আবিষ্ট প্ৰজননেৰে চীন দেশীয় আৰ্হিৰ মীন পোনা উৎপাদন কেন্দ্ৰত ফলপ্ৰসূভাৱে পোনা উৎপাদন কৰিব পাৰি যদিও পোনা উৎপাদন কেন্দ্ৰৰ এই গোটটো নিৰ্মাণত কিছু বিনিয়োগ কৰিবলগীয়া হয়| আবিষ্ট প্ৰজননৰ কৌশলটো বহুতো মীনপালকৰ বাবে বোধগম্য যদিও মূলত: মূলধনী বিনিয়োগৰ বাবে ইচ্ছা কৰিও পাছ হুঁহকিবলৈ বাধ্য হয় তেওঁলোক| আনহাতে, হাপা পদ্ধতিত খৰচ কম যদিও ইয়াত কষ্ট বহু বেছি আৰু উৎপাদন নিশ্চিতি বিভিন্ন প্ৰাকৃতিক আৰু পৰিৱেশজনিত কাৰকৰ ওপৰত নিৰ্ভৰশীল| তেনে পটভুমিতো গোৱালপাৰা জিলাৰ ধুপধৰাৰ সমীপৱৰ্তী নাওডুবা গাঁৱৰ প্ৰগতিশীল মীনপালক উদয় সেন বিশ্বাসৰ উদ্ভাৱনী চিন্তাই কঢ়িয়াই আনিছে আশাৰ ৰেঙণি| চীন দেশীয় আৰ্হিৰ পোনা উৎপাদন কেন্দ্ৰ এটা নিৰ্মাণত ৮-১০ লাখ টকা ব্যয় হোৱাৰ বিপৰীতে উদয়ে মাত্ৰ ৪২,০০০ টকাৰে মীন পোনা উৎপাদন কেন্দ্ৰ এটা নিৰ্মাণ কৰি অতি ফলপ্ৰসূভাৱে পোনা উৎপাদন অব্যাহত ৰাখিছে| পোনা উৎপাদন কেন্দ্ৰটোৰ প্ৰতিটো গোটেই মিতব্যয়িতাৰ স্বাক্ষৰ বহন কৰিছে| উদাহৰণস্বৰুপে পোনা উৎপাদন কেন্দ্ৰ এটা নিৰ্মাণত সিংহ-ভাগ খৰচ হোৱা উচ্চ পানী ধাৰক টেংকীটো মাটিৰ ঢাপ এটাৰ ওপৰত অতি কৌশলেৰে নিৰ্মাণ কৰা হৈছে| পানীখিনি বেছি গৰম নহ’বলৈ এখন উষ্ণতাৰোধী পলিথিনেৰে ঢাকি ৰখা হৈছে| পোনা উৎপাদন কেন্দ্ৰটো নিৰ্মাণত ব্যৱহাৰ কৰা হৈছে ঘৰতে সততে উপলব্ধ কিছু সামগ্ৰী, যেনে:- ঘৰৰ নল বাঁহেৰে পানীৰ নলিকাৰ কাম, চিমেণ্টৰ লগত ৰঙামাটিৰ ব্যৱহাৰ আদি| তদুপৰি উদয়ৰ এই কৌশলত কম পৰিমাণৰ মাছো প্ৰজনন কৰিব পাৰি| গতিকে উদয়ে সকলো হিচাপ-নিকাচ কৰি যিমান পৰিমাণৰ পোনা দৰকাৰ হয়, সিমান মাছহে প্ৰজনন কৰে| ফলত পোনাৰ গুণগত মানো নিশ্চিত হয় উদয়ৰ পামত|
ত্ৰিশোৰ্দ্ধৰ যুৱকজনৰ আগ্ৰহ আৰু অভিজ্ঞতাই কঢ়িয়াই আনিছে এই সফলতা| ২০০৯ চনত মীন পালনত জড়িত হোৱা কৃষিজীৱী পৰিয়ালৰ সন্তান উদয়েও পৰিয়ালৰ পথ অনুসৰণ কৰিয়েই প্ৰান্তীয় কৃষিকৰ্মৰে জীৱিকা আৰম্ভ কৰিছিল| সৰুতেই পিতৃহাৰা হোৱা উদয়ৰ পৰিয়ালটোৰ ঘৰতে তিনিটা পুখুৰী আছিল যদিও নাছিল কোনো মীন পালন সম্পৰ্কীয় কাম-কাজ| বিজ্ঞানসন্মত দৃষ্টিভংগী ব্যতিৰেকে দুই-এটা পোনা মেলিছিত আৰু যেতিয়াই মন গৈছিল তেতিয়াই চপাইছিল-এয়াই আছিল মীন পালন| ১০ বিঘা ধান খেতি আৰু তামোলৰ ব্যৱসায়েই আছিল তিনি ভাই বিশিষ্ট পৰিয়ালটোৰ আৰ্থিক সম্বল| কিন্তু ইয়াৰ পিছতে উদয়ে মীন পালনৰ সুফল জানিব পাৰি ঘৰৰে অৱহেলিত আৰু অব্যৱহৃত পুখুৰী তিনিটাত মীন পালন আৰম্ভ কৰে| প্ৰথম পদক্ষেপতেই অপ্ৰত্যাশিতভাৱে তেওঁ লাভ কৰে সফলতা| মীন পালনৰ পৰা তুলনামুলকভাৱে ইমান কম কষ্ট আৰু ইমান কম বিনিয়োগৰ বিপৰীতে এনেদৰে যে লাভৱান হ’ব পাৰি, সেই কথা উদয়ে সপোনতো ভবা নাছিল| সচৰাচৰ কৰি অহা ধান খেতিৰ তুলনাত লাভৰ অংকটো বহুত ডাঙৰ দেখি উদয় মীন পালনৰ প্ৰতি দুগুণে আকৰ্ষিত হ’ল| নতুন উদ্যমেৰে জড়িত হ’ল মীন পালনত| প্ৰতি বছৰে লাভৰ ধন বিনিয়োগ কৰি সম্প্ৰসাৰণ কৰি গ’ল পাম| অনুসন্ধিৎসু মনৰ দুৰ্বাৰ আহ্বানত আৰম্ভ কৰিলে হাপা পদ্ধতিৰে পোনা উৎপাদন| কষ্টসাধ্য এই পদ্ধতিতো উদয় সফল যদিও চিন্তা কৰিবলৈ ল’লে কম খৰচতে কেনেকৈ চীন দেশীয় আৰ্হিৰ মীন পোনা উৎপাদন কেন্দ্ৰ এটি নিৰ্মাণ কৰিব পাৰি| বৰপেটাৰ দাবালিয়াপাৰাৰ ৰুকমান আলী নামৰ এজন মীন পালকে এইক্ষেত্ৰত উদয়ক সহায় কৰে দিহা-পৰামৰ্শৰে| সংশ্লিষ্ট মীন সম্প্ৰসাৰণ বিষয়া বিমল শৰ্মা আৰু জিলা মীন বিষয়া সঞ্জীৱ চৌধুৰীয়েও যাৱতীয় দিহা-পৰামৰ্শ আৰু সহযোগিতাৰে উপকৃত কৰে উদয়ক| এনেদৰে ২০১৫ চনত মাত্ৰ ৪২,০০০ টকাৰে সম্পূৰ্ণ হৈ উঠে পোনা উৎপাদন কেন্দ্ৰটো| বছৰেকত ভ্ৰুণ পোনা উৎপাদন হয় প্ৰায় তিনি কোটি| জিলা বিষয়াজনেও এই প্ৰতিবেদকক জানিবলৈ দিয়া মৰ্মে অত্যন্ত মিতব্যয়ী এই কৌশলটো জনপ্ৰিয় কৰাৰ বাবে তেওঁলোকে বিভিন্ন প্ৰচেষ্টা হাতত লৈছে আৰু একাংশ সামৰ্থ্যবান মীনপালকক কাৰিকৰী সহযোগিতাৰে কৌশলটো ৰুপায়নত সহায় কৰিছে| বৰ্তমান উদয়ৰ পামখনৰ পৰা সকলো বাদ দি হাতত থাকে বছৰেকত তিনি লাখ মান টকা| আঙুলি জোখৰ আৰু বছৰেকীয়া পোনা বিক্ৰী কৰে বছৰেকত ক্ৰমে ৭০০ কিলোগ্ৰাম আৰু ১,২০০ কিলোগ্ৰাম| উদয়ৰ পামত তিনি ভাতৃ-বোৱাৰীসহ সমগ্ৰ যৌথ পৰিয়ালটোৱেই জড়িত হৈ আছে| সেয়ে তেওঁৰ পাম খনত মজুৰিৰ খৰচ যথেষ্ট কম|বৰ্তমান সমন্বিত মীন আৰু উদ্যানশস্যও আৰম্ভ কৰিছে উদয়ে| বছৰত তিনিবাৰ ফল ধাৰণ কৰা সুস্বাদু আমৰ পুলি আনিছে পশ্চিমবংগৰ পৰা|
উদয় কম মূলধনৰ অধিকাৰী তথা সীমিত সম্পদশালী মীনপালকৰ বাবে অনুপ্ৰেৰণাৰ উৎস| উদয়ৰ পথ অনুসৰণ কৰি আপুনিও কম খৰচত মীন পোনা উৎপাদন কৰিব পাৰে| আপোনাক সহযোগিতা কৰিবলৈ উদয় সেন বিশ্বাস সদা প্ৰস্তুত|যাৱতীয় কাৰিকৰী সহযোগিতাৰ বাবে সম্প্ৰসাৰণ বিষয়া বিমল শৰ্মা আৰু জিলা বিষয়া সঞ্জীৱ চৌধুৰীৰ লগতো যোগাযোগ কৰিব পাৰে|
লেখক: ড° ধ্ৰুৱজ্যোতি শৰ্মা
উৎস: দৈনিক অসম
শেহতীয়া উন্নীতকৰণ: : 3/8/2020