অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

কুঁহিয়াৰ খেতিত সমন্বিত কীট - পতংগ নিয়ন্ত্রণ

কুঁহিয়াৰ খেতি অত্যন্ত লাভজনক খেতি । ভাৰতত এই খেতি ৫ মিলিয়ন একৰ মাটিত কৰা হয় । বৰ্তমানলৈকে ভাৰতত প্রায় কুঁ৩০০ বিধমান কুঁহিয়াৰৰ পোক - পতংগ চিনাক্ত কৰা হৈছে যদিও অসমত বৰ্তমানলৈকে ৩২ বিধ মানহে অনিষ্টকাৰী পোক হিচাপে পৰিগনিত হৈছে । ইয়াৰ ভিতৰত অসমত পোৱা কেইবিধ মান প্রধান অনিষ্টকাৰী কীট - পতংগ আৰু তাৰ নিৰাময়ৰ উপায় ইয়াত উল্লেখ কৰা হৈছে ।

মজাখোৱা পোক

কুঁহিয়াৰ খেতি কৰা সকলো অঞ্চলতে এই অনিষ্টকাৰী পোকবিধ হোৱা দেখা যায় । আচলতে এই পোকে কুমলীয়া অৱস্থাত অৰ্থাত্ ৩ - ৪ মাহ বয়সৰ কুঁহিয়াৰত বেছি অনিষ্ট কৰে । ইয়াৰ তিনিটা প্রকাৰ আছে ।

আগতীয়া মজাখোৱা , গুলপীয়া মজাখোৱা আৰু সেউজীয়া মজাখোৱা ।

আগতীয়া মজাখোয়া পোক

এই কীটৰ পূৰ্ণাগ পখিলাবোৰ পাতল মুগা বৰণৰ । ইহঁতে পাতৰ তলফালে প্রায় ২০০ মান কণী পাৰে । কণীৰ পৰা পলু ওলোৱাৰ পিছত ইহঁতে মাটিৰ সমানত ফুটা কৰি কুঁহিয়াৰ ভিতৰলৈ সোমায় আৰু লাহে লাহে ওপৰলৈ খাই আহি থাকে । এই পোকে গজালিতে আক্রমণ কৰা কাৰণে মাজৰ থোৰ , পাতখিলা শুকাই যায় । ইয়াক ডেড হটি লক্ষণ বোলে । এনেকৈ শুকাই যোৱা থোৰ পাতখিলা লাহকৈ টানি দিলেই ওলাই আহে । এটা পলুৱে কেইবা জোপা গছ ধ্বংস কৰিব পাৰে । আক্রমণ বেছি হোৱা ঠাইত ৫০ শতাংশ পৰ্যন্ত কুঁহিয়াৰ নষ্ট হ'ব পাৰে । সাধাৰণতে এই পোকবিধ ব'হাগ মাহৰ পৰা শাওন মাহলৈ থাকে ।

নিবাৰণ

এই পোকৰ আক্রমণ হোৱা ঠাইত কুঁহিয়াৰ আগতীয়াকৈ লগাব লাগে । কীটৰ উপদ্রৱ বেছি থকা অঞ্চলত আহিনীয়া কুঁহিয়াৰ লগাব লাগে । উপদ্রুত অঞ্চলত সোনকালে মাটি চপাই দিব লাগে । পোকে অনিষ্ট কৰা গছবোৰ কাটি বা উভালি পুৰি বা পুতি পেলাব লাগে । মনক্রটোফচ নামৰ দৰৱ আগ ৰোৱাৰ আগতে ১ মি :লি : ১ লিটাৰ পানী হিচাপে মিহলাই লৈ ১২ ঘণ্টা তিয়াই ৰাখিলে ভাল ফল পোৱা যায় । আক্রান্ত কুঁহিয়াৰত আয়ডিন নামৰ দৰৱ প্রয়োগ কৰিও ভাল ফল পোৱা যায় ।

আগ বিন্ধোৱা পোক

এই পোক বিধে ফাগুণ - চ'ত মাহৰ পৰা আহিন - কাতি মাহলৈকে অনিষ্ট কৰা দেখা যায় । কম বয়সীয়া কুঁহিয়াৰত ইয়াৰ আক্রমণ হ'লে গছজোপা মৰিব পাৰে । কিন্তু , অলপ বয়সীয়া কুঁহিয়াৰ আক্রান্ত হ'লে বাঢ়িব নোৱাৰে । এনে ক্ষেত্রত তলৰ চকুবোৰৰ পৰা গজালি ওলাই গছজোপাৰ আগটো জোপাহৰ দৰে হৈ পৰে । এনে লক্ষণক বাঞ্চিটপ বুলি কোৱা হয় । এইবিধ কীটৰ পখিলাই পাতৰ তলফালে থোপাকৈ কণী পাৰে । এই কণীবোৰ মুগাবৰণৰ শুঙেৰে আবৃত হৈ থাকে ।

নিবাৰণ :

কুঁহিয়াৰৰ পাতত থকা কণীৰ থোপবোৰ ধব্বংস কৰিব লাগে । পোকে অনিষ্ট কৰা গছবোৰ কাটি আঁতৰাই পেলাব লাগে । মনক্রটোফচ নামৰ দৰৱ ১ মিঃ লিঃ ১ লিটাৰ পানী হিচাপে জুন - জুলাই মাহত স্প্রে' কৰিব লাগে । কাৰ্বফুৰান ৩ জি নামৰ দৰৱ বিঘাই প্রতি ৩ কেজি হিচাপে প্রথম বাৰ মাটি চপাওঁতে মাটিৰ লগত মিহলাই দিব লাগে ।

গা- গছ বিন্ধোৱা পোক

অসমত হোৱা ইয়াৰ প্রধান অনিষ্টকাৰী পোকবিধ হ'ল পলাচী বৰাৰ বা পাবত ফুটা কৰা পোক । এই পোকবিধৰ আক্রমণ সাধাৰণতে কুঁহিয়াৰৰ গোটেই জীৱন কালতেই থাকে । ইঁহতৰ পলুবোৰ কুঁহিয়াৰৰ মাজৰ ৩ - ৫ টা পাবত একেলগে যধে মধে খাই দিয়াৰ ফলত আগটো ক্রমে শুকাই যায় । এনে কুঁহিয়াৰ অলপ টানি দিলেই সহজে ভাঙি যায় । আক্রান্ত গছজোপাৰ তলৰ গাঠিবোৰৰ পৰা শিপা ওলায় ।

নিবাৰণ :

কুহিয়াৰতলীত দেখা আক্রান্ত গছবোৰ আতঁৰাই পেলাব লাগে । এইবিধ কীটৰ পখিলাবোধ পোহৰৰ দ্বাৰা আকৃষ্ট হয় । সেয়েহে পোহৰৰ উত্স ব্যৱহাৰ কৰি পখিলাবিলাক মাৰিব পাৰি । কটেচিয়া ফ্লেভিপেচ নামৰ পৰজীৱি কীট ব্যৱহাৰ কৰিও সুফল পোৱা যায় । মন'ক্রটোফচ নামৰ দৰৱ একে ধৰণে ইয়াতো ব্যৱহাৰ কৰিব পাৰি ।

উই পোক

এই কীটৰ আক্রমণ কুঁহিয়াৰ লগোৱাৰ পৰা চপোৱালৈকে দেখা যায় । ইঁহতে জীয়া গছৰ অংশবোৰ খায় । ইঁহত গোটেই বছৰজুৰি সক্রিয় হৈ থাকে যদিও তিনিটা সময়ত ইহঁতৰ উপদ্রৱ বেছি হয় । গজালি ওলোৱাৰ সময়ত , গাঁঠি পাব হোৱাৰ সময়ত আৰু চপোৱাৰ পিছত । গজালি ওলোৱাৰ সময়ত আক্রমণ হ'লে গজালি নোলায় । গাঁঠি পাব হ'বৰ সময়ত হ'লে কুঁহিয়াৰ ডাল শুকাই যায়। ফোপোলা হয় আৰু তাৰ ভিতৰত মাটি ভৰি থকা দেখা যায় । চপোৱাৰ পিছত আক্রমণ হ'লে মূঢ়া কুঁহিয়াৰৰ উত্পাদন কমি যায়।

নিবাৰণৰ উপায়

উই পৰুৱাৰ বাহ দেখা মাত্রকে ধবংস কৰি পেলাব লাগে । ইঁহতৰ ৰাণীজনীক মাৰিব পাৰিলে নতুনকৈ উইৰ জন্ম সোন কালে হ'ব নোৱাৰে মালাথিয়ন ১০% ধূলি বিঘাই প্রতি ৪ কেজি হিচাপে এবাৰ আগৰোৱাৰ সময়ত আৰু আনবোৰ মাটি চপোৱাৰ সময়ত দিব লাগে । আজিকালি ক্ল'ৰপাইৰিফচ , ফিপ্রোনিল আদি দৰৱ উইপোকৰ বাবে ফলপ্রসূ বুলি বিবেচিত হৈছে । বিশেষজ্ঞৰ পৰামৰ্শ লৈ এই দুবিধৰ যিকোনো এবিধ প্রয়োগ কৰিব লাগে ।

উৎস: অসম কৃষি বিশ্ববিদ্যালয়।

শেহতীয়া উন্নীতকৰণ: : 9/12/2018



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate