা পায়।
  • জাকৰুৱা পলুবোৰে সাঁতুৰিব নাজানে।সেয়ে আক্ৰান্ত ডোবাটিত পানী থকা অৱস্থাত প্ৰতি হেক্টৰত ২ লিটাৰ (প্ৰতি বিঘাত ২৫০-৩০০ মি:লি:) কেৰাচিন পথাৰত ছটিয়াই দিলে সুফল পোৱা যায়।পানীৰ সংস্পৰ্শত পলুবোৰে ধানগছত বগাব লয়,এনে অৱস্থাত কেৰাচিন তেলত এডাল দীঘল ৰছী ডুবাই লৈ ৰছীডালৰ দুই মুৰে ধৰি ধান গছৰ আগবোৰত লাগি যোৱাকৈ চোঁচৰাই নিলে পলুবোৰ ধানগছৰ পৰা কেৰাচিন মিহলি পানীত পৰি মৰি যায়।
  • আক্ৰান্ত ডোবাটোৰ চাৰিওফালে সৰু নৰ্দমা খালী কেৰাচিনযুক্ত পানীৰে ভৰাই দিলে পলুবোৰৰ আহ-যাহত বাধা হয় আৰু নতুন এডৰালৈ বিয়পি যোৱাত বাধাগ্ৰস্ত হয়।এই নৰ্দমাত ফুট ছাই ছটিয়ালেও সুফল পোৱা যায়।
  • মালাথিয়ন ৫ শতাংশ শক্তিযুক্ত পাউদাৰ পথাৰৰ আলি (বান্ধ)বোৰত প্ৰয়োগ কৰি এই পোকৰ বিস্তাৰত বাধা দিব পাৰি।
  • জাকৰুৱা পলুৰ প্ৰাদুৰ্ভাৱ হ’লে তাৎক্ষণিকভাৱে ৰাসায়নিক কীটনাশক দৰব প্ৰয়োগৰ প্ৰয়োজনীয়তা আহি পৰে।ক্লোৰ’পাইৰিফছ ২০ ইচি দৰব প্ৰতি লিটাৰ পানীত ২.৫ মি:লি: হাৰত প্ৰয়োগ কৰিলে সুফল পোৱা যায়।
  • সাধাৰণতে ৬০-৭০ লিটাৰ দৰব পানীৰ মিশ্ৰণৰ সহায়ত এক বিঘা ধানখেতিত প্ৰয়োগ কৰিব পাৰি যদিও জাকৰুৱা পলুৰ প্ৰাদুৰ্ভাৱ বেছি হ’লে অৰ্থাৎ ধানগছবোৰত অধিক পলুৰ উপস্থিতি দেখা পালে হয়তো এই মিশ্ৰণ অধিক পৰিমাণে প্ৰয়োজন হ’ব পাৰে।পাত,গা-গছৰ উপৰি ধানগছৰ গুৰিভাগতো দৰব প্ৰয়োগ কৰিব লাগে।পোকবিধে নিশাচৰ বা ৰাতি বেছিকৈ আক্ৰমণ কৰে বাবে আবেলি দৰবটো প্ৰয়োগ কৰিলে বেছি সুফল পোৱা যায়।
  • অসমত দেখা পোৱা জাকৰুৱা পলুৰ এচামে পিছলৈ ধানৰ শীহ (থোক)কাটি পেলাব পাৰে।সিহঁতৰ পলু অৱস্থাৰ আগতে পখিলাবোৰক নি:শেষ কৰিব পাৰিলে সুফল পোৱা যায়।জোঁৰ লগাই বা পোহৰ ফান্দৰ ব্যৱস্থা কৰি এই পখিলাবোৰক আকৰ্ষণ কৰি মাৰি পেলাব পাৰি।
  • ধান কাটিব পৰা সময়ত জাকৰুৱা পলুৰ আক্ৰমণ হ’লে কীটনাশক দৰব প্ৰয়োগৰ সলনি যিমান পাৰি সিমান সোনকালে ধান কাটিব লাগে।
  • জাকৰুৱা পলুৰ সঠিক নিয়ন্ত্ৰণৰ বাবে সামুহিক পদক্ষেপ ল’লেহে সুফল পোৱা যায়।

লেখক:অৰুপ কুমাৰ শৰ্মা (নিয়মীয়া বাৰ্তা)

শেহতীয়া উন্নীতকৰণ: : 6/17/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate