অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

উদ্ভিদৰ পোষক দ্ৰব্য আৰু প্ৰয়োগ ব্যৱস্থা :

উদ্ভিদৰ পোষক দ্ৰব্য আৰু প্ৰয়োগ ব্যৱস্থা :

 

উদ্ভিদে কম পৰিমাণে গ্রহণ কৰা পোষক দ্রব্যসমূহ মাল্টিপ্লেক্স, পলিমেক্স, ট্ৰেচেল আদি বিভিন্ন অনুসাৰ বা সূক্ষ্মসাৰ জৰিয়তে শস্যত যোগান ধৰিব পৰা যায়। কিছুমান সূক্ষ্মসাৰ মাটিত প্রয়োগ কৰি আৰু কিছুমান শস্যৰ পাতত স্প্ৰে কৰি যোগান ধৰা হয়।

জীয়াই থাকিবলৈ সকলো প্রাণীকে আহাৰৰ প্রয়োজন হয়। উপযুক্ত আহাৰ, পানী আদি সময়মতে গ্রহণ কৰিব নোৱাৰিলে কোনো প্রাণী জীয়াই থাকিব নোৱাৰে। জীৱ-জন্তুৰ নিচিনাকৈ উদ্ভিদকো জীয়াই থাকিবলৈ, ফলে-ফুলে জাতিষ্কাৰ হ’বলৈ আহাৰৰ প্রয়োজন হয়। অৱশ্যে, জীৱ-জন্তুৱে গ্ৰহণ কৰাৰ নিচিনাকৈ উদ্ভিদে মুখেৰে আহাৰ গ্ৰহণ কৰিব নোৱাৰে। উদ্ভিদৰ বাবে প্ৰয়োজন হোৱা আহাৰ, পানী আদি দ্ৰব্যসমূহ মাটিৰ পৰা শিপাই শোষণ কৰে। উদ্ভিদে মাটিৰ পৰা শোষণ কৰা এই আহাৰক আমি পোষক দ্রব্য বা খাদ্য মৌল বুলি ক’ব পাৰোঁ।

উদ্ভিদক ডালে-পাতে, ফলে-ফুলে জাতিষ্কাৰ হ’বলৈ ১৬ বিধৰো অধিক এনে পোষক দ্রব্যৰ প্রয়োজন হয়। এনে পোষক দ্রব্যসমূহ শস্যৰ প্রয়োজন হোৱাকৈ সকলোবোৰ মাটিতে সমান পৰিমাণে নাথাকে আৰু সকলোবোৰ শস্যই এনে পোষক দ্রব্যসমূহ সমান পৰিমাণত গ্রহণ নকৰে। যিবোৰ মাটিত এনে পোষক দ্রব্যৰ পৰিমাণ প্রয়োজনতকৈ কম থাকে তেনে মাটিত কৃত্রিম উপায়েৰে উদ্ভিদৰ প্রয়োজনীয় পোষক দ্রব্যসমূহ যোগান ধৰিব পৰা যায়। উদ্ভিদক অধিক মাত্ৰাত প্রয়োজন হোৱা খাদ্য হৈছে নাইট্র’জেন, ফছফৰাছ আৰু পটাচিয়াম। এই মৌলসমূহ সাধাৰণতে ইউৰিয়া, ছুপাৰ ফছফেট আৰু মিউৰেট অব পটাছ সাৰ হিচাপে আমি খেতি পথাৰত যোগান ধৰিব পাৰোঁ। ইউৰিয়া সাৰে উদ্ভিদৰ বাঢ়ন আৰু গজন শক্তি বৃদ্ধি কৰে, ফছফৰাছযুক্ত সাৰে গছৰ ফুল আৰু ফলমূল ধৰাত সহায় কৰে। ঠিক সেইদৰে পটাছযুক্ত সাৰে গছ-গছনিৰ বেমাৰ-আজাৰ নিয়ন্ত্ৰণত বিশেষভাৱে অৰিহনা যোগায়। সেইবাবে, এই সাৰসমূহ শস্যৰ প্রয়োজন অনুসৰি নির্দিষ্ট অনুপাতত শস্যক যোগান ধৰিব লাগে।

আমি খেতি-পথাৰত প্রয়োগ কৰা ইউৰিয়া সাৰখিনি উদ্ভিদে কম সময়ৰ ভিতৰতে শিপাৰ জৰিয়তে আহৰণ কৰিব পাৰে। ইউৰিয়া সাৰ সহজে অপচয় হোৱাৰো আশংকা থাকে। সেইবাবে এনেধৰণৰ সাৰ শস্যৰ প্রয়োজন অনুসৰি নির্দিষ্ট পর্যায়ত ভাগ ভাগকৈ যোগান ধৰা ভাল। অন্যহাতে, ফছফৰাছ আৰু পটাচিয়ামযুক্ত সাৰখিনি গছে মাটিৰ পৰা গ্রহণ কৰিবলৈ কিছু সময়ৰ প্রয়োজন হয়। সেইবাবে এনে সাৰ সাধাৰণতে শেষৰ চাহ হাল বাওঁতে পথাৰত প্রয়োগ কৰা ভাল।

উদ্ভিদে কিছুমান পোষক দ্রব্য নিচেই কম পৰিমাণে গ্রহণ কৰে। শস্যই কম পৰিমাণে গ্রহণ কৰা পোষক দ্রব্যসমূহ হৈছে কেলচিয়াম, মলিবডেনাম, বৰ’ণ, জিংক আদি। এই পোষক দ্রব্যসমূহ শস্যই কম পৰিমাণে গ্রহণ কৰে যদিও ইয়াৰ প্ৰভাৱ উল্লেখনীয়। উদাহৰণস্বৰূপে মলিবডেনামৰ অভাৱত ফুলকবিৰ ঠাৰিডাল ফোপোলা হয়, বৰ’ণৰ অভাৱত নাৰিকলৰ অপৈণত ফল সৰিব পাৰে আৰু পথাৰত থকা ওলকবি ফাটি যাব পাৰে। এনে বিসংগতিৰ পৰা শস্যখিনিক ৰক্ষা কৰিবলৈ এই পোষক দ্ৰব্যসমূহ সময়মতে আৰু প্ৰয়োজনীয় অনুপাতত শস্যক যোগান ধৰিব লাগে। উদ্ভিদে কম পৰিমাণে গ্রহণ কৰা পোষক দ্রব্যসমূহ মাল্টিপ্লেক্স, পলিমেক্স, ট্ৰেচেল আদি বিভিন্ন অনুসাৰ বা সূক্ষ্মসাৰৰ জৰিয়তে শস্যত যোগান ধৰিব পৰা যায়। কিছুমান সূক্ষ্মসাৰ মাটিত প্রয়োগ কৰি আৰু কিছুমান শস্যৰ পাতত স্প্ৰে’ কৰি যোগান ধৰা হয়। সূক্ষ্মসাৰ প্রয়োগৰ ব্যৱস্থাৱলীৰ বিষয়ে সাৰ ভৰাই থোৱা পাত্ৰটোৰ ওপৰতে বিতংকৈ লিখা থাকে আৰু কৃষক ৰাইজে সেইমতে খেতি পথাৰত এনে সাৰ প্রয়োগ কৰিব পাৰে। খেতি পথাৰত কৃত্রিমভাৱে ৰাসায়নিক সাৰ প্রয়োগ কৰাৰ উপৰি নানাধৰণৰ জৈৱিক সাৰ প্রয়োগ কৰি মাটি সাৰুৱা কৰিব পৰা যায়। তাৰ ভিতৰত কেঁচুসাৰ, পচনসাৰ, সেউজ সাৰ, জীৱাণুসাৰ আদি উল্লেখযোগ্য। এনে সাৰে মাটিৰ উৰ্বৰতা অক্ষুন্ন ৰখাৰ উপৰি শস্যই মাটিৰ পৰা আহৰণ কৰা পোষক দ্রব্যসমূহ সহজলভ্য কৰি তোলে আৰু খৰাং পৰিস্থিতিতো মাটিডৰা জীপাল কৰি ৰখাত সহায় কৰে। জৈৱিক সাৰে মাটি, পানী, বায়ু আদি দূষিত কৰাৰো ভয় নেথাকে। সেইবাবে আমি এতিয়া ৰাসায়নিক দ্রব্যৰ পৰিমাণ হ্রাস কৰি জৈৱিকভাৱে প্ৰস্তুত কৰা সাৰ, কীটনাশক দ্রব্য আদিৰ প্রয়োগত প্রাধান্য দিয়া ভাল।

লিখক: ড° কুমুদ চুতীয়া, দৈনিক জনমভূমি।

শেহতীয়া উন্নীতকৰণ: : 2/8/2023



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate